Home Blog Page 99

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আইআইটি-গুৱাহাটীৰ সৈতে বুজা-বুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ । GUWAHATI

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আইআইটি-গুৱাহাটীৰ সৈতে বুজা-বুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ । GUWAHATI
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আইআইটি-গুৱাহাটীৰ সৈতে বুজা-বুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ । GUWAHATI


GUWAHATI । উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত থকা মহাপ্ৰৱন্ধকৰ কনফাৰেন্স হলত
১ আগষ্ট, ২০২৫ তাৰিখে দুখন গুৰুত্বপূৰ্ণ বুজা-বুজিৰ চুক্তি স্বাক্ষৰ কৰি ইয়াৰ বহনক্ষমতাৰ প্ৰতি তাৰ
প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱৰ
অধ্যক্ষতাত অনুষ্ঠিত এই অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো মাণ্ডলিক ৰেলৱে প্ৰৱন্ধক
আৰু মুখ্য কাৰখানা প্ৰৱন্ধকসকলৰ উপৰিও জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে, য’ত প্ৰদূষণ নিয়ন্ত্ৰণ
পৰিষদ, অসম (পিচিবিএ), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী(আইআইটিজি)আৰু মেছাৰ্ছ কুসুম
উদ্যোগৰ প্ৰতিনিধিও উপস্থিত থাকে।


প্ৰথমখন বুজা-বুজিৰ চুক্তিৰ অধীনত, উত্তৰ-পূব সীমান্ত ৰেলৱে, পিচিবিএ আৰু মেছাৰ্ছ কুসুম
উদ্যোগৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে গুৱাহাটী ৰেলৱে ষ্টেচনক ১০০% প্লাষ্টিক ৰিচাইক্লিং কেন্দ্ৰ
হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপৰ নেতৃত্ব দিবলৈ গুৱাহাটীৰ ষ্টেচন অধীক্ষকৰ
নেতৃত্বত ছয়জনীয়া এক বিশেষ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। আৱৰ্জনা সংৰক্ষণৰ আন্তগাঁথনিৰ উন্নতকৰণ,
পচন সাৰ উৎপাদন প্লেণ্টৰ কাৰ্যকৰীকৰণ আৰু যাত্ৰীসকলৰ মাজত সঘন সচেতনতা বৃদ্ধিৰ বাবে নিয়মীয়া
অভিযানৰ আয়োজন কৰাৰ প্ৰচেষ্টা এই পদক্ষেপৰ অন্তৰ্ভূক্ত। পিচিবিএৰ বিশেষজ্ঞতা আৰু পিচিবিএৰ দ্বাৰা
অনুমোদিত ৰিচাইক্লৰ মেছাৰ্ছ কুসুম উদ্যোগৰ কাৰ্যকৰী ভূমিকাৰ জৰিয়তে এটা শক্তিশালী ৰিচাইক্লিং ব্যৱস্থা
গঢ়ি তোলাৰ লক্ষ্যৰে সচেতনতা অভিযান আৰম্ভ কৰা হৈছে।


দ্বিতীয়খন বুজা-বুজিৰ চুক্তি আইআইটি গুৱাহাটীৰ সৈতে স্বাক্ষৰিত হৈছে, য’ত এচি ডবাসমূহত
ব্যৱহৃত বেডৰোল বিতৰণৰ বাবে বৰ্তমান ব্যৱহৃত পেকেটৰ পৰিৱৰ্তে জৈৱ-পচনশীল আৰু পচনশীল বেগ
প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই পৰীক্ষামূলক প্ৰকল্প কামাখ্যা-নতুন দিল্লীৰ মাজত চলা ব্ৰহ্মপুত্ৰ
মেইলৰ পৰা আৰম্ভ হ’ব, আৰু পৰৱৰ্তী সময়ত গুৱাহাটী আৰু কামাখ্যাৰ পৰা চলা সকলো ৰেলৰ লগতে
সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱে নেটৱৰ্কত এই প্ৰচেষ্টাৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে
সহযোগিতামূলক গৱেষণা আৰু ক্ষেত্ৰ-পৰ্যায়ৰ ৰূপায়ণৰ সংমিশ্ৰণ ঘটাইছে, যাৰ লক্ষ্য হৈছে পৰিৱেশ-হিতৈষী
আৰু যাত্ৰী-সচেতন বিকল্পৰ দিশত পৰিৱৰ্তন।
ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰিবহণৰ দ্বাৰা ৰূপান্তৰণ” দৃষ্টিভংগীৰ প্ৰতি
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। পাৰিপাৰ্শ্বিক বহনক্ষমতা ইয়াৰ কাৰ্যকৰী
ফ্ৰেমৱৰ্কত একত্ৰিতকৰণ কৰি, উত্তৰ-পূব সীমান্ত ৰেলৱেই সংমণ্ডলটোৰ বাবে এক স্বচ্ছ আৰু সেউজ ৰেলৱে
পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

