Breaking

শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলীৰ উদ্যোগত পাম ছান ডে উৎসৱ পালন

0 1,078

সমগ্র মানৱ জাতিক প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি বিশ্ব শান্তি হেতু নিজৰ প্ৰাণ বিসৰ্জন দিয়া প্ৰভু যীচুৰ মৃত্যুটো পবিত্ৰ গুডফ্ৰাইডে হিচাপে পালন কৰি আহিছে বিশ্বৰ সমগ্র খ্ৰীষ্ট ধৰ্মাৱলম্বী লোক সকল ।বিশ্বৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলৰ বাবে যীচুৰ জন্মদিন যিদৰে এক ডাঙৰ উৎসৱ সেইদৰে তেওঁৰ মৃত্যুৰ দিনটোও গুৰুত্বপূৰ্ণ।জন্মদিন দিন বৰদিনৰূপে পালন কৰাৰ লগতে মৃত্যুৰ দিনটো গুড ফ্ৰাই ডে ৰূপে পালন কৰা হয়।পৰৱৰ্তী শুক্ৰবাৰে খ্ৰীষ্টিয়ান সকলে পালন কৰিব গুড ফ্ৰাই ডে।এই গুড ফ্ৰাই ডেৰ আগৰটো দেওবাৰত খ্ৰীষ্টিয় বিশ্বাসী সকলে পাম ছান ডে উৎসৱ পালন কৰে।এই দিনটোত আজিৰ পৰা প্ৰায় দুহেজাৰ বছৰৰ আগত যীচু খ্ৰীষ্টক তেওঁৰ অনুগামী সকলে বৈঠনিয়া গাঁৱৰ পৰা জেৰুচালেম নগৰলৈ শোভাযাত্ৰা কৰি আগবঢ়াই নিছিল।হাতে হাতে খেজুৰ পাত লৈ যীচুক এটা গাধৰ পিঠিত বহাই এই শুভাযাত্ৰা বাহিৰ কৰা হৈছিল।

এই দিনটোকে আজি শিৱসাগৰৰ খ্ৰীষ্টিয়ান সমাজে সোঁৱৰণ কৰি এক শুভাযাত্ৰা বাহিৰ কৰে।তেতিয়াৰ দিনৰ যীচুৰ জয়যাত্ৰা সোঁৱৰণ কৰি গাধৰ পিঠিত উঠি যাত্ৰা কৰাৰ দৰে আজিৰ শুভাযাত্ৰাত যীচু গাধৰ পিঠিত উঠা দৃশ্য এই শুভাযাত্ৰাত প্ৰদৰ্শন কৰে।সেইদৰে ক্ৰুচত মৃত্যু হোৱাৰ আগত যীচুয়ে কালবাৰী পাহাৰলৈ তেওঁৰ ক্ৰুচ কঢ়িয়াই নিছিল।এই শুভাযাত্ৰাত সেই দৃশ্যও প্ৰদৰ্শন কৰে।ইয়াৰোপৰি মৃত্যুৰ তিনি দিনৰ পাছত মৃত্যুক জয় কৰি যীচুৱে পুনৰ উত্থাপন কৰা দৃশ্যও প্ৰদৰ্শন কৰা হয়।

আজি শিৱসাগৰৰ কেন্দ্ৰীয় ৱাপ্সিট মণ্ডলীৰ গীৰ্জা ঘৰৰ পৰা পুৱা ১১:৩০ বজাত নগৰৰ মাজেৰে প্ৰায় দুই শতাধিক লোকে ধৰ্মীয় আস্থা আৰু ভক্তিৰে সুন্দৰ শোভাযাত্ৰা কৰি প্ৰভু যীচুক স্মৰণ কৰাৰ লগতে তেওঁৰ ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পবিত্ৰ গুডফ্ৰাইডে প্ৰাকক্ষণত আজি খেজুৰ পৰ্ববৰ পালন কৰে ।পবিত্ৰ পাম ছান ডে ৰ যি মহৎ উদ্দেশ্য সেইয়া সফল হোৱাৰ লগতে সমগ্ৰ মানৱ জাতি সকলো ৰোগ আৰু পাপৰ মুক্ত হৈ উদ্ধাৰ হওঁক এইয়ে কামনা কৰিছে ৱাপ্সিট মণ্ডলীৰ সমূহ ভক্তই ।

Leave A Reply