Home Blog Page 840

অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই…

অগপৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ শাৰীৰিক অসুস্থতাৰ বাবে সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

বুধবাৰে সন্ধিয়া চিকিৎসালয়ত উপস্থিত হৈ তেখেতক চিকিৎসা কক্ষত সাক্ষাৎ কৰি চিকিৎসক তথা পৰিয়ালৰ সদস্যৰপৰা তেখেতৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ খবৰ ল’লে মন্ত্ৰী অতুল বৰাই।

লগতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ দ্ৰুত আৰোগ্য আৰু সুস্বাস্থ্য‌ কামনা কৰে।

উজনি অসমৰ উত্তৰপাৰ-দক্ষিণপাৰৰ যাতায়তত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ ! পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী বিভিন্ন সংগঠনৰ…

কুলাজান-বগীবিল দলং সংযোগী ১৫ ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁত,উজনি অসমৰ উত্তৰপাৰ-দক্ষিণপাৰৰ যাতায়তত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজৰ,পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী বিভিন্ন সংগঠনৰ

উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ যাতায়ত যোগাযোগৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী উন্নয়ন সাধন কৰিবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন বগীবিল দলং নিৰ্মাণ কৰিছিল।১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে বগীবিল দলঙৰ শুভাৰম্ভ কৰে। তেতিয়াৰ পৰাই উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ যাতায়ত-যোগাযোগ ব্যৱস্থা উন্নত হৈ আহিছে। স্মৰণীয় যে  ধেমাজি জিলাৰ কুলাজানৰ পৰা বগীবিল দলং সংযোগী ১৫ নং ঘাইপথছোৱা সম্প্ৰতি যাতায়তৰ বাবে অসহনীয় হৈ পৰিছে।

পথছোৱাৰ অধিকাংশতে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যানবাহন চলাচলত ব্যাঘাত জন্মিছে। পথছোৱাৰে নিতৌ শ শ ডাম্পাৰে চিমেন, ডিমৌ, গাই আদি নদী সমূহৰ পৰা শিল,বালি ডিব্ৰুগড়, তিনিচুকীয়া আদি দক্ষিণপাৰৰ বিভিন্ন জিলালৈ কঢ়িয়াই নিয়ে। শিল,বালি ভৰ্তি ডাম্পাৰৰ চলাচলৰ বাবে কুলাজান-বগীবিল দলং সংযোগী পথছোৱা জৰাজীৰ্ণ হৈ পৰিছে বুলি ভূক্তভোগী ৰাইজে অভিযোগ উত্থাপিত কৰিছে। উক্ত পথছোৱা শোচনীয় হৈ পৰাৰ ফলত উজনি অসমৰ ধেমাজি,গোগামুখ, চিলাপথাৰ,জোনাই,লখিমপুৰ, গহপুৰ, বিহপুৰীয়াৰ আদি ঠাইৰ উপৰি অৰুণাচল প্ৰদেশৰ বহু ঠাইৰ ৰাইজে উচ্চ শিক্ষা, চিকিৎসা, বজাৰ, ব্যৱসায় আদি বিভিন্ন কামত

দৈনন্দিন ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইলৈ যাতায়ত কৰি অহা সৰ্বসাধাৰণ ৰাইজৰ মাজত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ কুলাজান-বগীবিল দলং সংযোগী পথছোৱা মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চিচি-চিলাপথাৰ জিলা সমিতি, সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজি জিলা সমিতি, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ধেমাজি জিলা সমিতি, সদৌ অসম হাজং ছাত্র সন্থাৰ ধেমাজি জিলা সমিতি, ইউবিপিঅৰ ধেমাজি জিলা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

চি বি এছ চি’ৰ মেট্ৰিকত ৯৬.২ শতাংশ নম্বৰৰে উজ্জলিল চিলাপথাৰৰ জুবীৰাজ সোনোৱাল…

সোমবাৰে ঘোষিত চি বি এছ চি’ৰ দশম শ্ৰেণীৰ পৰীক্ষাত চিলাপথাৰ ছেইণ্ট ফ্ৰান্সিছ ডী চেলছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ মেধাৱী ছাত্ৰ জুবীৰাজ সোনোৱাল ৯৬.২ শতাংশ সহ প্ৰথম বিভাগত উতীৰ্ণ হৈ অঞ্চলটোৰ ভিতৰতে উজ্বলি উঠিল। চিলাপথাৰৰ জোনাকী নগৰ নিবাসী প্ৰাক্তন সেনাৰ জোৱান যতীন সোনোৱাল আৰু জেনিফা‌ কোঁৱৰ

