Home Blog Page 85

তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ

তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ
তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ

পশ্চিম কাৰ্বি আংলঙত জাৰি BNS 163 ধাৰা, পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত


সোমবাৰে প্ৰতিবাদৰ নামত ভয়ংকৰ ৰূপ ধাৰণ কৰিলে পাহাৰীয়া কাৰ্বি ভূমিয়ে। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাঙৰ ডংকামকামস্থিত পিতৃগৃহত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত সমগ্ৰ অঞ্চলটো অগ্নিগৰ্ভা হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ সকলো থানা এলেকাত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে।

জানিব পৰা মতে, কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে চৰকাৰৰ ভূমিনীতি অনুসৰি কাৰ্বি আংলঙৰ পৰা অনা-কাৰ্বি লোকক বহিষ্কাৰৰ দাবীত বিগত প্ৰায় এপষেক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। দেওবাৰে এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাক লৈ সোমবাৰে প্ৰতিবাদ অধিক উত্তাল হৈ উঠে।

সোমবাৰে উত্তেজিত প্ৰতিবাদকাৰীসকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামকামস্থিত পূৰ্বৰ বাসগৃহত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতেই পৰিস্থিতি তীব্ৰ ৰূপ লয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ সমান্তৰালকৈ উত্তেজিত প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ পিতৃগৃহত অগ্নিসংযোগ কৰে।

বিগত এপষেক ধৰি চলি থকা প্ৰতিবাদৰ পৰিণতিত সোমবাৰে ডংকামকাম অঞ্চল সম্পূৰ্ণ উত্তাল হৈ পৰে। প্ৰতিবাদকাৰী সংগঠনসমূহৰ অভিযোগ মতে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে এই গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত তেওঁলোক অধিক ক্ষোভিত হৈ পৰিছিল। আলোচনাৰ পথ বন্ধ হোৱাৰ বাবেই অৱশেষত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি সংগঠনসমূহে দাবী কৰে।

অগ্নিসংযোগৰ লগতে আৰক্ষীৰ লাঠিচালনা আৰু গুলীচালনাত পৰিস্থিতি অধিক জটিল হৈ পৰে। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে অগ্নিসংযোগ কৰা বাসগৃহটোত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

ঘটনাৰ গুৰুত্ব বিবেচনা কৰি সোমবাৰে মাজ নিশাই ডংকামকামত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) হাৰমিত সিং। ডিজিপিয়ে নিশাই স্থানীয় প্ৰতিবাদকাৰীৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।

ইফালে, পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা ১৬৩ ধাৰা অনুসৰি পাঁচজনতকৈ অধিক লোক একেলগে সমবেত হ’ব নোৱাৰিব। কোনো ৰেলী, ধৰ্ণা বা সমাবেশ আয়োজনত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সামাজিক মাধ্যমতো আৰক্ষীয়ে কড়া দৃষ্টি ৰাখিছে। সামাজিক আৰু অন্যান্য মাধ্যমযোগে উচতনিমূলক বক্তব্য প্ৰচাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়,
“কাৰ্বি আংলঙত বহুদিনৰ পৰা এটা দাবী উঠি আছে যে যিসকল স্থায়ী লোক নহয়, তেওঁলোকক উচ্ছেদ কৰিব লাগে। কিন্তু এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায় আছে। ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ চলোৱাটো সম্ভৱ নহয়। একাংশই তৎকালীন উচ্ছেদ বিচাৰি আমৰণ অনশন কৰিছিল। খেৰণিত আমৰণ অনশনত বহা কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, স্বাস্থ্যজনিত কাৰণতহে চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল। মন্ত্ৰী ৰণোজ পেগু আৰু DGP ঘটনাস্থলীত উপস্থিত আছে। ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব বুলি আমি আশাবাদী।”

এই প্ৰতিবেদন লিখা পৰ্যন্ত আৰক্ষী আৰু প্ৰশাসনে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে।

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক ।

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক ।
বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক ।

বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক মাধ্যমত সমৰ্থন কৰা অভিযোগত অসম আৰক্ষীয়ে ৰঙিয়াৰ পৰা এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, অভিযুক্ত যুৱকজনে সামাজিক মাধ্যমত বিতৰ্কিত আৰু সংবেদনশীল পোষ্ট প্ৰচাৰ কৰিছিল, যাৰ পাছতে আৰক্ষীয়ে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰে।

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত সংঘটিত নৃশংস ঘটনাসমূহে সমগ্ৰ বিশ্বক জোকাৰি গৈছে। মানৱতাক লজ্জিত কৰা এনে ঘটনাৰ পাছতো একাংশ লোকে ইয়াক সমৰ্থন কৰা দেখা গৈছে। শেহতীয়াকৈ এই ঘটনাক সমৰ্থন জনোৱা অভিযোগত ৰঙিয়াৰ পৰা এজন যুৱক আটক হোৱাই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

