Home Blog Page 840

বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…

২০১৪ চনৰ পৰা বিটিচি বা বিটিআৰত হত্যা-হিংসা নাইকিয়া হৈছে। আজিৰ পৰা ১০ বছৰ আগতে আমি কোনোৱে এই অঞ্চললৈ আহিব পৰা নাছিলো। আপোনালোক এই অঞ্চলত শান্তিৰে বসবাস কৰিব পৰা নাছিল। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বৃহস্পতিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিদলী বিধানসভা সমষ্টিৰ বাসুগাঁৱৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত এখন বিশাল জনসভাত ভাষণ দি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ভাষণ তেওঁ কয় যে বাসুগাঁৱৰ পৰা কোনোৱে যদি বঙাইগাঁও লৈ যায়, কোকৰাঝাৰলৈ যায় এই অঞ্চলৰ মানুহে ভয় খাই আছিল যে মোৰ ল’ৰাজন, মোৰ মা, মোৰ দেউতা ঘৰ আহি পাব নে নাপাব। আবেলি ৬ টা বজাৰ পাছত বিটিআৰত কোনো লোকে ঘৰৰ পৰা ওলাব পৰা নাছিল। ঘৰৰ ভিতৰত থাকিও শান্তিৰে থাকিব পৰা নাছিল, নিশা কোনোৱা দুৰ্বৃত্তই আহি গুলীয়াই থৈ যায় নেকি সেই ভয়ে খেদি ফুৰিছিল। বিটিআৰত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল। এই পৰিৱেশৰ সময়ত অসমত কংগ্ৰেছৰ আৰু বিটিআৰত বিপিএফ দলৰ চৰকাৰ আছিল। কিন্তু যোৱা ১০ বছৰত, নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হ’ল, সেই দিন ধৰি বিটিআৰত হত্যা-হিংসা-ধৰ্ষণৰ ঘটনা নাইকিয়া হ’ল। আমি সকলোৱে শান্তিত থাকিব পৰা হ’লো।


মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে বাসুগাঁৱৰ ব্যৱসায়ী প্ৰতাপ ধনশীল, শিবু সাহা, হাবুল দে আৰু তেওঁৰ পত্নীক আততায়ীয়ে হত্যা কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মুঠতে আমি শান্তিৰে থাকিব পৰা নাছিলো। সকলোৱে ভয়ে ভয়ে দিন কটাইছিলো। কিন্তু আজি বিটিআৰত সেই পৰিৱেশ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰত শান্তি ঘূৰি আহিল আৰু সকলো বিদ্ৰোহী সংগঠনে আলোচনাত বহিল। আজি বিটিআৰত কোনো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয়ভাৱে নাই বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে। যিকেইটা বিদ্ৰোহী সংগঠন আছিল সকলোৱে শান্তি চুক্তি কৰিলে আৰু যি দুই এটা সংগঠন আছে তেওঁলোকেও শীঘ্ৰে শান্তি চুক্তি কৰিব বুলি উল্লেখ কৰে। এই কাম নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে শান্তি নহ’লে কেতিয়াও প্ৰগতি নহয়। যদি ইয়াত শান্তি ঘূৰাই অনা নহ’লহেঁতেন, ইয়াত যদি হিংসাৰ পৰিৱেশ থাকিলহেঁতেন, তেন্তে ইয়াত মেডিকেল কলেজ নহ’লহেঁতেন বা বাসুগাঁৱত অভাৰ ব্ৰীজ নহ’লহেঁতেন। মন্ত্ৰীগৰাকীয়ে কয় যে এনেদৰে আমি প্ৰথমে বিটিআৰত শান্তি আনিলো আৰু এতিয়া প্ৰগতিৰ পথত বিটিআৰক লৈ গৈ আছো। এনেদৰে আজি বিটিআৰ অসমৰ ভিতৰতে এখন উন্নত ঠাইত পৰিণত হৈছে বুলি তেওঁ কয়। বিটিআৰত আজি কেবাখনো মেডিকেল কলেজ হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে ৬০ অসম চলাই ৬০ বছৰত অসমত মেডিকেল কলেজ বনাইছিল মাত্ৰ ৬ খন। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল। তেওঁ কয় যে মেডিকেল কলেজ নহ’লে আমি চিকিৎসক সৃষ্টি কৰিব নোৱাৰো। কংগ্ৰেছে মেডিকেল কলেজ বানাইছিল মাত্ৰ ৬ খন, সেই ৬ খন মেডিকেল কলেজৰ পৰা আমি বছৰত মাত্ৰ ৭২৬ জন চিকিৎসক সৃষ্টি কৰিব পাৰিছিলো। সেয়ে পৰ্যাপ্ত চিকিৎসক নথকাৰ বাবে আমি গাঁওলৈ চিকিৎসক পঠিয়াব পৰা নাছিলো। কিন্তু আজি সেই পৰিৱেশ লাহে লাহে নোহোৱা হ’ল। আজি আমি বছৰত ১৩,৫০ গৰাকী চিকিৎসক সৃষ্টি কৰিব পৰা হ’লো আৰু অহা ৫ বছৰৰ ভিতৰত বছৰত ২৫০০ চিকিৎসক সৃষ্টি কৰিব পাৰিম। এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।


