Home Blog Page 916

সাওকুছি বুধবৰীয়া বজাৰত আৰু দিশপুৰ ছুপাৰ মাৰ্কেটত কংগ্রেছৰ মীৰা বৰঠাকুৰৰ নির্বাচনী প্রচাৰ

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নির্বাচনী প্রচাৰ ক্ৰমাৎ আকর্ষণীয় হৈ পৰিছে। শাসকীয় বিজেপি দলৰ প্রার্থী বিজুলী কলিতা মেধিৰ সমান্তৰালকৈ কংগ্রেছৰ মহাজোটৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও সমষ্টিটোৰ চূকে কোণে দলীয় সমর্থকক লগত লৈ ব্যাপক নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ হিচাপে আজি কংগ্ৰেছৰ প্রার্থী মীৰা বৰঠাকুৰে লখৰাৰ সাওঁকুছি বুধবৰীয়া বজাৰত নির্বাচনী প্রচাৰ চলায়। কংগ্রেছৰ প্রার্থীগৰাকীয়ে আজি নিজ সমর্থকক লগত লৈ সাওকুছিৰ বুধবৰীয়া বজাৰত উপস্থিত হৈ ব্যবসায়ীসকলৰ সৈতে মত বিনিময় কৰি গণতন্ত্র বক্ষাৰ স্বাৰ্থত এইবাৰ লোকসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট প্রদান কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়।

তেঁও লগতে কয় যে বিজেপিৰ শাসনকালত দেশত মূল্যবৃদ্ধিয়ে জনগগক জুৰুলা কৰিছে। গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি অত্যাবশ্যকীয় সামগ্রীৰ ঊর্ধ্বগামী দামে মধ্যবিত্ত পৰিয়ালক বাৰুকৈয়ে মাধমাৰ সোধাইছে। তদুপৰি বিজেপিৰ শাসনকালত দেশৰ নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ লগতে শান্তি সম্প্রীতির প্রতি চৰম ভাবুকি নামি আহিছে। বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰৰ বিরুদ্ধে মাত মতা সকলক জে’ললৈ প্রেৰণ কৰি মুখ বন্ধ কৰাৰ চেষ্টা চলোৱা হৈছে। আনহাতে বিভিন্ন সমস্যাৰে ভাবাক্রান্ত গুৱাহাটীবাসীৰ সমস্যা সমাধানৰ ক্ষেত্রত বিজেপির তদানীন্তন সাংসদ কুইন ওজা চূড়ান্তভাবে ব্যর্থ হৈছে। কেন্দ্র আৰু ৰাজ্যত বিজেপি শাসনত থকাৰ পিছতো বিজেপিৰ সাংসদ গৰাকীয়ে গুৱাহাটীবাসীৰ সমস্যা সমাধান কৰিব পৰা নাই। সেয়েহে গুৱাহাটী মহানগৰীৰ খোৱাপানীকে আদি কৰি যাবতীয় সমস্যা সমাধানব বাবে আগন্তুক লোকসভা নির্বাচনত কংগ্রেছৰ প্রার্থীগৰাকীক ভোটদানৰ বাবে তেঁও আহ্বান জনায়।

এটা অধ্যায়ৰ সমাপ্তি ঘটিলঃ অৱশেষত শ্ৰীলংকালৈ উভতি গ’ল ৰাজীৱ হত্যাৰে জড়িত তিনি অপৰাধীয়ে…

এটা অধ্যায়ৰ সমাপ্তি ঘটিল৷ নিজৰ দেশলৈ উভতি গ’ল ৰাজীৱ হত্যাৰে জড়িত তিনি অপৰাধীয়ে৷ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন অপৰাধীয়ে বুধবাৰে শ্ৰীলংকালৈ উভতি গ’ল । ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ ছজন দোষীক ২০২২ চনত মুক্তি দিয়া হৈছিল। তেওঁলোকৰ তিনিজন, মুৰুগান ওৰফে শ্ৰীহৰণ, জয়কুমাৰ আৰু ৰবাৰ্ট পায়াছে শ্ৰীলংকালৈ উভতি গৈছে। তেওঁলোক শ্ৰীলংকাৰ বাসিন্দা আছিল। দুবছৰ পূৰ্বে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকক তিৰুচিৰাপল্লীৰ এটা বিশেষ শিবিৰত ৰখা হৈছিল। তেওঁলোক অৱশেষত বুধবাৰে কলম্বোলৈ ৰাওনা হয়। তামিলনাডু চৰকাৰে পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কৈছিল যে ৰাজীৱ হত্যাকাৰী কেইজনে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ (এফআৰআৰও) পৰা নিৰ্বাসনৰ আদেশ লাভ কৰিলে শ্ৰীলংকালৈ উভতি যাব পাৰিব।

একে সময়তে শ্ৰীলংকাৰ উচ্চআয়োগে লোক তিনিজনক নিজৰ দেশলৈ উভতি যোৱাৰ বাবে প্ৰয়োজনীয় ভ্ৰমণ সম্পৰ্কীয় নথিপত্ৰ প্ৰস্তুত কৰাৰ পিছতে তেওঁলোকৰ শ্ৰীলংকালৈ যাত্ৰা সম্ভৱ হৈ উঠে৷ উল্লেখ্য ৰাজীৱ গান্ধী হত্যাকাণ্ডত শ্ৰীলংকাৰ আন এজন দোষী সান্হানৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ ইয়াৰ উপৰি ৰাজীৱ গান্ধী হত্যাকাণ্ডত মুক্তি পোৱা আন সকল হৈছে পেৰাৰিভালন, ৰবিচন্দ্ৰন আৰু নলিনী। তেওঁলোক আটাইকেইজন ভাৰতীয় নাগৰিক।ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুত এক নিৰ্বাচনী জনসভাৰ সময়তে আত্মঘাতী বিস্ফোৰণেৰে হত্যা কৰা হৈছিল। তেওঁক এগৰাকী মহিলাই ফুলৰ মালা পিন্ধাইছিল আৰু তাৰ পিছতেই বোমা বিস্ফোৰণ সংঘটিত হৈছিল । এই বিস্ফোৰণত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীসহ ১৮ জন লোকৰ মৃত্যু হৈছিল। ৰাজীৱ হত্যাৰ গোচৰটোত মুঠ ৪১ জন লোকক অভিযুক্ত কৰা হৈছিল। বিচাৰ চলি থকাৰ মাজতে ১২ জন লোকৰ মৃত্যু হৈছিল আৰু তিনিজনে পলাই গৈছিল। বাকী ২৬ জন ধৰা পৰিছিল। হত্যাকাৰীসকলৰ মাজত শ্ৰীলংকা আৰু ভাৰতৰ নাগৰিক আছিল। পলাতক অভিযুক্তসকল আছিল প্ৰভাকৰণ, পট্টু ওমন আৰু আকিলা। অভিযুক্তসকলৰ বিৰুদ্ধে টাডা আইনৰ অধীনত বিচাৰ চলোৱা হৈছিল৷ সাত বছৰৰ আইনী প্ৰক্ৰিয়াৰ পিছত ১৯৯৮ চনৰ ২৮ জানুৱাৰীত টাডা আদালতে এক হাজাৰ পৃষ্ঠাৰ ৰায় দিয়ে। প্ৰথমাৱস্থাত সকলো ২৬ জন অভিযুক্তক মৃত্যুদণ্ড দিয়া হৈছিল।

এই সিদ্ধান্তটো টাডা আদালতৰ আছিল, সেয়েহে ইয়াক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। কাৰণ টাডা আদালতৰ সিদ্ধান্তক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব নোৱাৰি। এবছৰ পিছত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই সমগ্ৰ সিদ্ধান্তটো ওলোটাই দিয়ে। উচ্চতম ন্যায়ালয়ে ২৬ জন দোষীৰ ভিতৰত ১৯ জনক নিৰ্দোষী সাব্যস্ত কৰে। মাত্ৰ ৭ জন দোষীৰ মৃত্যুদণ্ড বাহাল ৰখা হৈছিল। পিছত মৃত্যুদণ্ডৰ ৰায়ক আজীৱন কাৰাবাসলৈ পৰিৱৰ্তন কৰা হৈছিল। আজীৱন কাৰাদণ্ডৰে দণ্ডিতসকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ মুক্তিৰ বাবে আইনী যুঁজ দি আহিছিল।

২০১৮ চনত তামিলনাডু চৰকাৰৰ কেবিনেটে দোষীসকলক মুক্তি দিয়াৰ পৰামৰ্শ দিছিল৷ কেবিনেটে যুক্তি দিছিল যে তেওঁলোক সকলোৱে প্ৰায় তিনি দশক ধৰি কাৰাগাৰত আছিল।উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে এক ৰায়ত উল্লেখ কৰে যে দোষীসকলে কাৰাগাৰত থকা সময়ছোৱাত অধ্যয়ন কৰিছিল আৰু ডিগ্ৰী লাভ কৰিছিল, তেওঁলোকৰ আচৰণো ভাল আছিল। শেষত ৰাজীৱ হত্যাকাৰীসকলক মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷

“মই কৌটি কৌটিবাৰ কম বদৰউদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ মানুহ” :: শিখা শৰ্মা

ৰহা-কচুৱাৰ ভিন্ন ঠাইত শিখা শৰ্মাৰ প্ৰচাৰ অভিযান

দৈনন্দিন বাৰ্তাৰ সেৱা, বঢ়মপুৰ, ৩ এপ্ৰিল :: কালি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰি আজি শিখা শৰ্মাই ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ বহু ঠাইত প্ৰচাৰ অভিযান চলায় ৷

কচুৱা প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত হোৱা সাক্ষাৎকাৰত বিতৰ্কিত লেখিকা শিখা শৰ্মাই কয়– “মই কৌটি কৌটি বাৰ ক’ম যে বদৰউদ্দিন আজমল বা তেওঁৰ এ আই ইউ ডি এফ দলৰ সকলো বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহ৷” মৌলানা বদৰুদ্দিন আজমল হিমন্তৰ কথাত উঠা-বহা কৰাৰ প্ৰমাণ আছে বুলি উল্লেখ কৰি নগাঁও লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিখা শৰ্মা জয়ী হ’ব বুলি দাবী কৰে ৷

ৰাইজৰ পৰা হেৰাই যোৱা আৰু সংখ্যালঘু ভোটেৰে সাংসদ হোৱা প্ৰদ্যুত বৰদলৈ সংখ্যালঘু জনগণৰ বিপদৰ সময়ত মাত নিদিয়া প্ৰাৰ্থীক এইবাৰ ৰাইজে ভোট নিদিয়ে৷ বিজেপি দলৰ পাপী প্ৰাৰ্থী সুৰেশ বৰাৰ অতীত সুঁৱৰি হিন্দু লোকে ভোট নিদিয়ে বুলি মন্তব্য কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ জিকিলেও বিজেপি আৰু হাৰিলেও বিজেপি বুলি মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ৷

নগাঁও সংসদীয় সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দি কেৱল সংখ্যালঘু (মুছলমান) ভোট বিভাজন কৰি কোন দলৰ প্ৰাৰ্থীক শিখা শৰ্মাই ৰঙা দলিচা পাৰি দিব সেয়া সময়ত লক্ষ্যনীয় হ’ব বুলি বহুজনে মন্তব্য কৰিছে ৷

সৰ্বভাৰতীয় পৰ্য্যায়ত জিলিকিল গুৱাহাটী বিশ্ববিদ্যালয়:

ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংস্থাৰ তত্বাৱধানত ২৮ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ লুধিয়ানাৰ পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ১৫টা পুৰস্কাৰ অৰ্জন কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে। উত্তৰ পূব মণ্ডলিক যুৱ মহোৎসৱত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰি উক্ত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে। অন দ্য স্পট পেইন্টিং, কাৰ্টুনিং, পোষ্টাৰ মেকিং আৰু ৰাঙ্গলীত ১ম স্থান লাভ কৰে।

থিয়েটাৰ শাখাৰ একংক নাট, স্কিট আৰু মাইমত শাখাত ২য় স্থান আৰু মিমিক্ৰিত ৩য় স্থান লাভ কৰে। সংগীত বিভাগৰ ফ’ক অৰ্কেষ্ট্ৰা, ক্লাছিকেল ইনষ্ট্ৰুমেণ্টেল (পাৰ্কাচন)ত ২য় স্থান আৰু পাশ্চাত্য সমবেত সংগীতত ৩য় স্থান লাভ কৰে। লগতে নৃত্য শাখাত শাস্ত্ৰীয় নৃত্যত আৰু লঘূ কলা শাখাত দ্বিতীয় স্থান লাভ কৰে ।

ইয়াৰ উপৰিও সাংস্কৃতিক শোভাযাত্ৰাত ২য় স্থান, নাট্য শাখাত সামগ্ৰিকভাৱে তৃতীয় শ্ৰেষ্ঠ দল আৰু লঘূ কলাত তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে। ড০ দেৱাশীষ শইকীয়া আৰু ড০ ইৰাণী হাজৰিকাৰ নেতৃত্বত আৰু ছাত্ৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিৰ নিৰ্দেশনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটো সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংগ্ৰহণ কৰে ।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ ,পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব ড° জগদীশ শৰ্মা, ছাত্ৰকল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোক অসমৰ লগতে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।

আমেঠিলৈ নগ’ল, ৱায়ানাডৰ পৰাই পুনৰ মনোনয়ন দাখিল কৰিলে ৰাহুল গান্ধীয়ে

আমেঠিলৈ নগ’ল, ৱায়ানাডৰ পৰাই পুনৰ মনোনয়ন দাখিল কৰিলে ৰাহুল গান্ধীয়ে , প্ৰত্যাহ্বান আছে কিন্তু সেই প্ৰত্যাহ্বানক যেন গুৰুত্ব দিয়া নাই ৰাহুল গান্ধীয়ে৷

আজি ভগ্নী প্ৰিয়ংকা আৰু সমৰ্থকৰ সৈতে গৈ কেৰালাৰ বায়ানাডৰ পৰা পুনৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ এক কথাত এতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ এখন নতুন ‘ঘৰ’ বিচাৰি পাইছে। সেয়া কেৰালাৰ ৱায়ানাড।

ৰাহুল গান্ধীয়ে ২০১৯ চনত এই সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচন জিকিছিল। ২০২৪ চনত তেওঁ পুনৰ সেই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাহুল গান্ধীয়ে বুধবাৰে ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে ৱায়ানাড সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন দাখিল কৰাৰ পিছত ৰাহুলে কয়, “ৱায়ানাড মোৰ ঘৰ। আৰু ৱায়ানাডৰ সকলো বাসিন্দা মোৰ পৰিয়াল। যোৱা পাঁচ বছৰত ইয়াৰ মানুহে মোক বহুত শিকাইছে। মোক গ্ৰহণ কৰিছে। প্ৰেম দিছে।

এয়া মোৰ বাবে গৌৰৱৰ বিষয় যে মই ২০২৪ চনত পুনৰ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছো। ৰাহুলে লগতে কয় “এইবাৰৰ যুঁজ হৈছে সংবিধান ৰক্ষা কৰা। ঘৃণাৰ বিৰুদ্ধে যুঁজ।

” ৰাহুল গান্ধী ২০১৯ চনত আমেঠিৰ পৰা পৰাজিত হৈছিল, কিন্তু ৱায়ানাডৰ পৰা বিজয়ী হৈছিল। তেওঁ তেওঁৰ বাওঁদলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীক ৪ লাখতকৈও অধিক ভোটত পৰাজিত কৰিছিল। এইবাৰ বিজেপিয়ে আমেঠিৰ দৰেই ৱায়ানাডতো ৰাহুলৰ বাবে যুঁজখন কঠিন কৰি তুলিবলৈ চেষ্টা কৰি আছে।

বিজেপিয়ে কেৰালাৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনক ৱায়ানাডৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। চিপিআইয়ে দলৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনি ৰাজাক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৱায়ানাড কংগ্ৰেছৰ বাবে আটাইতকৈ সুৰক্ষিত আসন। সমষ্টিটোত ৩২ শতাংশ বাসিন্দা মুছলমান আৰু ১৩ শতাংশ খ্ৰীষ্টান। কংগ্ৰেছে আশা কৰিছে যে এই ভোট ৰাহুলৰ পক্ষতে যাব।

চিলাপথাৰ-ডিমৌ-শ্ৰীপানীত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ নিৰ্বাচনী ৰণডংকা

দৈনন্দিন বাৰ্তা সেৱা চিলাপথাৰ,৩ এপ্ৰিলঃ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদান বৰুৱাই আজি জোনাই বিধানসভা সমষ্টিৰ ডিমৌ কৃষ্টি ভৱনৰ লগতে নৱগঠিত চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ চিলাপথাৰৰ জনজাতি আৰু শ্ৰীপানিত নিৰ্বাচনী ৰণডংকা বজায়। তিনিওখন বিশাল নিৰ্বাচনী সভাত ৰাইজক উদ্দেশ্যি ভাষন আগবঢ়াই বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই কয় দেশৰ জনপ্ৰিয় আৰু কৰ্মযোগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দহ বছৰীয়া শাসন কালত উন্নয়নৰ যি ধাৰা বোৱাই লৈ গৈছে,সেই উন্নয়নৰ বাবে দেশৰ জনগণে পুনৰ তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে মনেপ্ৰাণে বিচাৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো শ্ৰেণীৰ জনগণৰ কল্যাণৰ বাবে যি বিলাক জনমুখী আঁচনি গ্ৰহণ কৰিছে সেয়া কোনো মধ্যভোগী অবিহনে দৰিদ্ৰ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হৈছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদান বৰুৱাই কয় সময়ৰ অভাৱৰ বাবে বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়তে কংগ্ৰেছী সকলক যোগদান কৰিবলৈ আহ্বান জনায়।নিৰ্বাচনী সভাত জোনাইৰ বিধায়ক ভূৱন পেগুয়ে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যেনে ধৰণে জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিছে,তাৰ জৰিয়তে ৰাইজ যথেষ্ট উপকৃত হৈছে আৰু এইবাৰ পুনৰ তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে বুলি উল্লেখ কৰি লখিমপুৰ লোকসভা সমষ্টিত যিবোৰ মূল মূল কংগ্ৰেছী আছিল গোটেইবোৰে বিজেপিত যোগদান কৰিছে আৰু গাঁৱত থকা বাকীখিনিও লাহে লাহে যোগদান কৰিব বুলি উনুকিয়াই পুৰণা জোনাই সমষ্টিৰ পৰা এক লাখ ভোটত প্ৰদান বৰুৱা আগবাঢ়িব বুলি ভাষন দাঙি ধৰি কংগ্ৰেছ শূন্য লখিমপুৰত অসমৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী বিজয়ী হ’ব বুলি ঘোষনা কৰি সকলোতে মোদীময় পৰিৱেশ সৃষ্টি হোৱা সময়ত কংগ্ৰেছৰ টিকট লৈ নিৰ্বাচনত নমাটো উদয় শংকৰ হাজৰিকাৰ নিশ্বয় স্বাস্থ্যজনিত কিবা অভাৱ ঘটিছে বুলি কটাক্ষ কৰে।

নিৰ্বাচনী সভাত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান,অগপ,সন্মিলীত গণ শক্তিৰ কেবাগৰাকী শীৰ্ষ নেতা কৰ্মী উপস্থিত থাকে। তিনিওখন সভাতেই ৰাইজৰ ব্যাপক উপস্থিতি দেখা যায়।

দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়— ডাঃ ভবেন চৌধুৰী

সঞ্জয় সিঙ জামিনত মুক্তিঃ EDক উচ্চতম ন্যায়লয়ৰ ভৰ্ৎসনা

দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়— ডাঃ ভবেন চৌধুৰী

বিজেপিয়ে যিমানেই ষড়যন্ত্ৰ নকৰক, তেওঁলোকে আপক কেতিয়াও নিঃশেষ কৰিব নোৱাৰে— হেমন্ত ফুকন, মুখপাত্ৰ, আপ

গুৱাহাটী, ৩ এপ্ৰিল : দিল্লীৰ নতুন আবকাৰী নীতিৰ অনিয়মৰ ভুৱা গোচৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ই ডিয়ে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সাংসদ গৰাকীৰ বিৰুদ্ধে ইডিয়ে দুৰ্নীতিৰ কোনো ধৰণৰ তথ্য প্ৰমাণ আদালতত দাখিল কৰিব নোৱাৰাৰ বাবে ন্যায়ালয়ে সাংসদ সঞ্জয় সিঙক জামিনত মুক্তি দিয়ে। আম আদমি পাৰ্টীৰ গুৱাহাটীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অভিযোগ কৰে – আপৰ সাংসদ সঞ্জয় সিঙে জামিন পোৱাৰ কথাটোৱে ইয়াকেই প্ৰমাণ কৰে যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰী বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়। EDৰ ওচৰত দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধনৰ লেনদেনৰ কোনো তথ্য নাই আৰু সেইবাবে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত জামিনৰ বিৰোধিতা কৰাৰ কোনো সুবিধা লাভ নকৰিলে।

এই কথাই ইয়াকে প্ৰমাণ কৰে যে বিজেপি আৰু EDয়ে ষড়যন্ত্ৰমূলকভাৱে আম আদমি পাৰ্টীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে। দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী দিনেশ আৰোৰাৰ সম্পৰ্কে উল্লেখ কৰি ডাঃ চৌধুৰীয়ে কয় যে যিজন দিনেশ আৰোৰাৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল সেইজন দিনেশ আৰোৰাই EDক এঘাৰবাৰ বক্তব্য প্ৰদান কৰিছিল, কিন্তু এই এঘাৰটা বক্তব্যৰ ভিতৰৰ দহটাতেই তেওঁ সঞ্জয় সিঙৰ বিপক্ষে কোনোধৰণৰ অভিযোগ উত্থাপন কৰা নাছিল। একেবাৰে শেষৰটো ভাষ্যতহে তেওঁ সঞ্জয় সিঙৰ নাম লৈছিল। যি দহটা ভাষ্যত তেওঁ সঞ্জয় সিঙৰ নাম লোৱা নাছিল সেইকেইটা ভাষ্যক EDয়ে নোহোৱা কৰি পেলোৱা কাৰ্যত উচ্চতম ন্যায়ালয় ক্ষুব্ধ হৈছে। উল্লেখ্য যে সঞ্জয় সিঙৰ জিম্মাৰ পৰা এটকাও উদ্ধাৰ কৰিব নোৱাৰাৰ পাছতো সঞ্জয় সিঙৰ বিৰুদ্ধে কেনেকৈ PMLA প্ৰয়োগ কৰিলে আৰু বিগত ছমাহে গ্ৰেপ্তাৰ কৰি ৰাখিলে সেই প্ৰশ্ন কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সংবাদমেলত এই সন্দৰ্ভত আপৰ জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে উল্লেখ কৰে যে অৰবিন্দ কেজৰিৱাল, মনিশ ছিছোদিয়া, সঞ্জয় সিং বা সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ Modus Operandi একেই। কোনো এজন লোকক EDয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰি তেওঁক ব্যাপক মানসিক চাপ প্ৰদান কৰি তেওঁৰ মুখেৰে আপৰ এজন নেতাৰ নাম লোৱাব আৰু সেই ব্যক্তিজনক ৰাজসাক্ষী হিচাপে মুকলি কৰাই আপৰ নেতাজনক EDয়ে গ্ৰেপ্তাৰ কৰে।

এইসম্পৰ্কে অধিক উল্লেখ কৰি হেমন্ত ফুকনে কয় যে অৰবিন্দ কেজৰিৱালক সাৰথ ৰেড্ডীৰ ভাষ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰে। সেইজন সাৰথ ৰেড্ডীয়ে বিজেপিক ইলেক্ট’ৰেল বণ্ডৰ যোগেদি ৫৫ কোটি টকা প্ৰদান কৰিছে। সেইদৰে আন দুজন ৰাজসাক্ষী হৈছে পিতা-পুত্ৰ বাগুন্তা শ্ৰীনিবাসন ৰেড্ডী আৰু ৰাঘৱ ৰেড্ডী। এই বাগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ উপহাৰস্বৰূপে বিজেপিৰ সহযোগী NDAৰ তেলেগু দেশম (TDP) দলে তেওঁক লোকসভা নিৰ্বাচনৰ বাবে দলীয় টিকট প্ৰদান কৰিছে। ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে লগতে কয় যে বিজেপিয়ে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰী সৃষ্টি কৰি আম আদমি পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা কৰিলেও কাৰ্যতঃ তেওঁলোক সফল নহ’ব। তেওঁ কয় যে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে আৰু দহজন কেজৰিৱাল ওলাই আহিব।

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে, দ্বিতীয় লাইনৰ মনিষ ছিছোদিয়া আৰু সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰিলে, কিন্তু লগে লগে তৃতীয় লাইনৰ আতিশী, সৌৰভ ভাৰদ্বাজ আদিৰ দৰে নেতা ওলাই আহিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে চতুৰ্থ শাৰীৰ নেতাসকল ওলাই আহিব। এই মন্তব্য কৰি হেমন্ত ফুকনে লগতে কয় যে আম আদমি পাৰ্টী দুৰ্নীতিবিৰোধী জন আন্দোলনৰ যোগেৰে জন্ম হোৱা এটা ৰাজনৈতিক দল। বিজেপিৰ দৰে এটা দুৰ্নীতিকাৰী আৰু সাম্প্ৰদায়িক দলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় তথাপিও এই দলটোক কেতিয়াও ধ্বংস কৰিব নোৱাৰে। আম আদমি পাৰ্টীয়ে সকলো প্ৰত্যাহ্বান নেওচি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা লক্ষ্যত কাম কৰিব। সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, মুখপাত্ৰ হেমন্ত ফুকনৰ লগতে দলৰ সংখ্যালঘু কোষৰ নেতা আৰিফ শিকদাৰো উপস্থিত থাকে।

বিজেপিয়ে কংগ্ৰেছৰ দৰে ফাঁকি দি ভোট নিবিচাৰে – সুৰেশ বৰা…

বিজেপিয়ে যি কৰিম বুলি কয় তাকে কৰে । কংগ্ৰেছৰ দৰে ফাঁকি দি কাম নকৰে । নিৰ্বাচনৰ প্ৰচাৰতো যি কথা কয় তাকে কৰে । কথা দি কথা ৰখাটো বিজেপিৰ বিশেষ চৰিত্ৰ। মই সদায় ৰাইজৰ লগত আছো। কিন্তু
প্ৰদ্যুৎ বৰদলৈয়ে ভাৰাঘড়ত থাকি নিৰ্বাচন চলোৱা, বিপদৰ সময়ত ৰাইজৰ কাষত নথকা কথাবোৰ ৰাইজে লক্ষ্য কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজে যি উন্নয়ন লাভ কৰিছে এই সকলো মিলাই ৰাইজ যিদৰে সভা সমিতিলৈ আহিছে এইবাৰ নগাঁও লোকসভাত বিজেপিৰ জয় নিশ্চিত।
সুৰেশ বৰাই হিন্দী ইংৰাজী ভালকৈ ক’ব নোৱাৰে তেন্তে সাংসদৰ এটা সংখ্যা হে হৈ থাকিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত সুৰেশ বৰাই কয় যে মাজতে ভূপেন বৰাৰ হে হিন্দী কোৱাক লৈ বিতৰ্ক হৈছিল।

তেওঁ এনে কথা ক’লে ভাল নালাগে। এনেই ভূপেন দাক মই ব্যক্তিগতভাৱে ভাল পাওঁ কিন্তু তেওঁ নিজৰ ঘাঁ নিজে খুচৰি আছে। যদি ভূপেন বৰাই কৈছে আগন্তুক তিনি‌টা বৰ্ষলৈ প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ পৰা কোনেও আঁতৰাব নোৱাৰে তেন্তে সেই কথাত মই শুভেচ্ছা জনাইছোঁ। তেওঁৰ কথাবোৰ সঁচা প্ৰমাণিত হ’লে ৰাইজে তেওঁৰ কথা শুনিবলৈ ল’ব আৰু মিচা প্ৰমাণিত হ’লে ৰাইজে তেওঁক গুৰুত্ব নিদিব। মূল্য বৃদ্ধিয়ে আগন্তুক নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰি ৰাইজে এতিয়া তৃতীয় বাৰৰ বাবে কেনেকৈ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব পাৰি সেইটো হে চিন্তা কৰি আছে। নিৰ্বাচনী প্ৰচাৰ সভালৈ অহা সুৰেশ বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপিয়ে

বলিৰ পথা সজাইজে বুলি ভুপেন বৰাই কৰা মন্তব্যত কয় যে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক মানুহে শিক্ষিত মানুহ বুলি ভাৱে কিন্তু তেওঁলোকৰ এনে পাতল কথাই তেওঁলোকৰে ব্যক্তিত্বৰ অৱক্ষয় হৈছে। মই বলিৰ পথাই হও যিয়ে হও ৰাইজৰ সেৱা কৰিব আহিছোঁ কৰি যাম। আজি ৰহা বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ডাকৰঘাট, ৰণথলি, জলাহ , দেউৰী গাওঁ,বৰকলা , দক্ষিণপাট ঘাঁহীত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনী প্ৰচাৰ চলাই । কেইখন মান সভাত ৰাইজৰ উপস্থিত উৎসাহজনক আছিল যদিও কেইখনমান সভাত ৰাইজৰ উপস্থিতি আছিল অতি সেৰেঙা । দীঘলীয়া গাড়ীৰ কনভয় লৈ নিৰ্বাচনী প্ৰচাৰ সভালৈ অহাত একাংশই কৈছে ” কনভয় দীঘলীয়া হলে কি হ’ব মানুহ সেৰেঙা ” ।

বাপতিসাহোন বিহুটিলৈ মাজত কেইটামান দিন ! নকল গামখাৰু, জোনবিৰি, গলপতাৰে ভৰিছে বজাৰ…

অসমীয়াৰ প্ৰাণৰো প্ৰাণ ব’হাগ বিহুটি পদুলিমুখত। তাঁতশালৰ খিট্ খিটনি , ঢোলৰ গুমগুমনিয়ে কঁপাই তুলিছে আকাশ বতাহ। ব’হাগ বিহুৰ আপুৰুগীয়া সামগ্ৰীক লৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, এক অসাধু চক্ৰই ৰাজ্যৰ বজাৰত মেলি দিছে নকল গামখাৰু, গলপতা, জোনবিৰিকে ধৰি কপৌফুল আদি সামগ্ৰী। পূৰ্বৰ তুলনাত ৪০-৫০ শতাংশ দাম বৃদ্ধিৰে এইচাম অসাধু ব্যৱসায়ীয়ে লক্ষ্য কৰি লৈছে বিহু প্ৰতিযোগিতাত অবতীৰ্ণ হব বিচৰা নাচনীক।

ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটীৰ ফাঁচীবজাৰৰ এক সূত্ৰই জানিবলৈ দিয়ামতে ইতিমধ্যে পশ্চিমবংগৰ পৰা আমদানিকৃত বিহুৰ নাচনীৰ প্ৰয়োজনীয় সামগ্ৰীৰ মজুত কৰি প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ বিভিন্ন বজাৰলৈ। এইবেলি পূৰ্বৰ তুলনাত ৩০ৰ পৰা ৪০ শতাংশ দাম বৃদ্ধি হৈছে এনে সামগ্ৰীত। সেইমৰ্মে গামখাৰু যোৰাত ৫০ টকাৰ পৰা ৫০০ টকা, জোনবিৰি ২০০ টকাৰ পৰা ৭০০ টকা, কাগজ কপৌ ফুল ৩০ টকাৰ ৫০ টকা, প্লাষ্টিকৰ কপৌ ফুল ১০০ টকা , কানফুল ৭০ টকাৰ পৰা ১৫০ টকাকৈ, গগনা ১৫০ টকাৰ পৰা ২০০ টকাকৈ বিক্ৰি কৰি আছে ব্যৱসায়ী সকলে।

উল্লেখ্য যে বিহুৰ ঢোলক কেন্দ্ৰই জি আই টেগ প্ৰদান কৰাৰ বিপৰীতে কলকাতাৰ একাংশ ব্যৱসায়ীয়ে নিম্ন মানৰ লগতে কম দামৰ কাঠৰ ঢোল ৰপ্তানি কৰিছে ৰাজ্যখনলৈ। ৮ হাজাৰ টকাৰ পৰা আৰম্ভ হোৱা এনে ঢোল নিম্ন মানৰ কাঠেৰে তৈয়াৰ কৰা হয়। প্ৰকৃত ঢোল কঠাল গছৰ পৰা তৈয়াৰ কৰা হয় আৰু এনে ঢোল দীৰ্ঘদিন ধৰি নষ্ট নোহোৱাকৈ থকাৰ লগতে দামো বেছি। প্ৰশ্ন হৈছে জি আই টেগ প্ৰদান কৰাৰ পিছতো কেনেদৰে কলকাতাৰ কাঠৰে নিৰ্মিত ঢোল ৰাজ্যখনত মুকলিকৈ বিক্ৰি হৈ আছে সেয়া লক্ষনীয় ।

বিশিষ্ট লেখক,কবি, শিক্ষক লক্ষী প্ৰসাদ ডেকাক ‘তপোধন অসম’সন্মান প্ৰদান…

বিশিষ্ট লেখক,কবি, শিক্ষক লক্ষী প্ৰসাদ ডেকাক ‘তপোধন অসম’সন্মান প্ৰদান

নগাঁও জিলাৰ ৰহাৰ বিশিষ্ট লেখক,কবি, শিক্ষক লক্ষী প্ৰসাদ ডেকাক অসম বাৰ্তা কাকতৰ ‘তপোধন অসম সন্মান ২০২৪” প্ৰদান। অসম বাৰ্তা কাকতৰ চতুৰ্থ বৰ্ষপূতি উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি লক্ষী প্ৰসাদ ডেকাক এই বঁটা প্ৰদান কৰা হয়।

দেওবাৰে দিছপুৰৰ লোকনিৰ্মান বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট লেখক,কবি, শিক্ষকগৰাকীক আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হয়।

এই সন্মান প্ৰদানৰ কৰাৰ পাছতে ৰহাৰ বিভিন্ন দল সংগঠনৰ লগতে ৰহা বাসীয়ে ডেকাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।ইপিনে এই সন্মান লাভ কৰি উৎফুল্লিত হৈ পৰিছে লক্ষী প্ৰসাদ ডেকা। এই সন্মান প্ৰদান কৰাৰ বাবে অসম বাৰ্তা কাকত গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিলে বিশিষ্ট লিখক গৰাকীয়ে।