Home Blog Page 805

সংহাৰী ৰেমালঃ মিজোৰামত বৰষুণৰ মাজতে শিলৰ কুৱেৰীত ১৫ শ্ৰমিক নিহত…

ৰেমালে কিমানৰ প্ৰাণ কাঢ়িলে তাৰ সঠিক হিচাব এতিয়াও ওলোৱা নাই। বিধ্বংসী ধুমুহা-বৰষুণৰ সময়তে মিজোৰামৰ আইজলত এটা শিলৰ কুৱেৰী ভাঙি পৰাত ১৫ জন শ্ৰমিকৰ মৃত্যু হয় আৰু কেইবাজনো নিৰুদ্দেশ হয়। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু হ্লিমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।আৰক্ষী গৰাকী বিষয়াই জনোৱা মতে, কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে।

পুনৰ যাব লাগিব কাৰাগাৰলৈ! অতিৰিক্ত ৭ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি কেজৰিৱালৰ আৱেদন, উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে শীঘ্ৰে শুনানিৰ অনুৰোধ…

জামিনৰ ম্যাদ উকলিবলৈ বেছি দিন নাই। পুনৰ কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক ২১ দিনৰ অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ ১ জুনত অন্ত পৰিব। সেয়ে অতিৰিক্ত ৭ দিনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কেজৰিৱালে ন্যায়ালয়ত আবেদন জনাইছে। আপে উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শীঘ্ৰে শুনানি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাছিল যদিও উচ্চতম ন্যায়ালয়ে খৰখেদাকৈ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত নহ’ল।
আম আদমী পাৰ্টিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই কেইদিনত কেজৰিৱালৰ কেইবাটাও শাৰীৰিক পৰীক্ষা সম্পন্ন কৰিব লাগিব। ইয়াৰ ভিতৰত আছে পিইটি-চিটি স্কেন আদি। মূলতঃ এই পৰীক্ষাটো কেন্সাৰ নিৰ্ণয় কৰিবলৈ কৰা হয়। আপৰ মতে কেজৰিৱালে একাধিক শাৰীৰিক পৰীক্ষা কৰিবলগীয়া হোৱাৰ বাবেই অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰিব বিচাৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে যে কমেও ৭ দিনৰ বাবে জামিন বৃদ্ধি কৰিব লাগে। ইয়াৰ লগতে কেজৰিৱালৰ অধিবক্তাই শীঘ্ৰে শুনানিৰ বাবেও অনুৰোধ জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে শীঘ্ৰে শুনানিৰ বাবে আবেদন খাৰিজ কৰে।


মন কৰিবলগীয়া যে ২১ মাৰ্চত ইডিয়ে আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। দুসপ্তাহমান পিছত তেওঁক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল। ইডিৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁৰ অধিবক্তাই দাবী কৰে যে কেজৰিৱালক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত বাধা দিবলৈ ইচ্ছাকৃতভাৱে জে’ললৈ প্ৰেৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে ১০ মে’ত কেজৰিৱালক ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৰ্থাৎ উচ্চতম ন্যায়ালয়ে ১ জুনলৈকে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

১৯০ বছৰীয়া কটন কলেজিয়েট পুনৰ উজলি উঠিছে, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত দায়বদ্ধতা প্ৰাক্তন ছাত্ৰ সমিতিৰ; নামভৰ্তিৰ বাবে আগবাঢ়ি আহিবলৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰীক আহ্বান প্ৰাক্তন ছাত্ৰৰ…