কংগ্ৰেছৰ দিনত অসমত বিশ্ববিদ্যালয় আছিল মাত্ৰ ৭ খন। পৰ্যাপ্ত বিশ্ববিদ্যালয় নথকাৰ বাবে আমাৰ দুখীয়া পৰিয়াৰ ল’ৰা-ছোৱালীয়ে উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। তেওঁ কয় যে ৬০ বছৰত কংগ্ৰেছে বিশ্ববিদ্যালয় বনাইছিল মাত্ৰ ৭ খন আৰু আমি ৮ বছৰত বিশ্ববিদ্যালয় বনালো ১৫ খন। গতিকে আমাৰ ল’ৰা-ছোৱালীয়ে অনায়াসে আজি উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা হ’ল। কিয়নো পঢ়া-শুনা নকৰিলে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাযায় আৰু প্ৰতিষ্ঠা লাভ নকৰিলে ঘৰখনৰ ভাল নহয়, জাতিটোৰ ভাল নহয়, দেশখনৰ ভাল নহয়, ৰাজ্যখনৰ ভাল নহয়। সেয়ে পঢ়া-শুনাৰ কাৰণে স্কুল, কলেজ, বিশ্ববিদ্যালয় বনাব লাগিব বুলি তেওঁ মন্তব্য কৰে।


কংগ্ৰেছক দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সেই সময়ৰ ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ ছবিখন দাঙি ধৰে। কিন্তু বিজেপি চৰকাৰে ৮ বছৰত ৰাস্তা-ঘাটৰ পয়ালগা ছবিখন সলনি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা এটা সমষ্টিৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ৫০-৬০ কোটি টকা দিয়াৰ ব্যৱস্থা কৰে। আজি বিটিআৰত এটা এটা সমষ্টিত ৰাস্তা বনাবলৈকে ৫০ কোটি লৈকে টকা আহে, ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ ফাণ্ড সৃষ্টি কৰি বিটিআৰলৈ পুনৰ ৫০০ কোটি টকা দিছে ৰাস্তা আৰু দলং নিৰ্মাণ কৰাৰ বাবে।
তেওঁ কয় যে এইদৰে আমি বিটিআৰক আগবঢ়াই লৈ যাব খুজিছো।


সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনাৰ ঘৰ আৰু বৰ্তমান বিজেপি চৰকাৰে আগবঢ়োৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনত সকলোতে কেৱল কেলেংকাৰি কেলেংকাৰি হৈছিল। ২ জি কেলেংকাৰি, কমনৱেলথ গেমছ কেলেংকাৰি, সকলোতে কেলেংকাৰি। আৰু সেইখিনি সময়ত অসমত আছিল সূতা-কম্বল দিয়া চৰকাৰ আৰু বিটিআৰত আছিল সূতা-কম্বল অৰ্ডাৰ দিয়া চৰকাৰ বুলি কংগ্ৰেছ-বিপিএফক তীব্ৰ কটাক্ষ কৰে। দুখীয়াক ঘৰ দিয়াৰ নামত কংগ্ৰেছীয়ে টকা খাইছিল, বিভিন্ন দুৰ্নীতি সংঘটিত কৰিছিল বুলি তেওঁ মন্তব্য কৰে।


ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত আমি ১৩ সমষ্টি জিকি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব লাগে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশৰ অৰ্থনীতি ১১ নম্বৰৰ পৰা ৫ নম্বৰ হোৱা বুলি উল্লেখ কৰে। তেওঁ বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিপিএফে ইয়াত কাম নকৰাকৈ টকাবোৰ মাৰি খাইছিল, যাৰ ফলত কোকৰাঝাৰখন যেনেধৰণে আগুৱাই যাব লাগিছিল, তেনেধৰণে আগুৱাব পৰা নাই। বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে আজি কোকৰাঝাৰখন আগুৱাই নগ’ল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই পৰিৱেশ আমি নাইকিয়া কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এই পৰিৱেশ নাইকিয়া কৰিবৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেক দিনাই সাজু। তেওঁ আৰু কয় যে ইউপিপিএলৰ প্ৰমোদ বড়োৰ লগত মিলি আমি বিটিআৰৰ উন্নয়নৰ বাবে একেলগে কাম কৰিছো। গতিকে তেওঁ এটা ভোটো নষ্ট নকৰাকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক টেক্টৰৰ ছবিত ভোট দি বিজয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। এই সভাত বিধায়ক কমলাখ্যা দে পুৰকায়স্থ, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, জিলা সভাপতি ৰতন চন্দ্ৰ ৰয় সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে। এই বিষয়ে চিন্তা কৰিবলগীয়া নাই। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বঙাইগাঁও জিলাৰ মাণিকপুৰত বৃহস্পতিবাৰে এনডিএ-ৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এখন বিশাল বিজয় সংকল্প সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ইতিহাসপ্ৰসিদ্ধ মাণিকপুৰলৈ আহি আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে, এই বিষয়ে চিন্তা কৰিবলগীয়া নাই। এতিয়া আমাৰ এটাই চিন্তা যে আমি তেওঁক ৫ লাখত জিকাম নে ৬ লাখত জিকাম! তেওঁ আৰু কয় যে আমি এনেকুৱা এগৰাকী ব্যক্তি পাইছো, যি ৮৫’ চনত বিধায়ক হ’ল, তাৰ পৰা আজিলৈকে বিধায়ক হৈয়ে আছে। অসমত এনে কোনো দ্বিতীয় এজন ব্যক্তি নাই যি এটা সমষ্টিৰ পৰা ৮ বাৰকৈ বিজয়ী হৈছে। মানুহে চাকৰি জীৱন ৩০ বছৰ অতিবাহিত কৰে, কিন্তু তেওঁ ৪০ বছৰ বিধায়ক হ’ল, মন্ত্ৰীও হ’ল। ফণীভূষণ চৌধুৰীক অসমৰ ৰাজনীতিৰ ভীষ্ম বুলি অভিহিত কৰি তেওঁ কয় যে ফণীদা এগৰাকী অভিজ্ঞ ব্যক্তি, এগৰাকী সহজ-সৰল মানুহ, সুদক্ষ ব্যক্তি সেই কাৰণে তেওঁক বঙাইগাঁওবাসী ৰাইজে প্ৰতিটো নিৰ্বাচনতে বিজয়ী কৰি পঠিয়ায়।

আৰু এইবাৰ তেওঁক অকল বঙাইগাঁওতে সীমাবদ্ধ নাৰাখি গোটেই বৰপেটাবাসীয়ে ল’ব খুজিছো। এইবাৰ যাতে আমি অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰাব পাৰো তাৰ বাবে সকলোৱে কাম কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে, এইকেইদিন বঙাইগাঁও, ভবানীপুৰ, সৰভোগ আদি ঠাইত মন্ত্ৰীগৰাকীয়ে ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই ৰাইজৰ পৰা বিপুল সঁহাৰি-সমৰ্থন লাভ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে। ৰাইজৰ অপাৰ মৰম-স্নেহ, সমৰ্থন লাভ কৰালৈ চাই তেওঁ ফণীভূষণ চৌধুৰী অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব বুলি উল্লেখ কৰে। বিৰোধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে ইয়াত বিৰোধীৰ কোনো অস্তিত্ব নাই। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত বিৰোধীয়েও নাজানে যে তেওঁলোকৰ প্ৰাৰ্থী কোন? বিৰোধীৰ প্ৰাৰ্থী কোন আমিতো বিচাৰি আছোৱেই, আনকি বিৰোধীয়েও বিচাৰি আছে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক। বিৰোধীয়ে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক এনেদৰে বিচাৰোতে বিচাৰোতে ৭ তাৰিখ পাৰ হৈ যাব আৰু ৪ জুনত ফলাফল ওলাই যাব কটাক্ষ কৰে। তেওঁ কয় যে ৪ জুনত ফণীভূষণ চৌধুৰী ৫ লাখতকৈ অধিক ভোটত বিজয়ী হ’ব।


সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বৰপেটা লোকসভা সমষ্টিৰ পৰিৱেশ পৰিস্থিতিৰ কথা মনত পেলাই মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত এনেকুৱা দিন আছিল যে বৰপেটা লোকসভা সমষ্টিত আমি আমাৰ নিজৰ মানুহ জিকাবলৈ পাৰিম নে নাই তাক লৈ এটা শংকা আছিল। কিন্তু এইবাৰ সেই পৰিৱেশ নোহোৱা হ’ল। কিয়নো এইবাৰ নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ দিকদৰ্শন লৈ কাম কৰিলে, যাৰ কাৰণে আজি আমি গৌৰৱেৰে ক’ব পৰা হ’লো যে বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ দৰে আমাৰ এজন নিজৰ মানুহ আৰু এগৰাকী সুদক্ষ ব্যক্তিক আমি ৫ লাখতকৈ বেছি ভোটত জিকাই পঠাব পাৰিম। ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বৰ সাংসদ আব্দুল খালেকক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আব্দুল খালেকে মাতৃ ভাষাটোক মিঞা ভাষা বুলি কয়। আমি তেনেকুৱা মানুহ এজনক সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠাইছিলো। ইয়াৰ বাবে আমাৰ মনত বহুত দুখ আছিল। কিন্তু লক্ষণীয়ভাৱে এইবাৰ আমি আমাৰ নিজৰ মানুহ ফণীভূষণ চৌধুৰীক সাংসদ হিচাপে নিৰ্বাচিত কৰিব পাৰিম, যিটো নেকি আমাৰ কাৰণে গৌৰৱৰ বিষয়। তেওঁ আৰু কয় যে সমগ্ৰ ভাৰতবৰ্ষৰে আজি এটাই সংকল্প নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা। সেয়ে সমগ্ৰ ভাৰতবৰ্ষতে আজি উচ্চাৰিত হৈছে ‘আকৌ এবাৰ মোদী চৰকাৰ’। অসমীয়াৰ স্বাভিমান গামোচাখন ডিঙিত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে অসমীয়া গামোচাখনৰ ব্ৰেণ্ড এম্বেছেডৰ বুলি কয়, যিয়ে নেকি আমাক গৌৰাৱান্বিত কৰে বুলি তেওঁ মন্তব্য কৰে।


তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল। প্ৰধানমন্ত্ৰীগাৰীয়ে কোনো গুৰুত্বই পোৱা নাছিল। কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা, লণ্ডন, জাৰ্মানী, ৰাছিয়া য’লৈকে নাযাওক কিয়, তেওঁ সকলোতকৈ আগত জিলিকি থাকে আৰু আমি ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বুকুত আজি গোটেই ভাৰতবৰ্ষখনক উজলাই তুলিছে। তেওঁ আৰু কয় যে দুশ বছৰ শাসন কৰা ব্ৰিটিছক পিছ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। তেওঁ আৰু কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চীনক পিছ পেলাই ভাৰতক কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰিব পাৰি, তাৰ বাবে আমি কাম কৰিব লাগিব। গতিকে বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। গতিকে তেওঁ সভাত উপস্থিত সকলোকে হাতীৰ ছবিত ভোট দি বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।


মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আগতে যিসকল মানুহ ধৰ্মৰ কথা চিন্তা কৰি আমাৰ পৰা আঁতৰি আছিল, আজি সেইসকল মানুহেও অগপৰ লগত আহি আমাৰ সৈতে যোগ দিছে। তেওঁলোককো লগত লৈ আজি আমি এখন বিকশিত অসম, উন্নয়নৰ অসম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছো। আজি আমি যিমানবোৰ অঞ্চললৈ গৈছো, সকলোতে হাজাৰ হাজাৰ সংখ্যালঘু লোক আজি আমাৰ সৈতে ওলাই আহিছে। কিয়নো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকেও উন্নয়ন বাট দেখিবলৈ পাইছে।

ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫  হাজাৰ অতিক্ৰম…

ষ্টক মাৰ্কেট মুকলিঃ আজি ভাৰতীয় ষ্টক মাৰ্কেটে শক্তিশালী আৰম্ভণি কৰিছে আৰু বজাৰৰ শ্বেয়াৰ আজি ভাল উত্থানেৰে মুকলি হৈছে। বেংক নিফটিয়েও আকৰ্ষণীয় লাভৰ সৈতে মুকলি কৰিছে। নিফটিয়ে নতুন সৰ্বকালৰ উচ্চ স্তৰত উপনীত হৈছে আৰু ২২,৭৮৭.৭০ৰ নতুন উচ্চ স্তৰত উপনীত হৈছে। এন এছ ই নিফটি ২৩ হাজাৰৰ স্তৰৰ অতি ওচৰ চাপিছে আৰু আজি ইও নতুন ঐতিহাসিক শিখৰ স্পৰ্শ কৰিছে। ই ২২,৭৮৭.৭০ৰ নতুন অভিলেখ সৃষ্টি কৰিছে।

৪০৬.৭১ পইণ্ট বা ০.৫৫ শতাংশ বৃদ্ধিৰে ৭৫,০১৭ৰ স্তৰত মুকলি হয় বিএছই চেন্সেক্স। ইয়াৰ উপৰিও এন এছ ইৰ নিফটিয়ে ১১৮.১৫ পইণ্ট বা ০.৫২ শতাংশ বৃদ্ধিৰে ২২,৭৬৬ স্তৰত ব্যৱসায় মুকলি কৰিবলৈ সক্ষম হৈছে।

