Home Blog Page 92

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য…

কাইলৈ ১২ ডিচেম্বৰ, শুকুৰবাৰ। অসমবাসীৰ বাবে বহুপ্ৰতীক্ষিত এটা দিন। শুকুৰবাৰে আদালতত দাখিল কৰা হ’ব জাতীয় জীৱনৰ মহানায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে অকাল মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে অসম চৰকাৰে গঠন কৰি দিছিল অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট।

আই পি এছ বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল এছ আই টি। এছ আই টিয়ে প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত শুকুৰবাৰে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট। বিগত তিনিমাহে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ন্যায়ৰ দাবীত নিৰন্তৰ স্থিতি প্ৰকাশ কৰি আহিছে।

ইতিমধ্যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত হৈ বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। একেদৰে, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত বন্দী হৈ আছে হাফলং কাৰাগাৰত।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰোপিত হৈছে BNSৰ ১০৩ ধাৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক ইতিমধ্যে ‘Plain Murder’ বুলি অভিহিত কৰিছে। তেনেস্থলত অসমবাসী অধিক উৎকণ্ঠিত হৈ আছে প্ৰকৃত সত্য জানিবলৈ। একেদৰে জানিবলৈ উদগ্ৰীৱ হৈ আছে যে ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত আচলতে হৈছিল কি? কোনে, কি উদ্দেশ্যৰে পৃথিৱীৰ পৰা নোহোৱা কৰিলে জুবিন গাৰ্গ নামৰ সত্তাক? এই প্ৰশ্ন দোলা দি আছে প্ৰতিগৰাকী অসমীয়াৰ মনত। তাৰ বাবে সকলোৱে বাট চাই আছিল কাইলৈৰ দিনটোলৈ।

শুকুৰবাৰে চাৰ্জশ্বীট দাখিলৰ পূৰ্বে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু-ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰু চাৰ্জশ্বীটক লৈ কৰিছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘SITয়ে কাইলৈ চাৰ্জশ্বীট দিব। চাৰ্জশ্বীট আদালতে পৰীক্ষা কৰিব। দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। কাইলৈৰ পৰা আৰক্ষীৰ কাম শেষ হ’ব। আদালতৰ কাম শেষ হ’ব। মই ভাবো আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।’’

অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ…

অসম বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই বুধবাৰে কয়, “শেহতীয়াকৈ নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আদিৰ সৈতে আমাৰ এক গুৰুত্বপূৰ্ণ বৈঠক হৈছিল ৷ কোনো ধৰণৰ মিত্ৰতালৈ যোৱাৰ পূৰ্বে আমাক নিজৰ মাজত আলোচনা কৰিবলৈ কোৱা হৈছে ৷

শইকীয়াই জনোৱা মতে, বৈঠকৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈকো কোনো ধৰণৰ মিত্ৰতা গঠন কৰাৰ পূৰ্বে দলৰ সকলো ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে ৷ শইকীয়াই কয়, “এন চি পি, এছ পি আদিৰ দৰে অসম ভিত্তিক জাতীয় দলৰ ইমান তাৎপৰ্য্য নথকাৰ কথা লক্ষ্য কৰি আমি অসমৰ সমমনা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ সদায় সাজু হৈ আছো ৷”

মন কৰিবলগীয়া যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগতে অসমৰ আন সাতটা ৰাজনৈতিক দলে এক বৃহৎ মিত্ৰতা, বি জে পি বিৰোধী ফ্ৰণ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শইকীয়াই কয় যে মিত্ৰতাৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত চূড়ান্ত কৰাৰ পূৰ্বে আমি আমাৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতাৰ সৈতে আলোচনা কৰিম ৷

২০২১ চনত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১২৬খন আসনৰ ভিতৰত বি জে পি নেতৃত্বাধীন এন ডি এয়ে ৭৫খন আসন লাভ কৰাৰ বিপৰীতে বি জে পিয়ে ৬০খন, অ গ পই ৯খন, ইউ পি পি এলে ৬খন আসনত জয়লাভ কৰে । ইফালে বিৰোধী দলৰ মহাজোটে ৫০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৯খন, এ আই ইউ ডি এফে ১৬খন, বি পি এফে ৪খন, চি পি আইয়ে (এম) ১খন আৰু নিৰ্দলীয়ই ১খন আসন লাভ কৰে ৷

ৰাজ্যজুৰি সূচল ১০৮ মৃত্যুঞ্জয় সেৱা

কৰ্মচাৰীৰ আন্দোলনৰ পাছতো ৰাজ্যত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । এই কথা সদৰি কৰিছে ১০৮ সেৱা পৰিচালনা কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই ।