১৯০ বছৰ গৰকা অসম তথা উত্তৰ-পূবৰ প্ৰথমখন মাতৃভাষাৰ চৰকাৰী বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ উজলি উঠিছে। অসমৰ শত-সহস্ৰ মনীষি, পণ্ডিত, সাহিত্যিক, ৰাজনৈতিক, খেলুৱৈৰ শিক্ষাৰ কঠিয়াতলি আছিল ঐতিহ্যপূৰ্ণ কটন কলেজিয়েট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধী, আনন্দৰাম বৰুৱা, সুধাকন্ঠ ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধাৰী, অতুল হাজৰিকা, সৌৰভ চলিহা, ড০ হীৰেণ গোহাই, ড০ অমৰজ্যোতি চৌধুৰী, ৰমেন বৰুৱা, পৰাগ কুমাৰ দাস আদি সহস্ৰজন এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। এতিয়াও অসমৰ লগতে দেশে-বিদেশে নিজস্ব জ্ঞান-গৰিমাৰে প্ৰতিষ্ঠিত প্ৰাক্তন কলেজিয়েটিয়ান সকল। বিগত কিছু বছৰ ধৰি মাতৃভাষাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল কটন কলেজিয়েট। শেহতীয়া ভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বপূৰ্ণ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ গৰাকী প্ৰথম বিভাগত উতীৰ্ণ হোৱাৰ লগতে ৬ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্তীণ হৈছে। উৰ্তীৰ্ণৰ হাৰ আছিল ১০০ শতাংশ। অনুৰূপ ধৰণে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্তীণৰ হাৰ আছিল ৯৭ শতাংশ।

বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচনসহ উৰ্তীণ হবলৈ সক্ষম হৈছে। গুণোৎসৱৰ ফলাফলতো বিদ্যালয়খনে A+ লাভ কৰিবলৈ সক্ষম হৈছে। এক ইতিবাচক আৰম্ভণি হৈছে পুনৰ বিদ্যালয়খনত। বিদ্যালয়ৰ হৃত গৌৰৱ তথা সোণালী সুদিন ওভতাই অনাৰ দায়বদ্ধতাৰে যোৱা কিছু বছৰ ধৰি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমিতি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকল আৰু বিদ্যালয় কতৃপক্ষই যৌথ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৱে বিদ্যালয়খনৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শণ কৰাৰ লগতে সহযোগিতাও আগবঢ়াইছে। বিদ্যালয়ৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি আবন্টন দিয়াৰ লগতে সময়ে সময়ে বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰাক্তন ছাত্ৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক এনে দুৰদৰ্ষী আৰু সৱল পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন ছাত্ৰ সমিতিৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন ছাত্ৰ ড৹অমৰজ্যোতি চৌধুৰী, সভাপতি ড০ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক মনোজ শইকীয়া, কাৰ্য্যকৰী সভাপতি ফৰিদ আহমেদ, প্ৰাক্তন ছাত্ৰ, আই আই টি উত্তৰ গুৱাহাটীৰ অধ্যাপক ড০ প্ৰতুল কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, প্ৰাক্তন ছাত্ৰ ড০ প্ৰাণজিৎ বৰুৱাই কয় যে, ইতিমধ্যে প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয়ত শৈক্ষিক কৰ্মশালা, বিশেষ পাঠদান, সময়ে সময়ে শিক্ষক-শিক্ষয়ত্ৰীৰ লগত মতবিনিময়, ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষামূলক ভ্ৰমণ আৰু সাহিত্য-সাংস্কৃতিক বিষয়ত কাৰ্য্যসূচী আদি গ্ৰহণ কৰি অহা হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ তথা শিক্ষক-শিক্ষয়ত্ৰীৰ নিম্নতম সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰাক্তন ছাত্ৰ সমিতিয়ে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সহযোগিতা আগবঢ়োৰ লগতে ঘৰুৱা শিক্ষকৰো ব্যৱস্থা কৰা হৈছে। বিদ্যালয় পৰিস্কাৰকৰণ, বিনামূলীয়া স্বাস্থ্য সেৱা, খোৱাপানীৰ সমস্যা আদিকে ধৰি বিদ্যালয়ৰ আনুসঙ্গিক বিষয়সমূহতো প্ৰাক্তন ছাত্ৰ সমিতিয়ে বিদ্যালয় কতৃপক্ষক সহযোগ কৰি আহিছে। পূৰ্বতকে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ মনৰ ভাৱ বুজি এক সুস্থ শৈক্ষিক পৰিবেশ ৰচনাত প্ৰাক্তন ছাত্ৰ সমিতিয়ে কাম কৰি আহিছে। সমসাময়িক পৰিবেশ তথা শৈক্ষিক পদ্ধতিৰ লগত খাপ খুৱাই আগবঢ়াই নিব পৰাকৈ প্ৰাক্তন ছাত্ৰ সমিতিৰ তৰফৰ পৰা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাব পৰাকৈ কটন কলেজিয়েটক সাজু কৰি তোলাৰ সকলো ধৰণৰ প্ৰচেষ্টাই ইতিমধ্যে আৰম্ভ হৈছে। বিদ্যালয়খনৰ ঐতিহ্য তথা হৃত গৌৰৱ উদ্ধাৰৰ দায়বদ্ধতাৰে প্ৰাক্তন চাত্ৰ সমিতিয়ে শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সহযোগত গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপত বিশেষ ভাৱে গুৱাহাটী মহানগৰীৰ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক জাতীয় স্বাভিমানৰে উদ্ভাষিত হৈ প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে কটন কলেজিয়েটত নামভৰ্তি কৰিবলৈ সংবাদ মেলত প্ৰাক্তন ছাত্ৰ সমিতিয়ে মুকলি আহ্বান জনাইছে। প্ৰয়োজনত দুৰণীৰটিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে চৰকাৰৰ সহযোগত স্কুল বাছৰো ব্যৱস্থাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত উত্তৰণৰ বাবে প্ৰাক্তন ছাত্ৰ সমিতি দায়বদ্ধ হৈ থাকিব সংবাদ মেলত স্পস্ট কৰে ।আৰ্থিক ভাৱে পিছপৰা মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহযোগিতা আগঢ়াবলৈও প্ৰাক্তন ছাত্ৰ সমিতি প্ৰস্তুত। সংবাদমেলত অসমৰ লগতে দেশে-বিদেশে থকা সকলো প্ৰাক্তন ছাত্ৰৰ লগতে অসমৰ বিদৎ সমাজক প্ৰাক্তন ছাত্ৰ সমিতিৰ এই প্ৰচেষ্টাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। এই বছৰ প্ৰাক্তন ছাত্ৰ সমিতিয়ে বিদ্যালয় কতৃপক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বিদ্যালয়ৰ ১৯০ বছৰীয়া জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে বুলিও জানিবলৈ দিয়ে।