নিফটি শ্বেয়াৰৰ অৱস্থা

নিফ্টিয়ে নতুন অভিলেখ উচ্চ স্তৰ স্পৰ্শ কৰিছে আৰু ইয়াৰ শ্বেয়াৰত প্ৰচণ্ড বৃদ্ধিৰ সাক্ষী হৈছে। ইয়াৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪২টা শ্বেয়াৰ বৃদ্ধিৰ সৈতে ব্যৱসায় কৰা হৈছে আৰু মাত্ৰ ৮টা শ্বেয়াৰহে পতনৰ সৈতে ব্যৱসায় কৰা হৈছে। বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ৬ শতাংশতকৈ অধিক বৃদ্ধিৰ ব্যৱসায় চলি আছে আৰু আৰ বি আইৰ পৰা কোম্পানীটোক সকাহ পোৱাৰ খবৰ পোৱাৰ পিছত এই বৃদ্ধি দেখা গৈছে। খোলাৰ পিছৰে পৰা এই শ্বেয়াৰত ৪১০ টকাতকৈ অধিক বৃদ্ধি দেখা গৈছে। একেধৰণৰ বাজাজ ফিনচাৰ্ভেও প্ৰচণ্ড বৃদ্ধিৰ সৈতে ব্যৱসায় কৰি আছে আৰু সাড়ে চাৰি শতাংশতকৈ অধিক। বাকী থকা ষ্টকসমূহৰ ভিতৰত অ’এনজিচি, এনটিপিচি আৰু শ্ৰীৰাম ফাইনেন্সে শক্তি প্ৰদৰ্শন কৰিছে।

বিএছইৰ মাৰ্কেট কেপ অতিক্ৰম কৰিলে ৪১০ লাখ কোটি টকা

বিএছইৰ বজাৰ মূলধন ৪১০ লাখ কোটি টকা অতিক্ৰম কৰি ৪১০.৬২ লাখ কোটি টকা হৈছে। বিএছইত ৩০২০ টা শ্বেয়াৰৰ ব্যৱসায় চলি আছে, ইয়াৰে ১৯৯১ টা শ্বেয়াৰ বৃদ্ধিৰ লগে লগে সেউজীয়া ৰঙৰ ব্যৱসায় চলি আছে। ৮৯৭ টা শ্বেয়াৰত হ্ৰাস পোৱাৰ বিপৰীতে ১৩২ টা শ্বেয়াৰৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱসায় চলি আছে। ৫০টা ষ্টকে ৫২ সপ্তাহৰ উচ্চতম আৰু ৬টা ষ্টকে এবছৰৰ নিম্নতম স্তৰত আছে। ১১০ টা শ্বেয়াৰৰ ওপৰত আপাৰ চাৰ্কিটৰ বিপৰীতে তলৰ চাৰ্কিট ৩৬ টা শ্বেয়াৰৰ ওপৰত

চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া

দেশৰ সাধাৰণ নিৰ্বাচনৰ তৃতীয় পৰ্য্যায় সমাগত, ব্যাপক ৰূপত চলিছে নিৰ্বাচনী প্ৰচাৰ, কালি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে, বিজেপিৰ প্ৰতি গুৱাহাটী লোকসভা সমষ্টিৰ জনসাধাৰণৰ ব্যাপক ৰূপত সঁহাৰি পৰিলক্ষিত হৈছে।

খাৰঘুলিৰ ৩৩ নং ৱাৰ্ডত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী বিমল বড়াই কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক কটাক্ষ‌ কৰি কয় যে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ প্ৰতি চকু নিদিয়ে, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ চকু জাগীৰোডত ২৭০০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মীয়মান চেমিকণ্ডাক্টৰ জৰিয়তে নৱ প্ৰজন্মৰ সৈতে দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুকলি কৰা ক্ষেত্ৰত, আৰু এই ক্ষেত্ৰত আমি আৰু অসমৰ ৰাইজ মুখ্যমন্ত্ৰীৰ সৈতে আছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…

 আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে’ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

ৰাষ্ট্ৰসংঘৰ মতে, এই বিষয়বস্তুটোৰ জৰিয়তে সাংবাদিকসকলৰ ওপৰত নিৰীক্ষণ আৰু ডিজিটেল মধ্যস্থতাকাৰীৰ আক্ৰমণৰ দ্বাৰা সাংবাদিকতা বিপদাপন্ন হোৱাৰ কেইবাটাও উপায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । লগতে ডিজিটেল যোগাযোগৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ ওপৰত এই সকলোবোৰৰ পৰিণামৰ ওপৰত আলোচনা কৰা হয় । ৰাষ্ট্ৰসংঘই লগতে উল্লেখ কৰা মতে এনে নিৰীক্ষণে সাংবাদিকসকলে সংগ্ৰহ কৰা তথ্য উদঘাটন কৰিব পাৰে লগতে সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষতি কৰিব পাৰে ।

Research black glyph icon. Creative writing. Freedom of speech. Freelancer workshop. Journalism success. Inspired designer. Silhouette symbol on white space. Vector isolated illustration

বিশ্ব প্ৰেছ স্বাধীনতা তালিকাত ভাৰত

ভাৰতে ২০২১ চনৰ বিশ্ব প্ৰেছ স্বাধীনতা তালিকাত ১৮০ খন দেশৰ ভিতৰত ১৪২ নম্বৰ স্থানত আছিল । এক প্ৰতিবেদন অনুসৰি সাংবাদিকতাৰ বাবে ‘বেয়া’ বুলি গণ্য কৰা দেশসমূহৰ শ্ৰেণীত আছে ভাৰত (India on list of countries dangerous to journalism) । এই শ্ৰেণীৰ আন আন দেশবোৰৰ ভিতৰত আছে ব্ৰাজিল, ৰাছিয়া আৰু মেক্সিকো ।

তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…

তেজপুৰৰ মহিলাৰ অন্যতম সামাজিক – সংস্কৃতিক অনুষ্ঠান “সংস্কৃতা”ৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন তথা বাৰ্ষিক প্ৰতিযোগিতাৰ বঁটা বিতৰণী কাৰ্যসূচী ‘সংস্কৃতি নিলয়’ৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। “সংস্কৃতা”ৰ সভানেত্ৰী অনিমা গোস্বামীৰ পৌৰোহিত্যত সম্পাদিকা গীতাঞ্জলী শৰ্মাই আঁত ধৰা অনুষ্ঠানভাগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে “ৰাষ্ট্ৰ সেৱিকা সমিতি”ৰ সম্ভাগ প্ৰচাৰিকা দিপালী উপাধ্যায়ে ৷ নিৰ্দিষ্ট বক্তা ৰূপে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ডালিমা কাকতিয়ে ভাষণ ৰাখে৷

সমাজকৰ্মী অঞ্জলি কলিতা আৰু মহিলা উদ্যোগী মিনা অধিকাৰী চৌধুৰীক অনুষ্ঠানৰ পৰা ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হয় অনুষ্ঠানটিত৷ এই অনুষ্ঠানতে যোগাসন ,বিয়া নাম আৰু দেশপ্ৰেমমূলক সমবেত সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, বঁটা- প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয় ৷ প্ৰজ্ঞাধী ড° স্বাধীনতা মহন্ত প্ৰমুখ্যে তেজপুৰৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অধিৱেশনখন সফল কৰি তোলা পৰিলক্ষিত হয়।

বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…

বহু গোচৰত জেলত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। ৰাজ্যিক উপহাৰ অবৈধ বিক্ৰীৰ অপৰাধত তেওঁ আৰু তেওঁৰ পত্নীক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। কাৰাগাৰত থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফ্ৰেমযুক্ত ফটো বিয়াৰ দিনা কইনাক উপহাৰ দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দৰাক মঞ্চত থিয় হৈ কইনাৰ বাবে উপহাৰ খুলি দিয়া দেখা গৈছে। কইনাই ভিতৰত কি আছে গম পোৱাৰ লগে লগে জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত দৰাজনে গৌৰৱেৰে বিয়াৰ আলহীৰ সন্মুখত ইমৰাণ খানৰ ফ্ৰেমযুক্ত ছবিখন জোকাৰি দিয়ে।

৩০ এপ্ৰিলত এক্সত শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে ৭ লাখৰো অধিক ভিউ লাভ কৰাৰ বিপৰীতে ১৭০০ লোকে লাইক কৰিছে। বহু সংখ্যক লোকে ইয়াক ৰিটুইট কৰি মন্তব্য কৰিছে।

আপোনালোকক কওঁ যে ২০১৮-২২ বৰ্ষৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে থকা খান বহু গোচৰত জেলত আছে। ৰাজ্যিক উপহাৰ অবৈধ বিক্ৰীৰ অপৰাধত তেওঁ আৰু তেওঁৰ পত্নীক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে।


‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…

জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হ’ল এক বিশেষ ৰোগৰ বাবে, প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে। ৰূপালী গাংগুলীয়ে কয় যে তেওঁৰ মাতৃ হোৱাটো এক অলৌকিকতাৰ তুলনাত কম নাছিল। কাৰণ তেওঁ থাইৰয়ড ৰোগী। এই ৰোগ মহিলাৰ মাজত অতি সাধাৰণ, যাৰ বাবে তেওঁলোকৰ প্ৰজনন ক্ষমতা কেতিয়াবা কমিবলৈ আৰম্ভ কৰে। ভাৰতৰ শীৰ্ষ টিভি ধাৰাবাহিক ‘অনুপমা’ৰ মূল চৰিত্ৰ ৰূপালী গাংগুলীয়ে শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিছে। এই খবৰৰ মাজতে অভিনেত্ৰীগৰাকীৰ এটা সাক্ষাৎকাৰত বহু চৰ্চিত হৈছে য’ত তেওঁ গৰ্ভাৱস্থাৰ সময়ত সন্মুখীন হোৱা সমস্যাৰ কথা কৈছে। ৪৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কৈছিল যে থাইৰয়ড ৰোগৰ বাবে গৰ্ভধাৰণত যথেষ্ট অসুবিধা হৈছিল। মোৰ থাইৰয়ড আছিল। ইয়াৰ বাবে প্ৰজনন ক্ষমতাৰ সংখ্যা অতি কম হৈ পৰে। বহু ডাক্তৰৰ পৰামৰ্শ লৈছিলো। মোৰ ল’ৰাটো মোৰ বাবে অলৌকিকতাৰ পৰা কম নহয়। আপোনালোকক জনাওঁ যে মহিলাৰ থাইৰয়ডৰ সমস্যা অতি সাধাৰণ। বিশেষকৈ যদি জীৱনশৈলী ভাল নহয়-

