Home Blog Page 838

এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত হোৱা মেচত শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছ এক ৰাণত এছ আৰ এইচৰ বিৰুদ্ধে পৰাস্ত হয়৷ দলৰ এই পৰাজয়ক নাটকীয় বুলি অভিহিত কৰি ৰয়েলছৰ তাৰকা বেটাৰ ৰিয়ান পৰাগে কয় যে কিছুমান সৰু সৰু ভুলৰ ফলত মেচখনত তেওঁলোক অপ্ৰত্যাশিত ব্যৰ্থতাৰ সন্মুখীন হ’ল৷ মেচৰ অন্তত হোৱা সংবাদমেলত অংশ লৈ অসম সন্তান ৰিয়ানে কয় ‘মই ভাবো যে নিজৰ খেল উন্নতি কৰাৰ বাবে বহুতো ক্ষেত্ৰ বিচাৰি পাইছো৷ লগতে, অনুভৱ কৰো মই মোৰ শ্ৰেষ্ঠ ফৰ্মত নাই৷ অন্যথা খেলখন শেষ কৰিব পাৰিলোঁহেতেন৷ মই নিখুত হ’বলৈও বহুত সুযোগ বিচাৰি পাইছো৷ নিশ্চিতভাবে ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰিম৷ যদি মই মেচখনত শতক অৰ্জন কৰিলোহেতেন তেন্তে নিশ্চিতভাবে এয়া মোৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ হ’লহেতেন৷’ উল্লেখ্য যে ২০২ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰা ৰয়েলছে আৰম্ভনিতে বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও ৰিয়ানে ৪৯ বলত দলৰ হৈ সৰ্বাধিক ৭৭ ৰাণৰ অনন্য ইনিংছ খেলাৰ লগতে যশস্বী জয়ছোৱালৰ লগত শতকীয় যুটি বন্ধি জয়ৰ কাষলৈ গৈয়ো থমকি ৰব লগা হয়৷ চলিত ছিজনত এয়া ৰিয়ানৰ চতুৰ্থটো অৰ্ধশতক৷ উল্লেখ্য যে এতিয়ালৈকে খেলা ১০ খন মেচৰ নটা ইনিংছত ৰিয়ানে ৪০৯ ৰান কৰিছে৷ চতুৰ্থ স্থানত বেটিং কৰা ৰয়েলছৰ অলৰাউণ্ডাৰগৰাকীৰ গড় ৫৮.৪২ আৰু ষ্ট্ৰাইক ৰেট ১৫৯.৮৪৷ আনহাতে, শ্ৰেষ্ঠ স্ক’ৰ ৮৪ ৰাণ৷

‘মেচৰ অন্তত পৰাজিত পক্ষত থকাটো কেতিয়াও ভাল নহয়৷ আমি বহুত কাম ঠিকেই কৰিলোঁ যদিও আমাৰ ভুলৰ ওপৰত দৃষ্টি দিয়াতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়৷ অৱশ্যে আমি এতিয়াও পইণ্ট টেবুলৰ শীৰ্ষত আছো৷ এয়া মাত্ৰ এখন বেয়া খেল বুলি মই অনুভৱ কৰিছো৷ আমি দুটা-তিনি অভাৰত কেইটামান ভুল কৰিলোঁ আৰু ইয়াৰ ফলতে মেচৰ ফলাফল এনেকুৱা হ’ল৷’ ৰিয়ানে লগতে ব্যক্ত কৰে৷ ইফালে, আসন্ন টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহু অনুৰাগীয়ে তেওঁৰ নামো চৰ্চা কৰা প্ৰসংগত প্ৰশ্ন কৰাত ৰিয়ানে কয় ‘মই ছ’চিয়েল মিডিয়াত নাই৷ তথাপিও মই সুখী যে মানুহে মোৰ নামটো সঠিক কাৰণত চৰ্চালৈ আনিছে৷ সঞ্জু আৰু চাহাল ভাই তথা যশস্বীয়ে দলত স্থান পোৱাতো মই সুখী৷ মই আশাবাদী প্ৰতিযোগিতাত আমাৰ প্ৰদৰ্শন ভাল হ’ব আৰু এইবাৰ আমি বিশ্বকাপ ঘৰলৈ আনিব পাৰিম৷’ উল্লেখ্য যে ৰাজস্থান ৰয়েলছে এতিয়ালৈকে খেলা দহখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্টৰে তালিকাৰ শীৰ্ষত আছে৷ যোৱানিশাৰ ব্যৰ্থতা দলটোৰ এই ছিজনত বাহিৰত খেলা মেচৰ প্ৰথম পৰাজয়৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত দলটোৱে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত এতিয়া মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে, পূৰ্বৰ দৰেই বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো টিকট ক্ৰয় কৰিব পাৰিব৷ লিংকটো হ’ল- https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767.

MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…

টীয়কৰ জগদুৱাৰ-বনাই পথৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞোৰাম কলিতা আৰু নিৰু কলিতাৰ একমাত্ৰ সন্তান মধুসূদন কলিতাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা সদ্য ঘোষিত এম.বি. বি. এছ.পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। খবৰটো বিয়পাৰ লগে লগে সমগ্ৰ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে আৰু এয়া সকলোৰে বাবে অতি গৌৰৱৰ দিন বুলি অভিহিত কৰিছে।

উল্লেখযোগ্য যে জীৱনৰ আদিপাঠ বান বিধস্ত অঞ্চল ৰূপহীমুখৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা পাতনি মেলি পৰবৰ্তী সময়ত টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ পৰা সুখ্যাতিৰে মেট্ৰিক আৰু ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা হায়াৰ চেকেণ্ডেৰীত উত্তীৰ্ণ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি আজি এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত এইদৰে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰি নিজৰ মেধাশক্তিৰ পৰিচয় দাঙি ধৰিছে। ইপিনে ভৱিষ্যতে এগৰাকী মেডিচিন বিভাগৰ চিকিৎসক হিচাপে কাম কৰি বিশেষকৈ গ্ৰামাঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়াই ৰাইজক সেৱা কৰি যোৱাৰ আশা প্ৰকাশ কৰিছে ছাত্ৰ মধুসূদন কলিতাই আৰু এই ক্ষেত্ৰত সকলোৰে আশীৰ্বাদ কামনা কৰিছে।