অভিযুক্ত যুৱকজন ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ বাসিন্দা মহম্মদ শ্বেইখ আখতাৰ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তথ্য অনুসৰি, “BOLLO CHAIWALA” নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে বাংলাদেশৰ হিন্দু হত্যাকাণ্ড সন্দৰ্ভত এটা বিতৰ্কিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল। ভিডিঅ’টো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

ভাইৰেল হোৱা ভিডিঅ’টোত অভিযুক্ত যুৱকজনক বাংলাদেশত সংঘটিত হিন্দু হত্যাকাণ্ডৰ ভিডিঅ’ চাই প্ৰশংসাসূচক মন্তব্য কৰা দেখা গৈছিল। ভিডিঅ’টো যথেষ্ট সংবেদনশীল আছিল আৰু ইয়াৰ ফলত সমাজত অশান্তি সৃষ্টি হোৱাৰ আশংকা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আইন-শৃংখলা পৰিস্থিতি অবনতি হোৱাৰ সম্ভাৱনা লক্ষ্য কৰি আৰক্ষীয়ে লগে লগে অভিযুক্ত যুৱকজনক আটক কৰি তদন্ত আৰম্ভ কৰে। বৰ্তমান আৰক্ষীয়ে সংশ্লিষ্ট ভিডিঅ’টো, সামাজিক মাধ্যমৰ একাউণ্টসমূহ আৰু আন দিশসমূহ পৰীক্ষা কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে।

ইফালে, আৰক্ষীয়ে সাধাৰণ জনতাক সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কোনো ধৰণৰ বিষয়বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ বা প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাংলাদেশত সংঘটিত এটা নৃশংস ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সেই ঘটনাত এজন হিন্দু যুৱকক গছত বান্ধি জ্বলাই দিয়াৰ অভিযোগ উঠিছিল। এই ঘটনাই কেৱল বাংলাদেশতেই নহয়, ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। ভাৰত চৰকাৰেও ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল।

বিশ্লেষকসকলৰ মতে, বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ ঘটনা নতুন নহয় আৰু শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পাছত এনে ঘটনা অধিক বৃদ্ধি পাইছে। এনে পৰিস্থিতিতো ভাৰতৰ ভিতৰত কিছুমান লোকে এইধৰণৰ নৃশংসতাক সমৰ্থন কৰা মানসিকতাই সমাজৰ বাবে গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে।

Young Writer Honour: ঢকুৱাখনাৰ ২১ গৰাকী উদীয়মান লেখক-লেখিকলৈ অসম চৰকাৰৰ যুৱ লেখক সন্মান-২০২৫ঃ বিভিন্ন দল-সংগঠনৰ অভিনন্দন

ঢকুৱাখনাৰ ২১ গৰাকী উদীয়মান লেখক-লেখিকলৈ অসম চৰকাৰৰ যুৱ লেখক সন্মান-২০২৫ঃ বিভিন্ন দল-সংগঠনৰ অভিনন্দন
ঢকুৱাখনাৰ ২১ গৰাকী উদীয়মান লেখক-লেখিকলৈ অসম চৰকাৰৰ যুৱ লেখক সন্মান-২০২৫ঃ বিভিন্ন দল-সংগঠনৰ অভিনন্দন

অসম প্ৰকাশন (Young Writer Honour) পৰিষদে ৰাজ্যখনৰ সম্ভাৱনাপূৰ্ণ প্ৰগতিশীল যুৱ লেখক- লেখিকাসকলক সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান আৰু তেওঁলোকৰ সাহিত্য প্ৰতিভাক উৎসাহিত কৰাৰ লক্ষ্যৰে ঘোষণা কৰা”যুৱ লেখক সন্মান”২০২৫ কালি ঘোষণা কৰাত ঢকুৱাখনাতো আনন্দৰ জোৱাৰ উঠিছে।

অসম চৰকাৰে-‘গ্ৰন্থবৰ্ষ ২০২৫’ৰ সতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ জড়িয়তে আগবঢ়োৱা এই ‘যুৱ লেখক সন্মান-২০২৫’ৰ অধীনত অসমীয়া, বাংলা, বড়ো , মিচিং, কাৰ্বি নেপালী তথা অসমৰ অন্যান্য জাতি- জনগোষ্ঠীয় ভাষাতো সাহিত্য চৰ্চা কৰি অহা ৰাজ্যখনৰ সৰ্বমুঠ ৮১৮ গৰাকী ৪০ বছৰ অনূৰ্ধ্বৰ যুৱ লেখক-


লেখিকাক”যুৱ লেখক সন্মান”ৰ বাবে নিৰ্বাচিত কৰে।অসমীয়াৰ লগতে মিচিং ভাষা সাহিত্যি চৰ্চা
কৰা ঢকুৱাখনা সমজিলাৰ বিভিন্ন অঞ্চলৰ একুৰি এগৰাকী যুৱ লেখক-লেখিকাই এই সন্মান লাভ কৰি ঢকুৱাখনা সমজিলালৈ লৈ গৌৰৱ কঢ়িয়াই আনিছে।