থাইৰয়ড হৈছে ডিঙিত থকা পখিলা আকৃতিৰ গ্ৰন্থি, যিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় হৰম’ন উৎপাদনৰ কাম কৰে। থাইৰয়ড বিপাকীয় ক্ৰিয়া, পিৰিয়ড আৰু ডিম্বাণু নিঃসৰণ নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ। এনে পৰিস্থিতিত যেতিয়া এই গ্ৰন্থিয়ে সঠিকভাৱে কাম নকৰে তেতিয়া মহিলাসকলে অনিয়মিত ঋতুস্ৰাৱ, বন্ধ্যাত্ব আৰু আনকি আগতীয়াকৈ ৰজোনিবৃত্তিও অনুভৱ কৰে। দীৰ্ঘদিনলৈ কম বেছি পৰিমাণে হৰম’ন উৎপন্ন কৰা থাইৰয়ড গ্ৰন্থি এটা ৰোগ। এই ৰোগ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়।

হাইপোথাইৰয়ডিজম মানে যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে কম হৰম’ন উৎপাদন কৰে তেতিয়া গৰ্ভধাৰণত অসুবিধাৰ সৃষ্টি কৰে। যিহেতু থাইৰয়ড গ্ৰন্থি আপোনাৰ ডিম্বাণু নিঃসৰণ চক্ৰৰ বাবে দায়ী, গতিকে থাইৰয়ড হৰম’নৰ মাত্ৰা কম হ’লে ডিম্বাণু নিঃসৰণত বাধা আহিব পাৰে। এনে পৰিস্থিতিত ডিম্বাণু নিঃসৰণৰ চক্ৰ অনিয়মিত হৈ পৰে আৰু গৰ্ভধাৰণ সম্ভৱ নহয়।

মহিলাৰ ক্ষেত্ৰত হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ এনেকুৱা দেখা যায়-

হৃদস্পন্দন কম, ভাগৰ, মেদবহুলতা বৃদ্ধি, বৰ ঠাণ্ডা অনুভৱ কৰা, শুকান ছালৰ সমস্যা, উদাস।
যদি থাইৰয়ড ৰোগ অতি গুৰুতৰ হয় তেন্তে ইয়াৰ চিকিৎসাৰ বাবে ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। কিন্তু যদিহে এই ৰোগটো প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে, তেন্তে খাদ্যাভ্যাস আৰু যোগাসনৰ উন্নতিৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়।

থাইৰয়ড আজীৱন ৰোগ। এবাৰ হ’লে ইয়াৰ কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ একমাত্ৰ উপায় হ’ল ইয়াক নিয়ন্ত্ৰণ কৰা। এনে পৰিস্থিতিত এই ৰোগৰ পৰা প্ৰতিৰোধক সৰ্বোত্তম বুলি গণ্য কৰা হয়। ইয়াৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ লগতে নিয়মীয়া ব্যায়াম, ওজন আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ প্ৰয়োজন।

কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…

দেশত এক সুস্থ-সবল গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাক আৰু SVEEPকোষৰ সহযোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত দিনৰ এক বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে মূকাভিনয় প্ৰদৰ্শনৰ জৰিয়তে ভোটদানৰ ক্ষমতাৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি SVEEP কোষে ভোটদানত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এনে ধৰণৰ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ

নগাঁৱৰ বিশিষ্ট সংগীত শিল্পী, লেখিকা প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে অনিমা বৰুৱা শৰ্মা ট্ৰাষ্টৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, উত্তৰ-পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছন, কলংপাৰ কাকত গোষ্ঠী আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সহযোগত ১ মে’ত নগাঁও শ্বহীদ ভৱন আৰু ৰাজহুৱা পুথিভঁৰালত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ সহ দুখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানতে খগেন চন্দ্ৰ নাথৰ দ্বাৰা সম্পাদিত “অমূল্য সুবাস” নামৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আৰু ভবেন বৰা– প্ৰতিমা বৰুৱাৰ দ্বাৰা সম্পাদিত অনিমা বৰুৱা শৰ্মাৰ প্ৰবন্ধ সংকলন “নিজকে উভতি চাওঁ” উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। অৱসৰপ্রাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাই অনিমা বৰুৱা শৰ্মাৰ সৈতে সান্নিধ্যৰ স্মৃতিবোৰ ৰোমন্থন কৰি কয় যে শিল্পী অনিমা বৰুৱা শৰ্মা আছিল এগৰাকী সৰল, উদাৰ, মুকলি মনৰ আৰু হাঁহিমুখীয়া নাৰী ।