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্য্যসূচীৰ অধীনত মেৰমুখৰ শিলিখিগুৰি বড়িগাঁও অন্যতম ব্যস্ত এলেকাত পৰিৱেশ সজাগতাৰ আয়োজন কৰা হয়। নাম পঞ্জীয়ণ, স্বাস্থ্য যতন আদি অন্তত দ্বিতীয় দিনা নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অলকা বৰদলৈয়ে পতাকা উত্তোলন আৰু আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।কাৰ্যসূচী আৰম্ভণিতে ৰাষ্ট্ৰীয় সেৱা আঁচনি, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গোটৰ বিষয়া তথা ইংৰাজী বিভাগৰ শিক্ষক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া শিক্ষক দীপক বৰা আৰু সহ: বিষয়া তথা অসমীয়া বিভাগৰ বিষয় শিক্ষক ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰতিষ্ঠাৰ আঁৰৰ ইতিহাস, ইয়াৰ উদ্দেশ্য তথা সমাজৰ প্ৰতি ইয়াৰ সেৱক সকলৰ দায়বদ্ধতাৰ বিষয়ে স্বেচ্ছাসেৱকসকলক অৱগত কৰে উপস্থিত থাকে ফুলনি খাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হীৰেন দাস আৰু চন্দন জ্যোতি শইকীয়া লগতে স্থানীয় নামঘৰীয়া আৰু বয়োজ্যেষ্ঠ লোক সকল।

সমাজ সেৱাৰ জৰিয়তে মূল প্ৰজন্মৰ ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কাৰ্যসূচীৰে পৰিপূৰ্ণ সমাজ সেৱা শিবিৰটি শিলিখাগুৰি বড়িগাঁও নিৰ্বাচন কৰি কাৰ্ৰসূচী ৰূপায়ন কৰা হয়।মেৰমুখ অঞ্চলৰ শিলিখাগুৰি বড়িগাঁও প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰি ইয়াৰ পিছতেই প্ৰায় ৫০ গৰাকী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই গোটৰ বিষয়া দীপক বৰা আৰু সহ:বিষয়া অনন্ত কুমাৰ গগৈ নেতৃত্বত চাফাই অভিযান চলাই এক বৃহৎ এলেকাত য’তে-ত’তে সিঁচৰতি হৈ থকা আৱৰ্জনা আঁতৰ কৰি অঞ্চলটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাত অৰিহণা যোগোৱাৰ লগতে পৰিষ্কাৰ-পৰিচন্নতাৰ সন্দৰ্ভত এক জনসচেতনতা সৃষ্টি কৰে ।নামঘৰৰ চৌহদ পৰিস্কাৰ ,শিলিখাগুৰি বড়িগাঁও প্ৰাথমিক বিদ্যালয় পৰিস্কাৰ পৰিচন্নতা কৰা গাঁওত দুখীয়া পৰিয়ালৰ সহায় কৰা জেৰুৱা দিয়া,পেলনীয়া সামগ্ৰী নিষ্কাষণ কৰা ,মেৰমুস্থিত সংযুক্ত খেলা সংঘ খেলপথাৰ পৰিস্কাৰ পৰিচন্নতা কৰা,ফুলনি খাট উচ্চ মাধ্যমিক বিদ্যালয়ত চৌহদ চাফাই কাৰ্যসূচী,শিশু কিশোৰ কিশোৰী বয়োজেষ্ঠ স্বাস্থ্য যত্ন,সংগীত চৰ্চা,শৰীৰ চৰ্চা বিভিন্ন দিশত সেৱা আগবঢ়োৱ লগতে গোটৰ নিমন্ত্ৰণ ক্ৰমে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয় আৰু শিলিখা গুৰি আয়ুস্মান কল্যাণ মন্দিৰৰ স্বাস্থ্য বিষয়া কিশোৰ বৰুৱাৰ জৰিয়তে প্ৰায় দুই শতাধিক ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক ড°অসীম কুমাৰ বৈদ্য,ভূগোল বিভাগৰ বিষয় শিক্ষক প্ৰশান্ত বৰুৱা ,গণিত বিভাগৰ বিষয় শিক্ষক ৰাণী দাস,ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয় হিৰেন দাস, মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি কবি তথা দৈনন্দিন বাৰ্তা কাকতৰ সংবাদাতা ৰূপম বৰা সমল ব্যক্তি হিচাপে থকাৰ লগতে লুইতপৰীয়া জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক থা খেলুৱৈ ,প্ৰশিক্ষক লক্ষ্যজিত চাৰিঙ্গীয়া,নাৰায়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক জয়ন্ত শইকীয়া,সংযুক্ত খেলা সংঘৰ সভাপতি সুজাত দাস ,হিমালয়া যুৱ সংঘৰ সভাপতি বীৰেন কুমাৰ ভাগৱতী ,কৃষক,সাংবাদিক মুক্তিৰ আলি,মাধৱ দেৱ কলেজিয়েটৰ বিষয় শিক্ষক জ্যোতি কুমাৰ গগৈ।

শিক্ষক অভিনেতা নাট্যকাৰ ৰঞ্জন বড়া,সমাজ সেৱক ৰিতুমণি ফুকন,শিলিখাগুৰি বৰিগাঁও প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক দেৱজিত দাস, নাৰায়ণপুৰ উচ্চতৰ মাধ‌যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক মৃন্ময়ী বৰা স্থানীয় সক্ৰিয় যুৱকৰ্মী চন্দ্ৰ দাস,স্থানীয় গাঁওৰ বয়োজেষ্ঠ সকল,বিশিষ্ট নাগৰিক সকলৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত স্বেচ্ছাসেৱক বাহিনীয়ে এক সুস্থ পৰিৱেশৰ বাবে আমাৰ কৰণীয় কাৰ্যপ্ৰণালীৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰে।সপ্তাহৰ শেষ দিনটোত সন্ধিয়ালৈ উদয়ণ কৃষ্টি সমাজৰ প্ৰেক্ষাগৃহত বৰগীত , সত্ৰীয়া নৃত্য,দিহা নাম, বিয়া নাম,জ্যোতি সংগীত পৰিৱেশনৰে মুখৰিত কৰাৰ লগতে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি আৰু বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক গোটে গ্ৰহণ কৰা এনে পৰিৱেশ সজাগতামূলক কাৰ্যসূচীক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…

