Home Blog Page 91

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ
জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

গুৱাহাটী, ১২ ডিচেম্বৰ : বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে বিশেষ তদন্তকাৰী দল (SIT)য়ে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰে। ১৮/২০২৫ নম্বৰ গোচৰৰ অধীনত প্ৰায় ৭ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। চাৰ্জশ্বীট দাখিলৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

SDGP মুন্নাপ্ৰসাদ গুপ্তাই জনোৱা অনুসৰি, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ হত্যাৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ ধাৰা আৰু দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰা হৈছে। উল্লেখযোগ্য যে, ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে।

চাৰ্জশ্বীট দাখিলৰ পাছত শুকুৰবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, আইনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ আবেগিক কণ্ঠে কয়, “তেওঁৰ দৰে মানুহ এজনক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? জুবিনে সকলোকে হিয়া উজাৰি দিছিল। আমাৰ ঘৰখন সম্পূৰ্ণৰূপে থানবান হৈ গ’ল। জুবিন গাৰ্গৰ দৰে এটা সত্ত্বা কেনেকৈ নোহোৱা হৈ যাব পাৰে, সেয়া আজিও বিশ্বাস কৰিব নোৱাৰো।”

গৰিমাই দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই কয়, “প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। কোনো সাৰি যাব নালাগে। ন্যায় ব্যৱস্থা ভাল হ’ব বুলি আশা কৰিছো। আমাৰ দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে।”

তেওঁ লগতে কয় যে, এই ঘটনাক লৈ ছিংগাপুৰতো তদন্ত চলিছিল যদিও বৰ্তমান তেওঁলোকে আন কোনো পদক্ষেপ গ্ৰহণ কৰিব বিচৰা নাই। “অসম আৰক্ষী আৰু আমাৰ দেশৰ আইনে যি সিদ্ধান্ত ল’ব, তাৰ ওপৰতেই আমি ভৰসা ৰাখিছো,” বুলি মন্তব্য কৰে গৰিমাই।

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা
অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। কোকৰাঝাৰৰ বডোফা নগৰ গ্ৰীণ ফিল্ডত আয়োজিত এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা ৭ অক্টোবৰ তাৰিখে বিটিআৰৰ বাহিৰে অসমৰ অন্যান্য অঞ্চলত অৰুণোদয় ৩.০ আৰম্ভ কৰা হৈছিল যদিও পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিআৰৰ হিতাধিকাৰীসকলক সেই সময়ত আঁচনিখনৰ সুবিধা প্ৰদান কৰিব পৰা হোৱা নাছিল। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনা কৰি বিটিআৰৰ ৪ লাখতকৈ অধিক মহিলাক অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি তেওঁ উল্লেখ কৰে।

এই আঁচনিৰ জৰিয়তে বিটিআৰৰ কোকৰাঝাৰ জিলাত ১,২০,৮৫৪ গৰাকী, বাক্সা জিলাত ৬০,৬৭৬ গৰাকী, চিৰাং জিলাত ৬০,৫৪৫ গৰাকী, তামুলপুৰ জিলাত ৬১,৫৭৮ গৰাকী আৰু ওদালগুৰি জিলাত ১,০৯,০৩৪ গৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। বিটিআৰত প্ৰথমবাৰৰ বাবে ৪ লাখৰো অধিক মহিলাই এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা পহিলা জানুৱাৰীত সমগ্ৰ অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা বিশেষ উপহাৰ ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ড° শর্মাই কয়, “আগতে মহিলাসকলে বহু কষ্টৰে ঘৰ চলাবলগীয়া হৈছিল, কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিমাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ নিজৰ বেংক একাউন্টত লাভ কৰিছে।” ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চাউল প্ৰদান কৰাৰ লগতে অসম চৰকাৰে ১১৭ টকাত এক কিলোগ্ৰামকৈ দাইল, চেনি আৰু নিমখ যোগান ধৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অহা ১ জানুৱাৰীৰ পৰা এই সামগ্ৰীসমূহ ১০০ টকাত প্ৰদান কৰা হ’ব।

বিটিআৰৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২০ জানুৱাৰীৰ ভিতৰত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, তামুলপুৰত ইতিমধ্যে চেক বিতৰণ কৰা হৈছে। ১৩ ডিচেম্বৰত গোসাঁইগাঁও আৰু ১৭ ডিচেম্বৰত দতমাত চেক বিতৰণ কৰা হ’ব।

নিযুত মইনা আঁচনিৰ জৰিয়তে কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলক আৰ্থিক সহায়তা আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে, অহা ১ জানুৱাৰীত ছাত্ৰসকলৰ বাবেও এক নতুন কল্যাণমূলক আঁচনি ঘোষণা কৰা হ’ব।