সোনোৱালৰ বৰ পুত্ৰ জুবীৰাজে ক্ৰমে ইংৰাজীত ৯৪,অসমীয়াত ৯৮,সাধাৰন‌ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ৮৬,সমাজ বিজ্ঞানত ৯৭ আৰু‌ ইনফৰ্মেচন টেকনলজীত ৯৪ নম্বৰ (৯৬.২ শতাংশ) নম্বৰ সহ অনুষ্ঠানখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ল। ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ লক্ষ্য পূহি ৰখা কীৰ্তিমান ছাত্ৰ জনে

ইতিমধ্যে ডিব্ৰুগড়ৰ ৰামকৃষ্ণ বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি পাঠ গ্ৰহণ কৰি আছে। ছাত্ৰ জনৰ চমকপ্ৰদ ফলাফল প্ৰাপ্তিৰ বিষয়টোৱে বিদ্যালয়খনৰ লগতে অঞ্চলবাসী ৰাইজক উৎফুল্লিত কৰি তুলিছে। ৰাইজে মেধাৱী ছাত্ৰ জনৰ উজ্বল ভৱিষ্যত কমণা কৰি শুভেচ্ছা যাচিছে।

বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি- শিক্ষাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ বাবে অনলাইন সেৱা শিৱিৰ সম্পন্ন…  

বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত  হিতাধীকাৰী সকলে বিভিন্ন চৰকাৰী আঁচনিৰ বাবে আৰু ছাত্র-ছাত্ৰী সকলে বিভিন্ন যাৱতীয় নথি-পত্ৰ লাভ কৰিবলৈ অনলাইনৰ সেৱা শিৱিৰ ডিমৌ পালে স্মাৰ্টপুৰ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ ক্ষেত্ৰ প্ৰচাৰক ধৰ্মৰাজ কাৰ্কিয়ে কয় জনসাধাৰণ তথা হিতাধীকাৰী সকলে বিভিন্ন কাৰণত যাৱতীয় নথি-পত্ৰ নথকাৰ বাবে চৰকাৰী আঁচনি লাভৰ ক্ষেত্ৰত বঞ্চিত হ’ব লগা হৈ আহিছে।

বিশেষকৈ আধাৰ কাৰ্ড,পান কাৰ্ড,ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আদি যাৱতীয় নথি-পত্ৰ অভাৱৰ ফলত প্ৰকৃত হিতাধীকাৰীয়ে বিভিন্ন সময়ত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি ছাত্র-ছাত্ৰী সকলেও শিক্ষানুষ্ঠানত অনলাইনত নামভৰ্ত্তি কৰিবলৈ বিভিন্ন ক্ষেত্ৰত বহুতে অসুবিধাৰ সন্মুখীন হব লগা হয় কৈ সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্র-ছাত্ৰী সকলে সন্মুখীন হোৱা এনেধৰণৰ অসুবিধাখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ অনলাইন সেৱাৰ

জৰিয়তে  ৰাইজে যাতে যাৱতীয় নথি-পত্ৰ সমূহ লাভ কৰে সেই উদ্দেশ্য আগত ৰাখি এনে পদক্ষেপ লোৱা হৈছে বুলি কয়। বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ প্ৰযুক্তিসম্পন্ন দিলিপ মিলি, লাৱণ্য দেউৰী,লীলা দলে,ৰাহুল দলে,হাস্না মিপুন উপস্থিত থাকি অনলাইন সেৱাৰ জৰিয়তে সুলভ মূল্যত সত্তৰ গৰাকী লোকক বিভিন্ন নথি-পত্ৰ যোগান ধৰে।

দেশলৈ ঘূৰি আহিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি অভিযুক্ত প্ৰজ্জ্বল ৰেভান্না…