ৰেমালৰ প্ৰভাৱত ডিমা হাছাও জিলাৰ বিধ্বস্ত ৰূপ…

সমগ্ৰ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ সৃষ্টিকাৰী ৰেমালৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাতো প্ৰকৃতিৰ ধ্বংসলীলাত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ৰেমালৰ ৰোষত পৰা পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত সোমবাৰে অহা ঘূৰ্ণী বতাহৰ ফলত বিস্তৰ ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে জিলাখনৰ কাউন্সিল কলনিত থকা এটা বি এছ এন এল টাৱাৰ প্ৰচণ্ড ধুমুহাৰ ফলত বেকা হৈ পৰে। ইয়াৰ ফলত ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ সকলো পৰিয়ালক সেই স্থানৰ পৰা আঁতৰোৱা হৈছে বুলি হাফলং আৰক্ষী থানাৰ জৰিয়তে জানিব পৰা গৈছে।

ইফালে উক্ত ৰেলৰ ফলত জিলাখনৰ হাফলঙৰ একাধিক স্থানত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ উপৰিও বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু পৰিবাহী তাঁৰ চিগি যোৱাৰ ফলত সমগ্ৰ জিলাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।  ইপিনে সোমবাৰে পৰা নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰে। এনে পৰিপ্ৰেক্ষিতত নীপকো জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই নদীবান্ধৰ শ্লুইচ গেট খুলি দিবলৈ বাধ্য হয়। প্ৰাপ্ত তথ্য অনুসৰি জলবিদ্যুৎ প্ৰকল্পৰ খাংদং নদীবান্ধৰ মুঠ ৭খন শ্লুইচ গ্যেট খুলি 900 cumec (approx) পানী এৰি দিয়া হয়। উক্ত খবৰ বিয়পি পৰাৰ লগে লগে কপিলী নদীৰ দাঁতি কাষৰীয়া ৰাইজ সষ্টম হৈ পৰে। ইফালে ৰেমলৰ ভয়াবহ পৰিস্থিতি তথা বেয়া বতৰৰ বাবে ৰে’ল কৰ্তৃপক্ষই বহু কেইখন ৰেলৰ যাতায়ত বাতিল কৰিবলৈ বাধ্য হয়। আনহাতে ডিমৰু নোলাৰ বাঢ়নী পানীয়ে হাফলঙৰ একাংশ পথ উটুৱাই লৈ যোৱাৰ ফলত মঙ্গলবাৰৰ পুৱাৰ পৰা হাফলং-শিলচৰ পথৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