কটন বিশ্ববিদ্যালয় আছু গোটৰ ‘কা’ আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি ।

কটন বিশ্ববিদ্যালয় আছু গোটৰ 'কা' আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি ।
কটন বিশ্ববিদ্যালয় আছু গোটৰ 'কা' আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি ।


কটন বিশ্ববিদ্যালয়ত ‘কা’ পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই কাৰ্যসূচী গ্ৰহণ কৰে। কটন বিশ্ববিদ্যালয় আছু গোটে প্ৰত্যেক বৰ্ষৰ ১২ ডিচেম্বৰত “আমি পাহৰা নাই” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে। কটন বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় তোৰণৰ সন্মুখত কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা আয়োজন কৰা অনুষ্ঠানত ছহিদ দীপাঞ্জল দাস, ছহিদ ছেম ষ্টেফʼৰ্ড, ছহিদ দীজেন্দ্ৰ পাংগিং, ছহিদ আব্দুল আলিম আৰু ছহিদ ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানত ন-পুৰণি কটনিয়ানে অংশগ্ৰহণ কৰে।কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা ‘কা’ আন্দোলনৰ সৈতে জড়িত ত্ৰিদিব ভাগৱতীয়ে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পঞ্চ ছহিদৰ আত্মাক সোঁৱৰণ কৰি সেই সময়ৰ অধিকাংশই আদৰ্শ ত্যাগ কৰি দলীয় পতাকাক আকোৱালি লোৱাৰ প্ৰসংগ উল্লেখ কৰি ‘কা’ আন্দোলনৰ পৰিপ্ৰেক্ষিতত সফল ডেকা হেৰুওৱা কথাটো অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা হিমাংশু কুমাৰ দাসেও বন্তি প্ৰজ্বলন কৰি ইনাৰ লাইন পাৰ্মিট থকা অৰুণাচল,নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ষষ্ঠ অনুসূচীৰ অধীনত পৰা মেঘালয়ৰ ৯৮% আৰু ত্ৰিপুৰাৰ ৬৭% এলেকাৰ লগতে অসমৰ ৮ খন জিলাৰ বাবে যদি “কা” বেয়া তেন্তে বাকী ২৭ খন জিলাৰ বাবে কা খন কেনেকৈ ভাল? বুলি চৰকাৰক প্ৰশ্ন কৰে।ইয়াৰ উত্তৰ চৰকাৰে দিব লাগিব মন্তব্য কৰে।লগতে কা আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰে উচিত মৰ্যাদা দিয়াৰ লগতে পৰিয়ালসমূহকো যথোচিত সন্মান দিব লাগিব বুলি দাসে কয়। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে জাতীয় প্ৰতিজ্ঞা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ আহ্বানত অসমৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে এই দিৱস পালন কৰে। ‘কা’ আন্দোলনৰ প্ৰথমটো ছহিদ বেদী কটনত নিৰ্মাণ কৰা হ’ব বুলি কৃতিময় কাশ্যপে কয়।’কা”ৰ দৰে অসমৰ জাতীয় বিপদ সমূহ মষিমূৰ কৰিবলৈ ছাত্ৰ সমাজক একত্ৰিত হ’ব আহ্বান জনায় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে। অনুষ্ঠানত উপস্থিত থাকি বিভিন্নজনে মন্তব্য কৰে।

উপস্থিত কটনিয়ানে পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত শেষত কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই ‘কা’ৰ গইনাৰে বিদেশী লোকৰ সংখ্যা বৃদ্ধি পালে অসমীয়া ভাষা, সংস্কৃতি আৰু জাতিগত পৰিচয়ৰ প্ৰতি সংকট অহাটো স্বাভাৱিক বুলি উল্লেখ কৰি অসম চুক্তি মতে ২৪ মাৰ্চ ১৯৭১ৰ পাছত সকলো বিদেশীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ কৰা কথা উল্লেখ কৰে।’কা’ অসমে নামানে বুলি স্পষ্টভাৱে উল্লেখ কৰে কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই। প্ৰতিবছৰে কটন বিশ্ববিদ্যালয় আছু গোটে “আমি পাহৰা নাই” শীৰ্ষক পঞ্চ ছহিদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই “জাতীয় প্ৰতিজ্ঞা দিৱস” পালনৰ জৰিয়তে কৰিব বুলি কয়।

ঢেকীয়াজুলিত “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি—ছাত্ৰ সন্থাৰ তীব্ৰ সমালোচনা চৰকাৰক হুঁকাৰ ।

ঢেকীয়াজুলিত “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি—ছাত্ৰ সন্থাৰ তীব্ৰ সমালোচনা চৰকাৰক হুঁকাৰ ।
ঢেকীয়াজুলিত “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি—ছাত্ৰ সন্থাৰ তীব্ৰ সমালোচনা চৰকাৰক হুঁকাৰ ।

শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত আজি আয়োজন কৰা হ’ল “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক” উৎসৰ্গিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত উপস্থিতিজনাই ছ’বছৰ পূৰ্বে গুৱাহাটী মহানগৰীত নাগৰিকত্ব সংশোধনী আইন (কা’)ৰ বিৰুদ্ধে আন্দোলন কৰোঁতে প্ৰাণ আহুতি দিয়া পাঁচজন সুঠাম যুৱকক সুমৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, জাতিধ্বংসী কা’ বাতিলৰ দাবীত পথত নামি জন-জাগৰণ সৃষ্টি কৰা এই পঞ্চ শ্বহীদ—অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতীক হিচাপে এতিয়াও স্মৰণীয়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আহ্বানত আজি ৰাজ্যজুৰি সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ল, আৰু সেইয়াৰ অংশ হিচাপে ঢেকীয়াজুলিতো জাতীয় শ্বহীদ বেদীত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অৰ্পণ।

অনুষ্ঠানটোত উপস্থিত থাকে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস। শেহতীয়াকৈ তেওঁ পঞ্চ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ স্পষ্টকৈ ক’লে—
“কোনো কাৰণে জাতিধ্বংসী নাগৰিকত্ব আইন মানি লোৱা নহয়। অসমীয়াৰ স্বাভিমান আৰু অস্তিত্বৰ প্রশ্নত আপোষ নহয়।”

আয়োজিত অনুষ্ঠনত ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতা সহ অন্যান্য বিষয়া-কৰ্মীৰো উপস্থিতি থাকে আৰু পঞ্চ শ্বহীদক একাত্মতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জাতিৰ ৰক্ষা, পৰিচয়ৰ সুৰক্ষা আৰু ইতিহাসৰ মান ৰক্ষাৰ লক্ষ্য লৈ আয়োজিত আজিৰ অনুষ্ঠানটো শোণিতপুৰত নৱকৈ জাগ্ৰত কৰিলে কা’ আন্দোলনৰ সুৰ আৰু অসমীয়াৰ আত্মসম্মানৰ দাবি।

জুবিন গাৰ্গ হত্যা কাণ্ডৰ ন্যায়িক যুঁজত দায়বদ্ধতা প্রমাণ কৰিলে ড০ হিমন্ত বিশ্ব শর্মাই ।

জুবিন গাৰ্গ হত্যা কাণ্ডৰ ন্যায়িক যুঁজত দায়বদ্ধতা প্রমাণ কৰিলে ড০ হিমন্ত বিশ্ব শর্মাই ।
জুবিন গাৰ্গ হত্যা কাণ্ডৰ ন্যায়িক যুঁজত দায়বদ্ধতা প্রমাণ কৰিলে ড০ হিমন্ত বিশ্ব শর্মাই ।

নির্দিষ্ট সময়ত অভিযোগ নামা দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰাৰ পথ প্রশস্ত কৰিলে গৃহ বিভাগেঃ ৰাজ্যিক বিজেপি । যোৱা ১৯ ছেপ্তেম্বৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ পৰৱৰ্তী সময়ত হত্যাৰ গোচৰ ৰুজু কৰি মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে সমগ্র বিষয়টো অনুসন্ধান কৰিবৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰি ৯০ দিনৰ ভিতৰত আজি আদালতত ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগ নামা দাখিল কৰি চি আই ডি গোচৰ নং ১৮/২০২৫ গোচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গ হত্যা কাণ্ডৰ ন্যায়িক যুঁজত চৰকাৰৰ দায়বদ্ধতা প্ৰমাণ কৰিলে আৰু অভিযুক্ত সকলক আদালতৰ যোগেদি কঠোৰতম শাস্তি বিহাৰ পথ প্রশস্ত কৰে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে মত প্রকাশ কৰে।

ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা বিজ্ঞপ্তিটোত ছিংগাপুৰত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত গোচৰ চলাবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা নং ২০৮ ৰ অধিনত অনুমতি গ্রহণ কৰি অনুসন্ধানকাৰী দলটোৱে ছিংগাপুৰলৈ গৈ ছিংগাপুৰ আৰক্ষীৰ পৰাও তথ্য তথা সাক্ষ্য প্রমাণ যোগুতাই ঘটনাৰ মাত্র ৮৩ দিনৰ ভিতৰত এখন কঠোৰতম অভিযোগ নামা আদালতত দাখিল কৰাৰ বাবে অভিযুক্তসকলে সহজতে জামিন লাভ কৰাৰ পথ ৰুদ্ধ হয় আৰু আদালতত ন্যায়িক প্রক্রিয়া ক্ষীপ্ৰতাৰে আৰম্ভ হোৱাৰ পথ মুকলি হোৱাৰ লগতে অভিযুক্তসকলক ন্যায়ালয়ৰ জৰিয়তে দোষী সাব্যস্ত কৰাৰ পথ প্রশস্ত কৰে বুলি মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে। প্ৰাৰম্ভিকতে চি আই ডি গোচৰ নং ১৮/২০২৫ গোচৰটো ভাৰতীয় ন্যায়িক সংহিতাৰ ধাৰা ৬১/১০৫/১০৬ অত ৰুজু হৈছিল যদিও পৰৱৰ্তী সময়ত আদালতত অনুসন্ধানকাৰী বিষয়াৰ আবেদন ভিত্তিত হত্যাৰ ধাৰা ১০৩ সংলগ্ন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগে গোচৰটো অধিক কঠোৰতাৰে অনুসন্ধান কৰে। যাৰ ফলত আজি অনুসন্ধানকাৰী বিষয়াই আন আন ধাৰাসমূহৰ লগতে হত্যাৰ গোচৰত অভিযোগ নামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰু ভবিষ্যতে আদালতত গোচৰটো সাব্যস্ত হ’লে অভিযুক্তসকলৰ ফাঁচী অথবা যাবজ্জীৱন কাৰাদণ্ড পর্যন্ত শাস্তি হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে চৰকাৰখনে। ভাৰতীয় জনতা পার্টি ৰাজ্যিক সমিতিয়ে দলৰ ৬৫ লাখ কাৰ্যকৰ্তাক একত্ৰিত কৰি অসমৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ ন্যায় বিচাৰি ‘ন্যায় যাত্রা’ উলিয়াইছিল আৰু দোষীয়ে ন্যায়ালয়ৰ জৰিয়তে কঠোৰতম শাস্তি পোৱাৰ বাবে পৰিৱেশ তৈয়াৰ কৰিবৰ বাবে আহ্বান জনাইছিল। অন্যহাতে মুখপাত্র গৰাকীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফ্রাষ্টট্রেক আদালতৰ জৰিয়তে চলাবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

জুবিন গাৰ্গ মৃত্যুকাণ্ডঃ ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

জুবিন গাৰ্গ মৃত্যুকাণ্ডঃ ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল
জুবিন গাৰ্গ মৃত্যুকাণ্ডঃ ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

অৱশেষত সকলো অপেক্ষাৰ অন্ত পেলাই আজিৰ দিনটোত এক ডাঙৰ আইনী মাইলৰ খুঁটি অতিক্ৰম হ’ল। ১২ ডিচেম্বৰ, ২০২৫—কামৰূপ মুখ্য ন্যায়াধীশ (CJM)ৰ আদালতত এছ আই টিয়ে (SIT) দাখিল কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বহুল প্রতীক্ষিত অভিযোগনামা (chargesheet)। ১৮/২০২৫ নং গোচৰত দাখিল কৰা এই চাৰ্জশ্বীটৰ আয়তন প্ৰায় ৭,০০০ পৃষ্ঠা, আৰু তাৰ সৈতে সংলগ্ন আছে আন ৩,৫০০ পৃষ্ঠাৰ গৱেষণামূলক নথি-পত্ৰ।

হত্যাৰ ধাৰাত ৪ জন, অনিচ্ছাকৃত হত্যা আৰু আস্থা ভংগত ৩ জনৰ বিৰুদ্ধে অভিযোগ

দাখিল কৰা অভিযোগনামাত SIT-এ BNS 103 ধাৰাত হত্যাকাৰী হিচাপে অভিযুক্ত কৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।
জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে সংযোজন কৰা হৈছে BNS 105 ধাৰা—অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide)।
ইয়াৰ উপৰি জুবিনৰ দুজন PSO—নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316 ধাৰাত ‘অপরাধমূলক আস্থা ভংগ’ৰ অভিযোগ দাখিল কৰিছে।

মুঠ ৭ জন অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জেৰাতঃ
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গ।

৩০০ জনৰ সাক্ষ্যগ্ৰহণ, ছিংগাপুৰযাত্ৰা আৰু চলি আছে দ্বিতীয় গোচৰৰ তদন্ত

তদন্ত চলাকালীন SIT-এ প্ৰায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।
উল্লেখ্য, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দেহজনক পৰিস্থিতি খতিয়াবলৈ তদন্তকাৰী দল ছিংগাপুৰলৈও গৈছিল।
প্ৰথম গোচৰৰ অভিযোগনামা দাখিল হ’লেও CIT প্ৰৱৰ্তিত ১৯/২০২৫ নং দ্বিতীয় গোচৰৰ তদন্ত এতিয়াও চলি আছে।