নাজিৰাৰ সমাজ জীৱনত শিক্ষা আৰু সমাজৰ ভিন্ন দিশ সামৰি উত্তৰণৰ পদক্ষেপক সক্ৰিয় ৰূপত উৎসাহ যোগাই অহা তথা জীৱনৰ ৮৯ সংখ্যক বৰ্ষত ভৰি দিয়া অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কথাশিল্পী, লেখক ঘন হাজৰিকাই জন্মদিন উপলক্ষে দুই শতাধিক লোকৰ উপস্থিতিত জন্মদিনৰ ওলগ আৰু অভিনন্দন গ্ৰহণ কৰে। ১৯৩৫ চনৰ ১ মে’ত জন্ম গ্ৰহণ কৰি ১৯৬৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰাৰ পৰৱৰ্ত্তী সময়ত শিৱসাগৰ কলেজৰ তদানীন্তন অধ্যক্ষ পৰাগধৰ চলিহাৰ আমন্ত্ৰণত ২৩৫ টকাৰ মাহিলী দৰমহাৰে শিক্ষাতত্ব বিভাগৰ অধ্যাপকৰ সেৱাত যোগদান কৰাৰ মধুৰ সোঁৱৰণীয়ে আজিও আহ্লাদিত কৰি ৰাখিছে অধ্যাপক ঘন হাজৰিকাক।

পৰহি ৯০ সংখ্যক বৰ্ষত পদাৰ্পণলৈ গতি কৰাৰ সময়ত শিক্ষাবিদজনৰ নাজিৰাৰ আমোলাপট্টিত অৱস্থিত বাসগৃহলৈ দুপৰীয়াৰেপৰা আৰম্ভ হয় জনস্ৰোঁত। জন্মদিনৰ কেক নিজহাতে কাটি সহধৰ্মিনী শকুন্তলা হাজৰিকাৰ সৈতে ৰাইজৰ বিপুল আদৰণিক দুহাতে মৰম আৰু শুভাশীষ হিচাপে গ্ৰহণ কৰি শিক্ষাবিদজনে কৈ গ’ল “মোৰ জীৱনৰ বাবে আজি এয়া এক মহৎ প্ৰাপ্তি । ছাত্ৰ-ছাত্ৰীৰ মনৰ মাজত সোমাই একালত শিক্ষকতাৰ সেৱা কৰি যোৱাৰ সুযোগে ব্যাখ্যাতীতভাৱে একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰৱৰ্ত্তী জীৱনতো সেই শিক্ষাদানৰ চাপ ধৰি ৰাখিবলৈ সক্ষম হোৱাই বিপুল আনন্দ প্ৰদান কৰিছে।” মুঠ পঞ্চাশ বছৰৰ শিক্ষকতাৰ সেৱাত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰথম পৰ্য্যায়ত শিক্ষক হিচাপে পাঠদান কৰি সম্পূৰ্ণ ত্ৰিশ বছৰকাল শিৱসাগৰ কলেজতেই অধ্যাপনাই জীৱনত অনুপম অভিজ্ঞতা আৰু জ্ঞান আহৰণ কৰাত পৰিৱেশ সৃষ্টি কৰি যোৱা বুলি কয় । অনেক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মনৰ মাজত শিক্ষক সকল সেউজ বৃক্ষ স্বৰূপ হৈ জিলিকি থকা বুলি উল্লেখিত দিশটোলৈ আঙুলিয়াই দিয়াত শিক্ষাবিদজনে কয় “শিৱসাগৰ কলেজৰ সেই সময়ৰ যশস্বী অধ্যক্ষ পৰাগধৰ চলিহাৰপৰা বিস্তৃত আৰু নতুনত্বৰ দিশ লাভ কৰা হৈছিল । আজি শিক্ষা বিভাগেও অসমত বিশ্বমানৰ শৈক্ষিক প্ৰতিষ্ঠান গঢ় দিবলৈ অগ্ৰসৰ হোৱাটো গৌৰৱৰ কথা । অৱশ্যে এই ক্ষেত্ৰত শিক্ষাত ৰাজনীতিৰ প্ৰৱেশ ঘটা অনুচিত । তেনেদৰে সময়ে দাবী কৰা অনুসৰি শিক্ষাৰ পাঠ সলনি হ’লেও শিক্ষাৰ মূল আধাৰ সলনি হ’ ব নেৱাৰে ।” সততে স্বচ্ছ হাঁহিৰে উজ্জ্বল মুখৰ শিক্ষাবিদ ঘন হাজৰিকাৰ জন্মদিনৰ কাৰ্য্যসূচীৰ আনুষ্ঠানিক আয়োজন কৰা ৰেৱতী কপহুৱা অপূৰ্ব সমাজে প্ৰস্ত্তত কৰি তোলা সভাত সভাপতিত্ব কৰে শিক্ষাবিদ দিলীপ কুমাৰ ফুকনে । সম্পাদক দেৱজিৎ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰঞ্জিৎ ফুকনে কাৰ্য্যসূচীৰ আঁত ধৰে । গামোচা, শুভেচ্ছা পত্ৰ, ফুলৰ থোপা, অংকন-চিত্ৰ, ফলৰ টোপোলা আদিৰে সন্মান যাচি সমলয় ই-আলোচনী, নাজিৰা নাট্য সমিতি, পূজা সমিতি, গণ সাহিত্য সংস্কৃতি আৰু অধ্যয়ন মঞ্চ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগতে জ্যেষ্ঠ মহিলা সন্মিলন, শান্তি সাহিত্য মন্দিৰ, ৰেৱতী কপহুৱা শাখা সাহিত্য সভা, , এম চি ক্লাৱ, দীপ জাতীয় বিদ্যালয়, অংকুৰণ সংগীত বিদ্যালয়, শংকৰদেৱ বিদ্যা নিকেতন, স্বৰাজ একাডেমী, সপ্তসুৰ সংগীত আৰু শিল্পকলা বিদ্যালয়, জ্যোতি বিষ্ঞু কলাংগন অসম, বহ্নিমান, ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য জন্ম শত-বাৰ্ষিকী উদযাপন সমিতি, নাজিৰা জিলা ক্ৰীড়া সন্থা, সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ, নাজিৰা সংগীত শিল্পী সমাজ, নাজিৰা জিলা সাংবাদিক সংস্থাকে ধৰি সমাজ আৰু সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি সকলে জন্মদিনৰ সম্বৰ্ধনা জনায় আৰু দীৰ্ঘায়ু কামনা কৰে ।

শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, কবি উমেশ গগৈ, বিজয় চন্দ্ৰ বৰা, ড’ অজয়লাল বৰুৱা, ড’ জীৱন কলিতা, অধ্যাপক প্ৰভাত বৰঠাকুৰ, বিমান বৰুৱা, অসমী গগৈ বৰুৱা, আলি হাইদৰ, পৰাগমণি ৰায়বৰুৱা, আব্দুল ৰহমান, জাকিৰুল হুছেইন, গোপাল বৰুৱা, অৰুণ কোঁৱৰ, অঞ্জনা বৰগোহাঁই, হৰেন চন্দ্ৰ নাথ, ধীৰেণ ফুকন আদি ব্যক্তি সকলৰ উপস্থিতিয়ে কাৰ্য্যসূচীৰ সৌষ্ঠৱ বঢ়াই তোলে । ইফালে কবি অজিত খাটনীয়াৰৰ কবিতা পাঠ, কস্ত্তৰী বাইলুং, কাশ্যপী সন্দিকৈ, চিন্থিয়া গগৈ, কল্যাণী ৰাইদঙীয়া, ৰিচিতা বৰুৱা, প্ৰতীক্ষা দত্ত, বাস্তৱিকা গগৈ, আদি শিশু সকলৰ গীত মাত আৰু নৃত্য পৰিৱেশন হয় । সংগীত শিল্পী দিলিপ দাস, প্ৰভাত কোঁৱৰ, উপেন ৰাইদঙীয়া, নিত্যা সন্দিকৈ, ধীৰেণ ফুকন, সংগীতা দাস, বুবুল গগৈ, অনিন্দিতা বৰুৱা, ৰুমী গগৈৰ সংগীতানুষ্ঠানে ৰাইজক আপ্লুত কৰে। পৰিয়াল বৰ্গৰ হৈ ড’ স্বপ্নীল হাজৰিকা, নিলোৎপল হাজৰিকা, পূৰবী পাঠক হাজৰিকা আৰু বিদিশা হাজৰিকাই উপস্থিত ৰাইজ সকললৈ আন্তৰিক কৃতজ্ঞতা জনায় ।

কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…

সূৰ্য্যৰ ৰশ্মি হৈছে ভিটামিন ডিৰ প্ৰাকৃতিক উৎস। শৰীৰৰ বাবে অপৰিহাৰ্য ভিটামিন ডি কিছু সময় ৰ’দত বহি থাকিলে লাভ কৰিব পাৰি। সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায়, যিটো স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত হাড়বোৰ মজবুত হয় আৰু লগতে মগজুৱেও দ্ৰুত কাম কৰে। খাদ্য সামগ্ৰীৰ পৰা আৰু সূৰ্যৰ পোহৰৰ সংস্পৰ্শৰ পৰা প্ৰাকৃতিকভাৱে ভিটামিন ডি পোৱা যায়, কিন্তু গ্ৰীষ্মকালত ৰ’দত ওলাই যোৱাটো বিপদতকৈ কম নহয়। এই কাৰণেই এই ঋতুত মানুহে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰে। এনে পৰিস্থিতিত প্ৰশ্ন হয় কেনেকৈ, কেতিয়া আৰু কিমান সময় ৰ’দত থাকিব লাগে, যাতে শৰীৰে ভিটামিন ডি সঠিকভাৱে লাভ কৰিব পাৰে। জানো আহক….

সূৰ্যৰ ৰশ্মি হৈছে ভিটামিন ডিৰ প্ৰাকৃতিক উৎস। শৰীৰৰ বাবে অপৰিহাৰ্য ভিটামিন ডি কিছু সময় ৰ’দত বহি থাকিলে লাভ কৰিব পাৰি। আমি যেতিয়া সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহোঁ তেতিয়া ছালত থকা কলেষ্টেৰলৰ পৰা ভিটামিন ডি উৎপন্ন হ’বলৈ আৰম্ভ কৰে। এই কাৰণেই সূৰ্য্যক এই ভিটামিনৰ আটাইতকৈ ডাঙৰ উৎস বুলি গণ্য কৰা হয়।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শৰীৰত যাতে সঠিক পৰিমাণৰ ভিটামিন ডি পোৱা যায়, তাৰ বাবে দৈনিক সূৰ্যৰ পোহৰ গ্ৰহণ কৰিব লাগে। কমেও ১০ৰ পৰা ৩০ মিনিট ৰ’দত থাকিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰে। কিন্তু যিসকল লোকৰ ছাল ক’লা হয় তেওঁলোকৰ ইয়াতকৈ বেছি সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহয়।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে দুপৰীয়া সূৰ্যৰ পোহৰ লোৱাটোৱেই উত্তম। যিহেতু গৰমৰ দিনত দুপৰীয়াৰ ৰ’দ অতি প্ৰবল, গতিকে ইয়াত সৰ্বাধিক অতিবেঙুনীয়া ৰশ্মি থাকে, সেয়েহে সূৰ্য্য উদয়ৰ সময়ত ৰাতিপুৱাইহে ৰ’দত বহিব পাৰি। মনত ৰাখিব ৰ’দত বেছি সময় বহি নাথাকিব।