সৰুৰে পৰা সুন্দৰক আৰাধনা কৰিছিল বাবেই হয়তো তেওঁ মানুহক প্ৰাণভৰি ভাল পাইছিল । সদৌ অসম গ্ৰাম্য পুথিভঁৰালত থকা আৰু অনুষ্ঠানটোলৈ অহা সকলো মানুহৰ সৈতে তেওঁ অতি আন্তৰিকতাৰে কথা পাতিছিল । প্ৰয়োজনৰ সময়ত মানুহলৈ সহায়ৰ হাত আগবঢ়াই দিছিল ।‌ এগৰাকী সংগীত শিল্পী হিচাপে বা লেখিকা হিচাপে বা সমাজসেৱী হিচাপে তেওঁ সদায় নিজকে সক্ৰিয় কৰি ৰাখিছিল আৰু যিমান পাৰে জনহিতৰ কাৰণে সময়বোৰ উৎসৰ্গা কৰিছিল । তেওঁৰ মৃত্যুয়ে সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ চৌহদত বা বহু গুণমুগ্ধৰ অন্তৰত চিৰদিনলৈ এক শূন্যতাৰ সৃষ্টি কৰি থাকিব । নিজৰ গুণেৰে অনিমা বৰুৱা শৰ্মা সদায় জীয়াই থাকিব বুলিও ৰাজখোৱাই মন্তব্য আগবঢ়ায়। একেদৰে, সভাত অনিমা বৰুৱা শৰ্মাৰ গ্ৰন্থ ‘নিজকে উভতি চাওঁ’ উন্মোচন কৰি প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে পেলে, ভূপেন হাজৰিকা আদিৰ দৰে অজস্ৰ মানুহ পৃথিৱীত জীয়াই আছে কৰ্মৰ জৰিয়তে । যি কৰ্মই জনতাৰ কল্যাণ সাধন কৰে, সমাজ বা দেশৰ নাম উজ্জ্বল কৰে, সেই কৰ্ম মহান কৰ্ম হিচাপে সকলোৰে আদৰণীয় হৈ আহিছে । অনিমা বৰুৱা শৰ্মাও স্বকৰ্মৰে সকলোৰে আদৰণীয় হৈছে । তেওঁক এবাৰ যিয়েই লগ পাইছে, সকলোৱে এগৰাকী বিদূষী মহিলা হিচাপে আজি তেওঁক মনত পেলাইছে । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ সকলো ভাল কামৰ মূল প্ৰেৰণা আছিল অনিমা বৰুৱা শৰ্মা ।

তেওঁৰ বিয়োগ সঁচাকৈয়ে বৰ বেদনাদায়ক । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক প্রতাপ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা এই সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, অৱসৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৃষ্ণ বৰা, প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ কন্যা, অভিনেত্ৰী, লেখিকা অভিলেখ শৰ্মা প্ৰমুখ্যে কেইবা গৰাকী বক্তাই প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহ: সম্পাদক খগেন চন্দ্ৰ নাথে আঁত ধৰা এই সভাত সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক জীৱেশ্বৰ দেৱগোস্বামী, চিকিৎসক ডাঃ লম্বোদৰ হাজৰিকা, লেখক দেহীৰাম শইকীয়া, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ সভাপতি ধীৰেন চন্দ্ৰ শৰ্মাৰ উপৰি ডঃ ধৰ্মেশ্বৰ গোস্বামী, ৰঞ্জিত কুমাৰ তামুলী ফুকন, গুৰমাইল সিং, গৌৰী বল্লভ গোস্বামী, বিনু লস্কৰ ঠাকুৰীয়া, ডঃ অঞ্জনা গোস্বামী, মাধন শইকীয়া, হৰিদেৱ মহন্ত, নৱকান্ত লিগিৰা, ৰুমু বেগম, জীৱ প্ৰসাদ বৰকটকী, গুণ বৰা, নিৰলা দাস, বিভা ফুকন, ডঃ টুলুমণি দেৱী,ভবেন বৰা, পুণ্যদা বৰা, অশোক ৰাম ভট্টাচাৰ্য, ফজলুল হক মৰল প্ৰমুখ্যে সমাজৰ দুই শতাধিক গণ্য-মান্য লোক উপস্থিত আছিল। সভাৰ শলাগৰ শৰাই আগবঢ়ায় অনিমা বৰুৱা শৰ্মাৰ স্বামী তথা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই। উক্ত সভাৰ পিছতে কবি, সৰ্বশিক্ষা আঁচনি বিষয়া শ্ৰুতিমালা গায়ন বৰাৰ সঞ্চালনাত এখনি কবি মেল অনুষ্ঠিত হয়। গুণকান্ত শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত পদুম ৰাজখোৱা, বিনু দেৱী ঠাকুৰীয়া, নীলকমল বৰা প্ৰমুখ্যে দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে। ইয়াৰ পূৰ্বে পুৱা ভাগত ডঃ কৰবী দেৱীৰ পৰিচালনাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু ভক্তিমূলক গীতৰ অনুষ্ঠান, প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।