Breaking

টংলাৰ মিলনপুৰত জেডিবি এছ ফাংছোনেল জিমৰ উদ্যোগত ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা

0 1,567

সমগ্ৰ দেশজুৰি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ স’তে সংগতি ৰাখি ওদালগুৰি জিলাৰ অন্যতম শৈক্ষিক বাণিজ্য নগৰী টংলা মিলনপুৰত জেডিবি এছ ফাংছোনেল জিমৰ উদ্যোগত ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।সমাজ সেৱক ডিম্বেশ্বৰ ডেকাই উদ্ধোধন কৰা উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰে চিত্ৰশিল্পী ৰঞ্জুল সূত্ৰধৰ আৰু হিমাংশু বৰাই। দুই কুৰিত কৈ অধিক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত “ক” শাখাত প্ৰথম স্থান লাভ কৰে তন্ময় নাথাকে, দ্বিতীয় স্থান লাভ কৰে হৃকীকেশ শইকীয়া, তৃতীয় স্থান লাভ কৰে বিশ্বজিৎ বড়ো আৰু নিচুকনি বঁটা লাভ কৰে দৰ্শনা সূত্ৰধৰে, “খ” শাখাত প্ৰথম স্থান লাভ কৰে প্ৰিয়ম কল্পনা দাসে, দ্বিতীয় স্থান লাভ কৰে কমল লোচন ৰাভাই,তৃতীয় স্থান লাভ কৰে ধ্ৰুৱৰাজ কলিতাই,নিচুকনি বঁটা লাভ কৰে চঞ্জনা নোৱাৰে, “গ”শাখাত প্ৰথম স্থান লাভ কৰে হৃষীৰাজ শৰ্মাই,দ্বিতীয় স্থান লাভ কৰে অংকিতা ডেকাই, তৃতীয় স্থান লাভ কৰে উদীপ্ত হাজৰিকাই ,নিচুকনি বঁটা লাভ কৰে তন্ময় কাশ্যপ ডেকাই।


আনহাতে টংলা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ঘনকান্ত ডেকা আৰু টংলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী নিবেদিত ডেকা বৰুৱাৰ সুযোগ্য পুত্ৰ তথা জেডিবি এছ ফাংছোনেল জিমৰ সত্বাধিকাৰী জ্যোতিমন্বয় ডেকাই ছাত্র ছাত্ৰীৰ উদ্দেশ্যে কয় যে শাৰীৰিক মানসিক বিকাশ কৰা লগতে স্বাস্থ্যৰ প্ৰতি সজাগতা কৰাৰ লক্ষ্যৰে আজি এই চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰিছোঁ।ছাত্র ছাত্ৰীয়ে যাতে কিছু সময়ৰ বাবে হলেও যান্ত্ৰীকতাৰ পৰা আঁতৰি নিজৰ মনতোক সুস্থিৰ কৰিব পাৰে।অনুষ্ঠান খনত বিশেষ ব্যক্তি হিচাবে উপস্থিত থাকে ক্ৰমে আমাৰ অসম টংলাৰ সাংবাদীক অৰূপ বড়ো, আধিগম শিক্ষা কেন্দ্ৰৰ পৰিচালক অৰূপজ্যোতি ৰাভা, শিক্ষক হিতেশ্বৰ শৰ্মা,গুৰিয়া সিং,নিতু শৰ্মা,দ্বীপশিখা বৰুৱা, ভাস্কৰজ্যোতি শৰ্মাই।

Leave A Reply