Breaking

তৃতীয়বাৰৰ বাবে টি২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তান; অপেনিং যুটিতে ১২.৪ অভাৰত বাবৰ-ৰিঝৱানৰ সংগ্ৰহ ১০৫ ৰাণ৷

0 96

দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত উজ্বলি উঠিল বাবৰ-ৰিঝৱান৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুনামিৰ সৃষ্টি কৰিলে বাবৰ-ৰিঝৱানে৷ টি২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ দূৰ্দান্ত অপেনিং বেটিঙেৰে টি২০ বিশ্বকাপৰ ফাইনেলত উপনিত হ’ল পাকিস্তান৷

চিডনি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ প্ৰত্যুত্তৰত পাকিস্তানে চমকপ্ৰদ আৰম্ভণি ঘটায়৷

অপেনিং যুটিতে বাবৰ-ৰিঝৱানে সংগ্ৰহ কৰে ১২.৪ অভাৰত ১০৫ ৰাণ৷ বাবৰে ৫৩ (৪২) আৰু ৰিঝৱানে ৫৭ (৪২) ৰাণ কৰে৷ বাবৰ-ৰিঝৱানৰ এই অপেনিং যুটিৰ ফলতে পাকিস্তানে ৩ টা উইকেট হেৰুৱাই ৫টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট ব’ল্টে  দুটাকৈ উইকেট দখল কৰে৷

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত নিউজেলেণ্ডে ৪ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ডেৰিল মিছেলে ৫৩ আৰু অধিনায়ক কেন উইলিয়ামছনে ৪৬ ৰাণৰ বৰঙনি আগবঢ়ায়৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদিয়ে দুটাকৈ উইকেট দখল কৰে৷

উল্লেখযোগ্য যে টি২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে পাকিস্তানে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হ’ব৷ ইয়াৰ পূৰ্বে ২০০৯ চনত বিশ্বকাপবিজয়ৰ সোৱাদ লাভ কৰিছিল দলটোৱে৷

Leave A Reply