Breaking

কেজৰিৱালৰ বাসভৱনৰ বাহিৰত পাকিস্তানী প্ৰতিবাদকাৰী…

0 19

কেজৰিৱালৰ বাসভৱনৰ বাহিৰত পাকিস্তানী প্ৰতিবাদকাৰী! বিজেপিক ক্ষুৰধাৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰীৰ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীক তেওঁৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰা পাকিস্তানী সংখ্যালঘু প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰাৰ বাবে সমালোচনা কৰে। কেজৰিৱালে এইবুলি অভিযোগ কৰে যে বিজেপি আৰু দিল্লী আৰক্ষী উভয়ে প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰিছিল।

অৰবিন্দ কেজৰিৱালে লগতে অভিযোগ কৰে যে বিজেপিয়ে পাকিস্তানী প্ৰব্ৰজনকাৰীসকলক তেওঁলোকৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে।সেয়েহে এই প্ৰতিবাদকাৰীসকলৰ প্ৰতি বিজেপিয়ে সমৰ্থন আগবঢ়াইছে। দেশত চিএএ ৰূপায়ণৰ সমালোচনা কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত সমগ্ৰ ভাৰতত পাকিস্তানী বিয়পি পৰিব আৰু জনসাধাৰণৰ মাজত বিশৃঙ্খলা সৃষ্টি হ’ব।

এক্সত কেজৰিৱালে লিখিছে, “আজি কিছু সংখ্যক পাকিস্তানীয়ে মোৰ ঘৰৰ সন্মুখত প্ৰতিবাদ প্ৰদৰ্শন কৰিছে আৰু মোৰ ঘৰৰ সন্মুখত এক বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণ সন্মান আৰু সুৰক্ষা প্ৰদান কৰিছে। বিজেপিয়ে তেওঁলোকক সম্পূৰ্ণ সমৰ্থন জনাইছে।”

কেজৰিৱালে কয় “দিল্লীৰ জনসাধাৰণে সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ পৰা ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ ধৃষ্টতা আছে নেকি? আৰু বিজেপিয়ে তেওঁলোকক সমৰ্থন কৰিছে নেকি? মোৰ প্ৰতি বিদ্বেষ প্ৰদৰ্শন কৰাৰ সময়ত, বিজেপিয়ে পাকিস্তানীসকলৰ সৈতে থিয় দিছিল আৰু ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰিবলৈ আৰম্ভ কৰিছিল। চি.এ.এ. কাৰ্যকৰী হোৱাৰ লগে লগে, এই পাকিস্তানীসকলে সমগ্ৰ দেশতে বিয়পি পৰিব আৰু আমাৰ নিজৰ লোকসকলক হাৰাশাস্তি তথা বিচলিত কৰিব। বিজেপিয়ে তেওঁলোকক দলটোৰ ভোট বেংক হিচাপে সুৰক্ষিত কৰাৰ লক্ষ্যস্থিৰ কৰিছে,” ।

Leave A Reply