Home Blog Page 93

16 বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা…

FILE PHOTO: Australian Prime Minister Anthony Albanese addresses members of the media during a joint news conference hosted with New Zealand Prime Minister Jacinda Ardern, following their annual Leaders’ Meeting, at the Commonwealth Parliamentary Offices in Sydney, Australia, July 8, 2022. REUTERS/Loren Elliott/File Photo

16 বছৰৰ তলৰ শিশুৱে এতিয়া ফেচবুক, টিকটক, ইনষ্টাগ্ৰামকে ধৰি বিশ্বৰ 10 টা বৃহৎ প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব ।আজি অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত কাৰ্যকৰী হৈছে এই নতুন নিয়ম । নতুন আইন মানি চলিবলৈ বাধ্যতামূলক কৰা প্লেটফৰ্মসমূহৰ ভিতৰত আছে টিকটক, ইউটিউব আৰু মেটাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লগতে থ্ৰেডছ, এক্স (পূৰ্বতে টুইটাৰ), স্নেপচ্যাট, কিক, টুইচ আৰু ৰেডিট ।

অষ্ট্ৰেলিয়া চৰকাৰে কয় যে এই নিষেধাজ্ঞাৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক অনলাইনত ক্ষতিকাৰক বিষয়বস্তুৰ পৰা ৰক্ষা কৰাৰ যত্ন কৰা হৈছে । ফেচবুক, ইউটিউব, টিকটককে ধৰি তালিকাভুক্ত সকলো প্লেটফৰ্মে এতিয়া নাবালক ব্যৱহাৰকাৰীক আঁতৰোৱাৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ সন্মত হৈছে । ইল’ন মাস্কৰ এক্সেও নিশ্চিত কৰিছে যে ই অষ্ট্ৰেলিয়াৰ নতুন আইন মানি চলিব ।

Discord, Google Classroom, Messenger, GitHub, WhatsApp, Lego Play, Steam, Roblox আৰু YouTube Kids আদি প্লেটফৰ্ম বৰ্তমান এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয় । অৱশ্যে অষ্ট্ৰেলিয়া চৰকাৰৰ ই-নিৰাপত্তা বিষয়াগৰাকীয়ে উল্লেখ কৰে যে কিছুমান প্লেটফৰ্ম এতিয়াও বিবেচনাৰ অধীনত আছে, ইয়াৰ পৰা বুজা যায় যে চূড়ান্ত তালিকাখন পৰৱৰ্তী সময়ত সলনি হ’ব পাৰে ।

এই আইন বলৱৎ কৰিবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে একাউণ্টৰ বয়স আৰু প্ৰফাইল ফটোৰ পৰা বয়স অনুমান কৰাকে ধৰি বিভিন্ন স্তৰত বয়স সম্পৰ্কীয় সংকেত পৰীক্ষা কৰিব লাগিব । লগতে শিশুৰ কন্টেন্টৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপ নিৰীক্ষণ কৰিব লাগিব ।

প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ইয়াক গৌৰৱৰ দিন বুলি অভিহিত কৰি কয় যে অষ্ট্ৰেলিয়াই 16 বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া একাউণ্টৰ ওপৰত প্ৰথমটো বিশ্বব্যাপী নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে ।

Post Malone Concert Guwahati: ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ

ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ
ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ

গুৱাহাটীক বদনামী কৰিলে কোনে?(Post Malone Concert Guwahati)

গুৱাহাটীত পোষ্ট মেলনৰ কনচাৰ্টত অপ্ৰীতিকৰ ঘটনা।

ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ।

পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টত অনাংকাক্ষিত ঘটনা।

শাৰীৰিকভাৱে অপদস্থ বিদেশী মহিলাক।

সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে যুৱতীয়ে।

কেইজনমান উদণ্ড যুৱকৰ বাবে বদনাম গুৱাহাটীৰ।

ইনষ্টাগাম যোগে ক্ষোভ প্ৰকাশ বিদেশী পৰ্যটকৰ।

কনচাৰ্ট উপভোগ নকৰাকৈ স্থান ত্যাগ কৰিলে দুই যুৱতীয়ে।

ইনষ্টাগাম যোগে সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰিলে বিদেশী পৰ্যটকে।

ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে মহিলাসকলে নিৰাপত্তা অনুভৱ কৰাৰ যোগ্য। কেৱল কনচাৰ্টতে নহয়, সকলোতে।

আজি ছহিদ দিৱসঃ মুকলি হ’ব বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ

আজি ছহিদ দিৱসঃ মুকলি হ'ব বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ
আজি ছহিদ দিৱসঃ মুকলি হ'ব বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ

আজি ছহিদ দিৱস।

অসম আন্দোলনৰ ছহিদৰ পবিত্ৰ স্মৃতিত ছহিদ দিৱস।

মহানগৰীৰ বৰাগাঁৱত মুকলি হ’ব ছহিদ স্মাৰক ক্ষেত্ৰ।

অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদৰ স্মৃতিত নিৰ্মাণ হৈছে স্মাৰক।

৮৬০ গৰাকী ছহিদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে সু-উচ্চ সৌধ।

৮৬০ গৰাকী ছহিদৰ স্মৃতিত নিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।

ছোনিয়া গান্ধীলৈ আদালতৰ জাননী

কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে জাননী ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেওঁৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সৈতে জড়িত এক গোচৰত জাননী জাৰি কৰিছে । ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি এখন আবেদনৰ ভিত্তিত ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীক জাননী জাৰি কৰে ।

ইয়াৰ উপৰিও আবেদনখনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ খাৰিজ কৰা দণ্ডাধীশৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে । আদালতে এই বিষয়ত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি সম্পূৰ্ণ কেছ ৰেকৰ্ড (TCR) চমন কৰিছে । ৬ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিয়ে বিশেষ ন্যায়াধীশ বিশাল গগনে । এই জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব ছোনিয়া আৰু ৰাজ্য চৰকাৰে ।

এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱা বুলি, কিন্তু ইমানৰ পিছতো ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা হৈছিল ।

১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা ছোনিয়াৰ নাম আঁতৰাই পিছত ১৯৮৩ চনত সংযোজন কৰা হয় । ১৯৮৩ চনত ছোনিয়া ভাৰতীয় নাগৰিক হৈ পৰে । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । যিহেতু ১৯৮৩ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হৈছিল, গতিকে ভোটাৰ তালিকাত যোগ হ’বলৈ কিছুমান প্ৰৱঞ্চনামূলক নথি দাখিল কৰা হ’ব লাগিব, যিটো এটা চিনাক্তকৰণযোগ্য অপৰাধ । এনেক্ষেত্ৰত আদালতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ নিৰ্দেশ দিব লাগে । এই বিষয়ত দণ্ডাধীশ আদালতে ছোনিয়া গান্ধী বা দিল্লী আৰক্ষী কোনো এজনকো জাননী জাৰি কৰা নাছিল ।

অভিযোগত উল্লেখ আছে যে ছোনিয়া গান্ধী মূলতঃ ইটালীৰ নাগৰিক । ১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ১৯৮৩ চনত নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে । এই অনিয়মৰ তদন্ত আৰু এই কথিত অবৈধ পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিষয়াক জগৰীয়া কৰিবলৈ আদালতক অনুৰোধ জনাইছে ।

Swahid Divas: কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস
কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

১০ ডিচেম্বৰত নগাঁও(Swahid Divas) জিলা ছাত্ৰ সন্থা উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসীৰ সহযোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ পূৰ্ণোদ্যমে চলিছে প্ৰস্তুতি। কাইলৈ শ্বহীদ দিৱস, ৰাজ্যজুৰি আছুৱে সুঁৱৰিব অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা বীৰ সন্তানক। সদৌ অসম ছাত্ৰ সন্থাই (আছু) ১০ ডিচেম্বৰ তাৰিখটোত শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে।

এই দিৱসটোৰ অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। প্ৰতিবছৰে আছুৱে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে।

অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোতে আছুৱে শ্বহীদ দিৱস পালন কৰি আহিছে। প্ৰস্তুতিৰ সন্দৰ্ভত মৃগাঙ্ক শেখৰ ভঁৰালী হাজৰিকা, মুখ্য সম্পাদক, অভ্যৰ্থনা সমিতি, শ্বহীদ দিৱস উদ্‌যাপন সমিতি

Zubeen Garg: জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান

জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান
জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান

আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন।(Zubeen Garg)

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমাৱৰ্তনৰ অনুষ্ঠান।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান।

কটন বিশ্ববিদ্যালয়ে প্ৰদান কৰে এই ডি.লিট সন্মান।

জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰে গ্ৰহণ কৰে এই সন্মান।

ৰাজ্যপালৰ পৰা ডিগ্ৰী গ্ৰহণ কৰে ভগ্নী পামী বৰঠাকুৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সমাৱৰ্তন সমাৰোহ।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।


Post Malone concert: গুৱাহাটীত কনচাৰ্ট চাবলৈ কোন কোন দেশৰ মানুহ আহিল ?

গুৱাহাটীত কনচাৰ্ট চাবলৈ কোন কোন দেশৰ মানুহ আহিল ?
গুৱাহাটীত কনচাৰ্ট চাবলৈ কোন কোন দেশৰ মানুহ আহিল ?

মাৰ্কিন(Post Malone concert)পপষ্টাৰ পোষ্ট মেলনৰ লাইভ কনচাৰ্টে সুৰৰ মুৰ্চনা তুলিলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত।ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল’লে অজস্ৰ সংগীতপ্ৰেমীয়ে। খানাপাৰা খেলপথাৰৰ কনচাৰ্টত জুবিন গাৰ্গক স্মৰণ মাৰ্কিন পপষ্টাৰ প’ষ্ট মেলনৰ। জুবিন গাৰ্গক GREAT LEGENDARY SINGER আখ্যা পপস্টাৰ পোষ্ট মেলনৰ। পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্টৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে-

‘আমেৰিকা-লণ্ডনৰ পৰা মানুহ অসমলৈ আহিছে’

‘ইউৰোপ, ফ্ৰান্সৰ মানুহে আহি গুৱাহাটীত প’ষ্ট মেলনৰ কনচাৰ্ট চাইছে’

‘এয়া অসমৰ বাবে গৌৰৱৰ দিন’

‘আমি ইণ্টাৰনেচনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ’

‘পৰ্যটকসকল দুদিনত ঘূৰি নাযায়, ৪-৫ দিন থাকিব’

‘সকলোৰে এটা ইতিবাচক প্ৰভাৱ অসমত পৰিব’

‘কালি ধুনীয়াকৈ অনুষ্ঠান হৈছে’

‘যদিও মই চাব যোৱা নাই, খবৰ লৈছো’

পোষ্ট মেলনৰ আয়োজককো ধন্যবাদ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Babri Masjid: ‘বাবৰি মছজিদ’ নিৰ্মাণৰ বাবে উঠিল কোটি কোটি টকা

'বাবৰি মছজিদ' নিৰ্মাণৰ বাবে উঠিল কোটি কোটি টকা
'বাবৰি মছজিদ' নিৰ্মাণৰ বাবে উঠিল কোটি কোটি টকা

বাবৰি মছজিদ নিৰ্মাণ বাবে বাকচে বাকচে গণিছে ধন।(Babri Masjid)

হিয়া উজাৰি মছজিদ নিৰ্মাণৰ বাবে দান দিছে মুছলমান ৰাইজে।

ধন গণিবলৈ ব্যৱহাৰ কৰা হৈছে মেচিন।

বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিলে ৮০ কোটি টকা।

আল্লাহৰ ঘৰ বনাবলৈ এজন ব্যক্তিয়ে কৰিলে সকলো ত্যাগ।

অজ্ঞাত ব্যক্তিয়ে দিলে ৮০ কোটি টকা।

ত্ৰিশজন লোকে একেলগে গণিছে পইচা।

৬ ডিচেম্বৰত মুৰ্ছিদাবাদ জিলাৰ বেলডাঙাত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

