Home Blog Page 806

সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে । এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক । পোৱা ৮-১২ মে’ত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে । ইউনাইটেড আছাম মিক্সড মাৰ্শ্বেল আৰ্টছ এছ’চিয়েচনৰ সভাপতি, ড. নয়ন জ্যোতি দাসে অসম দলৰ সকলো পদক বিজয়ী আৰু অংশগ্ৰহণকাৰীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে । অসম দলৰ নেতৃত্বত আছিল ইউনাইটেড আছাম মিক্সড মাৰ্শ্বেল আৰ্টছ এছ’চিয়েচনৰ আন্তঃৰাষ্ট্ৰীয় এম এম এ ৰেফাৰী তথা সাধাৰণ সম্পাদক আকাশ মেথিউ ।
ইভেণ্টৰ শীৰ্ষ খেলুৱৈসকলক ভাৰতত সমাগত এছিয়ান এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৪ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হৈছে ।

২০২৪ চনৰ সপ্তম এম এম এ ইণ্ডিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পদক বিজয়ী

সোণ

১) টুন টুন চেতিয়া
ছেমি কন্টেক্ট -৮৩.৯ কেজি

২) প্ৰজ্ঞা পি খনিকৰ
যুৱ এ-৫২ কেজি

৩) নিৰঞ্জন দাস
যুৱ বি -৫২.২ কেজি

৪) শ্বামচাক মোছাং
ছেমি কন্টেক্ট – ৫২ কেজি

৫) ভাগ্যলক্ষী দাস
য়ুথ চি -৪০ কেজি

৬) বিপ্লব নিপুন
য়ুথ চি -৩১ কেজি

৭) দীপ চৰকাৰ
য়ুথ চি -৩৭ কেজি

ৰূপ

১) আৰ্ছাদ আলী
ছিনিয়ৰ বেন্টাম ৱেইট

২) পূজা কোচ
য়ুথ এ -৫২ কেজি

৩) ইহছান আহমেদ
য়ুথ চি – ৪৮ কেজি

৪) তাজমীন খান
ছেমি কন্টেক্ট -৫২ কেজি

৫) আশীষ দেৱ
ছেমি কন্টেক্ট-৭০.৩ কেজি

ব্ৰঞ্জৰ পদক

১) প্ৰণৱ জ্যোতি বৰা
জুনিয়ৰ -৭০.৩ কেজি

২) মানস বড়ো
ছেমি কন্টেক্ট-৫৬.৭ কেজি

৩) ৰেহান্ত বৰপাত্ৰ গোহাঁই
য়ুথ বি -৬৭ কেজি

৪) সুজিতা মিঞ্জ
ছেমি কন্টেক্ট-৪৭.৭ কেজি

গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…

মহানগৰীৰ চচলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু ৰঙালী, কঙালী আৰু ভোগালী সমান্তৰালভাৱে উদযাপন কৰি আহিছে। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো চৌবিশ সংখ্যক ৰঙালী বিহু যোৱা ১ ব’হাগ (১৪ এপ্ৰিল) , ২৮ ব’হাগ (১১ মে’) আৰু ২৯ ব’হাগত (১২ মে’ ২০২৪) তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ৷ বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, পৰম্পৰাগত খেল-ধেমালী, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ প্ৰতিযোগিতা , একক আৰু দলীয় শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, মৌ-কুঁৱৰী, বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিহু হুঁচৰি প্ৰতিযোগিতাত বৰলুইত বিহু হুচৰি দলে প্ৰথম আৰু মহাবাহু বিহু হুচৰি দলে দ্বিতীয় স্থান, বিহুৱতী প্ৰতিযোগিতাত দীপামণি বৰাই প্ৰথম আৰু কাৰ্জী কোঁচে দ্বিতীয় স্থান , মৌ-কুঁৱৰী প্ৰতিযোগিতাত কস্তুৰী শইকীয়াই প্ৰথম স্থান আৰু বিপাংশী শইকীয়াই দ্বিতীয় স্থান, একক লোক নৃত্য ক- শাখাত ৰিয়াংসী বৰুৱা, হিয়া কলিতা আৰু অনুশ্ৰী দাসে যথাক্ৰমে প্ৰথম,দ্বিতীয়, তৃতীয় স্থান আৰু খ-

