Home Blog Page 814

‘হাল্লা ব’ল’ৰে উদ্ভাসিত এ চি এ ষ্টেডিয়ামঃ মহানগৰীত আই পি এলৰ উন্মাদনা

‘গুৱাহাটীত আই পি এল আয়োজন কৰি ধন ঘটাৰ অভিপ্ৰায় আমাৰ নাই৷ আমাৰ লক্ষ্য ক্ৰিকেটৰ মাধ্যমৰে অসম তথা উত্তৰ-পূৱৰ সামগ্ৰীক উত্তৰণ৷ আমি আশাবাদী ক্ৰিকেটৰ জড়িয়তে অসম আৰু উত্তৰ-পূৱৰ ক্ৰীড়া, অৰ্থনীতি, পয্যটনৰ দ্ৰুত উত্তৰন কৰিবলৈ সক্ষম হ’ব৷ আমাৰ প্ৰতিভা আৰু শক্তি পৰিধি ভাঙি আগুৱাই যাব৷ আই পি এলে যি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে সেয়া যিমানেই প্ৰসাৰ ঘটিব সিমানেই আমাৰ ৰাজ্যখনো উত্তৰণৰ দিশে অশ্বমেধৰ ঘোঁৰাৰ দৰে আগুৱাই যাব৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰৰ৷

উল্লেখ্য যে চলিত আই পি এলৰ উন্মাদনা গুৱাহাটীত আৰম্ভ হোৱাৰ সময়তে আজি মহানগৰীত উপস্থিত হৈ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে বৰঠাকুৰে৷ পাছত তেওঁ বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াৰ লগত ষ্টেডিয়ামৰ আত্যাধুনিক সা-সুবিধাসমুহ নিৰীক্ষন কৰি যাৱতীয় প্ৰস্তুতিৰো বুজ লয়৷ উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷

গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব৷ সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ এই সন্দৰ্ভত সংবাদমেলত ৰয়েলছৰ অধ্যক্ষ বৰঠাকুৰে অসম চৰকাৰ, অসম ক্ৰিকেট সন্থা তথা বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াক ধন্যবাদ জনাই লগতে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ এইবাৰ অনুৰাগীৰ সমৰ্থন পূৰ্বতকৈয়ো বৃদ্ধি পাইছে৷ এয়া আমাৰ বাবে গৌৰৱৰ বিষয়৷ কাৰণ আমি নিজকে শক্তিশালী হোৱা বুলি অনুভৱ কৰিছো৷ উত্তৰ-পূৱত ক্ৰিকেটৰ দ্ৰুত উত্তৰণ আৰু প্ৰসাৰে সমগ্ৰ অঞ্চলটোতে ইতিবাচক প্ৰভাৱ পেলাব৷ অহা বছৰ আমি গুৱাহাটীত মেচৰ সংখ্যাও বৃদ্ধি কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছো৷ অনাগত সময়ত দল বৃদ্ধিৰ লগে লগে গুৱাহাটীতো মেচৰ সংখ্যা বৃদ্ধি হ’ব৷ কাৰণ এ চি এ ষ্টেডিয়ামৰ উইকেট আৰু ব্যৱস্থা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বুলি ক্ৰিকেটাৰ আৰু ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলে মুকলিকৈ অবগত কৰিছে৷’

ইফালে, অসম গৌৰৱ তথা ৰয়েলছৰ তাৰকা বেটাৰ ৰিয়ান পৰাগৰ চলিত ছিজনৰ প্ৰদৰ্শন সন্দৰ্ভত অৱলোকন কৰি বৰঠাকুৰে কয় যে উত্তৰ-পূৱৰ নৱাগতসকলৰ বাবে ৰিয়ান আদৰ্শ হৈ পৰিছে৷ ‘প্ৰতিকুল পৰিৱেশৰ মাজতো ৰিয়ান যিদৰে ওলাই গৈ আজি চমক সৃষ্টি কৰিছে মোৰ আশা উত্তৰ-পূৱৰ পৰা অনাগত সময়ত অতিকমেও ২০ গৰাকী ক্ৰিকেটাৰে আই পি এলৰ অন্য দলৰ হৈ খেলক আৰু প্ৰতিভাৰ পৰিচয় বিশ্বক দিয়ক৷ আমি এ চি এৰ সহায়ত গুৱাহাটীৰ একাডেমীটো পুনৰ সক্ৰিয় কৰিম লগতে উত্তৰ-পূৱৰ বাবে এক হাইপাৰফমেন্স কেন্দ্ৰও মুকলি কৰাৰ লক্ষ্য আছে৷ পুৰুষৰ লগতে মহিলা ক্ৰিকেটাৰৰ উন্নত প্ৰশিক্ষণৰ বাবেও আমাৰ সপূৰ্ণ সহযোগিতা থাকিব৷’ বৰঠাকুৰে লগতে ব্যক্ত কৰে৷

