Breaking

গুণোৎসৱৰ বাবে পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় চৌহদ চাফাই অভিযান

0 1,130

কামৰূপ মহানগৰ জিলাৰ অতি পুৰণি বিদ্যালয় (১৯২১) পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু অভিভাৱকে বিদ্যালয়ৰ চৌহদটো চাফাই কাৰ্যসুচি গ্ৰহণ কৰে।অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে বিভিন্ন জিলাত গুণোৎসৱ কাৰ্যসূচী গ্ৰহণ কৰি আছে ।ইয়াৰ মাজতে কামৰূপ মহানগৰ জিলাত ১জুনৰপৰা ৪ তাৰিখলৈ বিদ্যালয় সমুহতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱত পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হ’ব।ইতিমধ্যে শিক্ষয়িত্ৰী, পৰিচালনা সমিতি, মাতৃ গোটৰ লগতে অভিভাৱক অভিভাৱিকা সকলেও উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে ।যাৰ বাবে বিদ্যালয় চৌহদ চাফ চিকুন কৰা পৰিলক্ষিত হৈছে ।

বিশেষ কৈ অভিভাৱক, অভিভাৱকা সকলে নিজৰ সন্তানক যিকোনো প্ৰশ্নৰ মুখামুখি হ’ব পৰাকৈ প্ৰস্তুত কৰি তুলিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰুৱাৰ লগতে অন্যান্য শিক্ষয়িত্ৰী সকল, মাতৃ গোট আৰু পৰিচালনা সমিতিৰ সভাপতি দ্বীপ শৰ্মাই অনুৰোধ জনাইছে।

Leave A Reply