জানাজাৰ চাৰিদিনৰ পিছত পুণৰ সোঁশৰীৰে ঘৰত উপস্থিত হ’ল ওমৰ আলী



দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰি চৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মৃত্যুৰ পাছত এজন যুৱকক জানাজা দিয়াৰ চাৰিদিনৰ পিছত পুণৰ যুৱকজন সোঁশৰীৰে নিজৰ ঘৰত উপস্থিত হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। যুৱক জনক জীৱিত অৱস্থাত দেখি হতবাক হৈ পৰে ৰাইজ। এই ঘটনা সংঘটিত হৈছে মঙলদৈ নগৰৰ পৰা কিছু নিলগত থকা ব্ৰহ্মপুত্ৰৰ মিছামাৰী চৰত। ঘটনাৰ বিৱৰণী অনুসৰি কেইদিনমান পূৰ্বে মিচামাৰি চৰৰ ওমৰ আলী নামৰ যুৱক এজন কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। কামৰ সন্ধানত ওলাই যোৱা ওমৰে কথাটো পৰিয়ালৰ কোনো এজন ব্যক্তিকে জনোৱা নাছিল । ইপিনে চাৰিদিন ধৰি ওমৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে আৰু পৰিয়ালৰ লোকে ওমৰক সম্ভাব্য স্থানত বিচাৰ খোচাৰ কৰে যদিও ওমৰৰ সন্ধান পোৱা নাছিল। অৱশেষত ওমৰ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে মঙলদৈ সদৰ থানাত এজাহাৰো দিছিল। এনে পৰিস্থিতিৰ মাজতেই মিছামাৰি চৰৰ ওচৰৰে গাধোৱা চাপৰিত ৰাইজে উদ্ধাৰ কৰে এটি উৱলি যোৱা মৃতদেহ ।

এই খবৰ পাই মৃতদেহ উদ্ধাৰৰ উক্ত স্থানত উপস্থিত হয় ওমৰৰ পৰিয়াল আৰু গাঁৱৰ লোক। উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি সেইটো ওমৰৰে মৃতদেহ বুলি পৰিয়ালৰ লোকে সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে। মঙলদৈৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ওমৰৰে হয় বুলি যাবতীয় কাম সমূহ কৰি পৰিয়ালক গতাই দিয়ে। পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ ধৰ্মীয় নিয়মৰ মাজেৰে ৰাইজৰ সহযোগত জানাজা সম্পন্ন কৰে। ইমানলৈকে ঘটনা থিকেই আছিল আৰু আচৰিত হবলগীয়া একো নাছিল যদিও পৰৱৰ্তীকালত পৰিস্থিতিয়ে অন্য মোৰ লয়। জানাজা সম্পন্ন হোৱাৰ চাৰিদিন পিছত সোঁশৰীৰে যেতিয়া ওমৰ নিজ গৃহত উপস্থিত হয় তেতিয়া ওমৰক দেখি ৰাইজৰ মাজত হুৱা দুৱা লগাতো স্বাভাৱিক। জানাজা কৰাৰ পাছত কেনেকৈ এজন লোক জী উঠিব পাৰে এই লৈ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হল । ওমৰে ঘৰত কাকো নজনোৱাকৈ কামৰ সন্ধানত ঘৰৰ পৰা বাহিৰত থকা সময়তে হঠাতেই ওমৰৰ সম্পৰ্কীয় আৰু জানাজাৰ সময়ত উপস্থিত থকা কেইজনমান লোকে ওমৰক ওচৰৰে এখন বজাৰত দেখা পাই হতভম্ব হৈ পৰে । লগে লগেই লোক কেইজনে ওমৰক সোধপোচ কৰে আৰু নিজৰ ঘৰলৈ লৈ আহে। ইফালে ওমৰে সোঁশৰীৰে নিজ গৃহত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকো হতবাক হৈ পৰে ।ওমৰক দেখি স্থানীয় ৰাইজে ভাৱিবলৈ বাধ্য হৈছে যে প্ৰকৃততে চাৰিদিন পূৰ্বে জানাজা কৰা লোকজন নিশ্চয় ওমৰ নাছিল। তেন্তে জানাজা কৰা লোকজন কোন আছিল সেই লৈ ৰাইজ বিমোৰত পৰে। গা ধোৱা চাপৰিত চাৰিদিন পূৰ্বে উদ্ধাৰ হোৱা মৃতদেহটো কাৰ আছিল বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। আচলতে ঘটনাৰ ৰহস্য কি ৰাইজে একো উৱাদিহ পোৱা নাই। ওমৰ বুলি জানাজা কৰা সেই লোকজনৰ সম্ভেদ আজিও লাভ কৰা নাই ৰাইজে। উল্লেখ্য, এই ঘটনাক লৈ তিলমাত্ৰও চিন্তিত হোৱা দেখা নগল ওমৰক। পৰিয়ালসূত্ৰে জানিব পৰা মতে ওমৰৰ দুটি কণমানি সন্তানো আছে। সাংবাদিকৰ আগত হাস্য বদনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি যায় ওমৰে। এই ক্ষেত্ৰত জানাজা কৰা লোকজনৰ শীঘ্ৰে পৰিচয় উদ্ধাৰ কৰিবলৈ মঙলদৈৰ আৰক্ষীৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছে সংশ্লিষ্ট এলেকাৰ ৰাইজে।

“সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা” শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল ৰাজহুৱা কৰা হ’ব !

জাননী
ইয়াৰ দ্বাৰা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সমূহ সদস্য, সংবাদদাতা, পঢ়ুৱৈক জনোৱা হয় যে, সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা অধিক জনপ্ৰিয় কৰিবলৈ দৈনন্দিন বাৰ্তাৰ পাঠকৰ মাজত আয়োজন কৰা “সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা” শীৰ্ষক প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণাত কিছু পলম হৈছে৷ আপোনালোক অৱগত যে, দৈনন্দিন বাৰ্তা গোষ্ঠীৰ প্ৰতিষ্ঠাপক শংকৰ গোহাঞি ডাঙৰীয়া এটা অনাকাংক্ষিত দূৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ অন্তত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে৷ ইতিমধ্যে প্ৰথমলানি প্ৰতিযোগিতাৰ ফলাফল সাজু কৰি তোলা হৈছে আৰু অতি কম দিনৰ ভিতৰতে এই ফলাফল ৰাজহুৱা কৰা হ’ব৷ যিহেতু কেইবাটাও পৰ্য্যায়ত এই প্ৰতিযোগিতাখন চলি থাকিব, গতিকে সকলো সন্মানীয় সদস্যক ক্ষন্তেক ধৈৰ্য্য ধৰাৰ লগতে পৰৱৰ্তী পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰি থাকিবলৈ আহ্বান জনোৱা হ’ল৷ আপোনালোকৰ সহায়-সহযোগিতাই আমাৰ এই পদক্ষেপক সুদূৰপ্ৰসাৰী কৰিব বুলি আমি আশাবাদী৷

দৈনন্দিন বাৰ্তা গোষ্ঠী
গুৱাহাটী, অসম

বিদ্যুত বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ

ধুবুৰী জিলাৰ আগমনী বিদ্যুত উপ-সংমণ্ডলৰ অন্তৰ্গত কানুৰীত বিদ্যুত বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ। গুৰতৰ আহত হয় বিদ্যুত বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায়। ধুমুহা, বৰষুণৰ ফলত আগমনী বিদ্যুত উপ-সংমণ্ডলৰ বিভিন্ন ঠাইত বিদ্যুত সেৱা ব্যাহত হৈ পৰিছিল। কানুৰিত সেই বিদ্যুত ঠিক কৰিব গৈছিল শৰৎ চন্দ্ৰ ৰায়ৰ নেতৃত্বত বিদ্যুত বিভাগৰ এটি দল। দলটি কানুৰী পোৱাৰ লগে লগে প্ৰশান্ত ৰায় নামৰ ব্যক্তিজনে বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

ফলত বিদ্যুত বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায় নামৰ ব্যক্তিজন আঘাতপ্ৰাপ্ত হয় । শৰৎ চন্দ্ৰ ৰায়ক ততাতৈয়াকৈ গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা।

