Home Blog Page 804

গুৱাহাটী হাইকোৰ্ট ৰ নিৰ্দেশ অৱমাননা কৰি, বিপদত চিলাপথাৰ পৌৰসভাৰ পৌৰপতি লাবণ্য পাইত দলে

চিলাপথাৰ পৌৰসভাত বিদ্ৰোহী ৱাৰ্ড সদস্যৰ ৰুদ্ধদ্বাৰ সভা। কটা গ’ল বিতৰ্কিত পৌৰপতি লাবন্য পাইত দলেৰ পাখী। চিলাপথাৰ পৌৰসভাত অব্যাহত আছে চৰম আচলাৱস্থা। যোৱা ১ ডিচেম্বৰ ২০২৩ ত ১২ গৰাকী ৱাৰ্ড কমিছনাৰৰে গঠিত চিলাপথাৰ পৌৰসভাৰ ৯ গৰাকী ৱাৰ্ড সদস্যই পৌৰপতি লাবণ্য পাইত দলেৰ বিৰুদ্ধে চৰম বিত্তীয় অনিয়মৰ অভিযোগ তোলে। সংখ্যাগৰিষ্ঠ বিদ্ৰোহী সদস্যই পৌৰপতি বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱৰ ওপৰত যোৱা ৫ জানুৱাৰীত পৌৰসভাৰ কাৰ্যালয়ত আলোচনা সভাৰ আয়োজন হ’ল যদিও সফল নহল এই সভা। সাংসদ প্ৰদান বৰুৱা বিধায়ক ভূৱন পেগুৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত পৌৰপতিৰ ভেৰুনিয়া গুণ্ডাই আৰক্ষীৰ চকুৰ আগতে ৱাৰ্ড কমিছনাৰ জিতেন কুটুমক চোঁছৰাই নি সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সম্ভৱ নহ’ল সভাখন। ইয়াৰ পিছতে যোৱা ১২ মে’ত বিষয়টোৰ ওপৰত ক্ষুদ্ধ ৱাৰ্ড সদস্য সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত যোৱা ২৯ এপ্ৰিলত মহামান্য আদালতে নিৰ্দেশ জাৰী কৰি পৌৰ আইন ১৯৫৬’ৰ আধাৰত পুনৰবাৰ অনাস্থা আনিবলৈ পৰামৰ্শ দিয়ে।

অনাস্থক লৈ আয়োজিত সভাৰ সময়ত অযথা হস্তক্ষেপ নকৰিবলৈকো প্ৰশাসনক কাঢ়া নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে। আদালতৰ ৰায় মৰ্মে কমিছনাৰ সকলে যোৱা ৬ মে’ত ১২ সদস্যৰ ভিতৰত ৭ জনে পুনৰ অনাস্থা প্ৰস্তাৱ তুলি পৌৰপতিক ২০ দিনৰ ভিতৰত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কয়। কিন্তু পৌৰপতি লাবণ্য পাইত দলেই ন্যায়ালয়ৰ নিৰ্দেশনাকো চূড়ান্ত অৱমাননা কৰি কোনোধৰণৰ সভা আয়োজন নকৰিলে। ইয়াৰ পিছতে ন্যায়ালয়ৰ নিৰ্দেশক মৰ্মেই আজি পৌৰসভাৰ কাৰ্যালয়ত উপ-পৌৰপতি শৰ্মিষ্ঠা দেৱে অনাস্থা প্ৰস্তাৱৰ ওপৰত আহ্বান কৰে এক সভাৰ। উক্ত সভাতো পৌৰপতি লাবণ্য পাইত দলেক উপস্থিত থাকিবলৈ জাননী দিয়াৰ পিছতো সভাত উপস্থিত নহ’ল পৌৰপতি দলে। সভাত অনাস্থা প্ৰস্তাৱ গৃহীত কৰি পৌৰসভাৰ আইন ধাৰা ২৮’ৰ ১৯৫৬ মতে সভাই পৌৰসভা ভংগ কৰি পৌৰপতিৰ পদৰ পৰা বৰ্খাস্ত কৰা হয় লাবণ্য পাইত দলেক। অহা এক সপ্তাহটোৰ ভিতৰতে এগৰাকী নতুন পৌৰপতি বাছনি কৰিব বুলি জানিব দিছে উপ পৌৰপতি শৰ্মিষ্ঠা দেবৰ লগতে ৱাৰ্ড সদস্য আদিত্য সোণোৱাল, তৰুনিমা দত্ত, দীনেশ দাস, শিল্পী চৌধুৰী, ৰাতুল গগৈ আৰু জিতেন কুটুমে। উল্লেখ্য যে বিদ্ৰোহী কমিছনাৰ সকলৰ মাজত আছে ৩ গৰাকী বিজেপি,১ গৰাকী কংগ্ৰেছ আৰু ৩ গৰাকী নিৰ্দলীয় হিচাপে নিৰ্বাচিত প্ৰতিনিধি। লক্ষ্যনীয় যে বিধায়ক ভূৱন পেগুৰ বৰঘৰৰ মানুহ বুলি চৰম ময়মতালিৰে দৌৰত্ম্য প্ৰদৰ্শন কৰা পৌৰপতি লাবন্যই একাংশ ৱাৰ্ড সদস্যক মেনেজ কৰিবলৈ কুটিল চক্ৰান্তত চলাই আহিছে। ধন বল বাহু বল প্ৰয়োগ কৰিও বলেৰে নোৱাৰা সকলক ইটো সিটো ভুৱা গোচৰ জাপি দি চৰম হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠিছে। পৌৰসভাৰ গৰিষ্ঠ সংখ্যক সদস্যৰ অপচন্দৰ পিছতো নাওঁ দুবিলেও তিঙৰ পৰা নামানে পৌৰপতি। সেইদৰে
বিভিন্ন দুৰ্নীতি অনিয়মৰে অভিযুক্ত লাবন্য পাইত দলেক একাংশ ৰাজনৈতিক নেতাই ৰক্ষণাবেক্ষণ দি অহাৰ কাৰণ কি বুলি ৰাইজে প্ৰশ্ন কৰিছে।