বিচাৰিক প্ৰক্ৰিয়া—বিশেষজ্ঞৰ দৃষ্টিভংগী

ইণ্ডিয়া টুডে NE-ৰ উল্লেখ অনুসৰি এজন জ্যেষ্ঠ অধিবক্তাই কয়—চাৰ্জশ্বীট দাখিল হোৱাতেই গোচৰ শেষ নহয়।
CJM আদালতে প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছত:

  • গোচৰৰ পঞ্জীয়নৰ উদ্দেশ্যে সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ হ’ব,
  • সত্ৰ ন্যায়াধীশে বিচাৰ ক্ষমতা অনুজায়ী প্ৰক্ৰিয়া আগবঢ়াব নে অন্য আদালতলৈ হস্তান্তৰ কৰিব—সেই সিদ্ধান্ত লৈব।
  • অভিযোগনামা স্বয়ংক্ৰিয়ভাৱে ৰাজহুৱা নহয়; জনসাধাৰণৰ কোনো সদস্যে আবেদন দাখিল কৰিলে তেতিয়াহে অভিযোগনামা উন্মুক্ত হ’ব।

এতিয়াও ৰহস্যৰ অন্ত নাই…

১৯ ছেপ্টেম্বৰ, ২০২৫-ত ছিংগাপুৰত সাগৰত সাতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৱে দেশজুৰি সৃষ্টিকৰিছে গভীৰ চাঞ্চল্য। তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন ধৰি ইয়াক স্পষ্টকৈ হত্যাকাণ্ড বুলি আখ্যাত কৰি আহিছে— ‘‘জুবিনক এজন মানুহে মাৰিছে আৰু ৪-৫ জনে সহায় কৰিছে।’’

কিন্তু এই চাৰ্জশ্বীট দাখিল হোৱাৰ পিছতো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সম্পূৰ্ণৰূপে উন্মোচন হোৱা নাই।
অভিযোগনামা এতিয়াও বন্ধ বাকচত—নাগৰিকই জানিব পাৰিব কেৱল আদালতত আবেদন দাখিল হোৱাৰ পিছত।

সেয়ে এতিয়াও আশা, উৎকণ্ঠা আৰু অপেক্ষাত বসতি স্থাপন কৰি আছে প্ৰাণৰ শিল্পীৰ অসমীয়া ভক্তসকল।
জুবিন গাৰ্গৰ মৃত্যুৰ সেই ভয়ংকৰ ৰাতিটো—
ফাইলৰ ভিতৰতে বন্দী, আৰু বিচাৰৰ টেবুলত অপেক্ষাৰত…

জুবিন গাৰ্গ হত্যাকাণ্ডঃ বহু প্রতীক্ষিত চাৰ্জশ্বীট দাখিল, ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । Zubeen Garg Murder Case

জুবিন গাৰ্গ হত্যাকাণ্ডঃ বহু প্রতীক্ষিত চাৰ্জশ্বীট দাখিল, ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । Zubeen Garg Murder Case
জুবিন গাৰ্গ হত্যাকাণ্ডঃ বহু প্রতীক্ষিত চাৰ্জশ্বীট দাখিল, ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । Zubeen Garg Murder Case

Zubeen Garg Murder Case । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আৰম্ভ হোৱা বহুলোকৰ অপেক্ষাৰ অন্ত পৰিল। অবশেষত ১২ ডিচেম্বৰত বিশেষ তদন্ত দলে (SIT) দাখিল কৰিলে প্ৰায় ৭,০০০ পৃষ্ঠাৰ বিস্তৃত চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰৰ এই তদন্ত নথিপত্ৰত সংলগ্ন আছে আন ৩,৫০০ পৃষ্ঠাৰ মূল প্ৰমাণ আৰু তথ্য। প্ৰায় ৩০০ জন লোকৰ সাক্ষ্যগ্ৰহণৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে অভিযোগনামা।

৪ জনৰ বিৰুদ্ধে বি এন এছ ১০৩ অনুসৰি হত্যাৰ অভিযোগ

SIT-য়ে চাৰ্জশ্বীটত মৃত্যুক হত্যা হিচাপে গণ্য কৰি BNS 103 (হত্যা) ধাৰাত শ‍্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে অভিযোগ স্থাপন কৰিছে।

জুবিনৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যা

উল্লেখযোগ্যভাৱে, জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 অনুসৰি **অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide)**ৰ ধাৰা সংযোজন কৰা হৈছে।