আশা দেখা গৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্নাই হয়তো দেশলৈ উভতি আহিব পাৰে। তেওঁৰ বিৰুদ্ধে ভাৰতত মহিলাক যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছে। চিবিআইয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰিছে। কৰ্ণাটকৰ সিদ্ধাৰামাইয়া চৰকাৰে প্ৰজ্জ্বলক দেশলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া এক তীব্ৰ গুঞ্জন উঠিছে যে অভিযুক্ত ৰেভান্না দেশলৈ উভতি আহিব পাৰে।

এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰজ্জ্বলে মিউনিখৰ পৰা বাংগালুৰুলৈ অহা বিমানত ব্যৱসায়িক শ্ৰেণীৰ টিকট বুক কৰিছে।৩৩ বছৰীয়া সাংসদজনে জাৰ্মানীলৈ পলাই গৈছিল। প্ৰজ্জ্বলৰ পিতৃ এইচ ডি ৰেভান্নাক ২৯ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল। এগৰাকী মহিলাক অপহৰণ কৰাৰ অভিযোগত ৰুজু কৰা এটা গোচৰত ৰেভান্নাক ১৪ মে’লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। সোমবাৰে তেওঁক ৫ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন দিয়া হৈছিল। জেডি(এছ) নেতা তথা সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ যৌন কেলেংকাৰীৰ অভিযোগে এতিয়া গৰম কৰি ৰাখিছে কৰ্ণাটকৰ ৰাজনীতি। দেৱগৌড়াৰ নাতিয়েক আৰু কৰ্ণাটকৰ হাছানৰ বিদায়ী সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ উঠাৰ পিছতে দলে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উল্লেখ্য প্ৰজ্জ্বল ৰেভান্না এইবাৰো লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী। যৌন কেলেংকাৰী সন্দৰ্ভত উত্তৰ বিচাৰি যুৱ সাংসদগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। দুদিন পূৰ্বে জেডি(এছ) নেতা প্ৰজ্জ্বল ৰেভান্নাৰযৌন কেলেংকাৰীৰ এটা ভিডিঅ’ লিক হৈছিল। প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। কৰ্ণাটকৰ শাসকীয় দলটো হৈছে কংগ্ৰেছ। আনহাতে, দেৱগৌড়াৰ জেডি(এছ) অন্য তম বিৰোধী দল।

জেডি(এছ) কেন্দ্ৰৰ শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই দক্ষিণৰ ৰাজ্যখনলৈ আহি প্ৰজ্জ্বল ৰেভান্নাৰ হৈ প্ৰচাৰ চলাইছিল। তাৰ পিছতে যৌন কেলেংকাৰীৰ ভিডিঅ’ পোহৰলৈ আহিছে। প্ৰজ্জ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথ দেৱগৌড়াৰ ডাঙৰ পুত্ৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাৰ নামো গোচৰটোত সাঙোৰ খাইছে। ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰিছে যে ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁক কেইবাবাৰো যৌন নিৰ্যাতন চলোৱা হৈছিল। তেওঁ অভিযোগ কৰিছে যে যেতিয়াই প্ৰজ্জ্বল ৰেভান্নাৰ দেউতাক এইচ ডি ৰেভান্নাৰ পত্নী ঘৰত নাছিল, জেডি(এছ)ৰ সাংসদজনে ঘৰত কাম কৰা মহিলাসকলক যৌন নিৰ্যাতন কৰিছিল। ৩৩ বছৰীয়া প্ৰজ্জ্বল এই নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে হাছান আসনৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। কৰ্ণাটকত জেডিএছ আৰু বিজেপিৰ মিত্ৰতা আছে। জেডি(এছ)য়ে ২০২৩ চনৰ ছেপ্টেম্বৰত এন ডি এত যোগদান কৰিছিল।

বিজেপি নেতাজনে দলৰ সভাপতিলৈ লিখা পত্ৰ লিখিছিল “প্ৰজ্জ্বল ৰেভান্নাকে ধৰি এইচডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে, আৰু আমি জেডি(এছ)ৰ সৈতে মিত্ৰতাত আছো। পেন ড্ৰাইভটোত মুঠ ২,৯৭৬ টা ভিডিঅ’ আছিল আৰু ফুটেজত কিছুমান মহিলা চৰকাৰী বিষয়া আৰু মহিলাক যৌন শোষণ চলোৱা হৈছে।

বনজুইঃ উত্তৰাখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীক কিয় নিৰ্বাচনী কামত ব্যৱহাৰ কৰা হৈছিল?