Teeth Shape: বগা দাঁত থকা মানুহৰ ভাগ্য হীৰাৰ দৰে জিলিকে, দাঁতৰ গঠনে কয় ব্যক্তিত্বৰ গোপন কথা!

Teeth Shape: বগা দাঁত থকা মানুহৰ ভাগ্য হীৰাৰ দৰে জিলিকে
Teeth Shape: বগা দাঁত থকা মানুহৰ ভাগ্য হীৰাৰ দৰে জিলিকে

দাঁতৰ গঠনে এজন ব্যক্তিৰ (Teeth Shape) ভাগ্য আৰু স্বভাৱৰ বহু গোপন কথা কয়। মুখ আৰু হাঁহি সুন্দৰ কৰি তোলাত দাঁতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰতিজন ব্যক্তিৰ দাঁতৰ গঠন বেলেগ বেলেগ। কিছুমানৰ দাঁত বেঁকা হোৱাৰ বিপৰীতে কিছুমানৰ দাঁত চিধা। কিছুমান মানুহৰ দাঁতৰ মাজত ফাঁক থাকে। যিকোনো ব্যক্তিৰ প্ৰকৃতি, ভাগ্য আৰু ভৱিষ্যতৰ লগত জড়িত গোপনীয়তা দাঁতৰ এই ভিন্ন গঠনত লুকাই থাকে।

দাঁতৰ মাজৰ ফাঁক সমুদ্ৰিক শাস্ত্ৰৰ মতে যিজন ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক ভাগ্যৱান আৰু জীৱনৰ প্ৰতিটো পৰ্যায়তে সফলতা লাভ কৰে। তেওঁলোকে সঠিক সময়ত সঠিক সিদ্ধান্ত লয় আৰু ভাগ্যই তেওঁলোকক লগ দিয়ে। এনে লোকৰ আৰ্থিক অৱস্থা খুব ভাল হয়।

সমুদ্ৰিক শাস্ত্ৰৰ মতে যদি দাঁতৰ গঠন পোন হয় তেন্তে ব্যক্তিজন অতি চহকী আৰু অতি ভদ্ৰ। প্ৰতিটো পৰিস্থিতিত ধৈৰ্য্য ধৰিব জানে। পোন দাঁত থকা মানুহ প্ৰতিভাশালী। ব্যৱসায়ৰ ক্ষেত্ৰখনত অধিক আগ্ৰহী এইসকল লোকে চাকৰিতকৈ ব্যৱসায় কৰাতহে বেছি আগ্ৰহী। ব্যৱসায়ত নতুন নতুন ধাৰণা আৰু কৌশল ব্যৱহাৰ কৰাত তেওঁলোক পাকৈত। এই মানুহবোৰ আনৰ বাবে প্ৰেৰণা হৈ পৰে।

সৌদ্ৰিক শাস্ত্ৰৰ মতে যিসকল লোকৰ দাঁত চিকচিকিয়া আৰু বগা হয়, তেওঁলোক অতি সংবেদনশীল। সৰু কথা এটাইও তেওঁলোকৰ দিনটো নষ্ট কৰিব পাৰে। এনে লোকে অতিমাত্ৰা চিন্তা কৰে। এই সৰল স্বভাৱৰ মানুহবোৰ বিশ্বাসযোগ্য আৰু তেওঁলোক আন মানুহৰ দ্বাৰা সহজে প্ৰভাৱিত হয়। যাৰ বাবে তেওঁলোকক বাৰে বাৰে প্ৰতাৰণা কৰিবলগীয়া হয়।

সৌদ্ৰিক শাস্ত্ৰৰ মতে যিসকল লোকৰ দাঁত পাতল ক’লা বা হালধীয়া ৰঙৰ হয় তেওঁলোক অতি চতুৰ আৰু আচৰণত নিপুণ। তেওঁলোকে আনক প্ৰভাৱিত কৰি নিজৰ কাম চতুৰতাৰে সম্পন্ন কৰে। বেঁকা দাঁত থকা মানুহ স্বভাৱতে লোভী আৰু স্বাৰ্থপৰ হ’ব পাৰে। তেওঁলোকে নিজৰ সুবিধাৰ বাবে যিকোনো সীমা অতিক্ৰম কৰিব পাৰে।

Cyber Crime: ফোনযোগে ভয়-ভাবুকিৰে এজন ব্যক্তিৰ পৰা লুটিলে কোটি টকা

Cyber Crime: চাপৰৰৰ এজন ব্যক্তিৰ পৰা ফোন যোগে ভয়-ভাবুকিৰে লুটিলে কোটি টকা
Cyber Crime: চাপৰৰৰ এজন ব্যক্তিৰ পৰা ফোন যোগে ভয়-ভাবুকিৰে লুটিলে কোটি টকা

চাইবাৰ চক্ৰৰ জালত (Cyber Crime) পৰিল এইবাৰ চাপৰৰ এজন সদ্য অৱসৰপ্ৰাপ্ত বিষয়া। মুম্বাইৰ নাছিক থানাত বিভিন্ন অপৰাধত গোচৰ ৰুজু হোৱা বুলি ভয় দেখুৱাই নিজকে প্ৰথমে ক্ৰাইম ব্ৰান্স আৰু পিছত ই ডিৰ ভয় দেখুৱাই লুটি ললে প্ৰায় দুই কোটি টকা। চাপৰ থানাৰ অন্তৰ্গত চাপৰ বজাৰৰ বাসিন্দা তথা বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞানী নিৰ্মল দাস নামৰ ব্যক্তি গৰাকীৰ পৰা ই ডি -ৰ নাম লৈ ১ কোটি ৭০ লাখ ৩৯ হাজাৰ ৪৪৪ টকা লুটি নিয়ে চাইবাৰ অপৰাধী চক্ৰই। নিৰ্মল দাসে দিয়া তথ্য মতে – তেওঁৰ নামত মহাৰাষ্ট্ৰৰ নাসিক থানাত ভুৱা গোচৰ ৰুজু হোৱা বুলি চাইবাৰ অপৰাধী চক্ৰই ফোন কৰিছিল। লগতে স্কেমাৰ চক্ৰই তেওঁৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ অপৰাধত উচ্চতম ন্যায়ালয়ত এটি গোচৰ ৰুজু হৈ আছে বুলি ভাবুকি প্ৰদান কৰে। পিছত উক্ত গোচৰটো ই ডিক হস্তান্তৰ কৰা হৈছে বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে।

কেইদিনমান পিছত নিজকে ই ডিৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তি এজনে কৌশলৰে অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ একাউন্টত থকা ধন ই ডিৰ একাউণ্টত হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তিনি দিন পিছত উক্ত ধনৰাশি মোকলাই দিব বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে। উক্ত প্ৰবঞ্চক চক্ৰই দিয়া বিভিন্ন একাউন্টত নিৰ্মল দাসে যোৱা ২১ জানুৱাৰীৰ পৰা ৯মে’ লৈ ১৯ টা কিস্তিত টকা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে। ধনৰ অন্তিম কিস্তি দিয়াৰ অন্তত তিনিদিন উকলি যোৱাৰ পিছত ধনৰাশি নিজৰ একাউণ্টত উভতি নহাত চিন্তিত হৈ পৰে নিৰ্মল দাস।


এই বিষয়ে তেওঁ প্ৰবঞ্চকৰ কবলত পৰা বুলি সন্দেহ কৰি উপায়ন্তৰ হৈ যোৱা ১৬ জুলাইত চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ১১৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটো গুৰুত্ব সহকাৰে লৈ তৎপৰতাৰে তদন্ত কৰি উক্ত ঘটনা সংক্ৰান্তত ধুবুৰীৰ বন্ধন বেংকৰ এটা শাখাৰ একাউণ্টৰ দ্বাৰাও উক্ত ধনৰাশিৰ এটা অংশ লেনদেন হোৱাৰ তথ্য লাভ কৰে।চাপৰ আৰক্ষীয়ে উক্ত চাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ অভিযোগত ধুবুৰীৰ বন্ধন বেংকৰ শাখাৰ প্ৰবন্ধক দিপ্ত কুমাৰ দাস(৪৬, গুৱাহাটী , ছয়মাইল) আৰু ফকিৰগঞ্জৰ হাফিজুৰ ৰহমান(৪১)ৰ লগতে জালাল উদ্দিন জোদ্দাৰকো (৩৮) আটক কৰে বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তিনিজনকে ইতিমধ্যে চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Theatre natasurjya: থিয়েটাৰ নটসূৰ্যৰ শুভ মহুৰত অনুষ্ঠানঃ ভ্ৰাম্যমাণৰ মঞ্চ কপাবলৈ সাঁজু “নটসূৰ্য থিয়েটাৰ”।

Theatre natasurjya: থিয়েটাৰ নটসূৰ্যৰ শুভ মহুৰত অনুষ্ঠান
Theatre natasurjya: থিয়েটাৰ নটসূৰ্যৰ শুভ মহুৰত অনুষ্ঠান

অসমৰ ভ্ৰাম্যমাণ জগতৰ (Theatre natasurjya) এটা চিনাকি নাম নটসূৰ্য থিয়েটাৰ। চৰাইদেউ জিলাৰ সাপেখাতী চাৰিআলি এটা মফচলীয়া অঞ্চলৰ পৰা বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে যাত্ৰা আৰম্ভ কৰি নটসূৰ্য থিয়েটাৰে এইবাৰ স-গৌৰৱে ২৪ তম নাট্যবৰ্ষত ভৰি দিছে। আৰু বিগত বৰ্ষ সমূহৰ দৰে চলিত নাট্যবৰ্ষতো ভ্ৰাম্যমাণৰ মঞ্চ কপাবলৈ সাঁজু হৈছে নটসূৰ্য থিয়েটাৰ।

কালি সন্ধিয়া নটসূৰ্য ফনী শৰ্মা পুণ্য তিথিত আখৰা শিবিৰ উদ্বোধন কৰে সাংস্কৃতিক তথা সামাজ কৰ্মী বাণী চাংমায়ে। বিপুল মহন্ত,ফনিন্দ্ৰ শইকীয়াই আতধৰা শুভাৰম্ভ অনুষ্ঠান অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ গগৈ, প্ৰশান্ত ফুকন, হৰেন গগৈ কে প্ৰমূখ্য কৰি ভালে সংখ্যা ব্যক্তি উপস্থিত থাকে।সাপেখাতী অঞ্চলৰ সাংস্কৃতিক কৰ্মী জগদীশ গগৈয়ে প্ৰয়োজনা কৰা নটসূৰ্য থিয়েটাৰৰ এইবাৰৰ নাট্য বৰ্ষৰ বাবে বলিষ্ঠ নিবেদন নাট্যকাৰ ক্ষীতিশ বৰাৰ “চিলা” প্ৰতুল ভূঞাৰ “আপোন মানুহ” আৰু বিবেক ৰাজৰ “ৰাধা বিহীন বৃন্দাবন” শীৰ্ষক তিনিখন ভিন্ন স্বাদৰ সামাজিক নাটক ভ্ৰাম্যমাণৰ দৰ্শকৰ বাবে আগবঢ়াইছে।

কুশল শইকীয়া, জিতেন কোঁৱৰ, বিৰাজ দত্ত, জিন বৰদলৈ, ঋতুৰাজ ডেকা, ইন্দ্ৰকমল ডেকা, পলাশ হাজৰিকা, কৌশিক শইকীয়া, স্বনম বড়ো, স্বাগতা বৰুৱা, জোন দেউৰী,ৰাতুল গগৈ আদি বহু জনপ্ৰিয় আৰু দক্ষ ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰ অভিনয় এইবাৰ নটসূৰ্য থিয়েটাৰ মঞ্চত দেখিবলৈ পাব।ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰিব ভ্ৰাম্যমাণ দলটোৱে। হাঁহি-কান্দোন, একচন- ৰোমান্স আদি ভিন্ন ৰসৰ সমাহাৰ ঘটা নাট কেইখনে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি যথেষ্ট আশাঁবাদী থিয়েটাৰ খনৰ প্ৰযোজক, পৰিচালক আৰু কলা-কুশলীসকল।

Rakhi Bandhan 2025: ৰাখী বন্ধনৰ দিনা ভগ্নীক উপহাৰ নিদিব এইসমূহ বস্তু !

Rakhi Bandhan 2025: ৰাখী বন্ধনৰ দিনা ভগ্নীক উপহাৰ নিদিব এইসমূহ বস্তু !
Rakhi Bandhan 2025: ৰাখী বন্ধনৰ দিনা ভগ্নীক উপহাৰ নিদিব এইসমূহ বস্তু !

ৰাখী বন্ধনৰ দিনা (Rakhi Bandhan 2025) প্ৰতিজন ভাতৃয়ে ভগ্নীক উপহাৰ দিয়ে। কিন্তু ৰাখী বন্ধনৰ দিনটোত কেনেধৰণৰ উপহাৰ পৰিহাৰ কৰিব লাগে জানেনে। ভাতৃ-ভগ্নীৰ মাজত মৰম আৰু অবিচ্ছেদ্য বন্ধনৰ প্ৰতীক ৰাখী বন্ধন। এই উৎসৱ শাওন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। সেই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতৰ ৰাখী বান্ধি সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সুখী জীৱন কামনা কৰে। বিনিময়ত ভাই-ভনীসকলে উপহাৰ দি ভগ্নীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে কিছুমান উপহাৰ আছে যিবোৰ ৰক্ষা বন্ধনৰ দৰে শুভ অনুষ্ঠানত পৰিহাৰ কৰা উচিত। সেই সমূহৰ বিষয়ে আপোনালোকক জনাম-

ক’লা কাপোৰ বা বস্তু

হিন্দু পৰম্পৰাত ক’লা ৰংক প্ৰায়ে নেতিবাচকতা আৰু অশুভতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশেষকৈ উৎসৱ আৰু শুভ অনুষ্ঠানত এই ৰং পৰিহাৰ কৰাটো বাঞ্ছনীয়। ৰাখী বন্ধন উপলক্ষে ভগ্নীক ক’লা কাপোৰ বা আন সামগ্ৰী দিয়াৰ পৰিৱৰ্তে বগা বা উজ্জ্বল ৰঙৰ উপহাৰ দিয়াটো অধিক শুভ বুলি গণ্য কৰা হয়।

পাৰফিউম যদিও সুগন্ধিৰ প্ৰতীক, তথাপিও কিছুমান বিশ্বাসত পাৰফিউমক উপহাৰ হিচাপে দিয়াটো উপযুক্ত বুলি গণ্য কৰা নহয়। বিশ্বাস কৰা হয় যে কিছুমান সুগন্ধিৰ লগত ঋণাত্মক শক্তিৰ সম্পৰ্ক থাকিব পাৰে, যাৰ ফলত স্বাস্থ্য বা সম্পৰ্কত বেয়া প্ৰভাৱ পৰিব পাৰে। সেয়েহে সুৰক্ষা বন্ধনৰ দিনা সুগন্ধি উপহাৰ দিয়াৰ পৰা বিৰত থাকিলে ভাল।

কাঁচক ভংগুৰ আৰু সহজে ভাঙিব পৰা বস্তু বুলি ধৰা হয়। ইয়াত অস্থিৰতা আৰু দুৰ্বলতা দেখা যায়। ভাই-ভগ্নীৰ সম্পৰ্ক সুদৃঢ় আৰু স্থায়ী কৰি ৰাখিবলৈ ৰাখী বন্ধনৰ দিনা কাঁচৰ বস্তু উপহাৰ দিয়াৰ পৰা বিৰত থাকিব লাগে।

বৈদিক জ্যোতিষত ঘড়ী শনি গ্ৰহৰ সৈতে জড়িত। কিছুমান পৰম্পৰাত ঘড়ী উপহাৰ দিয়াটো সম্পৰ্কত সময় বা দূৰত্বৰ সৃষ্টিৰ চিন হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

গতিকে কিছুমান সম্পৰ্কত কিছুমান বিশেষ বস্তু দিব নালাগে।

71st National Film Awards: ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

71st National Film Awards: ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
71st National Film Awards: ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

সদ্যঘোষিত (71st National Film Awards) ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ৰ তালিকাত অসমৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল কেইবাগৰাকীও অসমীয়া। শুক্ৰবাৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে নতুন দিল্লীত এখন সংবাদমেলত বিজয়ীসকলৰ নাম ঘোষণা কৰে। 


দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটাৰে সন্মানিত যশস্বী চলচ্চিত্ৰ সমালোচক উৎপল দত্ত।

পৰিচালকৰ প্ৰথম নন-ফিচাৰ চিত্ৰৰ শ্ৰেষ্ঠত্বৰ শাখাত “Mau: The Spirit Dreams of Cheraw” শীৰ্ষক মিজো তথ্যচিত্ৰৰ বাবে স্বৰ্ণ কমল বঁটা লাভ কৰিছে পৰিচালিকা শিল্পীকা বৰদলৈয়ে।

শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে আদিত্যম শইকীয়া পৰিচালিত “ৰঙাটাপু ১৯৮২”এ।

শ্ৰেষ্ঠ টাই ফাকে চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে প্ৰবাল খাউণ্ড পৰিচালিত “Pai Tang: Step Of Hope”এ।

শ্ৰেষ্ঠ জীৱনীমূলক/ঐতিহাসিক/সংকলন নন-ফিচাৰ চলচ্চিত্ৰৰ শাখাত ৰজত কমল বঁটা লাভ কৰিছে সঞ্জীৱ পৰাশৰ পৰিচালিত “Lentina Ao – A Light on the Eastern Horizon”এ।

Borpathar Moral Policing Incident: গেলাবিলৰ মৰেল পুলিচিং ঘটনাৰ সৈতে জড়িত আছু নেতা শশাংক শ্ৰেষ্ঠ, বিজেপি নেতা ৰাজু শ্ৰেষ্ঠ!

গেলাবিলৰ মৰেল পুলিচিং ঘটনাৰ সৈতে জড়িত আছু নেতা শশাংক শ্ৰেষ্ঠ, বিজেপি নেতা ৰাজু শ্ৰেষ্ঠ!
গেলাবিলৰ মৰেল পুলিচিং ঘটনাৰ সৈতে জড়িত আছু নেতা শশাংক শ্ৰেষ্ঠ, বিজেপি নেতা ৰাজু শ্ৰেষ্ঠ!

বৰপথাৰ থানাৰ (Borpathar Moral Policing Incident) অন্তর্গত গেলাবিলত সংঘটিত মৰেল পুলিচিং ঘটনা। চুৰি কাণ্ডৰ জড়িত থকা সন্দেহত দুই নাবালকক তালিবানী শাস্তি, নিমখ ভোট জলকীয়া সানি দিয়াৰ অভিযোগ। বাগানৰ ৰবৰ চুৰি সন্দেহত দুই যুৱকক ৰচীৰে বান্ধি তালিবানী শাস্তি দুই নাবালকক।

দুয়োজন যুৱকক JMCHত ভৰ্তি কৰোৱা হয়। মাৰপিটত গেলাবিলৰ তিনি ভাতৃ জড়িত থকাৰ অভিযোগ। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশাংক শ্ৰেষ্ঠ , ক্ৰিয়া বিভাগৰ কৰ্মচাৰী ৰঞ্জিত শ্ৰেষ্ঠ লগতে সমাজসেৱক ৰাজু শ্ৰেষ্ঠ জড়িত থকাৰ অভিযোগ।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আছু নেতা শশাংক শ্ৰেষ্ঠক আছুৰ পৰা বহিস্কাৰ হয়। আনহাতে মৰেল পুলিচিং ঘটনাৰ সৈতে জড়িত ৰাজু শ্ৰেষ্ঠক বিজেপি বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়া হয়।

মৰিগাঁৱত নৱ নিৰ্বাচিত জিলা পৰিষদৰ প্ৰতিনিধি শপথ গ্রহণ অনুষ্ঠান সম্পন্ন ।Marigaon

মৰিগাঁৱত নৱ নিৰ্বাচিত জিলা পৰিষদৰ প্ৰতিনিধি শপথ গ্রহণ অনুষ্ঠান সম্পন্ন ।Marigaon
মৰিগাঁৱত নৱ নিৰ্বাচিত জিলা পৰিষদৰ প্ৰতিনিধি শপথ গ্রহণ অনুষ্ঠান সম্পন্ন ।Marigaon

Marigaon ।মৰিগাঁও জিলাৰ জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা পৰিষদৰ নৱ-নিৰ্বাচিত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথম সভা অনুষ্ঠিত হয়। এই বিশেষ অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰীৰূপে শ্ৰীমতী প্ৰণতি কলিতা ডেকা আৰু উপ-সভানেত্ৰীৰূপে শ্ৰীমতী অৰ্চনা পাটৰ নিৰ্বাচিত হয়।

আজিৰ এই সভাত নতুন সভানেত্ৰী আৰু উপ-সভানেত্ৰীৰ অধীনত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সহযোগিতা, স্বচ্ছতা আৰু দায়বদ্ধতাৰ সৈতে একগোট হৈ কাম কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

সভাত অংশগ্ৰহণ কৰা সদস্যসকলে পৰিষদৰ কার্যপদ্ধতি অধিক ফলপ্ৰসূ আৰু জনমুখী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।আজিৰ এই সভাত অসম চৰকাৰৰ জলসম্পদ ,সামাজিক ন্যায় আৰু সৱলীকৰণ তথা তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকা , স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, অসম যুৱ আয়োগৰ সদস্য তথা মৰিগাঁও জিলা পঞ্চায়ত নিৰ্বাচনৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শৰ্মা, জিলা আয়ুক্ত অনামিকা তেৱাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ সহ বিভিন্ন চৰকাৰী বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটোক সফল কৰি তোলে।

উদীয়মান কবি মৃণাল কুমাৰ বৰাক কাব্য মনন বঁ‌টা প্ৰদান ।Mrinal Kumar Bora

উদীয়মান কবি মৃণাল কুমাৰ বৰাক কাব্য মনন বঁ‌টা প্ৰদান ।Mrinal Kumar Bora
উদীয়মান কবি মৃণাল কুমাৰ বৰাক কাব্য মনন বঁ‌টা প্ৰদান ।Mrinal Kumar Bora

Mrinal Kumar Bora । উদীয়মান কবি মৃণাল কুমাৰ বৰাক কাব্য মনন বঁ‌টা প্ৰদান । অসম চৰকাৰৰ দ্বাৰা পঞ্জীয়ণভুক্ত অনুষ্ঠান ‘মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজ, অসমে’ তৃতীয় বাৰ্ষিকীৰ উপলক্ষে ইংৰাজী ৩১-০৭-২০২৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠানটোৰ সভাপতি ড° লখিমী গগৈৰ পৰিচালনাত গ্ৰন্থ উন্মোচন, বঁ‌টা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপৰ মানপত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰে।

বিশেষ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° শীলা বৰা, মৰিগাঁও জিলাৰ চৰাইবাহী মহাবিদ্যালৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথ আৰু সাংবাদিক, বিশিষ্ট কবি, সাহিত্যিক, সমালোচক ৰিপুঞ্জয় গগৈ। উল্লেখ্যযে কবিতাৰ জগতখনৰ লগত জড়িত হৈ কাব্য সৃষ্টিৰ লগতে কাব্যিক জগতখনৰ উত্তৰণৰ কাৰণে যি প্ৰচেষ্টা চলাই আহিছে তাৰ স্বীকৃতি স্বৰূপে ‘মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজ, অসম’ৰ তৰফৰ পৰা সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক তথা উদীয়মান কবি মৃণাল কুমাৰ বৰাক ২০২৫ বৰ্ষত পোন প্ৰথমবাৰৰ বাবে ‘কাব্য মনন বঁ‌টা-২০২৫’ প্ৰদান কৰা হয়। বঁ‌টা প্ৰদান কৰে বিশেষ অতিথি ড° শীলা বৰা আৰু সাংবাদিক, বিশিষ্ট কবি, সমালোচক ৰিপুঞ্জয় গগৈয়ে। উক্ত অনুষ্ঠানত ১২০ ঘণ্টীয়া ইণ্টাৰ্ণশ্বিপ সফলতাৰে সম্পূৰ্ণ ছাত্ৰ-ছাত্ৰী সকলকো একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

শিপাভূমি গোলাঘাটে মঞ্চস্থ কৰিলে নাটক “ঐ-য়া”‌ । নাট্য ওজা ৰতন থিয়ামক স্মৰণ । Golahat

শিপাভূমি গোলাঘাটে মঞ্চস্থ কৰিলে নাটক "ঐ-য়া"‌ । নাট্য ওজা ৰতন থিয়ামক স্মৰণ । Golahat
শিপাভূমি গোলাঘাটে মঞ্চস্থ কৰিলে নাটক "ঐ-য়া"‌ । নাট্য ওজা ৰতন থিয়ামক স্মৰণ । Golahat

Golahat । গোলাঘাটৰ অন্যতম নাট্যানুষ্ঠান ” শিপাভূমি গোলাঘাটে ” কালি গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ কৰে নাটক “ঐ-য়া”‌ । কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বিখ্যাত গল্প পোষ্ট মাষ্টাৰৰ আধাৰত নাট্যকাৰ পৰিচালক পলাশ লইঙৰ ৰচনাৰ নাটক খনৰ পটভূমি আছিল ষাঠি -সৌত্তৰ দশকৰ পিচ পৰা মিছিং সমাজ খনৰ ঘটনা- পৰিঘটনা সমাহাৰৰ প্ৰতিচ্ছবি।


মনিপুৰৰ বিখ্যাত নাট পৰিচালক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ওৱেচিচ সৌগেইযাম আৰু সহযোগী পৰিচালক আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক জিতু ৰাভা আৰু সংগীত পৰিচালনা আছিল ভাস্কৰ জ্যোতি কোঁৱৰৰ। নাটকখনৰ বিভিন্ন চৰিত্ৰত ৰূপ দান কৰা অভিনেতা অভিনেত্ৰী সকল হৈছে অন্তৰা হাজৰিকা , হিমাংশু শইকীয়া ,পলাশ লয়িঙ , দশমী বৰা , বনদ্বীপা গাৰ্গী , আস্থাপ্ৰিয়া বৰা , অমৰজিৎ কটকী, ভাস্কৰ জ্যোতি গগৈ , ৰিচাৰানি কৌশিক, ছত্ৰপতি চেতিয়া , ময়ুৰী বৰা ,লুনা দেৱী , বৈশালী গগৈ , নকুল স্বৰ্গীয়াৰী আৰু ৰাহুল শইকীয়া ।

ব্যৱস্থাপনা বিজয় কৃষ্ণ বৰা , সাজ সজ্জা ৰূপাঞ্জলী বৰুৱা , মিছিং বাদ্যযন্ত্ৰ মাইকেল দলে , কন্ঠশিল্পীসকল হৈছে ভাস্কৰ জ্যোতি কোঁৱৰ , মাইকেল দলে , ৰিচাৰানি কৌশিক ঘোষক মনিকা ৰয় । অন্যহাতে নাটক উদ্বোধনৰ পূৰ্বে অলপতে মৃত্যু হোৱা বিশিষ্ট নাট্য ওজা ৰতন থিয়ামৰ স্মৃতিচাৰণ কৰে পিকুমনি দত্তই। নাটক উদ্বোধন কৰে বিশিষ্ট বোলছবি আৰু নাট্য পৰিচালক দীনেশ গগৈয়ে । অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰে বিশিষ্ট লেখক হীৰেন গগৈয়ে । শিপাভূমি গোলাঘাটৰ হৈ নিলোফাৰ ই মাহতাবীয়ে আতঁ ধৰা অনুষ্ঠানত উপস্থিত আছিল পুলিবৰ লাচিত ক্লাৱৰ সভাপতি ৰাজকুমাৰ বেদান্ত কুমাৰ গোহাঁই, শিপাভূমিৰ প্রাক্তন সভাপতি ডঃ তাপস বৰুৱা , সমাজকৰ্মী সাগৰ গোহাঁই, ইচফাক জামান, শিপাভূমিৰ সভাপতি বিজয় কৃষ্ণ বৰা আৰু সম্পাদক ৰূপাঞ্জলি বৰুৱা ।