শৰীৰৰ বাবে ভিটামিন ডি কিমান গুৰুত্বপূৰ্ণ?
১) ভিটামিন ডিয়ে কেলচিয়াম-ফছফৰাছ শোষণ বৃদ্ধি কৰাত সহায় কৰে।
২) ভিটামিন ডিয়ে হাড় মজবুত কৰে।
৩) ইয়াৰ অভাৱত কেন্সাৰ, হতাশা, দুৰ্বলতা, অষ্টিঅ’পৰ’ছিছ আদি বহুতো বিপদজনক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
৪) মানসিক স্বাস্থ্যৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়।


আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…

বিজেপিৰ কটাক্ষৰ সন্মুখীন হৈছে কংগ্ৰেছ। ৰায়বৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থী কৰিব তাকেলৈ চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ কংগ্ৰেছে সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। কংগ্ৰেছৰ এনে ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৱায়নাডৰ পিছত ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাৰ পিছতে মোদীয়ে কয়-‘ডৰো মত, ভাগো মত’। উল্লেখ্য কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰিছিল। কিন্তু শেষত ৰাহুল গান্ধীয়ে তুলনামূলকভাৱে ‘সুৰক্ষিত’ ৰায়বৰেলীক দ্বিতীয় আসন হিচাপে বাছনি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীৰ সিদ্ধান্তকলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে বিভিন্ন সভাত কৰ্মীসকলক কৈছিল, “ডৰো মত, ভাগো মত।’’ ৰাহুলে কৈছিল যে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাহসৰ প্ৰয়োজন। ৰাহুলৰ বক্তব্যকে এইবাৰ মোদীয়ে ব্যৱহাৰ কৰিছে। বৰ্ধমানত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁলোকে ঘূৰি ফুৰে আৰু সকলোকে কয়, ‘ডৰো মত’। আজি মই কৈছো, মই মোৰ হৃদয়ৰ পৰা কৈছো, ডৰো মত, ভাগো মত!” প্ৰধানমন্ত্ৰীয়ে কয়, “মই কৈছো যে ৰাহুল ৱায়নাডৰ পৰাজিত হ’বলৈ গৈ আছে। পৰাজয়ৰ আশংকাত তেওঁ দ্বিতীয় খন আসন বিচাৰিবলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছৰ পালি নেতাসকলে কৈ আহিছিল যে ৰাহুল আমেথিলৈ আহিব। তেওঁ পৰাজয়ৰ ভয়ত তালৈ যাব নোৱাৰিলে। অৱশেষত, তেওঁ ৰায়বৰেলীলৈ গ’ল। ডৰো মত, ভাগো মত!” ছোনিয়া গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি মোদীয়ে কয়, “ফলাফল কি হ’ব তাকে লৈ কিছু লোকে সন্দেহ প্ৰকাশ কৰিছে।কিন্তু কোনো জনমত জৰীপৰ প্ৰয়োজন নাই। মই আগতে কৈছিলো যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ নেতায়ো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ভয়তে পলাই যাব। তেওঁ ৰাজস্থানলৈ পলাই গৈছে। ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ’’। মোদীয়ে লগতে কয় “কংগ্ৰেছে এইবাৰ যোৱাবাৰতকৈ কম আসন লাভ কৰিব। তেওঁলোকে সেয়া জানে, সেয়েহে তেওঁলোকে এইবাৰ কম আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকে নিৰ্বাচন জিকিবলৈ যুঁজ দিয়া নাই। তেওঁলোকে কেৱল দেশক বিভাজন কৰিবলৈ যুঁজ দি আছে।”

সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…

বাঁহী এক লোকবাদ্য।ইয়াক বিভিন্ন নামেৰে জনা যায়।বাঁহী, বংশী, মুৰুলী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে।তাৰোপৰি বাঁহীক বিভিন্ন জনগোষ্ঠীসকলে বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়।বাঁহী এবিধ স্থিৰ সুৰৰ বাদ্য।বাঁহী মুখেৰে ফুঁ দি বজোৱা বাদ্য।ইয়াক প্ৰধানকৈ বাঁহেৰে বনোৱা হয়।ইয়াৰ ছটা ফুটা থাকে।অৱশ্যে বিভিন্ন প্ৰকাৰৰ আৰু দৈৰ্ঘ্যৰ বাঁহীও পোৱা যায়।এইবোৰক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা দেখা যায়।ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে বাঁহী বৈষ্ণৱ সমাজত শ্ৰদ্বেয় আৰু পৱিত্র।তাৰোপৰি বিহুগীত, বনগীত, লোকগীত, বৰগীত আদি সকলোতে বাঁহী ব্যৱহাৰ কৰা হয়।মিচিংসকলৰ ঐনিঃতমৰ তালে তালে বাঁহীৰ (কুৰুলি) অবিহনে আধৰুৱা।বড়োসকলৰ বিখ্যাত সুৰীয়া চিফুং(বাঁহী)ৰ কথা সকলোৱে জানো।তেনেকৈ পাহাৰে-ভৈয়াম অৰ্থাৎ বিশ্বৰ সকলো সমাজতে গীত-মাত পৰিৱেশন কৰোঁতে বাঁহী সংগত কৰা দেখা যায়।

বাঁহীৰ মাতে কাকনো নকৰে মতলীয়া।বাঁহীৰ ছন্দত আছে অময়া সুৰীয়া।কলিয়া কৃষ্ণৰ বাঁহীৰ সুৰে সকলো গোপ-গোপীনিসকলক মতলীয়া কৰাৰ কথা সকলোৱে জানো।তেওঁৰ সৰগীয় বাঁহীৰ সুৰ অতুলনীয়।