উচ্চতম ন্যায়ালয়ত সমালোচনাৰ সন্মুখীন হ’ল উত্তৰাখণ্ডৰ চৰকাৰ। বনজুয়ে সংহাৰৰ সৃষ্টি কৰা উত্তৰাখণ্ডৰ পৰিস্থিতিকলৈ উদ্বিগ্নতা ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে বুধবাৰে উত্তৰাখণ্ড চৰকাৰক বনজুইৰ প্ৰসংগত সমালোচনা কৰি কয় যে জুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ “অভাৱ” আছিল। আদালতে চৰকাৰক প্ৰশ্ন কৰে যে বনজুইৰ কৰ্মীসকলক কিয় নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰা হৈছিল। ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত শীৰ্ষ আদালতৰ বিচাৰপীঠে উত্তৰাখণ্ডৰ মুখ্য সচিবক ১৭ মে’ত ব্যক্তিগতভাৱে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়াধীশ এছ ভি এন ভাট্টি আৰু সন্দীপ মেহতাক লৈ গঠিত বিচাৰপীঠে মন্তব্য কৰে যে যদিও একাধিক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, সেইবোৰৰ কাৰ্যকৰীকৰণৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই৷ শীৰ্ষ ন্যায়ালয়ে বন বিভাগৰ বৃহৎ খালী পদ পূৰণৰ বিষয়টোও অৱলোকন কৰে।


বুধবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ডত বনজুইৰ ওপৰত এখন আবেদনৰ শুনানি গ্ৰহণ কৰে৷ আদালতৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই এজন বিষয়াই কয় যে বন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীৰ নিৰ্বাচনী কৰ্তব্য সমাপ্ত হৈছে ৷ উত্তৰাখণ্ড চৰকাৰে লগতে উল্লেখ কৰে যে তেওঁলোকে কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰা নাই। উত্তৰাখণ্ড চৰকাৰে কয় যে ৯,০০০ ৰো অধিক লোকে বনজুইত ক্ষতিগ্ৰস্তৰ সহায়ৰ বাবে কাম কৰি আছে আৰু এতিয়ালৈকে ৪২০ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। যদি কেন্দ্ৰ আৰু ৰাজ্য উভয়ে একেলগে কাম কৰে, এই সমস্যাটো সমাধান কৰিব পৰা যাব বুলিও চৰকাৰে। উচ্চতম ন্যায়ালয়ত প্ৰকাশ কৰে।

প্ৰতিবাদলৈ কেৰেপ নকৰিলে চৰকাৰেঃ দেশত কাৰ্যকৰী কৰা হ’ল কা, প্ৰথমবাৰৰ বাবে ১৪ জন আৱেদনকাৰীয়ে কাৰ অধীনত লাভ কৰিলে নাগৰিকত্ব…

দেশ জুৰি হোৱা প্ৰতিবাদেও টলাব নোৱাৰিলে চৰকাৰক। অৱশেষত ১৫ মে’ত দেশত কাৰ্যকৰী কৰা হ’ল কা। নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ)ৰ নিয়মৰ বিষয়ে জাননী প্ৰকাশৰ প্ৰায় দুমাহৰ পিছত গৃহ মন্ত্ৰালয়ে বুধবাৰে এই আইনৰ অধীনত প্ৰথমবাৰৰ বাবে ১৪ গৰাকী লোকক নাগৰিকত্বৰ প্ৰমাণপত্ৰপ্ৰদান কৰে। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আবেদনকাৰীসকলক প্ৰমাণপত্ৰসমূহ হস্তান্তৰ কৰে। কেন্দ্ৰই ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) বাবে নিয়মাৱলী জাৰি কৰিছিল। ফলত সংসদৰ দ্বাৰা গৃহীত হোৱাৰ পিছত বিতৰ্কিত আইনখনৰ ৰূপায়ণৰ পথ প্ৰশস্ত হয়।” দিল্লীৰ সঞ্চালক (লোকপিয়ল অভিযান)ৰ নেতৃত্বত দিল্লীৰ বিশেষ সমিতিয়ে উপযুক্ত পৰীক্ষাৰ অন্তত ১৪গৰাকী লোকক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

