Breaking

পমুৱা মুছলমানে বেদখল কৰিছে অসমৰ মাটি–সংস্কৃতিদিল্লীত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিস্ফোৰণ

0 565

পমুৱা মূলৰ মুছলমানসকলেই অসমৰ ভূমি বেদখল কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে বংগীয় মূলৰ মুছলমানসকলৰ পৰা অসমৰ মাটি বেদখলমুক্ত কৰিব৷ অতি তাৎপর্যপূর্ণ এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা অসমৰ সাংসদ দিলীপ শইকীয়াৰ৷ শইকীয়াৰ মতে, অসমৰ সকলো সমস্যাৰ মূল কাৰণেই হৈছে এই পমুৱা মুছলমানসকল৷ চুৰি, ডকাইতি, ধর্ষণৰ নিচিনা অসামাজিক তথা ৰাষ্ট্রবিৰোধী কার্যত লিপ্ত অসমৰ সংখ্যালঘু লোকসকল৷ নতুন দিল্লীত দলীয় তথা সংসদীয় কার্যসূচীত অংশগ্রহণ কৰিবলৈ অহা শইকীয়াই সাংবাদিকৰ আগত দাবী কৰা মতে, অসমত অপৰাধমূলক যিমান কার্য সংঘটিত হয় তাৰ ৯৫ শতাংশৰ পৰা ৯৮ শতাংশত ধর্মীয় সংখ্যালঘু লোকসকলেই জড়িত থাকে৷

আনকি শিশুৰ ওপৰতো যৌন নির্যাতন চলাবলৈ মুছলমানসকলে কুণ্ঠাবোধ নকৰে৷ শেহতীয়াকৈ এনেধৰণৰ ঘটনা অসমৰ ৰাইজে প্রত্যক্ষ কৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে অসমৰ ৰাইজে ধর্মীয় সংখ্যালঘু লোকসকলক ইতিমধ্যে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে৷ অসমৰ পৰিৱেশ দূষিত কৰা এই সংখ্যালঘু লোকসকলক তেওঁলোকৰ মৌলবী–মোল্লাসকলে নিয়ন্ত্রণ কৰিব নোৱাৰিলে পৰিস্থিতি অত্যন্ত ভয়াৱহ হ’ব বুলি শইকীয়াই সকীয়নি দিয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্যৰ আঁত ধৰি শইকীয়াৰ দাবী– এইবাৰ অসমৰ চৰকাৰখন হৈছে এখন ৰাজনৈতিক চৰকাৰ৷ এই ৰাজনৈতিক চৰকাৰখনে মাত্র ৪৫ দিনৰ ভিতৰতেই এনেকুৱা বহুত কাম কৰিছে যে অসমত এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ধর্মীয় সংখ্যালঘুসকলৰ দুষ্কার্যক নাকী লগাবলৈ ইতিমধ্যে সফলতা অর্জন কৰিছে৷ ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত অপৰাধীসকলক অসমত কৰায়ত্ত কৰা হৈছে৷

আনহাতে অসমৰ ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা ৰোধৰ ওপৰতো গুৰুত্ব আৰোপ কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰে বলৱৎ কৰিবলৈ যোৱা আইনৰ শলাগ লৈ বিজেপিৰ ৰাষ্ট্রীয় সম্পাদকজনে অসমত সমষ্টি পুনর্গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ ৰাজনৈতিকভাৱে সংখ্যালঘুসকলক প্রতিহত কৰিবলৈ অসমত সমষ্টি পুনর্গঠনৰ প্রয়োজনীয়তাৰ কথা সাংবাদিকৰ আগত দোহাৰে সাংসদজনে৷ শইকীয়াই আশংকা ব্যক্ত কৰা মতে, অসমত ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা ৰোধ কৰিব নোৱাৰিলে অসমৰ খিলঞ্জীয়া তথা অসমীয়া এদিন ৰাজ্যত সংখ্যালঘুত পৰিণত হ’ব, দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিগণিত হ’ব৷ আনহাতে অনাগত দিনত অসম চৰকাৰে এখন শুদ্ধ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰিবলৈ বদ্ধপৰিকৰ বুলিও শইকীয়াই মন্তব্য কৰি কয় যে ৰাজ্যৰ সীমান্তৱর্তী জিলাসমূহত ইতিমধ্যে প্রস্তুত কৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ২০ শতাংশ আৰু আন জিলাসমূহৰ ১০ শতাংশ নমুনা পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব৷

Leave A Reply