Breaking

সীমা হায়দৰক ৩ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি পাকিস্তানৰ প্ৰাক্তন স্বামীয়ে প্ৰেৰণ কৰিলে আইনী জাননী…

0 118

সীমা হায়দৰক ৩ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি পাকিস্তানৰ প্ৰাক্তন স্বামীয়ে প্ৰেৰণ কৰিলে আইনী জাননী

ভাৰতলৈ পলাই অহা সীমা হায়দৰৰ সন্মুখত এতিয়া নতুন বিপদ আহি পৰিছে। ভাৰতীয় যুৱকৰ প্ৰেমত পৰি পাকিস্তান এৰি ভাৰতলৈ পলাই অহা সীমা হায়দৰ পুনৰ বিপদত পৰিছে। গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাই অনলাইন গেম খেলি সীমাৰ প্ৰেমত পৰিছিল। তাৰ পিছতে সীমাই নেপাল হৈ ভাৰতলৈ পলাই আহিছিল। শচীনৰ সৈতে সীমাই সংসাৰ আৰম্ভ কৰিছিল। সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰে এতিয়া পলাই যোৱাৰ ক্ষতিপূৰণ হিচাবে সীমাৰ পৰা ৩ কোটি টকা দাবী কৰিছে। তেওঁ এই সন্দৰ্ভত এখন আইনী জাননীও প্ৰেৰণ কৰিছে। তেওঁ লগতে শচীন-সীমাই ক্ষমা বিচাৰিব লাগিব বুলিও দাবী কৰিছে।

ভাৰত আৰু পাকিস্তানৰ একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সীমা দম্পতীয়ে ভাৰতীয় মুদ্ৰাত ৩ কোটি টকা পৰিশোধ নকৰিলে গোলামে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। জাননীখন অধিবক্তা আলী মমিনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে। আৰ্থিক জৰিমনাৰ উপৰি সীমা আৰু শচীনক ঘটনাটোৰ বাবে এমাহৰ ভিতৰত ক্ষমা বিচাৰিবলৈ কোৱা হৈছে। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহিছিল। গোলামে তেওঁৰ সন্তান পাবলৈ মানৱ অধিকাৰ কৰ্মী আনছাৰ বাৰানীৰ কাষ চাপিছিল। আনছাৰে এই ক্ষেত্ৰত অধিবক্তা মমিনক নিযুক্ত কৰিছিল।


৩০ বছৰীয়া সীমা হায়দৰ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাসিন্দা আছিল। তেওঁ ২০২৩ চনৰ ১৫ এপ্ৰিলত নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ আগতে তেওঁ নেপালৰ পশুপতিনাথ মন্দিৰত শচীনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সীমাক ৪ জুলাইত ভাৰতত অনধিকাৰ প্ৰৱেশৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগো উঠিছিল। অৱশ্যে অৱশেষত সীমাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। ইয়াৰ মাজতেৃ জনা গৈছিল যে শচীনৰ সন্তানৰ মাতৃ হ’বলৈ গৈ আছে সীমা।

Leave A Reply