নাগৰিকত্ব (সংশোধনী) নিয়ম, ২০২৪ৰ অধিসূচনাৰ পিছত নাগৰিকত্ব প্ৰমাণপত্ৰ আজি প্ৰথমটো দলক প্ৰদান কৰাৰ পিছতেসমগ্ৰ দেশে এই আইন যে পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব সেয়া স্পষ্ট হৈ পৰিল। । ভাল্লাই আবেদনকাৰীসকলক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰি তেওঁলোকক অভিনন্দন জনায় আৰু নাগৰিকত্ব (সংশোধনী) নিয়ম, ২০২৪ৰ মুখ্য বৈশিষ্ট্যসমূহৰ বিষয়ে আলোকপাত কৰে। নাগৰিকত্ব (সংশোধনী) আইনে ভাৰতত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। পাকিস্তান, আফগানিস্তানত ধৰ্মীয় অত্যাচাৰৰ বাবে ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলকহে এই আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হ’ব।

প্ৰথমবাৰৰ বাবে চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। বিৰোধীয়ে আৰম্ভণিৰে পৰা আশংকা প্ৰকাশ কৰিছে যে দেশৰ সংখ্যালঘু মুছলমানসকলক এই আইনে ‘লক্ষ্য’ কৰি ল’ব পাৰে। ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত বিজেপিৰ এটা মুখ্য বিষয় আছিল নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ। দেশজুৰি বিৰোধিতাৰ মাজত ২০১৯ চনত হিংসাত্মক প্ৰতিবাদৰ মাজতে মোদী চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিছিল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাত কমেও ১০০ জন লোক নিহত হৈছিল। বিশেষকৈ , অসম, পশ্চিম বংগৰ দৰে বিৰোধী শাসিত ৰাজ্যসমূহে ধৰ্মীয় পৰিচয়ৰ আধাৰত চি.এ.এ. কাৰ্যকৰী কৰাৰ বিৰোধিতা কৰি আহিছে। জাননী অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে ভাৰতলৈ অহা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান প্ৰব্ৰজনকাৰীসকলক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হ’ব , কিন্তু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। গৃহ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে যোগ্য ব্যক্তিসকলে “সম্পূৰ্ণ অনলাইন পদ্ধতি”ত আবেদন দাখিল কৰিব পাৰে। শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে চিএএ ৰূপায়ণক “দেশৰ কৰ্তব্য” বুলি অভিহিত কৰিছে।

