Home Blog Page 88

গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM

গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM

গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰ ভাষাৰে নিন্দা কৰিছে। এই ধৰণৰ অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু দায়িত্বহীন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, গৰিমা শইকীয়া গাৰ্গৰ সৈতে তেওঁৰ কোনো ধৰণৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই।

লগতে, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, “কাৰোবাৰ ব্যক্তিগত সন্মান ক্ষুণ্ণ কৰিবৰ বাবে এনেধৰণৰ কথা পাতি ৰাজনৈতিক লাভ ল’ব বিচৰাটো একেবাৰে উচিত নহয়। মই গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনো নিৰ্বাচনী বিষয়ত কথা পতা নাই। এই অপপ্ৰচাৰ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সুসংগঠিত কু-অভিসন্ধিৰ ফল।”

নিৰ্বাচনৰ পূৰ্বে এনে ভুৱা বাতৰি বিয়পাই পৰিৱেশ বিষাক্ত কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। শেষত মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনাই যে ভুৱা বাতৰি আৰু অপপ্ৰচাৰৰ ফান্দত নপৰি সত্য আৰু দায়িত্বশীল ৰাজনীতিক সমৰ্থন জনাব লাগে।

Road Accident: থানবান এখন সুখৰ সংসাৰঃ ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ

ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ
ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ

থানবান হৈ পৰিল এখন সুখৰ সংসাৰৰ।(Road Accident)

শিৱসাগৰৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ভটীয়াপাৰত দুৰ্ঘটনা।

ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ।

হোণ্ডাইখনৰ আৰোহী দম্পতীৰ মৃত্যু।

মাতৃৰ কোলাত থকা শিশু ৰিয়ানছ হাতীমুৰীয়া আহত।

হোণ্ডাইখনৰ চালক অৰুণ শীল গুৰুতৰভাৱে আহত।

এই ভয়ংকৰ দুৰ্ঘটনাত বিপুল আৰু নমিতা হাতীমুৰীয়াৰ মৃত্যু।

Maize cultivation: বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ

বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ
বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ


বাৰিষা পানীৰে উপচি (Maize cultivation) থকা ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চৰাঞ্চলৰ কৃষকৰ আশাৰ সপোন। নৈৰ বুকুত চৰাঞ্চলৰ খেতিয়কৰ একমাত্ৰ জীৱিকাই হৈছে কৃষি কৰ্ম। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে চৰাঞ্চলৰ লোকসকল। বাৰিষা উফন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া সেউজীয়া দলিচা।ফাগুণ , চ’তলৈ চৰাঞ্চলৰ কৃষকৰ সপোনে মেলিব আশাৰ সঞ্চাৰ।। সেই আশাৰে বৰক্ষেত্ৰীৰ ন-পাৰাপাম চৰৰ এজন খেতিয়কে বাচি লৈছে মাকৈ খেতিৰে স্বাৱলম্বীতাৰ স্বপ্ন। স্বপ্নই নহয়, প্ৰত্যেক বছৰে এই মাকৈ খেতিৰেই উপাৰ্জন কৰি আহিছে লাখ লাখ টকা।

প্ৰায় ৫০ বিঘা নৈৰ বুকুৰ ভূমিত মাকৈ খেতি কৰি হাঁহি বিৰঙিছে খেতিয়ক জনৰ। এইবাৰ মাকৈৰ গছবোৰ লহপহকৈ ওখ হোৱাত অধিক লাভালাভ হোৱাৰ আশা কৰিছে তেওঁ। মাকৈৰ খেতিৰে বছৰি উপাৰ্জন কৰি আহিছে ৫ ৰ পৰা ১০ লাখকৈ টকা । খেতিয়কজন হৈছে বৰক্ষেত্ৰীৰ ন-পাৰাপাম চৰ নিৱাসী দিলবাহাৰ আলী। দিলাবাহাৰে প্ৰতিবিঘা মাটিত ৩/৪ কিলোগ্ৰামকৈ মাকৈৰ বীজ চটিয়াই ৫০ বিঘা ভূমিত বহন কৰিছে ৫ লাখ টকা। যাৰ পৰা উপাৰ্জনৰ সপোন দেখিছে ১০/১৫ লাখ টকা । অইন খেতিত বেছি গুৰুত্ব নিদি কেৱল মাকৈ খেতিতেই নিজক খটুৱাই দিনৰ দিনটো পৰিশ্ৰম কৰে দিলবাহাৰে। দিলবাহাৰে জানিবলৈ দিয়ামতে “তেও প্ৰতিবছৰে মাকৈ খেতিয়েই কৰি আহিছে। কেৱল কৃষি ক্ষেত্ৰতেই জড়িত হৈ পুৱাৰ পৰা গধূলিলৈকে নৈৰ বুকুতেই সপোন ৰচে দিলবাহাৰে।