সাগৰীয় ঘূৰ্ণীবতাহৰ প্ৰকোপত বোকাখাতত শ শ বগলীৰ মৃত্যু,সাংবাদিকৰ প্ৰচেষ্টাত উদ্ধাৰ ৩৪ টা বগলী।

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। কালি নিশাৰে পৰা আৰম্ভ হোৱা ৰেমালৰ প্ৰচণ্ড তাণ্ডৱত বোকাখাতৰ বিভিন্ন স্থানত শ শ পশু পক্ষী মৃত্যু মুখত পৰিছে। ৰেমালৰ বিধ্বস্ততাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁট, বিজুলী, চিকিৎসা আদিৰ কামত ব্যস্ত থকাৰ সময়তে এই ভয়ানক ধুমুহা বৰষুণৰ ফলত মানুহৰ বাদে আন জীৱকুলৰ কথা যেন পাহৰি পেলোৱাৰ উপক্ৰম হৈছে। বাতৰিৰ তথ্য সংগ্ৰহ, বাতৰি প্ৰস্তুত, প্ৰেৰণ, পৰিৱেশন আদিৰ কামত ব্যস্ত থকাৰ মাজতে বোকাখাতৰ কেইজনমান সাংবাদিকে দেখুৱালে মমতাৰ নিদৰ্শন।

বোকাখাতৰ ১ নং ৱাৰ্ডৰ মিলনপুৰত এজোপা বাঁহনীত বাহ সাজি থকা শ শ বগলীৰ ধুমুহা বৰষুণত বাহ সমূহ ভাগি যায় আৰু শতাধিক বগলীৰ মৃত্যু হোৱাৰ লগতে তললৈ পৰি যায় বহু সংখ্যক বগলী পোৱালি। এই দুৰ্ঘটনাৰ ফলত অধিকাংশ বগলীৰ মৃত্যু হয় যদিও বোকাখাতৰ সাংবাদিক প্ৰনৱ শইকীয়া, ত্ৰিনয়ন বৰা, ধ্ৰুৱজ্যোতি ৰাজখোৱা, সন্দীপ পানিকা আৰু বিশ্ব দত্তই উদ্ধাৰ কৰি আনে। বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰত নিজে বাহনৰ ব্যৱস্থা গ্ৰহণ কৰি ভৰ্তি কৰে।

প্ৰকৃতিপ্ৰেমী লোকে এনে কাৰ্যৰ বাবে তেওঁলোকক শলাগ লৈছে। সাংবাদিক কেইগৰাকীৰ নেতৃত্বত হোৱা এই উদ্ধাৰ কাৰ্যত স্থানীয় কেইগৰাকীমান লোকেও সহায়ৰ হাত আগবঢ়ায়। ধুমুহাৰ ফলতেই বাহৰ পৰা পৰি যোৱা বহু বগলী বাঁহৰ জেঙত ওলমি থকা পৰিলক্ষিত হয়। বহু কণী নষ্ট আৰু পোৱালিৰ মৃত্যু হোৱাত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি।ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল
। এই ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, নেপাল, ভূটানত আৰু চীনতো অনুভূত হৈছে।
৬.১৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।


গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ উত্তৰ গাৰো হিলছৰ ৰেছুবেলপাৰা বুলি জানিব পৰা গৈছে।
ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৫.২।
মেঘালয়ৰ ৰেছুবেলপাৰাৰ পৰা ৩ কিলোমিটাৰ নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ।

৭৫ বছৰত নাপালে এখন দলং। উন্নয়ণৰ নামত তিনি বিধায়কে দিলে কেৱল প্ৰতিশ্ৰুতি।

ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ণ খণ্ডৰ অন্তৰ্গত লক্ষীমাৰী দ্বিতীয় খণ্ড গাঁৱত নাই কোনো ধৰণৰ যাতায়তৰ সুবিধা নাই এখন দলং । এখন দলং বিচাৰি হাবাথুৰি খাব লগা হৈছে গাঁৱখনৰ ৰাইজৰ । নিৰ্বাচনৰ সময়ত জন প্ৰতিনিধিয়ে ভোট ভিক্ষা খুজি প্ৰতিশ্ৰুতি দিয়ে যদিওঁ নিৰ্বাচনৰ পিছত জনসাধাৰণে বিচাৰি নাপায় জন প্ৰতিনিধিক । এইখন অসমৰে গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষীমাৰি ২য় খণ্ড গাঁৱৰ দৃশ্যই দাঙি ধৰিছে অসম চৰকাৰৰ ফোঁপোলা স্বৰূপ উন্নয়ন। দেশ স্বাধীন হোৱাৰ পৰাই স্থানীয় ৰাইজে বহু জন প্ৰতিনিধি তথা চৰকাৰৰ পৰা এখন দলং বিচাৰি আছিল যদিওঁ আজিলৈ কোনো এজন জন প্ৰতিনিধিয়ে নকৰিলে দলং নিৰ্মাণৰ কাম।

প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, অশ্বনী ৰায় সৰকাৰ আৰু বৰ্তমানৰ বিধায়ক আব্দুছ ছোবাহান সৰকাৰে ভোটৰ সময়ত ভোট ভিক্ষা খুজিবলৈ যায় আৰু বিধায়ক হোৱাৰ পিছত দেখা নিদিলে গাঁৱখনৰ ৰাইজক। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গাঁৱখনৰ ৰাইজে যাতায়ৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হব লগা হৈছে । ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হব লগা হৈছে। আনহাতে বাৰিষা আহিলে স্কুল কলেজ যোৱাৰ বাবে এক প্ৰকাৰৰ বাধা হিচাপে থিয় দিছে এইখন দলঙে । জৰুৰী সেৱা ১০৮ যাব নোৱাৰে গাঁওখনলৈ ফলত ৰোগী সকলক কান্ধত তুলি পাৰ কৰিব লগা হয়। ঊল্লেখযোগ্য যে যোৱা তিনি (৩) বছৰে গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান সৰকাৰক বহু দাবী জনাই আহিছে যদিওঁ কোনো ধৰণৰ গুৰুত্ত নিদিয়াৰ অভিযোগ বিধায়ক গৰাকী বিৰুদ্ধে। উপায়ন্তৰ হৈ অসম চৰকাৰলৈ এতিয়া দলং নিৰ্মাণ কৰিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

বঢ়মপুৰৰ চৌদিশ ‘ৰেমাল’ত তচনচ! বিদ্যুৎ যোগান ব্যাহত, গছ-গছনি পৰি পথ যোগাযোগ বিছিন্ন; আতংকিত জনসাধাৰণ…

বিগত কিছুদিন ধৰি উৎকট গৰমত দিশহাৰা হৈ পৰা সৰ্বসাধাৰণ ৰাইজে শেহতীয়াকৈ স্বস্তিৰ নিশ্বাস পেলাইছে যদিও এইবাৰ সামুদ্ৰিক ঘূর্ণী বতাহ ‘ৰেমাল’ৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত দিক বিদিক হেৰুৱাই পেলাইছে অসমৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাবাসীয়ে। বংগোপসাগৰৰ পৰা অহা ৰেমাল ঘূর্ণীৰ প্ৰভাৱত ইতিমধ্যে দিশহাৰা হৈ পৰিছে পশ্চিমবংগ, অসমৰ বিভিন্ন স্থানৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহ। ঘণ্টাত ১৩৫ কিলোমিটাৰতকৈ অধিক বেগেৰে বলা এই ধুমুহাই যেনেদৰে ইতিমধ্যে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে আজিৰ দিনটোতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিলে নগাঁও জিলাকে ধৰি নিকটৱৰ্তী জিলা সমূহতো।বিশেষকৈ কালি দিনটোত পুৱা প্ৰায় ৫ বজাৰ পৰাই ধুমুহাই তাণ্ডৱ চলাই গ’ল বিয়লি পৰ্যন্ত। খবৰ পোৱা অনুসৰি, প্ৰচণ্ড ধুমুহাই তচনচ কৰি পেলাইছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল। বিশেষকৈ নগাঁও চহৰৰ নিকটৱৰ্তী অঞ্চলৰ লগতে বৃহত্তৰ বঢ়মপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ঘূর্ণী বতাহৰ কবলত পৰি বহু লোকৰ টিনপাত উৰি যোৱাৰ উপৰি ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গছ-গছনি উভালি বা ভাগি পৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে।

আনহাতে, বহু লোকৰ শাক-পাচলি, ফল-মূল আদিৰ বিস্তৰ ক্ষতিসাধন হয়। জানিব পৰা মতে, নগাঁও চহৰৰ উপৰি ডিমৰুগুৰি , উৰিয়াগাঁও, ভোটাইগাঁও, পাঠৰী, পোটনি, ননৈ, কঢ়ালিগাঁও, কৰৈয়নী, পলাশনি, পহুকটা, গধৰীয়া, বঢ়মপুৰ, চলচলি, বামুণী, বৰবাৰী, কন্দলী, চাপানালাকে ধৰি বৃহত্তৰ অঞ্চলবোৰত বহু ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, ধুমুহাত কঠীয়াতলীৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰাত কথমপিহে শিক্ষক-শিক্ষাৰ্থীসকল ৰক্ষা পৰে। সেইদৰে, উৰিয়াগাঁওস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয় গৃহৰ টিনপাত উৰুৱাই লৈ যায়। ইফালে, বঢ়মপুৰৰ নিকটৱৰ্তী জলাহগাঁৱৰ পথৰ কাষতে থকা ৰেইছুল হক নামৰ দোকানীজনৰ দোকানঘৰৰ ওপৰতে এডাল গছ উভালি পৰাৰ ফলত বামুণী -চলচলি সংযোগী পথ এই বাতৰি যুগুতোৱা পৰ্যন্ত বন্ধ হৈ আছে । সেইদৰে পুৱা ভাগতেই গোমোঠাগাঁও-বঢ়মপুৰ সংযোগী পথতো গছ বাগৰি পৰাৰ ফলত মূল পথটোৰ যাতায়াত বহু সময় ধৰি ব্যাহত হৈ পৰে আৰু পাছত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগত পুনৰ পথ মুকলি কৰা হয়। একেদৰে ভেৰভেৰী-চলচলি সংযোগী পথৰ মাজতে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত এই পৰ্যন্ত যাতায়াত বিচ্ছিন্ন হৈ আছে। পহুকটা, নাম কৰৈয়নীতো গছ-গছনি বৈদ্যুতিক তাঁৰতে পৰাত বিদ্যুৎ বিভাগৰ লোকে স্থানীয় লোকৰ সহযোগত মুকলি কৰাত ব্যস্ত হৈ পৰিছে। সেইদৰে, জলাহগাঁৱৰ ভাস্কৰ শইকীয়াৰ ঘৰতো এডাল প্ৰকাণ্ড চেগুন গছ বাগৰি পৰাত পৰিয়ালটো কথমপিহে ৰক্ষা পৰে।

ইফালে, প্ৰচণ্ড উত্তাপৰ বাবে কালিৰে পৰা চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী আগুৱাই দিয়াত আজি দ্বিতীয় দিনটোতে ঘূর্ণী বতাহৰ বাবে সকলো শিক্ষানুষ্ঠান নগাঁও জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰে। আজি দিনৰ ভাগৰ দৰে ৰাতিলৈকো বা কাইলৈকো এনে পৰিস্থিতি হোৱাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰি কাইলৈ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে, আনহাতে সৰ্বসাধাৰণ লোকসকলো আতংকিত হৈ পৰিছে। উল্লেখ্য যে, বৰষুণৰ আহ্বান জনায় দেওবাৰে বঢ়মপুৰত ৰাজহুৱাভাৱে ভেকুলী বিয়া পতাৰ পাছৰে পৰা কাকতালীয়ভাবে বৰষুণ হোৱা দেখা গৈছে আৰু বৰষুণৰ পানীয়ে খাল-ডোং ভৰি পৰাত কৃষিজীৱী ৰাইজে এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস এৰিছে।