কেন্দ্ৰই কৈছে যে নাগৰিকত্ব (সংশোধনী) আইনে হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আৰু পাৰ্চীসকলক ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। তেওঁলোক মুছলমান অধ্যুষিত দেশসমূহত ধৰ্মীয় অত্যাচাৰৰ বাবে ভাৰতলৈ পলায়ন কৰা লোকো হ’ব পাৰে। বিৰোধীয়ে অৱশ্যে কৈছে যে আইনখনে মুছলমানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰে আৰু সংবিধানত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষ নীতিসমূহ উলংঘা কৰিব।
বিধেয়কখন তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুমোদ জনাইছিল আৰু সেয়া আইনত পৰিণত হৈছিল। প্ৰায় চাৰে চাৰি বছৰ ধৰি চি.এ.এ. প্ৰয়োগ কৰা হোৱা নাছিল। ফলস্বৰূপে এই আইনখন কাৰ্যকৰী কৰা হোৱা নাছিল। নাগৰিকত্বৰ বাবে আবেদন অনলাইনত কৰিব পৰা যাব। অধিসূচনা অনুসৰি ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰ্টেল সৃষ্টি কৰা হৈছে। ‘চিএএ পৰ্টেল’ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। পৰ্টেলটো হৈছে- indiancitizenshiponline.nic.in। আবেদনকাৰীয়ে প্ৰথমে এই পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। ইয়াত কেইবাখনো নথিপত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ পিছত, কেতিয়া তেওঁ ভাৰতলৈ আহিছিল, তেওঁ কি ভাৰতলৈ আহিছিল আদি কথা উল্লেখ কৰিব লাগিব। লগতে ম’বাইল ফোনৰ নম্বৰ দিবই লাগিব। মোবাইল ফোনত এটা অ’টিপি আহিব। তাৰ পিছত সেই সকলো তথ্য আপলোড কৰিব লাগিব। চিএএ পৰ্টেলত দাখিল কৰিবলগা নথিপত্ৰবোৰ কি? পাছপোৰ্ট, জন্মৰ প্ৰমাণপত্ৰ বা বিদ্যালয়ৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ আৱাসিক অনুমতিপত্ৰ নাগৰিকত্বৰ বাবে গ্ৰহণ কৰা হ’ব। ভাৰতত থাকোঁতে, বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰকো এক বৈধ দস্তাবেজ হিচাপে গণ্য কৰা হ’ব। অৱশ্যে, দাখিল কৰা নথিপত্ৰবোৰ বৈধ আৰু সঠিক হ’ব লাগিব। যদি পৰিচয় পত্ৰকে ধৰি আন নথিপত্ৰত কোনো ভুল হয়, তেনেহ’লে আবেদনত সমস্যা হ’ব পাৰে।

অধিসূচনা অনুসৰি নতুন নিয়মত কোৱা হৈছে যে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনকাৰীসকলে দুটা বিশেষ নথি দাখিল কৰিব লাগিব। এজন ভাৰতীয় নাগৰিকে শপতনামাৰ জৰিয়তে আবেদনকাৰীৰ চৰিত্ৰৰ বিষয়ে সাক্ষ্য দিব লাগিব। আবেদনকাৰীৰ সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত যিকোনো এটা ভাষাৰ পৰ্যাপ্ত জ্ঞান থাকিব লাগিব। নাগৰিকত্ব প্ৰদানৰ বাবে আবেদনখন প্ৰপত্ৰ 8এ-ত দাখিল কৰা হৈছে য’ত আবেদনকাৰীৰ চৰিত্ৰৰ সাক্ষ্য দিবলৈ এজন ভাৰতীয় নাগৰিকৰ শপতনামা আৰু লগতে আবেদনত দিয়া বিবৃতিৰ সত্যতা পৰীক্ষা কৰা শপতনামা অন্তৰ্ভুক্ত থাকিব। যদি আবেদনকাৰীৰ আবেদনটো অনুমোদিত হয়, তেন্তে তেওঁ আন এখন দেশৰ নাগৰিকত্ব ত্যাগ কৰিব লাগিব।

আৰইচি লিমিটেডৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰ্ষ বাৱেজাই…

১০ মে’ত তাৰিখে কেবিনেট নিযুক্তি সমিতিৰ (এচিচি) অনুমোদনৰ পিছত হৰ্ষ বাৱেজাই আৰইচি লিমিটেডৰ সঞ্চালক (বিত্ত) হিচাবে দায়িত্ব গ্ৰহণ কৰিলে। ১১ জন প্ৰাৰ্থীৰ মাজৰ এক বাছনি প্ৰক্ৰিয়াৰ পিছত ৰাজহুৱা উদ্যোগ বাছনি ব’ৰ্ডৰ (পিইএছবি) পৰামৰ্শ অনুসৰি হৰ্ষ বাৱেজাক নিযুক্তি দিয়া হৈছে। এজন অভিজ্ঞ চাৰ্টাৰ্ড একাউণ্টেণ্ট বাৱেজাৰ কেইবাটাও প্ৰতিষ্ঠানত বিত্তীয় আৰু ব্যৱসায়িক বিষয়বোৰ পৰিচালনা কৰাৰ ৩৩ বছৰৰো অধিক কালৰ অভিজ্ঞতা আছে। আৰইচিত কাৰ্যবাহী সঞ্চালক (বিত্ত) হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ সমগ্ৰ ভাৰতৰ কৌশলগত স্থানত আৰইচিৰ মুখ্য ব্যৱসায়িক কাৰ্যালয়সমূহ পৰিচালনা কৰাকে ধৰি ৰাজ্যিক আৰু ব্যক্তিগত খণ্ড উভয়ৰে বাবে বিত্তীয় যোগানৰ দিশবোৰ চোৱা-চিতা কৰিব।