তেওঁ প্ৰতিবিঘা ভূমিত ৩ৰ পৰা ৪ কিলোগ্ৰাম কৈ মাকৈৰ বীজ ৰোপন কৰিছে। এতিয়া মাকৈ গছবোৰ লহপহকৈ বাঢ়ি আহি ওখ হৈছে। যাৰ পৰা পূৰ্ৱতকৈ এইবাৰ বেছি উপাৰ্জন হব” বুলি আশাবাদী দিলবাহাৰ। লগতে তেওঁ কয় যে, “কোনো চৰকাৰী সা সুবিধা নোপোৱাকৈ তেও এই কৃষি কাৰ্মৰ লগত জড়িত হৈ আহিছে প্ৰতিবছৰে ।

Shrinkhal chaliha: শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰকঃ শৃংখল চলিহা

শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰকঃ শৃংখল চলিহা
শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰকঃ শৃংখল চলিহা

শ্যামকানু মহন্ত, (Shrinkhal chaliha) সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক।

চাৰ্জশ্বীট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত SITয়ে দাখিল কৰা চাৰ্জশ্বীট সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া।

চাৰ্জশ্বীট অত্যন্ত দীঘল আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি বিশ্বাসী শৃংখল চলিহা।

জুবিনৰ হত্য কাৰীক চৰম শাস্তি চৰকাৰে বিহিব বুলি আশা বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।

জুবিনৰ হত্যাকাৰীক অতি সোনকালে আৰক্ষীয়ে ফুৰাবলৈ নিব লাগে বুলি মন্তব্য শৃংখল চলিহাক।

Amritprabha Mahanta: জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?
জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?

ফাদিল সকলো ৰহস্য!(Amritprabha Mahanta)

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?

SITৰ চাৰ্জশ্বীটত ফাদিল হ’ল ভয়ংকৰ তথ্য-

জুবিন গাৰ্গক অত্যাধিক মদ্যপান কৰোৱাইছিল অমৃতপ্ৰভাই।

ভাগৰুৱা জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰিছিল অমৃতপ্ৰভাই।

অত্যধিক সুৰাপান, খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত কৰা নাছিল অমৃতপ্ৰভাই।

জুবিন গাৰ্গ পানীত ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰাত মচগুল আছিল আমৃতপ্ৰভা।

SITৰ চাৰ্জশ্বীটত উল্লেখ-

ঘটনাৰ পূৰ্বৰ দুটা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া।

ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা।


অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা।


ভুক্তভোগী প্রায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যবস্থা ল’বলৈ অৱগত নকৰা।


ঘটনাৰ পিছতহে য়টত থকা NRI আৰু পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা।

Nitin Gadkari: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ’ৰলেন দাবী সমিতিৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ'ৰলেন দাবী সমিতিৰ
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ'ৰলেন দাবী সমিতিৰ

স্থানীয় বিধায়ক তথা(Nitin Gadkari) মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত দিল্লীলৈ যোৱা ৬ জনীয়া প্ৰতিনিধি দলটিয়ে কালি সংসদ ভৱনত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথটো (পুৰণা ৩৭নং নতুন ৭১৫) সম্প্ৰসাৰণ আৰু বহলিকৰণ কৰি নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰাৰ সময়ত অসমৰ তিনিগৰাকীকৈ সাংসদ ক্ৰমে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফনীফুষণ চৌধুৰী আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। সাক্ষাৎৰ সময়ত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক কলিয়াবৰৰ ফ’ৰলেন সমস্যা বিতংভাৱে অৱগত কৰে।

অসমৰ তিনি সাংসদৰ লগতে মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সদস্যসকল ক্ৰমে প্ৰদীপ লস্কৰ, গোলাপ চন্দ্ৰ শইকীয়া, প্লাৱন বৰা, মৃগাঙ্ক বৰা, লেখনাথ শৰ্মা আৰু সুভম দামাই। ফ’ৰলেন দাবী সমিতিৰ এই তিনিবছৰীয়া সংগ্ৰামখনৰ দীৰ্ঘদিনীয়া ফ’ৰলেন সমস্যাটো বিবেচনা কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে মন্ত্ৰী নীতিন গাডকাৰীয়ে।

Rahul Gandhi: জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ
জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