“যুৱ লেখক সন্মান-২০২৫”লাভ কৰা ঢকুৱাখনা সমজিলাৰ যুৱ লেখক-লেখিকাসকল হৈছে ক্ৰমে-ড০ অসীম চুতীয়া,(চিনাইগাওঁ)ড০ বিজয় কৃষ্ণ দলে,(অভয়পুৰ)ড০ পংকজ বৰা(ঢকুৱাখনা কলেজ)ড০ জ্যোতিষ্মান দাস,(হুজগাঁও)ড০ ৰণদ্বীপ বড়া,(দেৱলীয়া)মানস প্ৰতিম দত্ত,(বৰপাকষ)গৌৰী প্ৰসাদ শৰ্মা,(বামুণগাওঁ)প্ৰিয়ম ডি জ্যোৎস্না(আমোলাপট্টি) পৰেশ দাস,(পুঠিমাৰী)বিকাশ দিহিঙীয়া,(ঢোলপেটা)ধ্ৰুৱ জ্যোতি চেতিয়া,(চেতিয়া গাওঁ)নয়নমনি দাস(সূঁতিমুখ), ৰিংকু মণি বৰা,(হিলৈদাৰী)যতীন বৰা,(বৰামাৰী)ৰাজা গোঁহাই,(কাঠৰবাৰী)জেৰিণা বৰুৱা,(ঘাৰমৰা)জিন্টু শইকীয়া,(ঘিলামৰা)মন্টুৰাম টাইড,(হাতীয়েমৰা)পুষ্পধৰ টাইড(গড়পৰা),নিপু বৰুৱা (দেৱলীয়া)পবিত্ৰ কুমাৰ পাংগিং(হাতীয়েমৰা)আৰু তপন মেদক(বিলমুখ)।

এই ২১ গৰাকী যুৱ লেখক-লেখিকাৰ ৰাজ্যখনৰ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাৰ তালিকাত উজ্বলি উঠাত-ঢকুৱাখনা শাখা সাহিত্য,প্ৰেছ গীল্ড ঢকুৱাখনা, ইলোৰা বিজ্ঞান মঞ্চ ঢকুৱাখনা, ঢকুৱাখনা গ্ৰন্থমেলা সমিতি,
ঢকুৱাখনালেখিকা সমাৰোহ সমিতিকে ধৰি বিভিন্ন দল-


সংগঠনে আৰু ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।উল্লেখ্য যে এই নিৰ্বাচিত লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম গ্ৰন্থমেলা’ৰ

Tuliram Ronghang: ডংকামোকামত ড° তুলিৰাম ৰংহাংঙৰ গৃহত অগ্নিসংযোগ

 ডংকামোকামত ড° তুলিৰাম ৰংহাংঙৰ গৃহত অগ্নিসংযোগ
 ডংকামোকামত ড° তুলিৰাম ৰংহাংঙৰ গৃহত অগ্নিসংযোগ

ডংকামোকামত ড° তুলিৰাম ৰংহাংঙৰ গৃহত অগ্নিসংযোগ।(Tuliram Ronghang) 

তুলিৰাম ৰংহাংঙৰ গৃহ জ্বলাই দিলে ৰাইজে।

নিয়ন্ত্ৰণহীন সমগ্ৰ পৰিস্থিতি।

খেৰণিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে তুলিৰাম ৰংহাঙৰ পুৰণা বাসগৃহ।

পশ্চিম কাৰ্বিআংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি।

প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা।

গুলীচালনাত আহত ৩ প্ৰতিবাদকাৰী।

ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত।

খেৰণিত আমৰণ অনশন কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি।

আদিবাসী-চাহ জনগোষ্ঠী মহিলাৰ মাজত ঋতুস্ৰাৱজনিত সমস্যাৰ ওপৰত সচেতনতা অভিযান

আদিবাসী-চাহ জনগোষ্ঠী মহিলাৰ মাজত ঋতুস্ৰাৱজনিত সমস্যাৰ ওপৰত সচেতনতা অভিযান
আদিবাসী-চাহ জনগোষ্ঠী মহিলাৰ মাজত ঋতুস্ৰাৱজনিত সমস্যাৰ ওপৰত সচেতনতা অভিযান

অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী শিক্ষা সাহিত্য সংস্কৃতি বিকাশ কেন্দ্ৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাৰ অন্তৰ্গত চাহ বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলত মহিলাসকলৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সজাগতা সভাৰ দ্বাৰা সচেতনতা বৃদ্ধি কৰিবলৈ প্ৰয়াস চলোৱা হৈছে।

এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনৰ হৈ সমল ব্যক্তি হিচাপে মুনমুন শইকীয়া আৰু জয়শ্ৰী চুতীয়াই উদ্বেগনা ব্যক্ত কৰে যে, আজিৰ দিনতো চাহ জনগোষ্ঠীয় – আদিবাসী সৰহ সংখ্যক মহিলা-যুৱতীয়ে ঋতুস্ৰাৱকালীন সময়ছোৱাতো পুৰণিকলীয়া প্ৰথামতেই কাপোৰ ব্যৱহাৰ কৰি আহিছে তথা ছেনিটেৰী পেড ব্যৱহাৰ সম্পৰ্কে অনভিজ্ঞ লগতে একেখিনি ছেনিটেৰী পেডকে পুনৰ ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সংক্ৰমণজনিত ৰোগত ভূগি আহিছে।

যাৰ ফলস্বৰুপে এই যুৱতী-মহিলাসকলে বহুসময়ত শাৰীৰিক-মানসিক চাপত ভূগিবলগীয়া হয়। সজাগতা সভাসমূহত উপস্থিত মহিলাসকলে এই কথাও ব্যক্ত কৰে যে, সামাজিক ভাৱে বৰ্জিত এই বিষয়সমূহ মুকলিমুৰীয়াকৈ আলোচনা নকৰাৰ ফলতো ঋতুস্ৰাৱকালীন সময়ছোৱাত ল’বলগীয়া সাৱধানতা তথা পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বিষয়ে তেওঁলোক অনভিজ্ঞ। এইক্ষেত্ৰত সচেতন মহলে, গোটেই অসমৰ চাহ জনগোষ্ঠীয়-আদিবাসী মহিলাসকলৰ মাজত ঋতুস্ৰাৱকালীন সময়ছোৱাত অৱলম্বন কৰিবলগীয়া সচেতনতাৰ ওপৰত ব্যাপক কাৰ্যসূচী নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

Aarian Zeeshan Ahmed: NASAত জিলিকিল অসম সন্তান আৰয়ান জিছান আহমেদ

NASAত জিলিকিল অসম সন্তান আৰয়ান জিছান আহমেদ
NASAত জিলিকিল অসম সন্তান আৰয়ান জিছান আহমেদ

ৰঙিয়াৰ আৰয়ান জিচানৰ কৃতিত্ব। (Aarian Zeeshan Ahmed) ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASAৰ বিৰল স্বীকৃতি ৷

International Astronomical Seach Collaboration(IASC)ৰ অধীনত আৰিয়ানে চলোৱা গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASA ৰ এই স্বীকৃতি৷

দুটাকৈ নতুন গ্ৰহাণুৰ(Asteroid) আৱিস্কাৰ। সদ্যহতে IASC য়ে গ্ৰহাণু দুটাৰ নামাকৰণ কৰিছে 2024 VE8 আৰু 2024 VC23 বুলি।

আৰিয়ান জিছান আহমেদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়ৰ (USTM)ৰ বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ।

Ammonia-Urea Project Namrup: ১০ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নামৰূপৰ এমোনীয়া-ইউৰীয়া প্ৰকল্পৰ

দেশৰ সৰ্ববৃহৎ এমোনীয়া-ইউৰীয়া প্ৰকল্প
দেশৰ সৰ্ববৃহৎ এমোনীয়া-ইউৰীয়া প্ৰকল্প

১২ লাখ ইউৰীয়া (Ammonia-Urea Project Namrup) উৎপাদনেৰে দেশৰ সৰ্ববৃহৎ সাৰকাৰখানা নিৰ্মাণ হ’ব নামৰূপত। ৩৮ বছৰীয়া প্ৰতিক্ষাৰ অৱসান ঘটাই আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ এমোনীয়া-ইউৰীয়া সাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰে। ১০,৬০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটো সামৰি লোৱা হৈছে ৫৬০ বিঘা এলেকা। বিশ্বমানৰ এমোনীয়া-ইউৰীয়া সাৰপ্ৰকল্পটোৰ উৎপাদনক্ষমতা হ’ব বছৰি ১২.৭ লাখ মেট্ৰিক টন। আনহাতে প্ৰতিদিনে ২২০০ মেট্ৰিক টন এমোনীয়া আৰু ৩৮৫০ মেট্ৰিক টন ইউৰীয়া উৎপাদন হ’ব। এই প্ৰকল্পটোৰ বাবে বি ভি এফ চি এলৰ ১১ শতাংশ, অসম চৰকাৰৰ ৪০ শতাংশ, হিন্দুস্থান উৰ্বৰক ৰসায়ন লিমিটেডৰ ১৩ শতাংশ, নেশ্যনেল ফার্টিলাইজাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডে ১৮ শতাংশ বিনিয়োগ কৰিব। যৌথ উদ্যোগ হিচাপে প্রতিষ্ঠা হ’বলগা উদ্যোগটোৱে বছেৰেকত ১২.৭ লাখ মেট্রিক টন ইউৰিয়া উৎপাদন কৰিব। সম্প্ৰতি নামৰূপ সাৰকাৰখানা (বি ভি এফ চি এল)ৰ তৃতীয় গোটটো নাম মাত্রহে চলি আছে। বিগত ৩৮ বছৰ ধৰি তৃতীয় গোটটোৱে সাৰ উৎপাদন কৰি আহিছে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাকৃতিক গেছৰ যোগান, দিল্লী নদীৰ পৰা পৰ্যাপ্ত পানী আহৰণ, সৱল ঔদ্যোগিক পৰিৱেশ আৰু সংযোগ ব্যৱস্থা, উত্তৰ পূৱ আৰু পূৱ ভাৰতৰ কৃষিজাত সামগ্ৰীৰ মূল বজাৰসমূহৰ সৈতে নিকট সম্পৰ্ক স্থাপন কৰা আদি দিশসমূহ হ’ব সুবিধাজনক। তদুপৰি প্ৰকল্পটোৰ ফলত ভাৰতৰ ইউৰীয়া আমদানি হ্ৰাস, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ইউৰীয়াৰ প্ৰয়োজন পূৰণ, উত্তৰ-পূৱ আৰু পূৱ ভাৰতৰ অঞ্চলসমূহলৈ সময়মতে ইউৰীয়া যোগান, যাতায়ত ব্যয় হ্ৰাসেৰে উত্তৰ-পূৰ্বাঞ্চলত ইউৰীয়াৰ মূল্য হ্ৰাস, প্ৰকল্পৰ আশে-পাশে বৃহৎ পৰিসৰত অৰ্থনৈতিক কাম-কাজ বৃদ্ধি আৰু তিনিশৰো অধিক প্ৰত্যক্ষ আৰু সহস্ৰাধিক পৰোক্ষ নিয়োগৰ সম্ভাৱনা গঢ়ি তুলিব।

২০৩০ চনত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি নামৰূপৰ হাপজান পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত কয় যে, আজিৰ দিনটো অসম আৰু উত্তৰ পূৱৰ বাবে ডাঙৰ দিন। দীৰ্ঘদিনৰ প্ৰতিক্ষাৰ অন্ততঃ সপোন পূৰণ হ’বলৈ গৈ আছে। এই সমগ্ৰ অঞ্চলটো ঔদ্যোগিক ক্ষেত্ৰত প্ৰগতিৰ নতুন অধ্যায়ৰ আৰম্ভ হ’ব। আজি এম’নীয়া-ইউৰীয়া প্ৰকল্পৰ ভূমি পূজন কৰিলোঁ। গুৱাহাটীত বিমানবন্দৰৰ টাৰ্মিনেল শুভ উদ্বোধন কৰিলোঁ। অসম এতিয়া দ্ৰুতগতিৰে বিকাশ হৈছে। এইয়া আৰম্ভণিহে। আমি অসমক বহু আগলৈ নিবলৈ বাকী আছে। আপোনালোকৰ লগত লৈ উন্নয়নৰ যাত্ৰাত আগবাঢ়িব লাগিব। আহোমৰ ৰাজত্বকালত অসমক যিধৰণে শক্তিশালী কৰি তুলিছিল, ঠিক সেইদৰে আমিও অসমক শক্তিশালী ৰাজ্যলৈ পৰিণত কৰিব লাগিব। মই আপোনালোকক আধুনিক ইউৰীয়া প্ৰকল্পটোৰ লগতে বিমানবন্দৰৰ টাৰ্মিনেলৰ বাবে অভিনন্দন জনাইছোঁ। একেটা ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিজেপিৰ ডাবল ইঞ্জীন চৰকাৰৰ দিনত ঔদ্যোগ আৰু যোগাযোগৰ বিকাশে নতুন দিগন্তৰ সূচনা কৰিছে। যুৱক-যুৱতীক নতুন সপোন দেখিবলৈ সুযোগ প্ৰদান কৰিলে। বিকশিত ভাৰত নিৰ্মাণত অন্নদাতা কৃষকসকলৰ ডাঙৰ ভূমিকা আছে। সেইবাবে আমাৰ চৰকাৰে কৃষকসকলৰ বাবে দিনে-ৰাতি কাম কৰি আছে। আগন্তুক দিনত ইউৰীয়া কাৰখানাই উত্তৰ-পূ্ৱৰ উন্নয়ন নিশ্চিত কৰিব বুলি উল্লেখ কৰি আৰু কয়, এই প্ৰকল্পটোৰ বাবে ১০ হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ হোৱা প্ৰকল্পটোৱে ১২ লাখ মেট্ৰিক টন ইউৰীয়া উৎপাদন কৰিব।

