Breaking

সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰা হ’ল পাকিস্তানৰ গাদাৰ বন্দৰ…

0 26

পাকিস্তানৰ গাদাৰ বন্দৰ আজি সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰা হয়। সন্ত্ৰাসবাদীয়ে বন্দৰটো নিজৰ দখললৈ নিয়াৰ পিছতে আজি পাক আৰক্ষীয়ে অভিযান চলাই সাতজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে আৰু বন্দৰটো সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰে। উল্লেখ্য সন্ত্ৰাসবাদীয়ে বলপূৰ্বক গাদাৰ বন্দৰ কমপ্লেক্সত প্ৰৱেশ কৰিছিল আৰু অঞ্চলটোত গুলীচালনা কৰি সমগ্ৰ বন্দৰটোৰ দখল নিজৰ হাতলৈ নিছিল। পাক আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাস্থলীত একাধিক বিস্ফোৰণো সংঘটিত হৈছিল।

বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)ৰ মজিদ ব্ৰিগেডে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। মাক্ৰানৰ আয়ুক্ত ছাইদ আহমেদ উমৰানীয়ে উল্লেখ কৰিছে যে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান এতিয়াও চলি আছে। গাদাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কেপ্টেইন (অৱসৰপ্ৰাপ্ত) জোহাইব মহছিনে প্ৰকাশ কৰা মতে গুলীবৰ্ষণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বন্দৰটোত এতিয়া যথেষ্ট সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

Leave A Reply