আজিৰে পৰা পৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত পুৰণি শৰাইঘাট দলংখন সম্পূৰ্ণৰূপে বন্ধ থাকিব। নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে (এন এফ আৰ)য়ে দলংখনৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম হাতত লোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ ফলত গুৱাহাটীত যান-বাহন চলাচলত গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিব বুলি যান-বাহন আৰক্ষীয়ে ঘোষণা কৰিছে।
নির্দেশনা অনুসৰি, ১৩ জুলাইৰ পুৱা ৫ বজাৰ পৰা পুৰণি শৰাইঘাট দলংখন সকলো ধৰণৰ যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব। এই সময়ছোৱাত সকলো যান-বাহনে যাতায়তৰ বাবে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰিব লাগিব। নতুন দলংখনৰ ওপৰেৰে দুয়োপিনৰ পৰা যান-বাহন চলাচলৰ অনুমতি দিয়া হ’ব যদিও কিছু বিশেষ নিয়ম-নীতি আৰোপ কৰা হৈছে।
বিশেষকৈ বাণিজ্যিক সামগ্ৰীৰ যান-বাহনৰ ক্ষেত্ৰত কড়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত নতুন শৰাইঘাট দলঙৰ ওপৰেৰে গুৱাহাটীত বাণিজ্যিক সামগ্ৰীৰ যান-বাহন প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব। ইয়াৰ জৰিয়তে যানজঁট নিয়ন্ত্ৰণ আৰু সাধাৰণ জনতাৰ চলাচল সহজ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
আনহাতে, নামনি অসম আৰু উজনি অসমৰ মাজত যাত্ৰীবাহী বাছৰ বাহিৰে গধুৰ মটৰ গাড়ী (HMV)সমূহৰ বাবে বিকল্প পথ নিৰ্ধাৰণ কৰা হৈছে। এই গাড়ীসমূহ বাইহাটা চাৰিআলি–কলিয়াবৰ তিনিআলি পথৰ জৰিয়তে চলাচল কৰিব লাগিব। ইয়াৰ উপৰিও নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসমলৈ যোৱা লঘু যান-বাহন (LMV)সমূহেও পুৰণি দলঙৰ পৰিৱৰ্তে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰিব লাগিব।
গুৱাহাটীৰ পৰা উত্তৰ পাৰ আৰু নামনি অসম অভিমুখে যোৱা সকলো যান-বাহনে সচৰাচৰৰ দৰে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰি যাত্ৰা অব্যাহত ৰাখিব পাৰিব। কিন্তু যান-বাহনৰ চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকাত সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
যান-বাহন আৰক্ষীয়ে জনসাধাৰণক কুমাৰ ভাস্কৰ বৰ্মা সেতুক বিকল্প পথ হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে, বিশেষকৈ দূৰযাত্ৰাৰ ক্ষেত্ৰত। তদুপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাত্ৰা কৰা যাত্ৰীসকলক যানজঁটৰ সম্ভাৱনা মনত ৰাখি আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনোৱা হৈছে।
মেৰামতিৰ সময়ছোৱাত জালুকবাৰী আৰু শৰাইঘাট দলঙৰ মাজত থকা পথৰ দুয়োকাষে গাড়ী ৰখোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজহুৱা বাছ, এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু অন্যান্য জৰুৰীকালীন বাহনৰ লগতে লঘু যান-বাহনসমূহে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰি যাতায়ত কৰিব পাৰিব।
কৰ্তৃপক্ষই জনসাধাৰণক নতুন পথ নিৰ্দেশনা মানি চলিবলৈ আৰু যান-বাহন চলাচল সুচল কৰি ৰাখিবলৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