নিবনুৱাই সংস্থাপন লাভ কৰিব। আমদানি-ৰপ্তানি বৃদ্ধি পাব। বিভিন্ন গোটত স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন পাব। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কৃষকৰ কল্যাণ সাধন হ’ল। দশক দশক ধৰি পুৰণি গোটটোৰে মৰু-জীউকৈ উৎপাদন হৈ আছিল ইউৰীয়া। উত্তৰ-পূৱৰ কৃষি ব্যৱস্থাই শক্তিশালী ৰূপ পাইছিল পাইছিল। কৃষকসকলৰ বাবে যথেষ্ট সহায়ক আছিল প্ৰকল্পটোৱে। অসমৰ কৃষকসকলক বানে প্ৰত্যাহ্বান জনাইছিল যদিও কাৰখানাটোৱে শক্তি দিছিল। কিন্তু এই প্ৰকল্পটো শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল কংগ্ৰেছে। যাৰ বাবে বন্ধ হৈ পৰিছিল নামৰূপ সাৰকাৰখানাৰ তিনিটাকৈ গোট। ইয়াৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল উত্তৰ-পূৱৰ কৃষকসকল। কৃষি পথাৰত সমস্যা বৃদ্ধি পাবলৈ আৰম্ভ হৈছিল। কিন্তু কংগ্ৰেছে ইয়াৰ সমাধান সূত্ৰ উলিয়াব পৰা নাছিল। কিন্তু আজি ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছে সৃষ্টি কৰা সমস্যাৰ সমাধান কৰিছে। কংগ্ৰেছৰ দোষৰ বাবে দেশৰ বহুকেইটা ইউৰীয়া প্ৰকল্প বন্ধ হৈ পৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আৰু কয়, গৌৰখপুৰ, ছিডনী, বাউৰী, ৰামাউদান আদি ইউৰীয়া প্ৰকল্প বন্ধ হৈ পৰিছিল। ইউৰীয়া ক্ষেত্ৰত আহিবলগীয়া দিনত আত্মনিৰ্ভৰ হ’ব পৰাকৈ কাম কৰি থকা হৈছে। ২০১৪ চনত ভাৰতবৰ্ষত বছৰি ২২৫ লাখ মেট্ৰিক টন ইউৰীয়া উৎপাদন হৈছিল। কিন্তু আমাৰ চৰকাৰৰ ১০ বছৰীয়া পৰিশ্ৰমৰ অন্তত ৩০৬ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পালে ইউৰীয়া উৎপাদন। কংগ্ৰেছে সেই সময়ত কাম নকৰাৰ বাবে মই এতিয়া অতিৰিক্ত কষ্ট কৰিবলগীয়া হৈছে। বছৰেকত আমাৰ দেশত ৩৮০ লাখ মেট্ৰিক টন প্ৰয়োজন হয় ইউৰীয়া। আৰু ইয়াৰ পৰিমান আগলৈ বৃদ্ধি পাব। ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আপোনাৰ হিতৰ বাবে আমাৰ চৰকাৰ যথেষ্ট সংবেদনশীল। বিদেশৰ পৰা অধিক দামত অনা ইউৰীয়া চাবচিডি দি কৃষকৰ সেই বোজা চৰকাৰে বহন কৰিছে। বিদেশৰ পৰা ক্ৰয় কৰা ৩০০০ হাজাৰ টকীয়া ইউৰীয়া কৃষকক ৩০০ টকাতে দি থকা হৈছে। এই সকলো বোজা কৃষকক দিয়াৰ পৰিৱৰ্তে চৰকাৰে নিজেই বোজা বহন কৰিছো। কৃষকসকলে মোকো সহায় কৰিব লাগিব।

এই মাতৃভূমিক ৰক্ষা কৰাৰ দায়িত্ব ল’ব লাগিব। ইউৰীয়া খোৱাই খোৱাই মাতৃভূমিক মাৰি পেলোৱাৰ অধিকাৰ কাৰো নাই। এই দেশ আমাৰ মা হয়। এই মাতৃভূমিক আমি বচাব লাগিব। আনহাতে কৃষকসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয়, কৃষকসকল যাতে ধাৰুৱা হ’বলগীয়া নহয়, তাৰ বাবে ৪ লাখ কোটি টকা কৃষকৰ একাউন্টলৈ হস্তান্তৰ কৰা হৈছে। এই বছৰ ৩৫ হাজাৰ কোটি টকা খৰচ কৰি দুটাকৈ আচনি কৃষকৰ বাবে মুকলি কৰা হৈছে। কৃষকৰ সুবিধা হোৱাকৈ আমি কাম কৰি আছোঁ। কৃষকৰ উৎপাদিত সামগ্ৰী উপযুক্ত দামত বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰত আমাৰ চৰকাৰ গঠন কৰাৰ পাছত কিষাণ ক্ৰেডিট কাৰ্ড সুবিধা দিয়া হৈছে। পশুপালক আৰু মৎস্য পালকক সামৰা হৈছে। এইসকলে বহু সুবিধা লাভ কৰিছে। ১০ লাখ কোটি টকা খৰচ কৰা হৈছে কিষাণ ক্ৰেডিট কাৰ্ডত।


শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নেচাৰেল মিছন আৰু নেচাৰেল ফাৰ্মিং আৰম্ভ কৰাৰ কথা জানিবলৈ দি উত্তৰ পূৱক গুৰুত্ব দি পাম অইল সংযোগৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিছে। ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, পোণাকন বৰুৱা, তেৰছ গোৱালা, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা আদিয়ে উপস্থিত থাকে।

Young Writer Honour: দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ “যুৱ লেখক সন্মান”