নিৰ্বাচনী প্ৰচাৰ সামৰি কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত তিনিদিন ধ্যান কৰিব মোদীয়ে…

নিৰ্বাচনী যাত্ৰাৰ পিছত মোদীৰ আৰম্ভ হ’ব আধ্যাত্মিক যাত্ৰা। সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে মোদীয়ে তিনিদিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যা কুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩০ মে’ত আধ্যাত্মিক যাত্ৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে। স্বামী বিবেকানন্দই ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান কৰি মোদীয়ে তিনিদিন কটাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ সৈতে জড়িত নহয় আৰু এই ভ্ৰমণৰ বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হ’ব।

মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ ১ জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব। সেইদিনা ভোটদান হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। ৪ জুনত ৫৪৩খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য স্বামী বিবেকানন্দই ধ্যান কৰা স্থান হিচাপে বিবেকানন্দ ৰক মেম’ৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে। এই স্থানত মোদীয়ে স্বামী বিবেকানন্দৰ ধ্যান-ধাৰণাৰে সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতিক বাস্তৱ কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাব। কন্যাকুমাৰী হৈছে ভাৰত মহাসাগৰ, বে অব বেংগল, আৰব সাগৰৰ মিলন বিন্দু। ২০১৯ চনত মোদীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰিছিল আৰু ২০১৪ চনত শিৱাজীৰ প্ৰতাপগড় ভ্ৰমণ কৰিছিল। এইবাৰো তেওঁ কন্যাকুমাৰীলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে।

চীনৰ বিজ্ঞানাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিছে তিনিদিনতে মানুহৰ মৃত্যু ঘটাব পৰা বিপজ্জনক ভাইৰাছ!

ক’ৰনা ভাইৰাছ চীনে সৃষ্টি কৰা বুলি আমেৰিকাৰ লগতে বহু দেশে অভিযোগ কৰিছিল। এনে অভিযোগৰ মাজতে চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে আন এক বিপজ্জনক ভাইৰাছ। প্ৰকাশিত তথ্য অনুসৰি এই ভাইৰাছে তিনিদিনতে যিকোনো ব্যক্তিৰ মৃত্যু ঘটাব পাৰে। চাইন্স ডাইৰেক্ট আলোচনীত প্ৰকাশিত তথ্য অনুসৰি নতুন কৃত্ৰিম ভাইৰাছ বিধে ইব’লা ভাইৰাছৰ দৰেই ক্ৰিয়া কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে ইব’লা ভাইৰাছৰ কিছু অংশ গ্ৰহণ কৰি নতুন ভাইৰাছ বিধৰ সৃষ্টি কৰিছে।

ই ইব’লা ভাইৰাছৰ দৰেই অতি মাৰাত্মক। এই ভাইৰাছত আক্ৰান্ত হ’লে মানুহৰ দেহত ইব’লা ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ দৰেই সক্ষণে দেখা দিব পাৰে। এই ভাইৰাছ বিধে প্ৰথমে মানুহৰ শৰীৰ দুৰ্বল কৰি পেলায় আৰু শৰীৰৰ অংগবোৰে কাম কৰা বন্ধ কৰি দিয়ে। তিনিদিৰ পিছত তেওঁৰ মৃত্যু হ’ব পাৰে। এই ভাইৰাছে চকুতো সংক্ৰমণ ঘটাব পাৰে। ফলত লোক এজনে তেওঁৰ দৃষ্টিশক্তি হেৰুৱাই পেলাব পাৰে। এই ভাইৰাছবিধ ছিৰিয়াৰ হামষ্টাৰ নামৰ প্ৰাণীবিধৰ শৰীৰত প্ৰয়োগ কৰাৰ তিনি দিনৰ ভিতৰতে সেই প্ৰাণীবোৰে মৃত্যুক সাৱটি লৈছিল।

জিএছটিৰ নামত প্ৰৱঞ্চনাৰে পঞ্চাছ কোটিৰো অধিক টকা আত্মসাৎঃ প্ৰৱঞ্চক শিবাংগ পাল অৱশেষত আৰক্ষীৰ জালত, তিনিবছৰে অন্তৰ্ধান হৈ থকা শিবাংগ পালক পশ্চিমবংগত গ্ৰেপ্তাৰ…