সুৰীয়া বাঁহী বজাই
কানাই কলীয়া
কৰে মতলীয়া
সমস্ত বৈকুণ্ঠধাম।

গৰখীয়াৰ স’তে বাঁহীৰ আজন্ম প্ৰেমিক।নৈৰ পাৰে পাৰে গৰু-ম’হ চৰি ফুৰোতে গৰখীয়াই বজাই সুৰীয়া বাঁহী।ৰিব্ ৰিব্ কৈ বলা মলয়াজাকে কঢ়িয়াই আনে সুগন্ধী বাঁহীৰ সুবাস।এয়া যেন এক চিৰপৰিচিত গাঁওৰ পথাৰৰ দৃশ্য বুলি ক’ব পাৰি।

গৰখীয়াজনৰ অময়া বাঁহীৰ সুৰে
ৰজনজনাই তোলে এই নদীৰ পাৰ
কাংকান-ঐচেঙহঁতৰ সেই সুৰৰ মূৰ্চ্ছনাত
বলে এছাটি হৃদয়ত বা।

আকৌ কেতিয়াবা মাজৰাতি দূৰৈৰপৰা ভাঁহি আহে বাঁহীৰ মাত।নিশাৰ নিস্তব্ধতা ভাঙি ভাঁহি অহা বাঁহীৰ মাতত কেঁচা টোপনি ভাঙে।হয়তো কোনোবা প্ৰেমিকে প্ৰেমিকালৈ মনত পৰাৰ সুখৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ।প্ৰেমিকাৰ বুকুখন চিৰিংকৈ কোবাই থৈ যায় সংগোপনে।

মাজৰাতি সাৰ পাই উঠো
কেঁচা সপোন ভাঙি
দূৰৈৰপৰা নিশা ভেদি আহে
এটি সুৰীয়া বাঁহী।

বাঁহীৰ মাত শুনিলেই আমাৰ মনত বাহ লৈ থকা হাজাৰবাৰ দুঃখ-কষ্ট,যন্ত্ৰণা আদিৰপৰা উপশম পাব পৰা যায়।কাৰোবাৰ খং উঠিলে বা মন বেয়া হৈ থাকিলেও এপলক বাঁহীৰ মাত শুনিলে আপোনা-আপুনিকৈ মন শান্ত আৰু সমাহিত হৈ পৰে।

বাঁহীৰ কি যে মহিমা!
এবাৰ শুনিলেই
অশান্ত মনৰ ঢৌ
শাঁত পৰে নিৰলে।

বাঁহীৰ প্ৰেমত পৰোঁ।বাঁহীক লৈ সপোন ৰঁচো।বাঁহীক লৈ বহু কবি-শিল্পীৰ সৃষ্টিৰ পথৰা কৰিছে উৰ্বৰা।কিমান যে গল্প,কিমান যে কবিতা,কিমান যে গীত বাঁহীক লৈ সৃষ্টি হৈছে তাৰ লেখ নাই।আমাৰ সাহিত্য-সংস্কৃতিৰ সৃষ্টিৰ পথাৰতো বাঁহী যেন অবিচ্ছেদ্য ।

বাঁহী তুমি সকলোৰে প্ৰিয় /তুমি শিল্প
তুমি সৃষ্টি/যুগে যুগে..

বাঁহীক লৈ অনেক ৰসাল ঘটনাও ঘটে।বাঁহী বজোৱা ল’ৰাজনক লৈ বহু কাহিনীও শুনোঁ।কলেজ- ইউনিভাৰ্ছিটিৰ বাকৰিত অনুষ্ঠিত হোৱা সাংস্কৃতিক মঞ্চত সুৰীয়া বাঁহী বজোৱা ল’ৰাজনক লৈ প্ৰেমত পৰে বহু ৰূপহী।অনামী ল’ৰাজনৰ বাঁহীৰ যাদুকৰীৰ মূৰ্চ্ছনাত তন্ময় হোৱা কথা বহু দিনলৈ মনত ৰাখে বহুজনে।

তোমাৰ বাঁহীৰ সুৰত
সেই বিশ্ববিদ্যালয়ৰ কেম্পাছত
প্ৰথমবাৰৰ বাবে
মই অনুভৱ কৰিছিলোঁ
এক অনামী শিহৰণ।

সময়ৰ বোকোছাত সকলো সলনি হয়।তেনে সন্ধিক্ষণত আমাৰ মাজৰপৰা বহু বস্তু হেৰাই গৈছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে।সেই বাঁহীৰ সুৰৰ ছন্দও এতিয়া নৈৰ পাৰত,পথাৰৰ মাজত শুনিবলৈ নাপায়।আধুনিক যান্ত্ৰিকময় পৃথিৱী আৰু প্ৰযুক্তিবিদ্যৰ যুগত গাঁওৰ পথাৰৰ গৰখীয়াৰ সুৰীয়া বাঁহীৰ সুৰ কেতিয়াবাই হেৰাই থাকিল।এতিয়া নদীৰ পাৰত অথবা পথাৰত আগৰ সেই লহৰ নাই।এতিয়া সেইবোৰ মধুৰ স্মৃতি ৰোমন্হণ কৰি নষ্টালজিক হৈ পৰোঁ কেতিয়াবা।

নাই নাঁৱৰীয়া নাই টঙীঘৰ
নাই গৰখীয়া নাই মোহন বাঁহী
নাই অইনিঃতমৰ কলি
নাই কনেঙৰ হাঁহি
উদং উদং লাগে
এতিয়া এই সোঁৱণশিৰি।


লেখকঃ নন্দেশ্বৰ মিলি

বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…

টিভি উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন। বৰ্তমান কুশালে নিজৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে।চৰ্চা চলিছে যে শিৱাংগী যোশী-কুশাল টণ্ডনে এংগেজমেণ্টৰ বাবে প্ৰস্তুতি চলাইছে। কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়াত শিৱাংগী আৰু কুশালৰ বহু ছবি ভাইৰেল হৈছিল। জনপ্ৰিয় টিভি অভিনেতা কুশাল টণ্ডনে বহু হিট ছিৰিয়েলৰ জৰিয়তে উদ্যোগটোত যথেষ্ট খ্যাতি অৰ্জন কৰিছে। কুশাল টণ্ডনক বহু জনপ্ৰিয় টিভি ধাৰাবাহিকত দেখা গৈছে। বহু ছোৱালী তেওঁৰ আচৰিত অভিনয় আৰু শৈলীত আপ্লুত হয়। ১৯৮৫ চনৰ ২৮ মাৰ্চত লক্ষ্ণৌৰ এটা পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ হৈছিল কুশাল টণ্ডনৰ।