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ "যুৱ লেখক সন্মান"
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ "যুৱ লেখক সন্মান"

অসম চৰকাৰৰ যুৱ লেখক সন্মান ঘোষনা।(Young Writer Honour)

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ ” যুৱ লেখকৰ সন্মান”।

৮১৮গৰাকী লেখক-লেখিকাৰ তালিকা প্ৰকাশ অসম প্ৰকাশন পৰিষদৰ।

অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম গ্ৰন্থমেলা’ প্ৰাংগণত বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘যুৱ লেখক সন্মান’ স্বৰূপে ২৫,০০০ টকা প্ৰদানেৰে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰেৰণা যোগাব।

Asom sahitya Sabha: যোৰহাটত ৰাজ্যৰ শতাধিক মহিলা শিল্পী-সাহিত্যিকৰ ‘প্ৰতিভা বিকাশ যাত্ৰা’ত অংশগ্ৰহণ : সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান সম্পন্ন

সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান সম্পন্ন
সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান সম্পন্ন

“কবি হওঁ বুলিয়েই কোনো (Asom sahitya Sabha) কবি হ’ব নোৱাৰে। আজি যোৰহাট জিলা সাহিত্য সভা, গোলাঘাট জিলা সাহিত্য সভা, শিৱসাগৰ জিলা সাহিত্য সভা আৰু মাজুলী জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভায় কেন্দ্ৰীয় আকাশ অনুষ্ঠানৰ ‘প্রতিভা বিকাশ যাত্রা’ত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এইদৰে কয়। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথকতা প্ৰসংগত কয় যে সাহিত্য সভাক ভালপোৱা মানুহক দায়িত্ব দিব লাগে, তেতিয়াহে দায়িত্বপ্ৰাপ্তসকলে নিজৰ দায় দায়িত্ব উপলব্ধি কৰিব পাৰে। দায়িত্ব গ্ৰহণ কৰি দায়িত্ব পালন নকৰাসকলৰ বাবেই অনুষ্ঠান ক্ষতিসাধিত হয়। অসম সাহিত্য সভাৰ আকাশ উপসমিতিত বহু দক্ষ সংগঠক আছে, যিসকলে নিজৰ দায়িত্ব সুকলমে পালন কৰিছে।“ ৰাজ্যৰ শতাধিক নিৰ্বাচিত মহিলা শিল্পী-সাহিত্যিকৰ অংশগ্ৰহণত চিৰ চেনেহী ‘মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে বিশিষ্ট লেখক ড° অদিতি বেজবৰুৱাই । আকাশ উপসমিতিৰ আহ্বায়ক মানসী শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত শ্যামলীমা বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ ‘ৰাজমাও’ উন্মোচন কৰে ৰামায়ণী সাহিত্যৰ বিশিষ্ট গৱেষক ড° মালিনীয়ে।

অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কাৰ্যনিৰ্বাহক সদস্য মিণ্টু দাস, গোলাঘাট, মাজুলী, শিৱসাগৰ আৰু যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি, সম্পাদক, বিষয়ববীয়াসকলে অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত আঠখনকৈ গ্ৰন্থ ক্ৰমে লখিমী দলৈৰ ‘অনুভৱৰ ৰংবোৰ’, ৰূমা বেজবৰুৱাৰ ‘হৃদয় এখন নীলা সাগৰ’, দীপিকা সভাপণ্ডিতৰ ‘মহাকাশ, বিশ্বব্ৰহ্মাণ্ড আৰু অন্যান্য’, জয়শ্ৰী শইকীয়াৰ ‘স্মৃতি দিৱস’, জুলি বৰুৱাৰ ‘হে বৰেণ্য’, দ্বিপ্তী বুঢ়াগোহাঁই বৰুৱাৰ ‘ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এপৃষ্ঠা’, শ্যামলীমা বৰাৰ ‘এধানীৰ বিয়া’, জিনামণি গগৈ নেওঁগৰ ‘মোৰ এসাগৰ ভাৱনা’ উন্মোচনৰ লগতে ছয়জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

সভাত যোৰহাট জিলা সাহিত্য সভাৰ শিল্পীসকলে নলিনীৱালা হাজৰিকাই ৰচনা কৰা ‘আকাশ’ৰ শীৰ্ষগীত পৰিৱেশনে অনন্য মাত্ৰা প্ৰদান কৰে। জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটা সভাখনত শলাগৰ শৰাই আগবঢ়াই যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই। ইফালে পুৱাৰ কাৰ্যসূচী অনুসৰি ৯ বজাত পতাকা উত্তোলন কৰে ক্রমে- যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্রনাথ হাজৰিকা আৰু আদৰণী সমিতিৰ সভাপতি কবিতা তাছাই। বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি বিনু লস্কৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্তই।

Mole: আপোনাৰ ব্যক্তিগত অংশত তিল আছে নেকি ? ব্যক্তিগত অংশত তিল থকা পুৰুষৰ স্বভাৱ কেনেকুৱা ?

