Breaking

‘পুষ্পা ২’ত প্ৰৱেশ চাই পল্লৱীৰ! আনহাতে ‘পুষ্পা ২’ৰ প্ৰস্তাৱ নাকচ কৰিলে সামান্থাই! ৰশ্মীকা, আল্লু অৰ্জুন আৰু বহুতো তাৰকাক দেখা যাব ‘পুষ্পা ২’ত

0 88

আল্লু অৰ্জুনৰ পুষ্পা-২ ছবিখনক লৈ আহে ন ন তথ্য। বৰ্তমান ছবিৰ শ্বুটিঙত ব্যস্ত ক’লা-কৌশলীসকল। একে সময়তে ছবিখনত নতুন তাৰকাৰ প্ৰৱেশৰ খবৰ আহিছে। ‘পুষ্পা ২’ৰ সকলোৰে হৃয়ত আছে আল্লু অৰ্জুন।ছবিখনৰ সংলাপ আৰু গীতে আজিও অনুৰাগীৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰে। মুক্তিৰ পিছত ছবিখনে বহু উপাৰ্জন কৰিছিল। এতিয়া দৰ্শকে ইয়াৰ দ্বিতীয় খণ্ডৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছবিখনৰ সন্দৰ্ভত কিছু ন তথ্য আহিছে। ইফালে খবৰ আহিছে যে ৰশ্মিকা মণ্ডন্নাৰ বাহিৰেও দক্ষিণৰ ছবি জগতৰ আন এগৰাকী সুন্দৰীকো এই ছবিখনত দেখা পোৱা যাব।


পুষ্পা ২ৰ বিষয়ে এটা নতুন আপডেট – আল্লু অৰ্জুন ‘পুষ্পা ২’ৰ শ্বুটিঙত ব্যস্ত। এই ছবি খনত চাই পল্লৱীৰ প্ৰৱেশ হ’বলৈ গৈ আছে। ছবিখনত ৰশ্মিকা মাণ্ডন্নাৰ উপৰিও চাই পল্লৱীকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। অনুমান কৰা হৈছে যে ছবিখনত তেওঁৰ কেমিঅ’ ৰ’ল থাকিব। এসপ্তাহৰ ভিতৰতে ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিব।

বৰ্তমান সময়ত ‘পুষ্পা ২’ত চাই পল্লৱীৰ চৰিত্ৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা কৰা নাই যদিও এই খবৰে নিশ্চিতভাৱে অভিনেত্ৰীগৰাকীৰ অনুৰাগীক উত্তেজিত কৰিছে। আল্লু অৰ্জুনৰ সৈতে চাইক দেখাটো অনুৰাগীৰ বাবে এক ট্ৰিটতকৈ কম নহয়। আপোনালোকক কওঁ যে এই খবৰটোও অহাৰ আগতেই সামান্থা ৰুথ প্ৰভুৰ সৈতেও ‘পুষ্পা ২’ৰ বাবে যোগাযোগ কৰা হৈছে, কিন্তু তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছে সামান্থাই।

ছবিখন পৰিচালনা কৰিছে সুকুমাৰে। ‘পুষ্পা’ৰ সফলতাৰ পিছত ‘পুষ্পা ২’ক অধিক সফল কৰিবলৈ তেওঁ ছবিখনৰ প্ৰিৰ পৰা প’ষ্ট প্ৰডাকচনলৈকে সম্পূৰ্ণ চেষ্টা প্ৰদান কৰিছে।

Leave A Reply