Home Blog Page 89

Himanta Biswa Sarma : ADRE, স্বাস্থ্য বিভাগৰ লগতে আন বিভাগত কেতিয়া হ’ব নিযুক্তি?

ADRE, স্বাস্থ্য বিভাগৰ লগতে আন বিভাগত কেতিয়া হ'ব নিযুক্তি?
ADRE, স্বাস্থ্য বিভাগৰ লগতে আন বিভাগত কেতিয়া হ'ব নিযুক্তি?

ৰাজ্যত ১০ জানুৱাৰীৰ পূৰ্বে হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি।(Himanta Biswa Sarma) 

১৫ জানুৱাৰীৰ আশে-পাশে হ’ব ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি।

১০ ফেব্ৰুৱাৰীৰ ভিতৰত অন্যান বিভাগত হ’ব নিযুক্তি।

২২ ডিচেম্বৰত স্বাস্থ্য বিভাগৰ সাধাৰণ নিযুক্তি।

২৩ ডিচেম্বৰত চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে স্বাস্থ্য বিভাগত নিযুক্তি।

এটাও গোচৰ দাখিল নোহোৱাকৈ সম্পন্ন ডেৰ লাখ নিযুক্তি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা।

৫বছৰত ৰাজ্যত অভিলেখ সংখ্যক নিযুক্তি মোৰ বাবে বিশেষ প্ৰাপ্তি বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi

২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi

Narendra Modi । দুদিনীয়া কাৰ্যসূচীৰে অহা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰিব।

জানিব পৰা মতে, ২০ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী মোদী গুৱাহাটীত উপস্থিত হ’ব। এই সময়চোৱাত তেওঁ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেল মুকলি কৰিব। লগতে নতুন বিমান বন্দৰ চৌহদত অসমৰ মহান নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰায় ৭০ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত এখন বৃহৎ জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ ইতিমধ্যে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকল তৎপৰতাত নামি পৰিছে। এই সন্দৰ্ভত আজি দক্ষিণ কামৰূপ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। মোদীৰ জনসভালৈ দক্ষিণ কামৰূপ জিলাৰ পৰা কিমান সংখ্যক ৰাইজক অনা সম্ভৱ হ’ব, সেই বিষয়ে দলীয় কৰ্মীৰ সৈতে বিস্তৃত মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। সকলো ব্যৱস্থা সুশৃংখল আৰু সফলভাৱে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ।

প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচী অনুসৰি, বিমান বন্দৰ উদ্বোধনৰ উপৰিও গুৱাহাটীত প্ৰায় তিনিটাকৈ কাৰ্যসূচীত অংশ ল’ব তেওঁ। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীগৰাকী বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ যাব। বশিষ্ঠস্থিত এই কাৰ্যালয়ৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দীঘল এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মোদীয়ে। নিশাটো তেওঁ কইনা ধৰা অঞ্চলত কটাই ২১ ডিচেম্বৰৰ পুৱা সতী সাধনী শান্তি উদ্যানলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰিব।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ অসম আন্দোলনৰ ৫৬০ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব। তাৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উৰা মাৰিব।

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প উদ্বোধন কৰিব। প্ৰায় ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোত বছৰি ১২ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাসম্পন্ন এমোনিয়া-ইউৰিয়া উৎপাদন কৰা হ’ব। ইয়াৰ লগতে নামৰূপত অনুষ্ঠিত এখন বৃহৎ জনসভাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক নতুন বছৰৰ পূৰ্বে অসমৰ ৰাইজলৈ এক বিশেষ উপহাৰ হিচাপে গণ্য কৰা হৈছে।

শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ ।

শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ ।
শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ ।

অসমৰ শিল্পী সকলৰ সামাজিক সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি পাঞ্জাবাৰীৰ অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ণ নিগম পৰিসীমিতৰ কাৰ্যালয় সংলগ্ন আইদেউ ছবি গৃহত আয়োজিত এক অনুষ্ঠানত
শিল্পী সকলৰ এক স্বাস্হ্য বীমা আঁচনিত নাম পঞ্জীয়ণৰ বাবে সুবিধা হোৱাকৈ এক পৰ্টেল আনুষ্ঠানিক ভাৱে আজি উন্মোচন কৰা হয়।


এই পৰ্টেলটো আভাসিক ভাৱে টিংখাঙৰ পৰাই ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই উন্মোচন কৰে।


উন্মোচনী ভাষণত মন্ত্রী বড়াই শিল্পী সকলেই সাংস্কৃতিক ভাৱে জাতিটোক সঞ্জীৱিত কৰি ৰাখে বুলি উল্লেখ কৰি তেখেত সকলে যাতে চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত দূৰ্দশাত পৰিবলগীয়া নহয় তাৰ বাবেই এই স্বাস্থ্য বীমাৰ ব্যৱস্হা কৰা হৈছে বুলি কয়।
ইয়াৰ বাবে অভিনয়, নৃত্য, সংগীত, চিত্ৰশিল্পী, কাৰ্টুনিষ্ট আদি শিল্পীসকল এই স্বাস্থ্য বীমা আচনিৰ বাবে যোগ্য বিবেচিত হ’ব বুলি উল্লেখ্য কৰি মন্ত্রী বড়াই ইয়াৰ বাবে শিল্পী সকলক বয়সৰ পাঁচটা শাখাত ভাগ কৰা হৈছে বুলিও ভাষণত কয়।
১৮ৰ পৰা ২৮ বছৰৰ আৰু ২৯-৪০ বছৰ বয়সৰ শিল্পী সকলে তিনি লাখ টকাৰ বীমাৰ ধন লাভ কৰাৰ বিপৰীতে ৪১-৫০ বছৰৰ সকলে চাৰি লাখ টকাৰ,৫১-৬০বছৰৰ সকলে পাঁচ লাখৰ আৰু ৬১ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পী সকলে ছয় লাখ টকা পৰ্যন্ত এই আঁচনিৰ অধীনত স্বাস্হ্য বীমাৰ সুবিধা লাভ কৰিব বুলি মন্ত্রী বড়াই উল্লেখ কৰে।
তিনি বছৰৰ বাবে বীমাৰ সুবিধা লাভ কৰিব লগা শিল্পী সকলক অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম(এ এছ এফ এফ ডি চি)ৰ অধীনত এখন উচ্চ স্তৰীয় সমিতিয়ে বাছনি কৰিব বুলি ব্যক্ত কৰি মন্ত্রী গৰাকীয়ে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা বা প্ৰমাণ পত্ৰ লাভ কৰা শিল্পী সকলে অগ্ৰাধিকাৰ পাব বুলিও কয়।
বীমা আঁচনিখনৰ সুবিধা লবলৈ শিল্পী সকলে অন লাইন যোগে যোগে আবেদন কৰিব লাগিব। মন্ত্রী বড়াই উল্লেখ কৰা অনুসৰি ৱেব ছাইট www.arhi.cloud ত অথবা https://filmfinance.assam.gov.in ত লগ ইন কৰি অহা ৭জানুৱাৰী,২০২৬ তাৰিখৰ নিশা ১২ বজাৰ ভিতৰত আবেদন পত্ৰ পূৰাব লাগিব।
এই স্বাস্হ্য বীমা আঁচনিখনে শিল্পী সকলক উপকৃত কৰিব বুলি পৰ্টেলটো উন্মোচন কৰি সাংস্কৃতিক মন্ত্রী বড়াই কয়।
আনুষ্ঠানিক ভাৱে এই বীমা আঁচনিখনৰ বাবে পৰ্টেলটো উন্মোচনৰ পূৰ্বে এ এছ এফ এফ ডিচিৰ অধ্যক্ষ সীমান্ত শেখৰে গ্ৰুপ বীমা আঁচনিখনৰ প্ৰেক্ষাপট বৰ্ণনা কৰাৰ লগতে শিল্পী সকলে কিদৰে ইয়াৰ সুবিধা লব পাৰিব সেই বিষয়ে বিস্তৃত ভাবে কয়। বহু সময়ত ধনৰ অভাৱত প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত বহু শিল্পীয়ে পৃথিৱী এৰি যাবলগীয়া হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে এই আঁচনিখন চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমে যুগুটাই উলিওৱা বুলিও তেওঁ দোহাৰে।
এইপৰ্টেল উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰি অসমৰ কলা শিল্পৰ জগতখন বৈচিত্র্যময় বুলি উল্লেখ কৰি শিল্পী সকলক এনে ধৰণৰ সুবিধা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব বুলিও কয়।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি নিজৰ স্বাস্হ্যৰ যতন লোৱাটো শিল্পী সকলৰ প্ৰধান দায়িত্ব বুলি মত প্ৰকাশ কৰি এই আঁচনিখনৰ সুবিধা সকলো শিল্পীয়ে যাতে গ্ৰহণ কৰিব পাৰে তাৰ বাবে শিল্পী সকলে পৰস্পৰক সহায় কৰিব লাগে বুলি কয় শ্রী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ সভাপতি তথা অভিনেতা প্ৰাঞ্জল শইকীয়াই।
এই দিশত শিল্পী সকলক সজাগ কৰাৰ ওপৰত শিল্পী উপকূল বৰদলৈ আৰু ডাঃ হিতেশ বৰুৱাই নিজ নিজ ভাষণত গুৰুত্ব আৰোপ কৰে।
এএছ এফ এফ ডি চিয়ে আয়োজন কৰা অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক শিল্পীৰ লগতে ইয়াৰ উপাধ্যক্ষ ডাঃ আলেক্ষ্য বৰুৱা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লৱী ফুকনো উপস্থিত আছিল।

Zubeen Garg Death case: CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন

CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন।(Zubeen Garg Death case)

২২ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য আদালতৰ।

কাৰাগাৰৰ পৰাই আদালতত ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় ৭ অভিযুক্তক।

হত্যাৰ ধাৰা সন্নিৱিষ্ট থকাৰ বাবে CJM আদালতত নহ’ব গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া।

হত্যাকাণ্ডৰ গোচৰ সন্নিৱিষ্ট থকাৰ বাবে বিচাৰ প্ৰক্ৰিয়া চলিব ছেছন আদালতত।

চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব অভিযুক্তসকল।

Zubeen Garg: ৰাজ্যসভাৰ সদনত জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

ৰাজ্যসভাৰ সদনত জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ
ৰাজ্যসভাৰ সদনত জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

জুবিন গাৰ্গক ‘ভাৰতৰত্ন’ প্ৰদান কৰক।(Zubeen Garg)

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী অগপৰ।

ৰাজ্যসভাত এই দাবী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ।

ৰাজ্যসভাত শূন্যকালীন ঘণ্টাত এই বিষয় উত্থাপন সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ “ভাৰত ৰত্ন” সন্মান আগবঢ়োৱাৰ দাবী।

আজি ৰাজ্যসভাৰ সদনত উত্থাপন এই বিষয়।

অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ এই দাবী।

Mexico Plane Crash: পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা

বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা
বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা

পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা।(Mexico Plane Crash)

থিতাতে প্ৰাণ গ’ল ১০জনৰ।

মাজ আকাশতে হাহাকাৰ পৰিস্থিতি।

৮ জনকৈ যাত্রীসহ দুজন ক্রু মেম্বাৰ নিহত।

এখন ব্যক্তিগত বিমানত এই দুৰ্ঘটনা।

জৰুৰীকালীন অৱতৰণৰ সময়তে চাৰ খাৰ হ’ল বিমানখন।

মেক্সিকোত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা।

মধ্য মেক্সিকোত সংঘটিত এই ঘটনা।

Zubeen Garg: আজি CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি

আজি CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি
আজি CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি

আজি CJM (Zubeen Garg) আদালতত জুবিন গাৰ্গৰহত্যাৰ গোচৰৰ শুনানি।

ভাৰ্চুৱেলীহে হ’ব ৭ অভিযুক্তৰ শুনানি।

আইন-শৃংখলাজনিত কাৰণত হ’ব ভার্চুৱেল শুনানি।

CJM আদালতত ন্যায়াধীশ আৰু SITৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত এই সিদ্ধান্ত।

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে শুনানি গ্ৰহণ কৰিব আদালতে।

prafulla govinda baruah: বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ
বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

বিশিষ্ট সাংবাদিক (prafulla govinda baruah) প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ। অসমৰ সংবাদ জগতৰ মহীৰূহ তথা ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে অসমৰ সংবাদ জগতৰ মহীৰূহ, বৰ্ষীয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা আজীৱন জাতীয়তাবাদী আছিল। সংবাদসেৱাৰ জৰিয়তে জাতীয় দায়িত্ব পালন কৰিছিল। তেখেতৰ মৃত্যুত অসমৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো।

Prafulla Govinda Baruah: পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা

পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা
পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা

পঞ্চভূতত(Prafulla Govinda Baruah) বিলীন অসমৰ সংবাদ ক্ষেত্ৰৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱা

ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য প্ৰফুল্ল গোবিন্দ বৰুৱাৰ।

দ্যা আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক, সম্পাদক আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা।

ৰাধা গোবিন্দ বৰুৱাৰ সুযোগ্য সন্তান আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা।

বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ।

৯৬ বছৰ বয়সত দেহাৱসান বিশিষ্ট সাংবাদিকগৰাকীৰ।



Zubeen Garg: ২০২৫ত Googleত আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক

২০২৫ত Googleত আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক
২০২৫ত Googleত আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক

২০২৫ত Googleত(Zubeen Garg) আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক।

বছৰটোৰ শেষত তথ্য দিলে Google-এ।

২০২৫ত Googleত আটাইতকৈ বেছি Search হোৱাসকলৰ ভিতৰত অন্যতন জুবিন গাৰ্গ।

বছৰটোত মুঠ ২৭ টা বিষয়ত আটাইতকৈ বেছি Search হয় Googleত।

তাৰ ভিতৰত অন্যতম জুবিন গাৰ্গ।

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ট্ৰেণ্ডিং চাৰ্চত আছিল জুবিন গাৰ্গৰ।