৬ ডিচেম্বৰ দিনা দেখিবলৈ পোৱা গৈছিল হাতে হাতে ইটা লৈ ওলাই অহা লাখ লাখ মুছলমানক।

পশ্চিমবংগৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰৰ আহ্বানত বাবৰি মছজিদ নিৰ্মাণৰ বাবে সমৱেত হয় অগণন মুছলমান।

নতুন বাবৰি মছজিদ নিৰ্মাণৰ বাবে মুছলমান ৰাইজে আগবঢ়াইছে দান-বৰঙণি।

এজন অজ্ঞাত ব্যক্তিয়ে নতুন বাবৰি মছজিদ নিৰ্মাণৰ বাবে ৮০ কোটি টকা আগবঢ়াইছে।

বিজেপিক ভোট নিদিলে মহাপাপ লাগিব!

‘এইবাৰ মুছলমানে বিজেপিক ভোট নিদিলে আল্লাই ক্ষমা নকৰে’

‘৮০ শতাংশ মুছলমানে চৰকাৰী ঘৰ পাইছে’

‘বিজেপিক ভোট নিদিলে মহাপাপ লাগিব’

ৰাজহুৱা সভাত এই মন্তব্য ৰমাকান্ত দেউৰীৰ

বহুবিবাহক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা…

অৱশেষত অসম বিধানসভাত গৃহীত হ’ল বহুচৰ্চিত বহুবিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫ । এই বিধেয়কখন আইনৰূপে গৃহীত কৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখন উত্থাপন কৰাৰ পিছতে ইয়াৰ ওপৰত দীঘলীয়া সময় বিতৰ্ক হয় ।

বিৰোধী বিধায়কসকলে বিধেয়কখনৰ বিৰোধিতাৰ লগতে সংশোধনীৰ দাবী জনাই যদিও অৱশেষত বিধেয়কখন সদনত পাৰিত কৰা হয় । বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ পাছত উত্তৰ দি মুখ্যমন্ত্রীয়ে কয়, “বহুবিবাহ প্ৰতিৰোধী বিধেয়কক লৈ ৰাজনীতি কৰা বুলি বিৰোধীয়ে কৈছে । হয়, আমি ৰাজ্যৰ নিপীড়িত-নিষ্পেষিত মহিলা সমাজৰ অধিকাৰৰ বাবে ৰাজনীতি কৰিছো । এই বিধানসভাত মুছলমান সমাজক প্ৰতিনিধিত্ব কৰি পুৰুষ বিধায়ক আহিছে । কিন্তু মহিলা বিধায়িকা নাই ।”

তেওঁ লগতে কয়, “বাল্যবিবাহৰ যোগেদি মহিলাসকলৰ জীয়াই থকাৰ ন্যূনতম অধিকাৰখিনি কাঢ়ি লোৱা হৈছিল । ১২ বছৰীয়া ছোৱালীক মাতৃত্বৰ বোজা দিয়া হৈছিল । ৬০ বছৰীয়া মাতব্বৰে ১৮-২০ বছৰীয়া যুৱতীক বিয়া কৰাই ট্ৰফী হিচাপে লৈ আহিছিল । সেইখন সমাজৰ নিপীড়িত-নিষ্পেষিত মহিলাক আইনৰ দৃষ্টিৰে অধিকাৰ দিয়াৰ বাবে আমাৰ এই প্ৰচেষ্টা । নাৰী সৱলীকৰণৰ বাবে বাল্যবিবাহ, নিযুত মইনা, অৰুণোদয়ৰ পিছতে বহুবিবাহ বন্ধ কৰাটো চৰকাৰৰ পদক্ষেপ ৷”

মুখ্যমন্ত্রীয়ে কয়, “আমি মুছলমানক টাৰ্গেট কৰা নাই । হিন্দু সমাজতো বিক্ষিপ্ত ৰূপত বহুবিবাহ চলি আছে । বিধেয়কখনত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে কথা কোৱা হৈছে । বি টি আৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত ৰাজ্য চৰকাৰে কোনো আইন জাপি দিব নোৱাৰে । তেওঁলোকৰ নিজৰ আইন প্ৰণয়নৰ অধিকাৰ সংবিধানে দিছে । আমাক দেখি তেওঁলোকে নিজে আইন আনিব পাৰিব । আমি জনজাতি লোকসকলৰ আৱেগ-অনুভূতিক সন্মান জনাব লাগিব ।”

আনহাতে শ্বৰীয়তৰ আইনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “বহুবিবাহ বন্ধ কৰাৰ পদক্ষেপৰ বাবে ২০২৩ চনৰ ১২ মে’ত এখন কমিটী গঠন কৰি দিয়া হৈছিল । কমিটীখনে জনসাধাৰণৰ মতামত গ্ৰহণ কৰিছিল । বহুবিবাহৰ সমৰ্থনত মাত্র দুখন আবেদন পৰিছিল আৰু বাকী সকলোৱে বিৰোধিতা কৰিছিল । অসমৰ মাটিৰ বিশেষ ভূমিকা আছে । এই মাটিৰ উৰ্বৰা শক্তিয়ে ইছলাম বিশ্বাস কৰা সকলকো ক্ৰিয়া কৰিব পাৰে । পশ্চিমবংগত কৰিব নোৱৰা কাম অসমত কৰিব পাৰি । হজৰত মহম্মদ কেতিয়াও বহুবিবাহৰ পক্ষত নাছিল । সেই সময়ত ৫০-১০০ লৈকে কৰা বিবাহৰ সংখ্যা চাৰিলৈ কমাই আনিছিল । ইছলাম বিশ্বাস কৰিলে সময়ৰ পৰিৱেশৰ লগত পৰিৱৰ্তন হ’ব লাগিব ।”

তেওঁ আৰু কয়, “আল্লাক ফাঁকি নিদিয়াকৈ কোনোবাই দ্বিতীয় বিবাহ কৰে নেকি । এইখন আইনে প্ৰকৃত মুছলমান হ’বলৈ শিকাব । পত্নী কোনো বজাৰৰ পাচলি নহয় যে ভাল-বেয়া বিচাৰ কৰিম । বেমাৰ হ’লে আমিয়ে আৰু বেছি মৰম-শুশ্ৰূষা কৰিব লাগিব । সন্তান জন্ম দিব নোৱাৰিলে কি বাৰে বাৰে বিয়া কৰাব নেকি । সন্তান জন্ম দিব নোৱৰাৰ ক্ষেত্রত সমস্যা কেৱল মহিলাৰে নহয় পুৰুষৰো থাকিব পাৰে । এইবোৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায় ।”

বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে বহুবিবাহ বিৰোধী বিধেয়কৰ জৰিয়তে নিষ্পেষিত মুছলমান মহিলাই জীয়াই থকাৰ অধিকাৰ পাব ।

বিধেয়কখনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “এই বিধেয়কখন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যপালৰ বিপৰীতে ৰাষ্ট্ৰপতিৰ অনুমোদন লাগিব । ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে বিধেয়কখন আইনত পৰিণত হ’ব । এই আইনখন অনাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ লগতো আলোচনা কৰিম । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে বিধেয়কখন ৰিজাৰ্ভ হৈ থাকিব । ৰাষ্ট্ৰপতিৰ অনুমোদন নহ’লে কাৰ্যকৰী নহ’ব । বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । ইয়াৰ পাছত আৰু এখন আইন অনা হ’ব । সেইখন হৈছে ‘ল’ এগেইনষ্ট ডিচেক্টিভ মেৰিজ’ । ফেব্ৰুৱাৰী মাহত শেষৰখন অধিৱেশনত এইখন অনা হ’ব ।” লক্ষণীয় বিষয় যে বিৰোধীৰ বিভিন্ন সমালোচনা আৰু বিতৰ্কৰ মাজতে বিধেয়কখন বিধানসভাত আজি গৃহীত কৰা হয় ।

বহুবিবাহক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী । কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিব পাৰিব অভিযোগ ।মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা ।