শিল্পী দিৱসৰ লগত সংগতি ৰাখি লংকাত কালাৰ্চ আৰ্ট একাডেমীৰ সৌজন্যত আজি চিত্ৰাংকন আৰু ৰংগুলি অংকন প্ৰতিযোগিতা পোন প্ৰথম বাৰৰ বাবে অনুস্হিত হয় ৷ লংকা ৰেল ষ্টেচন বাকৰিত আয়োজন কৰা এই ভূ অংকন প্ৰতিযোগিতাত হোজাই জিলাৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগী সকলে কোনোৱে যদি আন ছবি অংকন কৰি দেখুৱাইছে আন কোনোৱে কভিড ৰ পৰা হাত সাৰিব পাৰি তাক ৰং তুলিকাৰ জৰিয়তে তাক দেখুৱাৰ প্ৰয়াস কৰিছে ৷ কোনোৱে আকৌ অসমীয়াৰ বাপতি সাহোনৰ বিহুটোৰ ঢোল পেঁপা আদি ভূমিত অংকন কৰিছে ৷ উক্ত ভূ অংকন প্ৰতিযোগিতাত যথেষ্ট সংখ্যক দৰ্শকৰ সমাগম হয় ৷