দিন-দুপৰতে চাঞ্চল্যকৰ চুৰি ঘটনাঃ গাড়ীৰ আইনা ভাঙি লৈ গ’ল ৪ লাখ ৬০ হাজাৰ টকা

ধেমাজি নগৰৰ মাজমজিয়াত আজি দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি গভাইত চোৰে লুটি লৈ গল ৪ লাখ ৬০ হাজাৰ টকা ৷ ধেমাজি চাৰিআলিস্থিত জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি বিয়লি সংঘটিত হয় এই চাঞ্চল্যৰ চুৰি কাণ্ডৰ ৷ ধেমাজিৰ প্ৰানদ্বীপ ভূঞা নামৰ এজন ব্যৱসায়ীয়ে ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাত টকাখিনি জমা দিবলৈ নিজা হুণ্ডাই AS-22-0382 নম্বৰৰ গাড়ীখনত টকাখিনি আনিছিল ৷ ইপিনে বেংকলৈ যোৱাৰ পূৰ্বে প্ৰাণদ্বীপ ভূঞাই টকাখিনি চিটত ৰাখি সন্মুখৰ দোকানত বজাৰ কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই গাড়ীখনৰ গ্লাচ ভাঙি লুটি লৈ যায় সমুদায় ধন ৷

নগৰৰ মাজমজিয়াত দিনৰ ভাগত সংঘটিত এই চুৰি কাণ্ডই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷ পিছত আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যৱেক্ষণ কৰি তদন্ত অব্যাহত ৰাখে ৷ ইফালে এই সমগ্ৰ ঘটনা সমীপৰ দোকানৰ CCTV কেমেৰাত আৱদ্ধ হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আৰু CCTV ভিজুৱেলে চোৰ চিনাক্ত কৰাত সক্ষম হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷ ইফালে গাড়ীৰ গ্লাছ ভাঙি টকা লৈ উদ্বাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷

ছিপাঝাৰত ৰেমলৰ প্ৰভাৱ ; কথমপি শিশুসহ তিনিজনৰ প্ৰাণৰক্ষা

অন্যান্য ঠাইৰ লগতে দৰঙৰ ছিপাঝাৰতো আজি ৰেমলৰ প্ৰভাৱৰ বাবে ৰাইজৰ বিস্তৰ ক্ষতি সাধন ঘটে।ঠায়ে ঠায়ে সৰু- বৰ গছ গছনি উভালি পেলোৱাৰ লগতে ঘৰ দুৱাৰ আদিৰো ক্ষতি সাধন কৰে।ছিপাঝাৰৰ হাজৰিকাপাৰা শ্বেতমদাৰ গাঁৱত এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত প্ৰকাণ্ড গছ উভালি পৰাত তিনিজনীয়া পৰিয়ালটি কথমপি ৰক্ষা পৰা বুলি প্ৰকাশ।জানিব পৰা মতে গছ উভালি পৰা সময়ত ঘৰৰ ভিতৰতে আছিল পৰিয়ালটো।


একেবাৰে দুখীয়া তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তিনিজনীয়া পৰিয়ালটোৰ এনে অৱস্থা দেখি সকলোৱে উদ্ধাৰ কৰিবলৈ দৌৰা দৌৰি কৈ আহি সহায় কৰা বুলি প্ৰকাশ। ইফালে বিভিন্ন ঠাইত গছ উভালি পৰাৰ বাবে বিদ্যুৎ যোগান নিশাৰে পৰা ব্যাঘাত হৈ থকাত ৰাইজ আন এক অসুবিধাত পৰিবলগীয়া হৈছে ।

মঙলদৈ অসামৰিক চিকিৎসালয়ত কোটি টকীয়া দুৰ্নীতি

মঙলদৈ অসামৰিক চিকিৎসালয়ত কোটি টকীয়া দুৰ্নীতি কেলেংকাৰী সন্দৰ্ভত চিকিৎসালয় খনৰ গাননিক ভবেন ডেকাক আৰক্ষীয়ে আটক কৰে। চিকিৎসালয় খনত কেলেংকাৰী সন্দৰ্ভত দৰঙৰ অতিৰিক্ত আয়ুক্তই তদন্তৰ নিৰ্দেশ দিছিল।