ব্যক্তিগত অংশত তিল থকা পুৰুষৰ স্বভাৱ কেনেকুৱা ?
ব্যক্তিগত অংশত তিল থকা পুৰুষৰ স্বভাৱ কেনেকুৱা ?

জ্যোতিষ (Mole) শাস্ত্ৰৰ মতে আমাৰ শৰীৰত থকা তিলবোৰ কেৱল ছালৰ চিন নহয়, বৰঞ্চ ই আমাৰ ব্যক্তিত্ব, ভৱিষ্যত আৰু অতীত জীৱনৰ কৰ্মৰ ইংগিত দিয়ে। শৰীৰৰ সংবেদনশীল অংশত বিশেষকৈ পুৰুষৰ যৌনাংগত তিলৰ উপস্থিতিয়ে এজন ব্যক্তিৰ স্বভাৱ, প্ৰেম জীৱন আৰু আচৰণৰ দৃষ্টিভংগীৰ বহু গোপন কথা উদঙাই দিয়ে। বহু সময়ত মানুহৰ মনত এটা প্ৰশ্ন উঠে যে পুৰুষৰ ব্যক্তিগত অংগত উপস্থিত তিলবোৰে কি ইংগিত দিয়ে, জানো আহক এই বিষয়ে।

ব্যক্তিগত অংশত তিল থকা লোকসকল সাধাৰণতে মুকলি মনৰ আৰু উদাৰ। তেওঁলোকৰ মতামত প্ৰায়ে সদায় আনৰ মতামতৰ লগত মিল নাথাকে। খৰখেদাকৈ দিয়া মতামততকৈ গভীৰ চিন্তাতহে বিশ্বাস কৰে।

প্ৰেম আৰু বিবাহৰ স্বভাৱ-

জ্যোতিষৰ মতে এনে ব্যক্তিসকল প্ৰেমৰ সম্পৰ্কত অতি সৎ আৰু আবেগিক। তেওঁলোকৰ বাবে প্ৰেম কেৱল শাৰীৰিক নহয় মানসিক সংযোগৰ কথাও। যদি তিলটো শুভ অৱস্থাত থাকে তেন্তে বৈবাহিক জীৱন সুখী আৰু ৰোমান্টিক হয়। এনে ব্যক্তিৰ সংগীৰ প্ৰতি অত্যন্ত মৰম।

সমুদ্ৰিক শাস্ত্ৰইও ইংগিত দিয়ে যে এনে ব্যক্তি অলপ বিলাসী হ’ব পাৰে। কিছুমান ক্ষেত্ৰত বিবাহৰ পিছতো তেওঁলোকৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপনৰ প্ৰৱণতা থাকিব পাৰে, কিন্তু তেওঁলোকৰ অনুভৱ আৰু প্ৰয়োজনীয়তা বুজি পোৱা সংগী বিচাৰি পালে তেওঁলোক অত্যন্ত আনুগত্যশীল হ’ব পাৰে।

যদি তিলটো লিংগৰ গুৰিতে থাকে তেন্তে ব্যক্তিজন স্বাভাৱিকতে অতি উৎসাহী আৰু শক্তিশালী হয়। তিল যিমানেই স্পষ্ট আৰু ক’লা হ’ব সিমানেই ইয়াৰ গুণ আৰু প্ৰভাৱৰ তীব্ৰতা জীৱনত স্পষ্টভাৱে দেখা যাব। শাস্ত্ৰত কোৱা হৈছে যে যদি এটা তিল যৌনাংগৰ লগতে মূৰ বা বাহুত থাকে তেন্তে ব্যক্তিজন স্বভাৱতে এজন আবেগিক প্ৰেমিক হ’ব পাৰে আৰু তেওঁলোকৰ সন্তুষ্টিৰ মাত্ৰা বেলেগ বেলেগ হ’ব পাৰে।

স্বাস্থ্য আৰু আৰ্থিক অৱস্থা-

কিছুমান জ্যোতিষৰ বিশ্বাস অনুসৰি ইয়াত তিলৰ উপস্থিতিয়েও যৌন সংক্ৰামক ৰোগৰ প্ৰতি সহজলভ্যতাৰ ইংগিত দিয়ে। গতিকে এনে ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হোৱাটো প্ৰয়োজন। আৰ্থিকভাৱে এই ব্যক্তিসকল হয়তো বৰ ধনী নহ’বও পাৰে, কিন্তু যি আছে তাতেই সন্তুষ্ট। তেওঁলোকৰ বাবে বস্তুগত সম্পদতকৈ মানসিক শান্তি অধিক গুৰুত্বপূৰ্ণ।

তিল জ্যোতিষত এই চিহ্নবোৰক “জন্মৰ চিন” বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই চিনবোৰে এজন ব্যক্তিৰ অতীতৰ জীৱনৰ অভিজ্ঞতা আৰু অভ্যাসক তেওঁৰ বৰ্তমান জীৱনত প্ৰতিফলিত কৰে।