শাখাত জোনমণি বৰা, দিচা বৰা আৰু মৃনাংগী বৰ্মণে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান আৰু দলীয় লোকনৃত্য প্ৰতিযোগিতাত বৰদৈ চিখলা ডি ডি গ্ৰুপে প্ৰথম স্থান, মধুস্মিতা চহৰীয়াৰ দলে দ্বিতীয় আৰু মৰমী দলে তৃতীয় স্থান লাভ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ খ-শাখাত ময়ুৰদ্বীপ তালুকদাৰে প্ৰথম স্থান লাভ কৰে ৷ ২৮ ব’হাগৰ দিনা ৰাতিপুৱা ৯.৩০ বজাত মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাৰে সভাপতি পৱন বুঢ়াগোহাঁইক বিহু তলিলৈ আদৰি আনে আৰু ইয়াৰ পিচতে বিহুৰ পতাকা উত্তোলন কৰে বৰগোহাঁয়ে ৷ স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কুমুদেশ্বৰ শৰ্মাই ৷ মুকলি বিহু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰ বিহুৱতী গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড বিহু অনুষ্ঠানৰ প্ৰশিক্ষীকা জাগৃতি কলিতাই ৷ উদ্বোধনী ভাষনত বিহুৱতী গৰাকীয়ে বিহু আৰু অসমৰ সংস্কৃতি বিষয়ক শ্ৰুতিমধুৰ বক্তৃতাৰে উপস্থিত সকলোকে আপ্লুত কৰে লগতে বিহু নৃত্য আৰু ঢোলৰ মালিতা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ পিচতেই দুটা দলে বিহু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ বিয়লি মঞ্চত কুইজ আৰু আকস্মিক স্মৃতিপ্ৰভা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান বিহু সমিতিৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় সিদানন্দ শৰ্মা, নিলীমা গোস্বামী শৰ্মা, ফণীধৰ দাস, প্ৰাক্তন কাৰ্যকৰী সভাপতি লীলাকান্ত বৰা, প্ৰাক্তন স্মৰণীকা সম্পাদক শশীন্দ অধিকাৰী ,প্ৰাক্তন উপ-সভাপতি জবেদ আলী আৰু প্ৰতাপ চন্দ্ৰ বৰাৰ সোৱঁৰণত অনুষ্ঠিত হয় ৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বলিষ্ঠ অভিনেতা, পৰিচালক আৰু নাট্যকাৰ চম্পক শৰ্মাই ৷ চচলৰ মহিলাবৃন্দই পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা সংগীতানুষ্ঠানে উপস্থিত সকলোকে মোহিত কৰে ৷ ইয়াৰ পিচতে সদৌ অসম ভিত্তিত একক লোকনৃত্য, দলীয় লোক নৃত্য, মৌ-কুঁৱৰী, বিহুৱতী আৰু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাতিপুৱা ৮ বজালৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাসমূহত অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে যোগদান কৰে ৷