খবৰ অনুসৰি শিৱাংগী যোশী আৰু কুশল টণ্ডনে এংগেজমেণ্টৰ বাবে প্ৰস্তুতি চলাইছে। একতা কাপুৰৰ শ্ব’ ‘বৰছাতেইন: মৌসম প্যাৰ কা’ কৰি থাকোঁতে দুয়োজনেই বহুত ভাল বন্ধু হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শিৱাংগী আৰু কুশলৰ বহু ছবি। শিৱাংগী যোশী কুশলতকৈ প্ৰায় ১৩ বছৰ সৰু। কিন্তু কোৱা হৈছে যে তেওঁলোকৰ সম্পৰ্ক বিবাহৰ দিশে আগবাঢ়িছে।কিন্ত তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে কুশাল আৰু শিৱাংগীয়ে কোনো মন্তব্য দিয়া নাই।তেওঁলোকৰ মন্তব্যলৈ অপেক্ষা অনুৰাগীৰ।

২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…

দেশত মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহ ২০২৪ চনৰ এপ্ৰিলত ২.১০ লাখ কোটি টকাত অভিলেখ উচ্চতাত উপনীত হৈছিল।এই বৃদ্ধি বাৰ্ষিক ভিত্তিত ১২.৪ % বৃদ্ধিক প্ৰতিনিধিত্ব কৰিছে। এপ্ৰিল ২০২৪-ৰ বাবে মুঠ জিএছটি ৰাজহ হৈছে ১.৯২ লাখ কোটি টকা, যি যোৱা বছৰৰ একে সময়ৰ তুলনাত ১৫.৫% বেছি। এক চৰকাৰী বিজ্ঞপ্তিত এই কথা কোৱা হৈছে। এপ্ৰিল ২০২৪-ত জিএছটি ৰাজহৰ ৰাজ্য অনুসৰি বৃদ্ধি লক্ষ¬ণীয় আছিল।

এপ্ৰিল-২৩ এপ্ৰিল-২৪ ত জম্মু আৰু কাশ্মীৰত জিএছটি বৃদ্ধিৰ হাৰ আছিল ক্ৰমে ৮০৩ আৰু ৭৮৯ হিমাচল প্ৰদেশত সেই একেই সময়ছোৱাত বৃদ্ধিৰ পৰিমাণ আছিল ক্ৰমে ৯৫৭ আৰু ১,০১৫, পঞ্জাৱত ২,৩১৬ আৰু ২৭৯৬, চণ্ডীগড়ত ২৫৫ আৰু ৩১৩, উত্তৰাখণ্ডত ২,১৪৮ আৰু ২২৩৯,হাৰিয়ানাত ১০, ০৩৫ আৰু ১২,১৬৮, দিল্লী ৬৩২০ আৰু ৭৭৭২, ৰাজস্থানত৪৭৮৫ আৰু ৫৫৫৮, উত্তৰ প্ৰদেশত ১০,৩২০ আৰু ১২,২৯০,বিহাৰত ১,৬২৫ আৰু ১৯৯২, ছিকিমত ৪২৬ আৰু ৪০৩, অৰুণাচল প্ৰদেশত ২৩৮ আৰু ২০০ ,নাগালেণ্ডত ৮৮ আৰু ৮৬, মণিপুৰ ৯১ আৰু ১০৪, মিজোৰামত ৭১ আৰু ১০৮ ,ত্ৰিপুৰাত ১৩৩ আৰু ১৬১,মেঘালয়ত ২৩৯ আৰু ২৩৪,অসমত ১,৫১৩ আৰু ১,৮৯৫,পশ্চিম বংগত ৬৪৪৭ আৰু ৭২৯৩, ঝাৰখণ্ডত ৩৭০১ আৰু ৩৮২৯, ওড়িশাত ৫০৩৬ আৰু ৫৯০২, ছত্তীশগড়ত ৩৫০৮ আৰু ৪০০১, মধ্য প্ৰদেশ৪২৬৭ আৰু ৪৭২৮, গুজৰাটত ১১৭২১ আৰু ১৩৩০১,দাদৰা আৰু নগৰ হাভেলি আৰু দমন তথা দিউত ৩৯৯ আৰু ৪৪৭, মহাৰাষ্ট্ৰত ৩৩,১৯৬ আৰু ৩৭,৬৭১, কৰ্ণাটক 1১৪৫৯৩ আৰু ১৫৯৭৮,গোৱা ৬২০ আৰ ৭৬৫, লাক্ষদ্বীপ ৩ আৰু ১ ,কেৰালা ৩০১০ আৰু ৩২৭২,তামিলনাডুত ১১৫৫৯ আৰু ১২,২১০, পুডুচেৰী ২১৮ আৰু ২৪৭, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৯২ আৰু ৬৫ ,তেলেংগানাত ৫৬২২ আৰু ৬২৩৬, অন্ধ্ৰ প্ৰদেশত ৪৩২৯ আৰু ৪৮৫০, লাডাখত ৬৮ আৰু ৭০,অন্যান্য অঞ্চল ২২০ আৰু ২২৫।

সৰ্বমুঠ সংগ্ৰহৰ পৰিমাণ ১,৫১,১৬২ আৰু ১,৭১, ৪৩৩ টকা। একেদৰে এই সময়ছোৱাত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি): ৪৩,৮৪৫ কোটি টকা; ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছজিএছটি): ৫৩,৫৩৮ কোটি টকা;ইণ্টিগ্ৰেটেড সামগ্ৰী আৰু সেৱা কৰ (আইজিএছটি): আমদানি কৃত সামগ্ৰীৰ ওপৰত সংগ্ৰহ কৰা ৩৭,৮২৬ কোটি টকাসহ ৯৯,৬২৩ কোটি টকা।