জি.এচ.টিৰ কনছাল্টিং প্ৰতিষ্ঠান খুলি বিভিন্ন ব্যৱসায়ীৰ পৰা প্ৰৱঞ্চনাৰে ৫০ কোটিৰো অধিক টকা জালিয়াতিৰে সৰকাই তিনিবছৰ ধৰি পলাই থকা ধেমাজিৰ শিবাংগ পালক অৱশেষত ধেমাজিৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । একাংশ ব্যৱসায়ীৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা আত্মসাৎ কৰি তিনিবছৰে পলাতক হৈ থকা ধুৰন্ধৰ টেক্স কনচালটেণ্ট শিবাংগ পালক শনিবাৰে ধেমাজি আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শিবাংগ পালে ২০১৭ চন মানৰ পৰা ধেমাজি তিলিআলিত টেক্স কনচালটেন্সীৰ কাম কৰিছিল আৰু সেই সময়তে ধুৰন্ধৰ শিবাংগ পালে প্ৰতিজন ব্যৱসায়ীৰ আস্থা আৰু বিশ্বাসক ভৰি মোহাৰি অধিক ধনৰ লালসাত অন্ধ হৈ জালিয়াতিত জড়িত হৈ পৰে৷ প্ৰথমাৱস্থাত ঠিকেই আছিল যদিও ২০২১ চনৰ মাজভাগত পালৰ ভণ্ডামি তথা লুটৰাজৰ কথা পোহৰলৈ আহে৷ শিবাংগ পালৰ সেই জালিয়াতি তথা লুটৰাজৰ সবিশেষ সেইসময়ত সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল৷ আনহাতে কেইবাগৰাকী ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪৬৮ ধাৰাৰ অধীনত (গোচৰ নং ১৫৯/২০২১) তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে৷ বিগত তিনি বছৰে পলাতক শিবাংগ পালক বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে ধেমাজিৰ আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰে৷


আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে দেওবাৰে ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে ৬ দিনৰ কাৰণে জিম্মাত লয়৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিৱাংগ পালৰ কেলেংকাৰী সন্দৰ্ভত অৱগত কৰিবলৈ আজি ভুক্তভোগী ব্যৱসায়ী সকলে ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ব্যৱসায়ী ভূৰাম দত্ত, ৰিংকু গগৈ, খগেন গগৈ, মনোজ শৰ্মা, বিনোদ কুমাৰ ৰয়, ৰাজীৱ পাল, ৰঞ্জন গগৈ, গুপ্তা ষ্টোৰ, জোনাই ষ্টোৰ, দীপক দে, হিমাংশু চেলেং, অভিজিৎ নন্দী, শ্ৰীশ্যাম ষ্টীল, নেপাল দাস, সঞ্জয় পাল, দীপক বিশ্বাস, নিতুল দত্ত, উত্তম চৌধুৰী, ৰাজেশ গান্ধী, দাস ব্ৰাদাৰ্চ, বন্দনা ষ্টোৰ, তানিশা এণ্টাৰপ্ৰাইজ, দেৱ এণ্টাৰপ্ৰাইজ, এমপিজি এজেন্সি, সংগীতা এণ্টাৰপ্ৰাইজ, বি ডি এণ্টাৰপ্ৰাইজ, বিশ্বকৰ্মা ইঞ্জিনীয়াৰিং, দৃষ্টি এণ্টাৰপ্ৰাইজ, তাপচ কুণ্ডু, গান্ধী ইলেক্ট্ৰনিকচ, হৰি সোণোৱাল, নিতেশ এজেন্সি, পিবি এণ্টাৰপ্ৰাইজ, কেটি এণ্টাৰপ্ৰাইজ আদিকে ধৰি অৰ্ধশতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে পালৰ ওচৰত জিএচটি পৰিশোধ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁলোকে উল্লেখ কৰা মতে চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা জিএচটিৰ কাম নজনাৰ বাবে দুবছৰৰো অধিক কাল শিৱাংগ পালৰ জৰিয়তে টেক্স ৰিটাৰ্ণ কৰি আহিছিল। ইয়াৰ বিনিময়ত পালক প্রয়োজনীয় নথি-পত্ৰৰ লগতে সময়মতে নির্ধাৰিত হাৰত বেতন আদি পৰিশোধ কৰিছিল। কিন্তু হঠাতে উক্ত ব্যবসায়ীসকলৰ জি এছ টি নম্বৰবোৰ বন্ধ হৈ পৰে। উপায়হীন হৈ উক্ত ব্যবসায়ীসকলে ধেমাজিত থকা জি এছ টি অফিচলৈ গৈ খবৰ কৰাত তেওঁলোকৰ জি এছ টি নম্বৰৰ পৰা কিনা- বেচাতকৈ অত্যধিক হাৰত জি এছ টি বিল দি থকা দেখুওৱাৰ ফলতে তেওঁলোকৰ জি এছ টি নম্বৰসমূহ বন্ধ হৈ পৰা বুলি জানিব পাৰে। লগে লগে ব্যৱসায়ীসকলে শিবাংগ পালক ফোন কৰে যদিও ফোনসহ দোকান বন্ধ কৰি পালে ধেমাজিৰ পৰা পলায়ন কৰে।