 
বাৱেজাই তেওঁৰ নতুন দায়িত্বৰ বিষয়ে উল্লেখ কয়, “মোৰ লক্ষ্য হ’ব কম ব্যয়ৰ ঋণ নিশ্চিত কৰা, সকলো অংশীদাৰৰ বাবে উন্নত বিকাশত উদগনি যোগোৱা আৰু বিত্তীয় বৰ্ষৰ শেষৰ ফালে শূন্য এনপিএৰ সৈতে নৱীকৰণযোগ্য শক্তি খণ্ডক বিত্তীয় যোগান ধৰাৰ ক্ষেত্ৰত আৰইচিক সফল প্ৰতিষ্ঠান হিচাবে প্ৰতিষ্ঠা কৰা।”

মানি লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক…

প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা আলমগীৰ আলমক তেওঁৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে। ৰাজ্যখনৰ গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে মঙলবাৰে ইডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে হাজিৰ হৈছিল। তেওঁ পুৱা প্ৰায় ১১ বজাত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। ইডিয়ে যোৱা সপ্তাহত আলমৰ ব্যক্তিগত সচিব আৰু ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ কুমাৰ লাল আৰু লালৰ ঘৰুৱা সহায়ক জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিছিল। জাহাংগীৰ আলমে বাস কৰা এটা ফ্লেটৰ পৰা ৩২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰা হৈছিল।


৭০ বছৰীয়া আলমক মঙলবাৰে ৰাঁচীত ইডিৰ আঞ্চলিক কাৰ্যালয়ত মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত তেওঁৰ বক্তব্য লিপিৱদ্ধ কৰাৰ বাবে সাক্ষ্য দিবলৈ মতা হৈছিল। বিষয়াসকলৰ মতে, জাহাংগীৰ আলমে স্বীকাৰ কৰিছিল যে তেওঁ “কমিছন আৰু উৎকোচৰ জৰিয়তে সংগ্ৰহ কৰা ধন”ৰ তত্ত্বাৱধান কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰতি মাহে প্ৰায় ১৫,০০০ টকা দৰমহা লাভ কৰিছিল। মন্ত্ৰী আলমগীৰেই জাহাংগীৰক তেওঁৰ পি এছ সঞ্জীৱ কুমাৰ লালৰ বাসগৃহত লগুৱা হিচাপে নিযুক্ত কৰিছিল। ইয়াৰ পূৰ্বে জাহাংগীৰে কেইদিনমানৰ বাবে মন্ত্ৰীজনৰ বাসগৃহতো কাম কৰিছিল।

সঞ্জীৱ কুমাৰ লালে ভাড়া লৈছিল ৰাঁচীৰ ছাৰ চৈয়দ ৰেচিডেন্স এপাৰ্টমেণ্টৰ এটা ফ্লেট। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সঞ্জীৱে জাহাংগীৰক এদিন বা দুদিনৰ মূৰে মূৰে টকাৰ মোনা থবলৈ দিছিল। ইডিয়ে সঞ্জীৱৰ বাসগৃহৰ পৰা ১০ লাখ টকা আৰু তেওঁৰ পত্নীৰ নিৰ্মাণ কোম্পানীৰ অংশীদাৰ মুন্না সিঙৰ বাসগৃহৰ পৰা ২.৯৩ কোটি টকা জব্দ কৰিছে৷ অৱশ্যে, সঞ্জীৱে প্ৰথমতে জাহাংগীৰৰ ফ্লেটৰ পৰা পোৱা ধন তেওঁৰ নহয় বুলি কৈছিল। কিন্তু প্ৰমাণ পোৱাৰ ইডিয়ে সঞ্জীৱক গ্ৰেপ্তাৰ কৰিছিল৷ আমোলাসকলৰ বদলি-নিযুক্তি আদিৰ নামতো মন্ত্ৰীগৰাকীৰ লগতে তেওঁ সচিবে উৎকোচ লৈছিল।

বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! গাড়ী চলাওঁতে হাৰ্ট এটেক কিয় আহে, যদি শৰীৰত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে সাৱধান হওক…

হাৰ্ট এটেক হঠাতে নহয়। হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ সুস্থ আৰু সক্ৰিয় জীৱনশৈলীৰ লগতে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। যোৱা কেইবছৰমানৰ পৰা হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। নাচ বা জিম কৰি থকাৰ সময়ত হাৰ্ট এটেকৰ ফলত বহু মানুহে প্ৰাণ হেৰুৱাইছে। শেহতীয়াকৈ ৫০ বছৰীয়া এজন ব্যক্তিৰ হাৰ্ট এটেকত চলন্ত গাড়ীত মৃত্যু হয়। গাড়ীখন তেওঁ নিজেই চলাই আছিল। যেতিয়া তেওঁৰ অস্থিৰতা আহিবলৈ ধৰিলে, তেতিয়া তেওঁ গাড়ীখন ৰাস্তাৰ কাষত ৰখাই দিলে। এই সময়ছোৱাত তেওঁৰ উশাহ বন্ধ হৈ গ’ল। যদিও মানুহে সাধাৰণতে হাৰ্ট এটেকক হঠাৎ চিকিৎসাজনিত অৱস্থা বুলি ভুল কৰে, বাস্তৱত ইয়াৰ লক্ষণসমূহ ঘণ্টা বা সপ্তাহ নহয়, ৩০ দিনৰ আগতেই দেখা দিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি ইয়াক নিৰীক্ষণ কৰা হয়, তেন্তে হাৰ্ট এটেকৰ ফলত মৃত্যুৰ আশংকা বহুগুণে হ্ৰাস পাব পাৰে।

হাৰ্ট এটেকৰ চিকিৎসাধীন ৪১ শতাংশ লোকে এমাহ আগৰ পৰা এই লক্ষণসমূহ অনুভৱ কৰে-

বুকুৰ বিষ
বুকুৰ গধুৰ অনুভৱ
দ্ৰুত হৃদস্পন্দন
শ্বাস-প্ৰশ্বাসৰ সমস্যা
হাৰ্টবাৰ্ণ
ভাগৰ
টোপনিৰ লগত জড়িত সমস্যা, ইত্যাদি।


হাৰ্ট এটেকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-

যেতিয়া হাৰ্ট এটেক হৈ থাকে তেতিয়া ইয়াক ৰোধ কৰিবলৈ কোনেও একো কৰিব নোৱাৰে। অৱশ্যে হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ মানুহে কিছুমান কাম কৰিব পাৰে। ইয়াৰ ভিতৰত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, শাৰীৰিকভাৱে সক্ৰিয় হোৱা, ধূমপান এৰাই চলা আৰু প্ৰচুৰ টোপনি অহা আদি।

খাদ্যত হৃদযন্ত্ৰ শক্তিশালী কৰা খাদ্য অন্তৰ্ভুক্ত কৰক-

খাদ্যত ওমেগা-৩ ফেটি এচিডযুক্ত মাছ – ছালমন, টুনা, কণী, বাদাম, বীন, মচুৰ দাইল, পটল, সেউজীয়া শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিলে হৃদযন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে।

যদি আপুনি বুকুৰ বিষ বা টান বা উশাহ লোৱাত অসুবিধা নোহোৱাকৈ মধ্যমীয়া তীব্ৰতাসম্পন্ন শাৰীৰিক কাৰ্য্যকলাপ, যেনে ৱাক, কৰিব পাৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ হৃদযন্ত্ৰৰ ব্যৱস্থাই আপোনাৰ শৰীৰৰ প্ৰয়োজনীয় অক্সিজেন যোগান ধৰিছে যিটো হৈছে সুস্থ হৃদযন্ত্ৰৰ পৰিচয়। ইয়াৰ উপৰিও নিয়মীয়াকৈ পৰীক্ষা কৰাটোও গুৰুত্বপূৰ্ণ।