উপকৰ: আমদানি কৃত সামগ্ৰীৰ ওপৰত সংগ্ৰহ কৰা হৈছে ১,০০৮ কোটি টকাসহ ১৩,২৬০ কোটি টকা। জিএছটি সংগ্ৰহৰ ধাৰাবাহিক বৃদ্ধিয়ে দেশৰ অৰ্থনীতিৰ বিকাশৰ কথাই সূচাইছে।

ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে। অসমত স্থানীয়ভাবে হাড়গিলা হিচপে পৰিচিত বিশ্বৰ অন্যতম বিৰলতম বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰুপে বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী অংশৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব।

এই স্বীকৃতিত আপ্লুত ড° পূৰ্ণিমা দেৱী বৰ্মনে কয় যে এই বঁটাই স্থানীয় সমুদায়ৰ সমৰ্থনেৰে হাড়গিলাক সুৰক্ষা দিয়াৰ তেওঁৰ সংকল্পক অধিক শক্তি যোগাব। শুকুৰবাৰে লণ্ডনত ভাৰতৰ উচ্চায়ুক্তই সম্বৰ্ধনা জনোৱা ড° বৰ্মনে কয়, “এই বঁটাটো প্ৰকৃততে সমাজৰ সেইসকল মহিলাসকলৰ বাবে, যিসকলে মোক এতিয়ালৈকে মোৰ এই যাত্ৰাত শক্তিৰ উৎস হিচাপে ঠিয় দি আহিছে। আমি নিষ্ঠা আৰু দায়বদ্ধতাৰে কেনেকৈ সংৰক্ষণৰ প্ৰচেষ্টাৰ গুৰি ধৰিব পাৰোঁ, এয়া দেশৰ মহিলাসকলৰ পৰা বিশ্বলৈ তাৰ এক বাৰ্তা”। কামৰূপ জিলাৰ দদৰা-পচৰিয়াৰত থকা তেওঁৰ মূল সংৰক্ষণ প্ৰকল্প স্থানৰ মহিলাসকলক সংগঠিতকৰণৰ জৰিয়তে এই বিৰল প্ৰজাতিটোৰ সংৰক্ষণত স্থানীয় মহিলাসকলক স্থায়ীভাবে জড়িত কৰাৰ ড° বৰ্মনৰ এই প্ৰশংসনীয় প্ৰচেষ্টাই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।আৰণ্যক পৰিয়াল তেওঁৰ এই কৃতিত্বত আনন্দিত। আৰণ্যকৰ (www.aaranyak.org) মুখ্য কাৰ্যবাহী বিষয়া তথা সচিব প্ৰধান ড° বিভৱ কুমাৰ তালুকদাৰে কয়, “২০০২ চনৰ পৰা আৰণ্যকৰ সৈতে জড়িত হৈ থকা ড° পূৰ্ণিমা দেৱী বৰ্মনৰ এই সাফল্যই আৰণ্যকক গৌৰৱান্বিত কৰিছে আৰু পৃথিৱীত জীৱকূলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰকৃতিক প্ৰতিপালন কৰাৰ আমাৰ নিৰলস প্ৰচেষ্টাত উতকৰ্ষ সাধনৰ বাবে চেষ্টা কৰিবলৈ আমাক সকলোকে উৎসাহিত কৰিছে”।

“স্থানীয় মহিলাসকলৰ অভূতপূৰ্ব সহযোগিতাৰে বিপন্ন হাড়গিলাৰ সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱীৰ প্ৰশংসনীয় একাগ্ৰতাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা কিয় ইমান গুৰুত্বপূৰ্ণ সেই কথা প্ৰতীয়মান কৰিছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষম দলীয় প্ৰচেষ্টা স্থানীয় সমূদায়ক অনুপ্ৰাণিত কৰাৰ তেওঁৰ ক্ষমতাক বিশ্বই স্বীকৃতি দিছে আৰু এই বঁটাটোৱে ইয়াক পুন: প্ৰতিষ্ঠা কৰিলে” ।আৰণ্যকৰ আন এগৰাকী সংৰক্ষণ নেত্ৰী ড° আলোলিকা সিনহাই কয়, “পূৰ্ণিমা দেৱীৰ সংৰক্ষণ প্ৰচেষ্টা অতুলনীয় আৰু সংৰক্ষণবিদসকল, বিশেষকৈ এই গ্ৰহটোক ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকা সকলো মহিলাৰ বাবে এক অনুপ্ৰেৰণা”।

আৰণ্যকত বিৰাজ কৰা উল্লসিত পৰিৱেশৰ প্ৰতিফলন ঘটাই সংস্থাটোৰ পৰিচালনা মূৰব্বী মৃদুস্মৃতা দেৱীয়ে কয়, “বিপন্ন হাড়গিলা সংৰক্ষণৰ বাবে কৰা একাগ্ৰ চেষ্টাৰ স্বীকৃতি স্বৰুপে “গ্ৰীণ অস্কাৰ” হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪ লাভ কৰা ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আমাৰ হিয়াভৰা অভিনন্দন । তেওঁৰ কৰ্মই কেৱল আৰণ্যককেই নহয়, সকলো মহিলাকে অনুপ্ৰাণিত কৰিছে”। এই বটাঁই ২০২২ চনত লাভ কৰা “ইউ এন এনভাইৰনমেন্ট চেম্পিয়নছ অৱ দ্যা আৰ্থ এৱাৰ্ড”কে ধৰি বহু স্বীকৃতিৰ গৰাকী ড° পূৰ্ণিমা দেৱী বৰ্মনৰ বটাঁৰ তালিকাখন অধিক শুৱনি কৰিলে। আৰণ্যকে এইবাৰৰ সন্মানীয় হুইটলে গ’ল্ড এৱাৰ্ডেৰে তেওঁলোকৰ প্ৰশংসিত সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক সন্মানিত কৰা বাবে “হুইটলে ফাণ্ড ফৰ নেচাৰ”ক ধন্যবাদ জনাইছে।