তেতিয়া উপায়হীন হৈ ব্যৱসায়ীসকলে ধেমাজিস্থিত জি এছ টি কার্যালয়ৰ লগত যোগাযোগ কৰি শিবাংগ পালে ব্যৱসায়ীসকলৰ অজ্ঞাতে তেওঁলোকৰ জি এছ টি নম্বৰত পালৰ নিজা ই-মেইল আই ডিসহ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি কোটি কোটি টকাৰ জি এছ টি বিল অবৈধ হিচাপে অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ বিভিন্ন দোকান আৰু ঠিকাদাৰক প্ৰদান কৰাৰ কথা জানিব পাৰে। যাৰফলত অবৈধ আৰু অতিৰিক্ত বিলসমূহৰ যি পৰিমাণৰ কৰ হয় সেয়া উক্ত ব্যৱসায়ীসকললৈ সুদৰ সৈতে জি এছ টি অফিচৰ পৰা নটিচ প্ৰেৰণ কৰে ৷ ফলত ব্যৱসায়ীসকলে মূৰে-কপালে হাত দিবলগীয়া হয়৷ এনেদৰে ব্যৱসায়ীৰ মূৰত মাধমাৰ সোধাই পলাই থকা লুণ্ঠনকাৰী শিৱাংগ পালক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ভুক্তভোগী ব্যৱসায়ীসকলে সন্তোষ প্ৰকাশ কৰিছে৷ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত আৰু সংশ্লিষ্ট বিভাগৰ অনুসন্ধানৰ জৰিয়তে বিষয়টো সমাধান হব বুলি আশা প্ৰকাশ কৰিছে ব্যৱসায়ী সকলে৷

ৰেমালৰ সংহাৰত বিধ্বস্ত অসম! ছাত্ৰৰ মৃত্যু, ৰে’ল সেৱা ব্যাহত, গছ- গছনি তচনচ…

সাগৰীয় ঘূৰ্ণী ৰেমালে এতিয়া অসমত তাণ্ডৱ চলাইছে। ঘূৰ্ণীৰ প্ৰভাৱত অসমত আৰম্ভ হৈছে প্ৰবল ধুমুহা-বৰষুণ। ইতিমধ্যে মৰিগাঁৱত ধুমুহাত গছ পৰি কলেজলৈ যোৱা এজন ছাত্ৰৰ মৃত্যু ঘটিছে। ৰাজ্যৰ বহু জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। সেই মৰ্মে ৰাজ্যৰ ৪ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। একেদৰে ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, নগাঁও , পশ্চিম কাৰ্বি আংলং, নলবাৰীত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে ডিমা হাছাও, কাছাৰ , হাইলাকান্দি , কৰিমগঞ্জত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা , বৰপেটা, বঙাইগাঁও, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। একেদৰে কাইলৈৰ বাবে চিৰাং, বাক্সা, ডিমা হাচাওত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।দেৰগাঁৱৰ দাধৰাৰ শঙ্কৰদেৱ চাৰিআলিৰ সমীপত পথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। চিঙি পৰিল উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ । সৌভাগ্যবশতঃ বিদ্যুত প্ৰবাহ বন্ধ আছিল সেই সময়ছোৱাত। ভাঙি পৰা গছজোপাৰ সমীপতেই আছে শঙ্কৰদেৱ হাইস্কুল। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে ছুটী দিয়া হৈছিল বিদ্যলয়খন। ফলত কথমপি ছাত্ৰ-ছাত্ৰীসকল ৰক্ষা পৰিল এক ভয়ানক অঘটনৰ পৰা। ইপিনে বিধ্বংসী ধুমুহাত মৰিগাঁৱৰ দীঘলবড়ীত এজোপা প্ৰকাণ্ড বকুল গছ বাগৰি পৰে এখন চলন্ত অট’ৰ ওপৰত। ফলত নিমিষতে প্ৰাণ গ’ল মৰিগাঁও গুৰুকুল একাডেমীৰ মেধাৱী ছাত্ৰ তথা লাহৰীঘাট থানাৰ অন্তৰ্গত ধুপগুৰি গাঁৱৰ বালিৰাম আমফি আৰু লতিকা বৰদলৈৰ একমাত্ৰ সন্তান কৌশিক আমফি (১৮)ৰ। অতি গুৰুতৰ ভাৱে আহত হয় অট’খনত যোৱা আন তিনিগৰাকী যাত্ৰী সহ চালকজন।


ঘূৰ্ণী বতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্পৰ ছয় খনকৈ গেট ৷ হুৰাহুৰে পানী আহি উফন্দি উঠিছে বৰপানী নৈ ৷ শংকিত নৈ পৰীয়া ৰাইজ ৷ কচুৱা জুৰিপাৰত বাগৰিছে পানী ৷ লংজাপ আৰু জুৰিপাৰত পানী সোমাইছে ৷ বৈঠলাংছোঁ-বৰচালি সংযোগী ৰাজপথৰ ওপৰত একাঁঠু-এককাল পৰ্যন্ত পানী। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে একাংশ লোকে।বকোৰ বিভিন্ন অঞ্চলত ঘূৰ্ণি বতাহত বিস্তৰ ক্ষতি। ঘূৰ্ণি বতাহত বকো-জোঙাখুলি পথত বাগৰি পৰে বৃহৎ সংখ্যক শাল গছ। যোৱা নিশাৰ পৰা অহা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি হয়। কালি পুৱাৰ ভাগত দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী গাঁৱত লাবন্য কুমাৰী নামৰ এগৰাকী ৬০ বছৰীয়া মহিলাৰ গাত গছ বাগৰি গুৰুত্বৰ ভাবে আহত হয়। ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয় ক্ষতি হৈছে। ডিমা হাছাও জিলাৰ জাতিংগা আৰু নিউ হাফলঙৰ ৰে’ল লাইনত পানীৰে ভৰি পৰিছে। প্ৰচণ্ড বৰষুণৰ ফলত নিউ হাফলঙত আৱদ্ধ হৈ আছে ১৩১৭৫ শিয়ালদহ- শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’ল খন আৰু ১৫৬১৬ শিলচৰ-গুৱাহাটী পেছেজাৰ ৰে’লখন ধামচৰা ষ্টেচনত আৰু ১২৫১৯ আগৰতলা সংযোগী ৰে’লখন মাইবং ৰে’ল ষ্টেচনত ৰখাই দিয়া হৈছে।

নিৰ্বাচনী প্ৰচাৰত আদানীৰ বিৰুদ্ধে মন্তব্য, উচ্চ ন্যায়ালয়ত ৰাহুল-মোদীৰ বিৰুদ্ধে গোচৰ দাখিল…

মোদী-ৰাহুলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল এজন লোক। লোকজনে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিলে। মোদী-ৰাহুলৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত আদানী গোটক বদনাম কৰাৰ অভিযোগ উত্থাপন হৈছে। আবেদনকাৰীয়ে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এনে বিদ্বেষপূৰ্ণ ভাষণ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়। ৰাহুল আৰু মোদীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে সুৰজিৎ ​​সিং যাদৱ নামৰ লোকজনে। তেওঁ নিজকে কৃষক আৰু শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী বুলি পৰিচয় দিছে। সুৰজিতে দাবী কৰে যে বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ বক্তব্যৰ বাবেই আদানী গোটৰ বজাৰ মূল্য প্ৰভাৱান্বিত হৈছে।

ফলত বিনিয়োগকাৰী ক্ষতিগ্ৰস্ত হ’ব। আদানী গোট সন্দৰ্ভত ৰাহুলৰ বক্তব্য মিছা বুলি অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে। ৰাহুল আৰু মোদীৰ মন্তব্যৰ বাবেই বিনিয়োগকাৰী বিভ্ৰান্ত হৈ পৰিছে। উল্লেখ্য নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোদীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে পাঁচ বছৰ ধৰি আদানী আম্বানীৰ কথা কৈ থকা ৰাহুলৰ দলে ৰাতিটোৰ ভিতৰতে কিয় মৌন হৈ পৰিল? এঢাপ আগুৱাই গৈ তেওঁৰ প্ৰশ্ন কৰিছিল, এই ব্যৱসায়ীসকলৰ পৰা কংগ্ৰেছে টকা লৈছিল নেকি? আনহাতে, আদানী গোটক সুবিধা দিয়া বুলি মোদীক বাৰে বাৰে আক্রমণ কৰি আহিছে ৰাহুলে৷