বুধবাৰে ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ লস্কৰে কয়, ‘‘সমগ্ৰ ৰাজ্যখনত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । অসমৰ জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন জৰুৰীকালীন সঁহাৰি নিশ্চিত কৰিবলৈ ই এম আৰ আয়ে সফলতাৰে সকলো জিলাত প্ৰায় ১২৭০ জন কৰ্মচাৰীক বাছনি, প্ৰশিক্ষণ আৰু নিয়োজিত কৰিছে । ৯০ জন ই আৰ অ’ক ২৪ ঘণ্টাই কাম-কাজৰ বাবে কল চেণ্টাৰত বাছনি, প্ৰশিক্ষণ আৰু মোতায়েন কৰা হৈছে ৷ ইয়াৰোপৰি জিলা প্ৰশাসনে ক্ষেত্ৰীয় কাৰ্যকলাপ অধিক শক্তিশালী কৰিবলৈ প্ৰায় ৩০০ জন কৰ্মচাৰী প্ৰদান কৰি গুৰুত্বপূৰ্ণ সমর্থন আগবঢ়াই আহিছে । তদুপৰি ৭০০ৰো অধিক চালকে দৈনিক মজুৰিৰ আধাৰত এম্বুলেন্স পৰিচালনা কৰি আছে । যি দিন আৰু ৰাতি দুয়োটা সময়ৰ কভাৰেজ নিশ্চিত কৰে ।’’

উল্লেখ্য যে চাকৰিৰ নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবীত গুৱাহাটীৰ চচলত আৰম্ভ কৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে বুধবাৰে দশমটো দিন অতিক্ৰম কৰে । বিগত দহদিন ধৰি চচলৰ ধৰ্ণাস্থলীত প্ৰাপ্য আদায়ৰ দাবীৰে ধৰ্মঘট আৰম্ভ কৰা কৰ্মচাৰীসকলৰ অনির্দিষ্টকালীন কৰ্মবিৰতি অব্যাহত আছে ।

বিটিচি সচিবালয়ৰ আক্ৰমণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ…

 “বিটিচি বিধান পৰিষদৰ সদনৰ আক্ৰমণৰ আঁৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জড়িত আছিল ! তেওঁলোকৰ প্ৰৰোচনাতে বিটিচি বিধান পৰিষদৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ।” এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ।

বুধবাৰে কোকৰাঝাৰত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, “কালি বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে । বিটিচি বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অব্যাহতি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে । তদুপৰি বিটিচি বিধান পৰিষদৰ সদন আক্ৰমণৰ ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত কৰা হ’ব । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে । এই তদন্তৰ পাছত কোন সঁচা কোন, মিছা কোন সকলো ওলাই পৰিব ৷ এতিয়া গান গাই থাকি লাভ নাই ।”

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ সুবুং বসুমতাৰী, উপ পঞ্জীয়কৰ দায়িত্বত বিৰফুং নাৰ্জাৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ ডিমাছা ডিব্ৰাং মুছাহাৰী আছে ৷

মঙলদৈত কংগ্ৰেছী নেতা মতলেবুদ্দিন আহমেদক গ্ৰেপ্তাৰ

দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মতলেবুদ্দিন আহমেদক গ্ৰেপ্তাৰ

নেপালী চৰত খিলঞ্জীয়া মানুহৰ মাটি বেদখলকৰাৰ অভিযোগত গ্ৰেপ্তাৰ মতলেবুদ্দিন

প্ৰায় ৬০ বিঘাতকৈয়ো অধিক মাটি বেদখল কৰাৰ অভিযোগ আছিল মতলেবুদ্দিনৰ বিৰুদ্ধে ।

মঙলদৈ আৰক্ষীৰ অভিযানত গেপ্তাৰ হল ভূ মাফিয়া মতলেবুদ্দিন

জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।

জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।
জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।

জল জীৱন মিছন অসমৰ অধীনত পানী পৰীক্ষা পৰীক্ষাগাৰৰ সামগ্ৰীৰ যোগানৰ বাবে টেণ্ডাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভুৱা নথিপত্ৰ দাখিল কৰাৰ অভিযোগত এক ঠিকাদাৰক ৩ বছৰৰ বাবে ব্লেকলিষ্ট কৰা হৈছে। মিছন ডাইৰেক্টৰেটৰ মতে, ইলেক্ট্ৰনিক টেণ্ডাৰ প্ৰক্ৰিয়াত মনোগ্ৰাহী নথিপত্ৰ দাখিল কৰাৰ বাবে এম/এছ ডাল থমছ চাইন্টিফিক নামৰ কোম্পানীটোক ব্লেকলিষ্ট কৰা হৈছে।