দুইজন PSO-ৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগ

জুবিন গাৰ্গৰ দুইজন PSO — নন্দেশ্বৰ পৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধেও SIT-এ BNS 316 ধাৰাত অপৰাধমূলক আস্থা ভংগৰ অভিযোগ অন্তৰ্ভুক্ত কৰিছে।

দীৰ্ঘ তদন্ত, বিদেশ অভিযান আৰু গুরুত্বপূর্ণ সাক্ষ্য

১৯ ছেপ্টেম্বৰ, ছিংগাপুৰত সাগৰত সাতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ আকস্মিক মৃত্যু হোৱা পৰতেই সন্দেহৰ খৰ উত্থাপন হৈছিল। সোশ্যাল মিডিয়াত প্ৰথমতে পোহৰলৈ অহা কেইবাটাও ভিডিঅ’ এই ঘটনাক আরও ৰহস্যঘন কৰি তোলে।

এই সন্দেহজনক পৰিস্থিতিৰ পিছত SIT-এ দায়িত্ব গ্ৰহণ কৰি—

  • ছিংগাপুৰলৈ যাত্রা কৰি স্থানীয় তদন্ত কৰে,
  • অসমত শতাধিক লোকক সোধা-পোছা কৰে,
  • ছিংগাপুৰৰ পৰা আহি অসমীয়া লোকেও মূল্যবান সাক্ষ্য প্ৰদান কৰে।

তদন্তৰ মাজতেই হত্যাৰ ধাৰা সংযোজন হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল— “জুবিন গাৰ্গক হত্যা কৰা হৈছে।”

আগ্ৰহৰ কেন্দ্ৰত ১৯/২০২৫ নং গোচৰ

চাৰ্জশ্বীট দাখিল হ’লেও চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে। পৰৱৰ্তী দিনত এই গোচৰৰ জৰিয়তে আৰু বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়ালৈকে চলি অহা বৃহৎ তদন্তৰ প্ৰথম গুরুত্বপূর্ণ মাইলষ্টোন হিচাপে গণ্য হৈছে এই চাৰ্জশ্বীট দাখিল।

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week

National Handicrafts Week । NERO, গুৱাহাটীয়ে ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা কাৰ্যকৰ্ম আয়োজন কৰে। প্ৰতিবছৰে ৮-১৪ ডিচেম্বৰলৈকে ভাৰতজুৰি ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপন কৰা হয়। দেশৰ শিল্পীসকলৰ অসাধাৰণ শিল্পকলা আৰু ঐতিহ্যক সন্মান জনোৱাই এই সপ্তাহ উদযাপনৰ মূল উদ্দেশ্য।

এই সপ্তাহত দেশজুৰি পৰম্পৰাগত হস্তশিল্প, শিল্পকলা আৰু শিল্পীসকলৰ অবদানক প্ৰচাৰ কৰা হয়। লগতে সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে শিল্পকলা প্ৰদৰ্শন, শিল্পীসকলক সন্মান, আৰু বজাৰ সংযোগ সৃষ্টি কৰা হয়।

গুৱাহাটীস্থিত ডিসপুৰ PWD Convention & Training Centre-ত ৮-১৪ ডিচেম্বৰ লৈ উদযাপন চলি আছে। বৃহস্পতিবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত শ্ৰদ্ধেয় শিল্প গৰু পুৰস্কাৰজয়ী মণ্টু চন্দ্ৰ দাস (Mantu Chandra Das) উপস্থিত থাকে । তেওঁৰ সৈতে উপস্থিত আছিল জয়ন্ত সিংহ, সহায়ক নিৰ্দেশক (হস্তশিল্প), NERO, গুৱাহাটী ।

১০ ডিচেম্বৰলৈকে হস্তশিল্প প্ৰদৰ্শনী সহ সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়। ১৪ ডিচেম্বৰলৈকে হস্তশিল্প প্ৰদৰ্শনী থাকিব। ৯ আৰু ১০ ডিচেম্বৰত Indian Institute of Handloom Technology আৰু Assam Textile Institute-ৰ ছাত্ৰ ছাত্ৰীসকলে সচেতনতা কর্মসূচীত অংশগ্ৰহণ কৰে।

এই সপ্তাহজুৰি অনুষ্ঠিত কাৰ্যসূচীটোৱে শিল্পীসকলৰ দক্ষতা জনসাধাৰণৰ আগত উন্মোচন কৰাৰ লগতে বিশেষকৈ নতুন প্ৰজন্মক হস্তশিল্পৰ লগত সংযোগ কৰাৰ লক্ষ্যৰে কেবাটাও কাৰ্যসূচী লয় ১১ ডিচেম্বৰ বুধবাৰে হস্তশিল্প সচেতনতা কাৰ্যসূচী, ১২ডিচেম্বৰত কৰ্মশালা/ছেমিনাৰ আৰু ১৩ ডিচেম্বৰত হাজোত Artisan Pehchan ID কার্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

১১ ডিচেম্বৰ বুধবাৰে হস্তশিল্পৰ ওপৰত সচেতনতা কাৰ্যসূচীত উপস্থিত থাকে-

  • হৰাকান্ত বড়ো, আঞ্চলিক পৰিচালক, উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ কাৰ্যালয়, NERO, গুৱাহাটী
  • শ‍্যামল কুমাৰ দে, সহকাৰী মহাব্যৱস্থাপক, NABARD
  • অঙ্কিতা গোস্বামী, Chartered Accountant
  • পল্লব জ্যোতি কোঁৱৰ, Functional Manager, District Industries and Commerce Centre, অসম চৰকাৰ

NGO, শিল্পী আৰু বহু বিশিষ্ট ব্যক্তিৰ সক্ৰিয় অংশগ্ৰহণেৰে কাৰ্যসূচীখন সফলভাৱে ৰূপায়ন হয় ।

এই সপ্তাহৰ সময়ত ২০২৩ আৰু ২০২৪ চনৰ ৰাষ্ট্ৰীয় হস্তশিল্প পুৰস্কাৰো বিতৰণ কৰা হয়। ৯ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে উত্তৰ-পূব ভাৰতৰ ৭ জন শিল্পী (মণিপুৰৰ ৪ জন, অসমৰ ২ জন আৰু ত্ৰিপুৰাৰ ১ জন)ক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰে।

উত্তৰ-পূব — বিশেষকৈ অসম — হস্তশিল্পৰ সমৃদ্ধ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ বাবে বিখ্যাত। এনে অনুষ্ঠানসমূহ এই ঐতিহ্য সংৰক্ষণৰ লগতে শিল্পীসকলৰ কাম-কাজত অৰ্থনৈতিকভাবে লাভ হয় । গাঁওঞ্চলৰ হস্তশিল্পৰ মাজত বজাৰৰ সৃষ্টি কৰাৰ লগতে স্থায়ী জীৱিকাৰ পথ মুকলি কৰে আৰু উত্তৰ-পূবৰ হস্তশিল্প ৰাষ্ট্ৰীয় পর্যায়ত অধিক স্বীকৃতি প্ৰদান কৰিবলৈ সহায় কৰে এনে অনুষ্ঠানে ।

প্ৰধানমন্ত্ৰীৰ পিছত মণিপুৰলৈ ভ্ৰমণ ৰাষ্ট্ৰপতি মূৰ্মুৰ , উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্প ।The President of India

প্ৰধানমন্ত্ৰীৰ পিছত মণিপুৰলৈ ভ্ৰমণ ৰাষ্ট্ৰপতি মূৰ্মুৰ , উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্প
প্ৰধানমন্ত্ৰীৰ পিছত মণিপুৰলৈ ভ্ৰমণ ৰাষ্ট্ৰপতি মূৰ্মুৰ , উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্প

The President of India । দুদিনীয়া বিশেষ সফৰত আজি বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। যদিও ৰাষ্ট্ৰপতিৰ সম্পূৰ্ণ আনুষ্ঠানিক কাৰ্যসূচী এতিয়াও প্ৰকট কৰা হোৱা নাই, তথাপিও নিৰাপত্তা সংস্থাসমূহক ৰাষ্ট্ৰপতিৰ উচ্চস্তৰৰ ভ্ৰমণ উপলক্ষে প্ৰস্তুতি চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰপতি মূৰ্মুৱে এই ভ্ৰমণত ৮৬ সংখ্যক নুপী লাল দিৱস উদযাপন প্ৰসঙত উপস্থিত থাকিব আৰু ৰাজ্যখনৰ কেইবাটাও পরিকলিত উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। আন এগৰাকী বিষয়া জানোৱাকৈ, ১১ ডিচেম্বৰত তেওঁ ইম্ফলত এক ৰাজকীয় অনুষ্ঠানত অংশ ল’ব আৰু ১২ ডিচেম্বৰত নুপী লাল স্মৃতিসৌধ পৰিদৰ্শন কৰি স্বাধীনতা সংগ্ৰামী মহিলা সমূহক শ্ৰদ্ধাঞ্জলি জনাব। লগতে সেনাপতি জিলাতো এজন অনুষ্ঠানত অংশ লোৱাৰ সম্ভবনা আছে বুলি সূচোৱা হৈছে।

ইম্ফলত যো-জো প্ৰস্তুতি

ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ ইম্ফলত ব্যস্ততাপূৰ্ণ প্ৰস্তুতি চলিছে। বিভিন্ন বিভাগে একেলগে কাম কৰি নিৰাপত্তা, যান–বাহন পৰিচালনা আৰু অনুষ্ঠানস্থলসমূহৰ বন্দোবস্ত চূড়ান্ত কৰিছে। বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ’ব।

ঐতিহাসিক প’লো খেলপথাৰৰ ভ্ৰমণ

বিমানবন্দৰৰ পৰা ওলাই ৰাষ্ট্ৰপতি মূৰ্মুৱে কাংজেইবুঙৰ ঐতিহাসিক ইম্ফল প’লো গ্ৰাউণ্ড পৰিদৰ্শন কৰিব—যাক বিশ্বৰ আটাইতকৈ পুৰণি প’লো খেলপথাৰসমূহৰ অন্যতম বুলি গণ্য কৰা হয়। শেহতীয়াকৈ ইয়াত অনুষ্ঠিত হৈছিল ১৫ সংখ্যক মণিপুৰ আন্তঃৰাষ্ট্ৰীয় প’লো প্ৰতিযোগিতা। ৰাষ্ট্ৰপতিগৰাকীয়ে প’লো প্ৰদৰ্শনী মেচো উপভোগ কৰা আশা কৰা হৈছে।

গুৰুত্বপূর্ণ উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন

সন্ধিয়া ইম্ফল চিটি কনভেনচন চেন্টাৰত আয়োজিত নাগৰিক সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মুৱে কেইবাটাও নতুন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সম্ভৱতঃ কেইটামান আঁচনি উদ্বোধন কৰিব। এই প্রকল্পসমূহে উত্তৰ–পূৱৰ অবকাঠামো, পৰ্যটন, আঞ্চলিক সংযোগ আৰু মহিলা সবলীকৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব প্ৰতিফলিত কৰে।

নুপী লাল দিৱসত শ্ৰদ্ধাঞ্জলি

১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে নুপী লাল স্মাৰক কমপ্লেক্সত উপস্থিত হৈ ১৯০৪ আৰু ১৯৩৯ চনৰ বৃটিছ শাসনৰ বিৰুদ্ধে সংঘটিত ঐতিহাসিক বিদ্ৰোহৰ সাহসী মণিপুৰী মহিলাসকলক শ্ৰদ্ধাঞ্জলি জনাব। এই দিনটোৱে মণিপুৰী মহিলাৰ সংগ্রাম, নেতৃত্ব আৰু ত্যাগৰ ঐতিহ্যক স্মৰণ কৰে।

সেনাপতি জিলাত ৰাজহুৱা সভা

শুকুৰবাৰে ৰাষ্ট্ৰপতি মূৰ্মুৱে সেনাপতি জিলাত অনুষ্ঠিত এক ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে নতুন উন্নয়নমূলক পদক্ষেপসমূহ উদ্বোধন কৰিব। এই সফৰে মণিপুৰৰ চলমান উন্নয়ন প্রকল্পসমূহৰ গতি সলনি কৰাৰ লগতে স্থানীয় জনগণক উৎসাহিত কৰিব বুলি অনুমান কৰা হৈছে।

মণিপুৰৰ সামাজিক–সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণত স্পষ্টভাৱে প্ৰতিফলিত হ’ব।

অৰুণাচল প্ৰদেশৰ হায়ুলিয়াঙত ভয়ংকৰ দুৰ্ঘটনা…

অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত চৰকাৰী তথ্যমতে বৰ্তমানলৈ ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজনক সংকটজনক অৱস্থাত অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

হায়ুলিয়াং অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে জনায় যে হায়ুলিয়াঙৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ নিলগত সাগলাগাম পথত এই দুৰ্ঘটনা সংঘটিত হয় । শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ ভেন পাহাৰীয়া পথটোৰ পৰা বহু তললৈ বাগৰি পৰে আৰু বৰ্তমানলৈ ১৪ জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । নিহত শ্ৰমিককেইজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ৷

তেওঁ কয়, “ঘটনা সংঘটিত হৈছে সোমবাৰৰ নিশা আৰু এই বিষয়ে প্ৰশাসনক বুধবাৰে নিশা অৱগত কৰে পথচাৰীয়ে । বৃহস্পতিবাৰে পুৱা তিনিচুকীয়াৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ এন ডি আৰ এফ’ৰ এটা দল উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয় । আনহাতে সীমান্ত পথ নিৰ্মাণ সংস্থা বি আৰ অ’ই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সাগলাগামৰ এই পথ ভাৰত চীন-সীমান্তলৈ যোৱা পথ আৰু অত্যন্ত কঠিন ভূখণ্ডৰ মাজেৰে পাৰ হ’বলগীয়া হয় ।”