২৯ ব’হাগৰ দিনা সন্ধিয়া ৬ বাজি ৩০ মিনিটত ওপৰ চচল বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাতা স্বৰ্গীয় ৰূপেশ্বৰ পাটৰৰ সোঁৱৰণত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া ৭ বজাত সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘ ব’হাগী ‘ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লিখক, কবি আৰু স্তম্ভ লিখক, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ড° নন্দ সিং বৰকলাই ৷ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক থানেশ্বৰ মালাকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া ৷ সন্ধিয়া ৮ বজাত সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট গীতিকাৰ, সুৰকাৰ সংগীত শিল্পী ৰসানন্দ গগৈয়ে ৷ শিল্পী গৰাকীৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ চচল মহিলা কৃষ্টি সমাজৰ আকৰ্ষণীয় জেং বিহু, বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দিপামণি বৰাৰ বিহুনৃত্য, ভোৰতাল নৃত্যশৈলীৰ আধাৰত সৃষ্টিশীল নৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰি পৰিৱেশ্য কলাৰ প্ৰতিষ্ঠান নগাঁৱৰ সূত্ৰধাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ পিচতে কনাই চুৰ বনাম চিচিংফাক কৌতুক গোষ্ঠীৰ হাঁহিৰ ঠুনপাক আৰু জনপ্ৰিয় শিল্পী ৰোহিত সোণাৰৰ সংগীতানুষ্ঠানে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তোলে ৷ তিনিদিনীয়া কাৰ্যসূচীৰ সফল সামৰণিৰ বাবে সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু পূৰ্ণকান্ত মহন্তই বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সমূহ ৰাইজলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…

এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মান হৈছে এখন নতুন অসমীয়া কথাছবি
“টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহন পূৰ্ণগতিত

এদল উদীয়মান যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছে এখন নতুন অসমীয়া কথাছবি। কামৰূপ আৰু মৰিগাঁও জিলাৰ লগতে মেঘালয়ৰ বিভিন্ন লোকেচনত হৈ আছে কথাছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ ৷ এক তাৎপৰ্যপূৰ্ণ বিষয় এই যে এই কথাছবিখন দেখা পোৱা যাব বৰ্তমানৰ গোভা দেওঁৰজা দিপচিং দেওঁৰজা আৰু পশ্চিম নগাঁও দেওঁৰজাকো ৷ ঐতিহাসিক ৰজাৰ এই দৃশ্যায়নে এক অনন্য মাত্ৰা প্ৰদান কৰিব ছবিখনত ৷ অসমীয়া কথাছবিখনৰ নাম হৈছে “টিলিকা গুণ্ডা“ ৷ পৃথিৱী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ কাহিনী-চিত্ৰনাট্যৰ লগতে ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে তুলসী মান্তা ৷

অজিত কুমাৰ বৰদলৈয়ে মূখ্য সহকাৰী পৰিচালকৰূপে কাম কৰা ছবিখনত চিত্ৰগ্ৰহণ কৰিছে বিশ্বজিত কোঁৱৰে ৷ পোহৰত বিপুল আৰু ৰূপসজ্জাত আছে প্ৰনামিকা ডেকা । ছবিখন মূখ্য চৰিত্ৰত অভিনয় কৰিছে এটি ৯ বছৰীয়া কনমানি শিশু ভূৱঞ্চি মান্তাই ৷ ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে প্ৰিন্স দিপু, অজিত কুমাৰ বৰদলৈ, নৱজিত বসুমতাৰী, অংকিতা বড়ো, সাগৰ দেউৰী, মাৰ্কপল, ড° ৰাজীৱ দলৈ, অমৃতজ্যোতি ডেকা, উষাৰানী দত্ত,

মুম্বাইৰ ছৈয়দ আফজল আলী, আব্দুল খালেক আৰু তুলসী মান্তাৰ লগতে ভালেসংখ্যক কন কন শিশুৰ লগতে বহুতো ন-পুৰনি অভিনেতা-অভিনেত্ৰীয়ে। পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য কথাছবিখন হ’ব হাস্যধৰ্মী, একচন, চাচপেন্সেৰে ভৰপূৰ এখন মনোৰঞ্জনধৰ্মী ছবি ৷ কেইজন শিশুৱে কিদৰে এখন ৰাজ্যৰ জনতাক ৰক্ষা কৰিব তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে কথাছবিখনৰ কাহিনী ভাগত ৷ নৱপ্ৰজন্মৰ এদল প্ৰতিভাসম্পন্ন যুৱক-যুৱতীৰ দ্বাৰা নিৰ্মিত ছবিখন এখন সফল ছবি কৰি গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ছবিখনৰ লগত জৰিত কলা-কুশলী সকল ৷

শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…

শিল্পী জুবিন গাৰ্গলৈ কবিতা উপহাৰ

বিশ্বৰ এটি চিনাকি নাম সংগীত শিল্পী জুবিন গাৰ্গ । যাৰ সংগীতেৰে বিশ্ববাসীৰ মন পুলকিত কৰাৰ লগতে অসমৰ সন্তান হিচাপে আজিৰ যুৱপ্ৰজম্মৰ অন্তৰৰ শিৰাই শিৰাই যে জুবিন গাৰ্গ সোমাই পৰিছে সেইয়া এটা সংগীতানুষ্ঠানৰ পৰিৱেশ দেখিলেই বুজা যায় । তেনে এজন শিল্পীক ভাল পোৱা প্ৰতিদান হিচাপে , অন্তৰৰ গভীৰ কোনত জুবিন গাৰ্গ সোমাই পৰিছে বাবেই এজন ছাত্ৰ ই ৰচনা কৰিছে এটি সুন্দৰ কবিতা ” অসমীয়াৰ বজ্ৰ তুমি জুবিন ” ।

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ মহান শিল্পী জুবিন গাৰ্গক ভাল পোৱাৰ প্ৰতিদান হিচাপে এটি কবিতা লিখি মনৰ ভাল পোৱা প্ৰকাশ কৰিলে মাজুলীৰ কমলাবাৰী অঞ্চলৰ মেধাৱী ছাত্ৰ ” সুৰুজুবিন বৰাই ” ।

সেই কবিতাটো ১২ মে’ত অনুষ্ঠিত হোৱা যোৰহাটৰ সাংস্কৃতিক কাৰ্যসুচীলৈ আহোতে প্ৰকৃতি প্ৰেমি তথা অৰ্কীড বয় সমীৰ ৰয় আৰু সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই ছাত্ৰ জনৰ হৈ শিল্পী গৰাকীক অৰ্পণ কৰে । শিল্পী গৰাকীৰ জীৱনৰ বহু মূল্যৱান কথাই কবিতাটো প্ৰকাশ ঘটিছে বুলি জুবিন গাৰ্গে আনন্দ প্ৰকাশ কৰে

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…

আই বজ্ৰাঙ্গী শিপিনী বঁটা প্ৰদান : বিশিষ্ট মহিলাক সন্মান

ভকতিৰ যোগেদি মানুহে নিজকে আত্মশুদ্ধি কৰিব লাগিব : সত্ৰাধিকাৰ মণি মাধৱ মহন্ত

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি মহোৎসৱ ভাগ ১৩ মে’ত নাৰায়ণ ঠাকুৰ আঞ্চলিক শ্ৰীশ্ৰী গোপালদেৱ সমাজ দক্ষিণ নগাঁৱৰ উদ্যোগত বৰপাথৰি ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে উদযাপন হয় । অনুষ্ঠানত কালি পুৱা প্ৰাত:প্ৰসংগৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে গোপাল দেৱ সমাজৰ নাৰায়ন ঠাকুৰ আঞ্চলিকৰ সভাপতি ইন্দ্ৰমোহন গোস্বামীয়ে। তাৰ পাছতেই ভকত আদৰণিৰ পিছত দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ সত্ৰাধিকাৰ কমলাকান্ত মহন্তৰ প্ৰসংগ পৰিচালনাত মধ্যাহ্ন প্ৰসংগ অনুষ্ঠিত হয় । ইয়াৰ পিছতে সাজ বিতৰণ আৰু ভকত আপ্যায়ন কৰা হয় । বিয়লি ২ বজাত কমল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় । মুকলি সভাৰ শুভাৰম্ভণি ঘটে ভাস্বতী গোস্বামীৰ বৰগীত পৰিবেশন আৰু ননৈৰ নৱমিলন শিল্পী সকলৰ দিহানাম পৰিবেশনেৰে ।

গোপালদেৱ সমাজৰ সম্পাদক তথা লেখক চেনাৰাম কলিতাই আদৰণি ভাষণ প্ৰদান কৰি সভাখনিত নগাঁও জিলা অগপৰ সভাপতি তথা সত্ৰাধিকাৰ মণি মাধৱ মহন্তই কয় যে মনুষ্য শৰীৰটো ভকতিৰ মন্দিৰ । ভকতিৰ যোগেদি মানুহে নিজকে আত্মশুদ্ধি কৰিব লাগিব । সত্ৰাধিকাৰ মহন্তই আৰু কয় যে গুৰু সকলে ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত অৰ্থনৈতিক বুনিয়াদৰ ওপৰত গুৰুত্ব দিছিল । যাৰ বাবে মানুহক কৃষি কৰ্মৰ লগতে বস্ত্ৰৰ ক্ষেত্ৰটো গুৰুত্ব দিছিল । পৰাগমণি বৰাই আঁত ধৰা সভাখনিত শিক্ষাবিদ বুদ্ধেশ্বৰ বৰা, দীপক বৰা, জিতেন ৰাজখোৱা, পূৰ্ণ বৰা, ধ্ৰুৱজ্যোতি বৰা , জয়ন্ত বৰাকে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে উক্ত সভাতে অাই ব্ৰজাঙ্গী নিপুন শিপিনী বঁটা প্ৰথম গৰাকী শিপিনী ৰণথলী ৰজাভেঁটিৰ ৰুপী কলিতা, হাতীপাৰাৰ ৰানু বৰাক দ্বিতীয় আৰু উদগনি হিচাপে দেওধৰ গাঁৱৰ বিনু শইকীয়াক শিপিনী বঁটা প্ৰদান কৰা হয়।

এই বঁটাত নগদ ধন মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। আই ব্ৰজাঙ্গী শিপিনী বঁটা উপৰিও অঞ্চলটোৰ বিশিষ্ট মহিলা মাইকণ বৰা, তিলোপ্ৰভা বৰা, অনু বৰা ,নিৰুপমা গায়নকে ধৰি কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ সমূহীয়া বন্তি প্ৰজ্বলনৰ পিছত ভক্তিমূলক গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । অন্যহাতে ১৪ মে’ পুৱা প্ৰাত: প্ৰসংগৰ লগতে ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত বিয়লি ধৰ্মধ্বজা অবতৰণ, সন্ধ্যা বন্তি প্ৰজ্বলন, নিশালৈ বিশিষ্ট সমাজসেৱক উৎপল বণিয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অমৰজ্যোতি কাশ্যপ আৰু ৰাজশ্ৰী নন্দিনীৰ গীতৰ শৰাই পৰিবেশিত হয় ।

प्रथम वाहिनी सशस्त्र सीमा बल सोनपुर में स्वास्थ्य जागरूकता एवं निःशुल्क आयुर्वेद शिविर का आयोजन किया गया…

प्रथम वाहिनी सशस्त्र सीमा बल सोनपुर में स्वास्थ्य जागरूकता एवं निःशुल्क आयुर्वेद शिविर का आयोजन किया गया

स्वास्थ्य और जीवन शैली पर प्रथम वाहिनी सशस्त्र सीमा बल, सोनापुर द्वारा की गई एक पहल के रूप में, सरकारी आयुर्वेद कॉलेज, जालुकबारी, गुवाहाटी के विभिन्न क्षेत्रों के विशेषज्ञ डॉक्टरों के द्वारा प्रथम वाहिनी सोनापुर में स्वास्थ्य जांच शिविर और आयुर्वेद ओ.पी.डी शिविर श्री सुनील कौशिक, कमांडेंट, प्रथम वाहिनी सशस्त्र सीमा बल सोनापुर और डॉ अजीत हेमरॉम,