এই পদক্ষেপৰ মাধ্যমে জল জীৱন মিছন অসমে মুঠতে অসম ৰাজহুৱা ক্ৰয় আইন, ২০১৭ আৰু অসম ৰাজহুৱা ক্ৰয় নিয়ম, ২০২০ ৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মিছনৰ এক প্ৰতিনিধিয়ে বৰ্ণনা কৰি কৈছে যে, “এই পদক্ষেপে এক দৃঢ় বার্তা প্ৰদান কৰা হৈছে যে, যিসকলে অবৈধভাৱে চৰকাৰী চুক্তি লাভ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

অভিযোগৰ অনুসৰি, ঠিকাদাৰটোৱে মিছন প্ৰক্ৰিয়া চলোৱা সময়ত অসত্য নথিপত্ৰ দাখিল কৰি টেণ্ডাৰ সুৰক্ষিত কৰাৰ চেষ্টা কৰিছিল।

এই পদক্ষেপক সমাজত জালিয়াতিৰ চেষ্টা কৰা সকলৰ বাবে এক সতর্কীকৰণৰ ৰূপত অভিহিত কৰা হৈছে। জল জীৱন মিছন অসমৰ মিছন প্ৰক্ৰিয়া এতিয়া অধিক সজাগ আৰু কঠোৰ পৰীক্ষাৰ পৰা পাৰ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

Hardik Pandya: হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !

হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !
হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !

ছেপ্টেম্বৰ মাহত (Hardik Pandya) ইউ এ ইত অনুষ্ঠিত এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা হাৰ্দিক পাণ্ডিয়া দুমাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছিল। এই সময়ছোৱাতে মাহিকা শৰ্মাৰ সৈতে হাৰ্দিকৰ ঘনিষ্ঠতা বাঢ়িল বুলি চলিছে চৰ্চা, আনকি তাৰকা ক্ৰিকেটাৰগৰাকীয়ে মডেলগৰাকীৰ সৈতে জন্মদিনও উদযাপন কৰিলে। তেতিয়াৰ পৰাই তেওঁলোকৰ প্ৰেম কাহিনীৰ খবৰ শিৰোনামাত আছে।

টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ হাৰ্দিক পাণ্ডিয়া নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত থাকে। কাটাকত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচত তাৰকাময় প্ৰদৰ্শনৰ পিছত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয় আৰু মুকলিকৈ কয় যে “লেডী লাকে” তেওঁৰ জীৱনত প্ৰৱেশ কৰিছে। মডেল মাহিকা শৰ্মাৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰে হাৰ্দিকে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্রথম টি-২০ত উজ্জ্বল প্রদর্শন কৰা হার্দিক পাণ্ডিয়াক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে৷ বি চি চি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে আঘাতে আপোনাক মানসিকভাৱে পৰীক্ষা কৰে আৰু বহু সন্দেহৰ সৃষ্টি কৰে। মোৰ সফল প্ৰত্যাৱৰ্তনৰ বাবে মোৰ আপোনজনক ধন্যবাদ। মোৰ সংগীৰ কথা বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছো। তাই মোৰ জীৱনলৈ অহাৰ পৰাই মোৰ বাবে সদায় শ্ৰেষ্ঠ। তাই অহাৰ পিছৰে পৰা বহু ভাল কাম হৈছে বুলিও কয়।

হাৰ্দিক পাণ্ডিয়াৰ প্ৰেয়সীয়ে তেওঁৰ ইনিংছত ইমানেই আনন্দিত হৈছিল যে তেওঁ তাৰকা অলৰাউণ্ডাৰগৰাকীক “কিং” বুলি অভিহিত কৰিছিল। মাহীকা শৰ্মাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে হাৰ্দিকৰ এখন ফটো। মাহিকাই ফটোখনৰ কেপচনত লিখিছে “KING” বুলি।

হাৰ্দিকক কিং বুলি সম্বোধন কৰাত বিৰাট অনুৰাগীৰ ক্ষোভ। বছৰ বছৰ ধৰি এই খিতাপ দখল কৰি আহিছে বিৰাট কোহলীয়ে। মাহিকাই হাৰ্দিকক “কিং” বুলি কোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত কোহলীৰ অনুৰাগীসকল অলপ খং উঠিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত হাৰ্ডিকে ২৮টা বলত ৫৯ ৰানৰ অপৰাজিত ইনিংছ খেলি ছটা চাৰি আৰু চাৰিটা ছয় কৰে। এই শৃংখলাত দক্ষিণ আফ্ৰিকাক ১০১ ৰানত পৰাস্ত কৰি ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে।

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস
শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজি উদ্‌যাপন কৰা হয় শ্বহীদ দিৱস ৷ উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদ সকলক সোঁৱৰি অসম চৰকাৰৰ উদ্যোগত আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্‌যাপন কৰা হৈছে শ্বহীদ দিৱস ৷

সমান্তৰালভাৱে ঢেকীয়াজুলি সম-জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজি উদ্‌যাপন কৰা হয় জাতীয় শ্বহীদ দিৱস ৷

আজিৰ উক্ত শ্বহীদ দিৱসৰ অনুষ্ঠানত অসমৰ আন্দোলনৰ জাতীয় শ্বহীদ সকলক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়া নয়নজ্যোতি পাঠক,বিশিষ্ট সমাজকৰ্মী ৰমেশ চন্দ্ৰ বৰা,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস,সমাজকৰ্মী কাজল বৰাৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে ৷

বিজেপি ত্যাগ সক্ৰিয় চাহ জনগোষ্ঠীৰ নেতা গৌতম ধানোৱাৰৰ…

বিজেপি ত্যাগ সক্ৰিয় চাহ জনগোষ্ঠীৰ নেতা গৌতম ধানোৱাৰৰ
ডিগবৈৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ গৌতম

চাহ শ্ৰমিকক ভূমি পট্টা দিয়া ব্যৱস্থাক সমালোচনা গৌতমৰ
মালিক পক্ষৰ লগত আলোচনা নকৰি শ্ৰমিকক ভূমি পট্টা দিয়া হ’ব বুলি কৈ থাকিলে প্ৰকৃততে ভূমি পট্টা নোপোৱাৰ আশংকা আছে বুলি কয়‌ গৌতমে


কংগ্ৰেছত যোগদান কৰি ডিগবৈ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি চলিছে চৰ্চা
২০১৬ ৰ নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল‌ গৌতমে

National Handicraft Award: ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ

২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ
২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ

অসম কন্যা কাৰ্বি আংলঙৰ ছাবিনা(National Handicraft Award) তেৰনপিৰ সাফল্য। ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা। পৰম্পৰাগত জনজাতীয় শিল্পকলাৰ সংৰক্ষণ, প্ৰচাৰ আৰু উদ্ভাৱনৰ প্ৰতি থকা নিষ্ঠাৰ বাবে এই স্বীকৃতি প্ৰদান।


অসমৰ পাহাৰীয়া কাৰ্বি আংলঙলৈ সুখবৰ। জনপ্ৰতিনিধি পৰা আৰম্ভ কৰি সামাজিক কৰ্মকৰ্তা সকলে সামাজিক মাধ্যমৰ জৰিয়তে ছাবিনা তেৰনপিৰলৈ শুভেছা জ্ঞাপন কৰিছে ৷ মঙলবাবে নতুন দিলীত বিজ্ঞান ভৱণত আয়োজিত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৩-২৪ বৰ্ষ Karbi Heritageৰ সংৰক্ষণ প্ৰচেষ্টা লগতে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্বি জনজাতীয় Handloom আৰু Textiles সমূহৰ প্ৰদৰ্শনীয় আৰু ভৱিষ্যত নৱপ্ৰজন্মক আকৰ্ষিত কৰি সংৰক্ষিত কৰা উদ্দেশ্য কাৰ্য সম্পাদনা কৰিছিল ৷ নতুন দিলীত বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৩-২৪ বৰ্ষ কাৰ্বি আংলংঙৰ চাবিনা টেৰণপী লৈ দেশৰ মহামহিম ৰাট্ৰপতি দ্ৰোপতি মূৰ্মূৰয়ে চাবিনা টেৰণপী লৈ কাৰঁবি হেৰিটেছ সংৰক্ষিত বাবে ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান কৰে ৷ উপস্থিত থাকে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মা্ৰঘেৰিটাকে আদি কৰি বিভিন্ন গন্যমাণ্য ব্যক্তিসকল৷ কাৰঁবি আংলং লৈ ৰাট্ৰীয় পৰ্যায় পূৰস্কাৰ অৰ্জন কৰাটো ভৱিষ্যতৰ নৱপ্ৰজন্মৰ উচ্চাহ উদ্দীপনা আকৰ্ষিত হৈ ৰ’ব লগতে অনাগত দিনত কাৰ্বি হেৰিটেছ সংৰক্ষিত কৰিবলৈ অনুপ্ৰেৰণা হৈ উঠিব বুলি কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাংঙে সামাজিক মাধ্যম জৰিয়তে মতপ্ৰকাশ কৰে৷