ইফালে, ৰাজস্থান ৰয়েলছৰ সামাজিক দায়বদ্ধতাৰ কাৰ্যসূচী অনুসৰি মহিলা সবলীকৰণৰ দিশত কাম কৰাৰ বিৰামহীন যাত্ৰা এইবাৰো অসমতো কৰা হ’ব বুলি ব্যক্ত কৰি বৰঠাকুৰে জনাই যে তেজপুৰৰ বালিপাৰাৰ এখন বৃহৎ মিচিং গাঁৱত বিনামুলীয়াকৈ সৌৰশক্তিৰ ব্যৱস্থাৰে বৈদ্যুতিককৰণ কৰা হ’ব৷ ইফালে, গুৱাহাটীৰ মেচতো ৰয়েলছে বিশেষ অতিথিৰূপে চাফাই কৰ্মীক বিনামুলীয়াকৈ মেচ উপভোগ কৰাৰ সুবিধা দিব৷ ইফালে, গুৱাহাটীৰ মেচলৈ কিংছ আৰু কে কে আৰৰ স্বত্বাধিকাৰী প্ৰীতি জিণ্টা তথা শ্বাহৰূখ খান আহিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি বৰঠাকুৰে কয় যে ইতিমধ্যে দূয়োজন তাৰকাই বিশেষ অসুবিধা নহ’লে অসমলৈ অহাৰ কথা কৈছে৷

উল্লেখ্য যে চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা এঘাৰখন মেচৰ আঠখনতে জয়লাভ কৰি ৰাজস্থান ৰয়েলছ ১৬ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে৷ কাইলৈ ৰয়েলছে চেপক ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ এই মেচ খেলিয়েই ৰাজস্থান ৰয়েলছ গুৱাহাটীলৈ আহিব ছিজনৰ অন্তিম দুখন খেলত অংশ লোৱাৰ বাবে৷ কাৰ্যতঃ গুৱাহাটীৰ মেচেই নিৰ্ণয় কৰিব ৰয়েলছৰ শীৰ্ষস্থান তথা প্লে-অফৰ যোগ্যতা৷ গুৱাহাটীৰ উভয় মেচে গুৰুত্বপূৰ্ণ বুলি ব্যক্ত কৰা বৰঠাকুৰে ৰয়েলছৰ দলটো অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব বুলি কয়৷

USTM ত আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ সন্মানত আৰু আইকনিক ফ্ল’ৰেন্স নাইটিংগেলৰ জন্ম বাৰ্ষিকী উপলক্ষে আগন্তুক পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয় (পিআইএমচি) আৰু আয়ুৰ্বেদ বিশ্ববিদ্যালয় চিকিৎসালয় আৰু USTM সহযোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ দিৱস । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউ এছ টি এমৰ চ্যান্সেলৰ শ্ৰী মাহবুবুল হোকে, ইউ এছ টিৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা।
ইউ এছ টি এমৰ উপদেষ্টা ডাঃ আৰ কে শৰ্মা আৰু আগন্তুক পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ ৰশ্না দাস হাজৰিকাই ইয়াৰ উপৰিওঅন্যান্য চিকিৎসক আৰু নাৰ্ছসকলে অংশগ্ৰহণ কৰি উদযাপনক সফল কৰি তুলিছিল। সভাত ভাষণত মাহবুবুল হোকে কয় যে নাৰ্ছসকল স্বাস্থ্যসেৱাৰ মেৰুদণ্ড,


আৰ্তজনক আৰাম, যত্ন, আৰু নিৰাময় প্ৰদানৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। তেওঁলোকৰ নিষ্ঠা, মমতা আৰু স্থিতিস্থাপকতাই আমাক সকলোকে অনুপ্ৰাণিত কৰে।

অধ্যাপক জি ডি শৰ্মাই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নাৰ্ছৰ অপৰিহাৰ্য ভূমিকা সম্পৰ্কে এক জ্ঞানদায়ক ভাষণ প্ৰদান কৰে,
ফ্ল’ৰেন্স নাইটিংগেলৰ উত্তৰাধিকাৰ আৰু তেওঁৰ “লেডী থকা ভদ্ৰমহিলা” হিচাপে তেওঁৰ চিনাকি প্ৰতিনিধিত্বক শ্ৰদ্ধাঞ্জলি জনায়।
তেওঁ কয় যে ইউ এছ টি এমৰ চ্যান্সেলৰগৰাকীয়ে অঞ্চলটোৰ অপ্ৰাপ্য জনসাধাৰণক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লগতে আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু আগন্তুক পি আই এম চি দুয়োটাকে
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ এক মহান দৃষ্টিভংগী ৰাখিছে যাতে চুবুৰীয়া দেশৰ লোকসকলে আহি চাব পাৰে ।

ডাঃ ৰশ্না দাসে নাৰ্চিংৰ সৰ্বোচ্চ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ জটিল যত্ন ইউনিট আৰু জৰুৰীকালীন সেৱাত সেৱা আগবঢ়োৱা নাৰ্ছসকলৰ নিস্বাৰ্থ নিষ্ঠাৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানটোৰ তাৎপৰ্য বৃদ্ধি কৰি আয়ুৰ্বেদ আৰু প্ৰাকৃতিক চিকিৎসা বিশ্ববিদ্যালয় চিকিৎসালয়ৰ উপ-চিকিৎসা
অধীক্ষক ডাঃ বৰ্ণালী দাসে দুয়োখন প্ৰতিষ্ঠানৰ আন আন সন্মানীয় চিকিৎসক আৰু নাৰ্ছৰ সৈতে অনুষ্ঠানটো শোভা বঢ়ায়।

মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা, তিনিটা কণমানিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াসত ব্যৱস্থা গ্ৰহণ

মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা, তিতাবৰৰ পিতৃ-মাতৃ বিহীন তিনিটা কণমানিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াসত ব্যৱস্থা গ্ৰহণ । মন্ত্ৰী পীযুষ হাজৰীকাই বিগত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৰহাটত থকা সময়তে তিতাবৰৰ এটা পৰিয়ালৰ দুখ:জনক ঘটনাৰ খবৰ পাইছিল । ইতিমধ্যেই মাতৃহীনা তিনিটা কণমানিৰ পিতৃৰ অকাল মৃত্যুৰ খবৰ পাই মন্ত্ৰীগৰাকীয়ে কণমানিকেইটাৰ কাষত থিয় হৈছিল আৰু তাৎক্ষণিকভাৱে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল ।

কিন্তু কণমানিকেইটিৰ চকুলো মন্ত্ৰী হাজৰীকাই পাহৰিব পৰা নাছিল । নিৰ্বাচনৰ প্ৰচাৰৰ পাছত গুৱাহাটীলৈ ঘূৰি আহিয়েই মন্ত্ৰী পীযুষ হাজৰীকাই কণমানিকেইটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বেংকত তেওঁলোকৰ একাউণ্টত ৭ লাখ টকা ১৫ বছৰলৈ ফিক্সড ডিপ’জিত কৰাৰ ব্যৱস্থা কৰিছে । শিশুকেইটিৰ বেংক একাউণ্ট নাছিল যদিও মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ জড়িয়তে একাউণ্ট খুলি টকা জমা কৰাৰ ব্যৱস্থা কৰে ।

মন্ত্ৰীগৰাকীয়ে ফিক্সড ডিপ’জিত কৰা ধনৰ সুত হিচাপে কণমানিকেইটাই প্ৰতিমাহে নিজৰ একাউণ্টত প্ৰায় ৩ হাজাৰ টকা লাভ কৰিব আৰু ১৫ বছৰৰ পাছত জমাধনখিনি লাভ কৰিব।

অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংযোজনে এক নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নত মানদণ্ডৰ আতিথ্যৰ সংযোজন কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ হ’বলৈ গৈ থকা তিনিখন পঞ্চতাৰকা হোটেলৰ স্থান পৰিদৰ্শন কৰে আজি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে কেলিডেন আৰু হাতীকুলি চাহ বাগিছাত IHCL (টাটা গ্ৰুপ) লগতে ৰংগাজান চাহ বাগিছাত হায়াত গোটৰ অংশীদাৰিত্বত পৰিকল্পিত বিশেষ আতিথ্য প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰি মন্ত্ৰী বৰুৱাই প্ৰকাশ যে অহা জুন বা জুলাইত এই তিনিওটা আতিথ্য প্ৰকল্প শীলন্যাস সম্পুৰ্ণ কৰিবলৈ চৰকাৰে নিজৰ কাম কাজ পুৰ্ণগতিত আগবঢ়াইছে।

যোৱা পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা অভূতপূৰ্ব পৰ্যটকৰ আগমনৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে চৰকাৰে কাজিৰঙাত আৰু পৰৱৰ্তী সময়ত নতুন নতুন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰোপৰি কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই ৰাষ্ট্ৰীয় উদ্যানখনত Mass tourism ৰ পৰিৱৰ্তে Sustainable tourism ৰ প্ৰসাৰ কৰাৰ কথা প্ৰকাশ কৰে। এই পৰিকল্পনাই জৈৱ বৈচিত্ৰৰ সংৰক্ষণ কৰাত সহায় কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহ সংগ্ৰহো বৃদ্ধি পাব বুলি মন্ত্ৰী বৰুৱাই মত প্ৰকাশ কৰে ।

ইয়াৰোপৰি, অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ আৰু ₹৮.৮ কোটি ৰাজহ আহৰণ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটন বিভাগটোৱে পৰৱৰ্তী সময়ত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে উৎকৃষ্ট অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰু নতুন নতুন কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

অসমৰ এই ১৯ খন জিলালৈ সতৰ্কবাণী ! মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা…

অসমৰ এই ১৯ জিলালৈ সতৰ্কবাণী, মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা ।ৰাজ্যত বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। ১২ মে’ত ৰাজ্যৰ ১৩খনকৈ জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা।

পুনৰ ৰাজ্যৰ ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালাপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, শোণিতপুৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

গ্ৰাম্যাঞ্চলত সক্ৰিয় গৰু চুৰি চক্ৰ ! থানাই থানাই গৰুৰ গৰাকীয়ে দাখিল কৰিছে চুৰি হোৱা গৰুৰ অভিযোগ…

গৌৰীসাগৰ আৰু গেলেকী আৰক্ষী থানাত অভিযোগ দাখিল গৰাকীৰ, আৰক্ষীৰ ভুমিকা পুতৌজনক । গ্ৰাম্যাঞ্চলত সক্ৰিয় গৰু চুৰি চক্ৰ | থানাই থানাই গৰুৰ গৰাকীয়ে দাখিল কৰিছে চুৰি হোৱা গৰুৰ অভিযোগ | শিৱসাগৰৰ গৌৰিসাগৰ আৰু নাজিৰাৰ গেলেকীত সক্ৰিয় গৰু চুৰি চক্ৰ | প্ৰাপ্ত তথ্য তথা ৰাইজৰ অভিযোগ অনুসৰি খনামুখ ডিমৰুগুৰিৰ পৰা পোহনীয়া গৰু চুৰি হোৱাৰ অভিযোগ উঠিছে |

লগতে গেলেকী কলগাঁৱৰ পৰাও চুৰি হৈছে দুটাকৈ গৰু | আৰক্ষীয়ে কেইবাগৰাকীও সন্দেহজনক লোকক থানালৈ আনি সোধাপোছা কৰে | যদিও চুৰ চিনাক্ত হোৱা নাই | শিৱসাগৰ জিলা গৌৰীসাগৰ থানা অন্তৰ্গত খনামুখত কিছুদিন আগতে গৰু চূৰি হৈছিল |

গৌৰীসাগৰ আৰক্ষী থানাই আমগুৰি আৰু হালোৱাটিঙ আৰক্ষীৰ সহযোগত চুৰি হোৱা গৰু সমূহ উদ্ধাৰ কৰি গৰাকীক চমজাই দিছিল | যদিও গৰু চোৰক আৰক্ষীয়ে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল | এতিয়া পুনৰ খনামুখৰ ডিমৰুগুৰিৰ পৰা নিশা কেইবাটাও গৰু চুৰি হয় | গৰুৰ গৰাকীয়ে গৌৰীসাগৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে | কিন্তু আৰক্ষীয়ে চুৰক কৰায়ত্ত্ব কৰিব নোৱাৰাকলৈ সৰ্বত্ৰে প্ৰতিক্ৰীয়া অব্যাহত আছে |

গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…

চিকিৎসকৰ ৰহস্যজনক মৃত্যু
গুৱাহাটীত চিকিৎসকৰ ৰহস্যজনক মৃত্যু
লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ মৃতদেহ


মৃত চিকিৎসকগৰাকী পাঠশালাৰ সুজিতা কাশ্যপ
এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল চিকিৎসকগৰাকী


ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী, দণ্ডাধীশ
ঘটনাৰ আঁৰত প্ৰেমজনিত কাৰণ থকা বুলি সন্দেহ পৰিয়ালৰ

চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…

অসম বিজ্ঞান সমিতি, মৰিগাঁও শাখাৰ উদ্যোগত, মৰিগাঁও পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া সন্থাৰ সহযোগত তথা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত আজিৰে পৰা মৰিগাঁও জিলাৰ চাৰণ বিল জলক্ৰীড়া প্ৰকল্পস্থলীত এটা প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠিত হৈছে। মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ এই পৰিৱেশ সুৰক্ষা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই শিবিৰত মৰিগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ইক’ ক্লাৱৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ চাৰিওফালে ব্যাপক পৰিৱৰ্তন হ’বলৈ ধৰিছে।

এনে পৰিৱৰ্তনে যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অশনি সংকেত কঢ়িয়াই নানে, তাৰ বাবে তেওঁ সকলোকে সজাগ হ’বলৈ আহ্বান জনায়। তেওঁ প্ৰকৃতিৰ বিৰুদ্ধে নোযোৱাকৈ থাকি প্ৰকৃতিক বন্ধু হিচাপে গ্ৰহণ কৰি সহাৱস্থান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে প্ৰকৃতি সুৰক্ষা প্ৰতিগৰাকী দায়িত্বশীল নাগৰিকৰ কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সৰু সৰু কিছুমান অভ্যাসেৰে প্ৰকৃতি সুৰক্ষাৰ বাবে একোগৰাকী জোৱানৰ দৰে কাম কৰি যাবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সমস্বৰে গাই সকলোকে উৎসাহিত কৰে। অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডঃ হেমন্ত কুমাৰ নাথ, অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি নিৰোদ বৰা আৰু জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আদিয়ে ভাষণ দিয়ে। উল্লেখ্য যে এই শিবিৰত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰাৰ লগতে পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত অৱগত হ’ব পাৰিব।

এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

মধ্যপ্ৰদেশৰ ভূপালত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এ আই ইউ জ’নেল ইন্টাৰ ইউনিভাৰ্চিটি উডবল (পুৰুষ আৰু মহিলা)-২৪ ত সফলতা লাভ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে। প্ৰতিযোগিতাখনত মিক্সড ডাবলচ শাখাত দৃষ্টি চেতিয়া আৰু আছিক আহমেদে সোণৰ পদক লাভ কৰে৷ তদুপৰি ছাকিল আহমেদ আৰু উৰ্বৰ দাসে পুৰুষৰ ডাবলচ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে একক শাখাত দিল মহম্মদে ব্ৰঞ্জৰ পদক লাভ কৰি সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, এই টুৰ্নামেণ্টত দেশৰ ২৫ খনতকৈও অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল৷

দলটিৰ নেতৃত্ব বহন কৰিছিল উদবল সন্থা, অসমৰ সাধাৰণ সম্পাদক প্ৰাণ প্ৰতিম চলিহা (মুখ্য প্ৰশিক্ষক), ৰিতু ৰঞ্জন গগৈ (মেনেজাৰ), ড° মাধন বৰা (ৱ’মেন মেনেজাৰ) ই৷ উদবল টুৰ্নামেণ্টত অংশ লৈ সফলতা লাভ কৰাৰ বাবে দলটিলৈ শুভেচ্ছা জনাইছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক(ভা:) ড° নয়নমনি শইকীয়া প্ৰমুখ্যে বিষয়া-কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী তথা বিশ্ববিদ্যালয়খনৰ শুভাকাংক্ষী সকলে।

ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…

অহা জুনত পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট আৰম্ভ হ’ব । ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা আছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) সচিব জয় শ্বাহে নিজেই এই কথা প্ৰকাশ কৰিছে ।

বিচিচিআইয়ে শীঘ্ৰেই ভাৰতীয় দলৰ নতুন মুখ্য প্ৰশিক্ষক পদৰ বাবে এক বিজ্ঞাপন জাৰী কৰিবলৈ গৈ আছে । এই বিজ্ঞাপনত, নতুন প্ৰশিক্ষকৰ বিষয়ে তথ্য দিয়াৰ লগতে, এই পদটোৰ বাবে কি প্ৰয়োজনীয়তা দৰকাৰ সেয়াও উল্লেখ কৰা হ’ব ।

বৰ্তমান, ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকিপাৰ বেটছমেন ৰাহুল দ্ৰাবিড় ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ।বিশ্বকাপৰ পিচতে ৰাহুলে দলটোৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিব ।