Breaking

পাগলাদিয়া বৰলীয়া, মটঙা বৰনদীৰ বাঢ়নী পানীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে…

0 67

তামুলপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা পাগলাদিয়া বৰলীয়া, মটঙা বৰনদীৰ বাঢ়নী পানীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে৷ কালিৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত দুয়োপাৰে পানীয়ে উপচি পৰিছে।

মুষলধাৰ বৰষুণৰ বাবে বৰলীয়া নদীয়ে বৰবালিশিহা মটঙা নদীয়ে তামুলপুৰ মহকুমা সদৰস্থ বাৰেইগাঁৱ বাৰাংগাবাৰী, সৌৰাগুৰি ,বৰখোপা, বালাবস্তী আৰু ডিমিলাপাৰত ডিমিলা নদীৰ পানীয়ে ঘৰ-দুৱাৰ বুৰাই পেলাইছে। চাপাতল গুৱাকুছি খৈৰাণী আদিতো নদীৰ পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যেই নদীৰ গাৰ্ডৱাল পকী দলঙৰ প্ৰতি ভাবুকি আনিছে ৷

Leave A Reply