कमांडेंट (मेडिकल) के मार्गदर्शन में आयोजित किया गया। इस शिविर से बल के कर्मियों, परिवार के सदस्यों और स्थानीय ग्रामीणों को लाभ हुआ। टेक्नीशियन नासिर इकबाल ने एडवांस टेक्निकल मशीन की मदद से फुल बॉडी का फिजिकल

फिटनेस चेकअप किया। यह चेक-अप प्रदान किए गए परिणामों के आधार पर किसी व्यक्ति के स्वास्थ्य के बारे में जागरूकता पैदा करता है और कर्मियों को कार्रवाई करने के लिए प्रोत्साहित करता है जो उन्हें व्यक्तिगत रूप से और कार्यस्थल के भीतर लाभान्वित करेगा।

নগাঁৱৰ ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ তিৰোভাৱ-আবিৰ্ভাৱ তিথি…

আই বজ্ৰাঙ্গী শিপিনী বঁটা প্ৰদান : বিশিষ্ট মহিলাক সন্মান

ভকতিৰ যোগেদি মানুহে নিজকে আত্মশুদ্ধি কৰিব লাগিব : সত্ৰাধিকাৰ মণি মাধৱ মহন্ত

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি মহোৎসৱ ভাগ ১৩ মে’ত নাৰায়ণ ঠাকুৰ আঞ্চলিক শ্ৰীশ্ৰী গোপালদেৱ সমাজ দক্ষিণ নগাঁৱৰ উদ্যোগত বৰপাথৰি ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে উদযাপন হয় । অনুষ্ঠানত কালি পুৱা প্ৰাত:প্ৰসংগৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে গোপাল দেৱ সমাজৰ নাৰায়ন ঠাকুৰ আঞ্চলিকৰ সভাপতি ইন্দ্ৰমোহন গোস্বামীয়ে। তাৰ পাছতেই ভকত আদৰণিৰ পিছত দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ সত্ৰাধিকাৰ কমলাকান্ত মহন্তৰ প্ৰসংগ পৰিচালনাত মধ্যাহ্ন প্ৰসংগ অনুষ্ঠিত হয় । ইয়াৰ পিছতে সাজ বিতৰণ আৰু ভকত আপ্যায়ন কৰা হয় । বিয়লি ২ বজাত কমল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ।

মুকলি সভাৰ শুভাৰম্ভণি ঘটে ভাস্বতী গোস্বামীৰ বৰগীত পৰিবেশন আৰু ননৈৰ নৱমিলন শিল্পী সকলৰ দিহানাম পৰিবেশনেৰে । গোপালদেৱ সমাজৰ সম্পাদক তথা লেখক চেনাৰাম কলিতাই আদৰণি ভাষণ প্ৰদান কৰি সভাখনিত নগাঁও জিলা অগপৰ সভাপতি তথা সত্ৰাধিকাৰ মণি মাধৱ মহন্তই কয় যে মনুষ্য শৰীৰটো ভকতিৰ মন্দিৰ । ভকতিৰ যোগেদি মানুহে নিজকে আত্মশুদ্ধি কৰিব লাগিব । সত্ৰাধিকাৰ মহন্তই আৰু কয় যে গুৰু সকলে ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত অৰ্থনৈতিক বুনিয়াদৰ ওপৰত গুৰুত্ব দিছিল । যাৰ বাবে মানুহক কৃষি কৰ্মৰ লগতে বস্ত্ৰৰ ক্ষেত্ৰটো গুৰুত্ব দিছিল । পৰাগমণি বৰাই আঁত ধৰা সভাখনিত শিক্ষাবিদ বুদ্ধেশ্বৰ বৰা, দীপক বৰা, জিতেন ৰাজখোৱা, পূৰ্ণ বৰা, ধ্ৰুৱজ্যোতি বৰা , জয়ন্ত বৰাকে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখযোগ্য যে উক্ত সভাতে অাই ব্ৰজাঙ্গী নিপুন শিপিনী বঁটা প্ৰথম গৰাকী শিপিনী ৰণথলী ৰজাভেঁটিৰ ৰুপী কলিতা, হাতীপাৰাৰ ৰানু বৰাক দ্বিতীয় আৰু উদগনি হিচাপে দেওধৰ গাঁৱৰ বিনু শইকীয়াক শিপিনী বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। আই ব্ৰজাঙ্গী শিপিনী বঁটা উপৰিও অঞ্চলটোৰ বিশিষ্ট মহিলা মাইকণ বৰা, তিলোপ্ৰভা বৰা, অনু বৰা ,নিৰুপমা গায়নকে ধৰি কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ সমূহীয়া বন্তি প্ৰজ্বলনৰ পিছত ভক্তিমূলক গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । অন্যহাতে ১৪ মে’ পুৱা প্ৰাত: প্ৰসংগৰ লগতে ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত বিয়লি ধৰ্মধ্বজা অবতৰণ, সন্ধ্যা বন্তি প্ৰজ্বলন, নিশালৈ বিশিষ্ট সমাজসেৱক উৎপল বণিয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অমৰজ্যোতি কাশ্যপ আৰু ৰাজশ্ৰী নন্দিনীৰ গীতৰ শৰাই পৰিবেশিত হয় ।

Health awareness and free ayurveda camp organized at 1st Bn SSB Sonapur…

Health awareness and free ayurveda camp organized at 1st Bn SSB Sonapur

As an initiative taken up by 1st Battalion Sashastra Seema Bal on health and lifestyle, health check-up camp & an Ayurveda OPD camp were held at 1st Bn SSB Sonapur in coordination with specialist doctors in different fields from Govt. Ayurveda College, Jalukbari, Guwahati. The programme was conducted

under the guidance of Shri Sunil Kaushik, Commandant, 1st Bn SSB Sonapur & Dr. Ajit Hemrom, Commandant (Medical). The camp benefited the force personnel, family members and local villagers.

A physical fitness check-up of full body was also done by technician Nasir Iqbal by utilizing advance technical machine. This check-up builds awareness of an individual’s health based on the results provided and also encourages personnel to take action that will benefit them personally and within the workplace.

৩১ মে’ লৈকে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ ইচ্ছা কৰা দেশ-বিদেশৰ পৰ্যটকৰ বাবে সুখবৰ। পৰ্যটকৰ উদ্যান ভ্ৰমণৰ সুবিধার্থে অর্থাৎ জীপ ছাফাৰীৰ বাবে উদ্যান মুকলি থাকিব ৩১ মে লৈকে। উল্লেখ্য বাৰিষা নামি অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বাট-পথবোৰ যান-বাহন চলাচল কৰাত সমস্যাৰ সৃষ্টি হয়। পর্যটকে জীপ ছাফাৰী কৰা পথসমূহ বোকাময় হৈ পৰাৰ বাবে কাজিৰঙা বাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ যোৱা পর্যটকৰ জীপছী গাড়ী বোকাত লাগি কেতিয়াবা আবদ্ধ হৈ পৰে। গতিকে এনেবোৰ সমস্যাৰ প্রতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এক নির্দেশনা যোগে ১৬ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু আন বছৰৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমাণ বিশেষকৈ কাজিৰঙা এলেকাত হ্রাস পোৱাত বর্তমান উদ্যানৰ ভিতৰত পর্যটকে জীপ ছাফাৰী কৰা বাট-পথ আন বছৰৰ তুলনাত যথেষ্ট ভাল হৈ আছে ।

আনফালে বর্তমানলৈকে কাজিৰঙাত দেশ-বিদেশব পর্যটকৰ আগমনো অব্যাহত আছে। ইফালে এদিন পূর্বে ৰাজ্যখনৰ পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱা কাজিৰঙাত উপস্থিত হোৱাত কাজিৰঙাৰ সমূহ পর্যটন ব্যৱসায়ীৰ হৈ কাজিৰঙা পর্যটন ব্যবসায়ী কল্যাণ ছ’চাইটীৰ সভাপতি তুলসী বৰদলৈ আৰু সম্পাদক ত্রৈলোক্য গগৈয়ে মন্ত্রীজনক লগ ধৰি পর্যটকৰ সুবিধার্থে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰীৰ ব্যৱস্থা কিছু দিন বৃদ্ধি কৰিবলৈ এখন স্মাৰকপত্র প্রদান কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা মতে এইবাৰ অর্থাৎ ২০২৩-২৪ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অভিলেখ সংখ্যক পর্যটকৰ আগমন ঘটিছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সর্বাধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰি পর্যটকক আহ্বান জনোৱাত বিশ্ব ঐতিহ্য ক্ষেত্ৰখনলৈ দেশ-বিদেশৰ পৰ্যটকৰ সোঁত বৈছে বুলি উল্লেখ কৰিছে।

গতিকে কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ৩১ মে’ পর্যন্ত খোলা ৰাখিবলৈ পর্যটন মন্ত্রীক আহ্বান জনোৱাত পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই কথাটো ৰাজ্যখনৰ বন মন্ত্রীক অৱগত কৰে। ৰাজ্যখনৰ ভিতৰতে সর্বাধিক পর্যটকৰ আগমন ঘটা স্থান হিচাপে পৰিগণিত হোৱা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানব গুৰুত্ব দিনক দিনে বৃদ্ধি হোৱাত তথা পর্যটকৰ সুবিধার্থে বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কথাটো গুৰুত্বসহকাৰে লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক ৩১ মে’লৈকে উদ্যানখন মুকলি ৰাখিবলৈ নির্দেশ দিয়ে। বন মন্ত্রীৰ নির্দেশ মর্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই বতৰৰ ওপৰত নিৰ্ভৰ কৰি ২০২৩- ২৪ পর্যটন বর্ষৰ বাবে আগন্তুক ৩১ মে’ পর্যন্ত পর্যটকৰ বাবে মুকলি ৰখা হ’ব বুলি এক নির্দেশনা যোগে সকলোকে অৱগত কৰে। উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ ইচ্ছা প্রকাশ কৰি ইতিমধ্যে চলিত মাহ তথা জুন মাহতো দেশ-বিদেশৰ পর্যটকে কাজিৰঙাত থকা পর্যটন নিৱাসৰ কোঠা সংৰক্ষণ কৰি থৈছে বুলি কেইবাজনো পর্যটন ব্যবসায়ীয়ে জানিবলৈ দিয়ে।

পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি আৰু অমিয়া বেজবৰুৱা সোঁৱৰণি বঁটা বিতৰণী সভা…

দেশৰ কভিড সৃষ্ট ভয়াৱহতাত অকালতে মৃত্যুক সাৱতিব লগা হোৱা পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ একালৰ ছাত্ৰী অমিয়া বেজবৰুৱাৰ পৱিত্ৰ স্মৃতিত আজি বিদ্যালয়খনত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ অতি মেধাৱী আৰু অমায়িক স্বভাৱৰ পত্নী প্ৰয়াত অমিয়া বেজবৰুৱাৰ পবিত্ৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে দিল্লী নিবাসী তেখেতৰ স্বামী ৰোহিনী বেজবৰুৱাই, তিনি জীয়ৰী আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলৰ পৃষ্ঠপোষকতাত বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আগবঢ়াই আহিছে অমিয়া বেজবৰুৱা সোঁৱৰণি বঁটা৷

বিগত বৰ্ষৰ দৰে এইবাৰো মেধাৰ ভিত্তিত নিৰ্বাচিত ছাত্ৰছাত্ৰী সকলক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমল কটকীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি সভাৰ জৰিয়তে পুৰস্কাৰ সমূহ বিতৰন কৰা হয়৷ বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিনা শৰ্মাই আঁট ধৰা পুৱাৰ প্ৰাৰ্থনা সভাত প্ৰয়াত অমিয়া বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া বৰুৱাই৷