জাৰ্মানীৰ (Rahul Gandhi) বিএমডব্লিউ প্লাণ্ট আৰু বিএমডব্লিউ ৱেল্ট পৰিদৰ্শন ৰাহুল গান্ধীৰ। বাইকত উঠি বিশেষ প’জ দিয়াও দেখা গ’ল বিৰোধীৰ নেতাগৰাকীক।

জাৰ্মানীৰ বিএমডব্লিউ ৱৰ্ল্ড পৰিদৰ্শন কৰাৰ পিছত ৰাহুল গান্ধীয়ে কয় যে উৎপাদন শক্তি শক্তিশালী অৰ্থনীতিৰ মেৰুদণ্ড। ভাৰতত উৎপাদন “কমি অহা অৱস্থা”ত আছে। দেশখনত দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে অধিক উৎপাদন, উন্নত উৎপাদন পৰিৱেশ তন্ত্ৰ, বৃহৎ পৰিসৰৰ, উচ্চমানৰ চাকৰিৰ প্ৰয়োজন।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাৰ্মানীৰ মিউনিখত থকা BMW Welt আৰু BMW প্লাণ্ট পৰিদৰ্শন কৰে। নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয় যে বিএমডব্লিউৰ উৎপাদন প্ৰক্ৰিয়া আৰু প্ৰযুক্তি বিশ্বমানৰ। তেওঁ লগতে কয় যে তেওঁৰ ভ্ৰমণৰ এটা উল্লেখযোগ্য অংশ আছিল বিএমডব্লিউৰ সৈতে অংশীদাৰিত্বৰে নিৰ্মাণ কৰা টিভিএছ ৪৫০চিচি মটৰ চাইকেলখন দেখা। তেওঁ ইয়াক ভাৰতীয় অভিযান্ত্ৰিকতাৰ বাবে এক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।

Narendra Modi: ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া(Narendra Modi) কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

২০ ডিচেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রীগৰাকী।

গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্রতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টার্মিনেল মুকলি কৰিব প্রধানমন্ত্রীগৰাকীয়ে।

২১ ডিচেম্বৰত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ লগত পৰীক্ষা পে চর্চাত অংশগ্ৰহণ কৰিব।

নামৰূপত সাৰ কাৰখানাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব।

Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ

গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ
গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা।(Guwahati News)

মহানগৰীক লৈ Smart City Limited ৰ নতুন পদক্ষেপ।

শীঘ্ৰেই আৰম্ভ হ’ব Intelligent City Surveillance System।

স্থাপন কৰা হৈছে অত্যাধুনিক কেমেৰা, Emargency Call Box।

যুৱতী-মহিলালৈ কুদৃষ্টি দিলেই পৰিব বিপদত।

নিশা যুৱতী-মহিলাক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত এই ব্যৱস্থা ।


Himanta Biswa Sarma : প্ৰতিশ্ৰুতি পুৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

প্ৰতিশ্ৰুতি পুৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
প্ৰতিশ্ৰুতি পুৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

প্ৰতিশ্ৰুতি পুৰণ(Himanta Biswa Sarma) কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বকোত লগ পোৱা কুৰপান আলীক প্ৰদান কৰিলে ঘৰ। সোণতলীৰ‌ বৰ আৰিকাটিৰ কুৰপান আলীৰ ঘৰ আনুষ্ঠানিকভাৱে উদ্বোধন। আনন্দত আত্মহাৰা কুৰপান আলীয়ে ক’লে-জীয়াই থকা লৈকে বিজেপি জিন্দাবাদ। কুৰপান আলীয়ে ৫ ডিচেম্বৰত বকোত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অৰুণোদয়, ঘৰ আৰু দমকল বিচাৰিছিল। আবেদনৰ পিছতে কুৰপান আলীক এসপ্তাহৰ ভিতৰত ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পুৰণৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে কুৰপান আলী।

উল্লেখ্য যে এখন ভৰি আৰু এটা চকু নথকা কুৰপান আলীয়ে ৫ ডিচেম্বৰত বকোত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অৰুণোদয়, ঘৰ আৰু দমকল বিচাৰি কৰিছিল আবেদন। আবেদনৰ পিছতে কুৰপান আলীক এসপ্তাহৰ ভিতৰত ঘৰ, অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।‌

ইতিমধ্যে কুৰপান আলীৰ নামত অৰুণোদয় আচঁনি হৈ যোৱাৰ পিছতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ শুভ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পুৰণৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে কুৰপান আলী। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই জীয়াই থকা লৈকে বিজেপি জিন্দাবাদ দিব বুলি মন্তব্য কৰে কুৰপান আলীয়ে।