Breaking

অসম চৰকাৰৰ কামণ্ডো নিযুক্তি পৰীক্ষাত দেৰগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতী পল্লৱী বৰাৰ সাফল্য

0 690

অসম‌ চৰকাৰৰ গৃহ বিভাগৰ নিযুক্তি পৰীক্ষাত কামাণ্ডোৰ নিযুক্তিত স্থান লাভ কৰিবলৈ সক্ষম হ’ল দেৰগাঁৱৰ ভিতৰুৱা দ’লৰমুখ গাঁৱৰ যুৱতী পল্লৱী বৰাই। বহু ঘাত প্ৰতিঘাত আৰু সংগ্ৰামৰ মাজত জীৱন অতিবাহিত কৰা পল্লৱীয়ে অসম চৰকাৰৰ কামাণ্ডো নিযুক্তিৰ তালিকাত নাম অহাৰ লগে লগে তেওঁৰ পিতৃ-মাতৃ তথা পৰিয়াল‌লৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা । সমৰকলাকে আদি কৰি বিভিন্ন ক্ৰীড়াৰ কঠোৰ অনুশীলন আৰু পৰিশ্ৰমৰ বাবেই এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল পল্লৱীয়ে।

বানে গৰকা অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ পল্লৱীৰ এই সাফল্যই আন দহ জনকো সফলতাৰ বাটত আগবাঢ়ি গৈ লক্ষ্যত উপনীত হবলৈ অনুপ্ৰাণিত কৰিব। সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰ ভিত্তিত অনুষ্ঠিত হোৱা এই গৃহবিভাগৰ নিযুক্তিত তেওঁ অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ জনাইছে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা।

Leave A Reply