মঙলদৈ সদৰ আৰক্ষীয়ে অতিৰিক্ত আয়ুক্তৰ গোচৰৰ ভিত্তিত ঘটনাৰ তদন্তৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মা বিচাৰিছে। যদিও ন্যায়ালয়ে কেইদিনৰ জিম্মাত দিয়ে সেয়া লক্ষণীয় হ’ব। ইপিনে চিকিৎসালয়খনত কোটি কোটি টকাৰ কেলেংকাৰী হল যদিও এগৰাকী সাধাৰণ গাননিকক গ্ৰেপ্তাৰ কৰিয়ে বিভাগীয় বৰমচৰীয়া সকল হাত সাৰিবৰ এয়া প্ৰচেষ্টা বুলি তাপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্তই।

উল্লেখযোগ্য যে চিকিৎসালয় খনত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষত বিভিন্ন শিতানত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি। উক্ত দুৰ্নীতি সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্তইয়ো মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল লিখিত অভিযোগ।
লগতে চিকিৎসালয় খনত সংঘটিত হোৱা আয়ুষ্মান আঁচনিৰ লগতে কায়কল্পৰ পুৰস্কাৰৰ নামত অহা ধনৰ ক্ষেত্ৰত হোৱা বিয়াগোম দুৰ্নীতি সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰিছিল।
অৱশ্যে লক্ষ্য লক্ষ্য টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো একমাত্ৰ এগৰাকী গাননিকক হে গ্ৰেপ্তাৰ কৰাকলৈ আক্ষেপ প্ৰকাশ কৰে।
লগতে পুথি খলিহনা ধৰি ৰৌ বৰালীক এৰি দিয়া হব নেকি বুলিও সন্দেহ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে আটক কৰা গাননিক ভবেন ডেকাক Mangaldai P/S Case no 147/24 U/S 406/408/409/420 IPC. ধাৰাত গোছৰ ৰুজু কৰে আৰক্ষীয়ে।

মঙলদৈ থানাত ৰুজু হোৱা ১৪৭/২৪ নং গোচৰত দণ্ডবিধি আইনৰ ৪০৬/৪০৮/৪০৯ আৰু ৪২০ ধাৰাত ডেকাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায় আৰু আৰক্ষীয়ে ৫ দিনৰ জিম্মাৰ আবেদন দাখিল কৰে। আদালতলৈ লৈ যোৱা অৱস্হাত খোদ ভৱেন ডেকাই অনকেমেৰা বিত্তীয় খেলিমেলিৰ বাবে কৰায়ত্ব কৰা বুলি স্বীকাৰ কৰে। আনহাতে, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমৰ সমুখত কয় যে, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই গঠন কৰি দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তত প্ৰায় ৫ কোটি ২৩ লাখ টকাৰ খেলিমেলি প্ৰাথমিক তদন্তত ওলাই পৰিছে। আয়ুক্ত গোপাল শৰ্মাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মঙলদৈ থানাত গোচৰ ৰুজু হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু, আৰক্ষীয়ে দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনত যদি দুৰ্ণীতিৰ গোন্ধই পাইছিল, তেন্তে দুৰ্ণীতি নিবাৰক আইন, ১৯৮৮ৰ কোনো ধাৰা সন্নিৱিষ্ট নোহোৱাৰ ৰহস্য কি ? একেদৰে কেৱল এই বিশাল ৰাশিৰ ধনৰ খেলিমেলি কেৱল গাণনিক পৰ্যায়তে হৈছিল নে ? একাধিক কৰ্মচাৰী বিষয়া জড়িত নাথাকিলে ভৱেন ডেকাই কেনেকৈ ৫ কোটিৰ খেলিমেলি কৰিব সাহস কৰিব। কিন্তু, দণ্ডবিধি আইনৰ ৩৪ ধাৰাও সংযোগ কৰা হোৱা নাই। স্বাভাৱিকতে, প্ৰশ্ন উঠিছে, ইমান বিশাল ৰাশি চৰকাৰী ধনৰ খেলিমেলিৰ পাছতো মঙলদৈত ‘সাপো মৰক, লাঠীও নাভাঙক’ কৌশল অৱলম্বন কৰা হৈছে নেকি ? শেহতীয়াভাৱে প্ৰাপ্ত খবৰ অনুসৰি, গাণনিক ভৱেন ডেকাক আদালতে ৫ দিনৰ পৰিৱৰ্তে ৩ দিনৰ আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰিছে।