Breaking

ডিমৌত প্ৰধানমন্ত্ৰীৰ সপোনক অংগুষ্ঠ প্ৰদৰ্শন পঞ্চায়ত প্ৰতিনিধিৰ

0 2,066

 শিৱসাগৰ জিলাৰ ডিমৌ খণ্ড উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় অধিনস্থ ৰূপজ্যোতি গাওঁ পঞ্চায়তৰ একাংশই পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ সপোনক ভৰিৰে মোহাৰি নিজৰ মুনাফা কৰিবলৈ লুণ্ঠনৰ প্ৰতিযোগিতাত নামি পৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। একালত ডিমৌ উন্নয়ন খণ্ডৰ ৰূপজ্যোতি গাওঁ পঞ্চায়তত দুনীতি কেলেংকাৰীৰে প্ৰায়ে বাতৰি কাকতৰ শিৰোনামা দখল কৰি থকাত শূন্য সহনশীলতা শ্লোগান আওৰাই থকা বিজেপিৰ দখললৈ যায় এই পঞ্চায়তটো।কিন্তু অতি দুখৰ বিষয় যে এই সকলকো উদক ভেটা ৰখীয়া দিয়াৰ দৰেহে হলগৈ। এই সকলৰ একাংশই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ  বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা  প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ নিৰ্মাণৰ নামত ব্যাপক হাৰত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে ।  ৰূপজ্যোতি পঞ্চায়ত সদস্য নিৰ্মল চাছনি আৰু সভানেত্ৰী হীৰা পাণ্ডৱবৰ বিৰুদ্ধে ৰাজহুৱাকৈ অভিযোগ উঠিছে প্ৰধানমন্ত্ৰী আৱাসৰ নামত কৰা ব্যাপক দুর্নীতি বিৰূদ্ধে । অভিযোগ অনুসৰি  ৰূপজ্যোতি গাওঁ পঞ্চায়তৰ খংগীয়া লাইনৰ নিবাসী মংগো তাঁতীৰ প্ৰধানমন্ত্ৰী আৱাসগৃহ আৰু অনাময় আঁচনিৰ শৌচাগাৰটো প্ৰত্যক্ষ কৰিলেই  সচেতন প্ৰতিজন লোকৰে চকু কপালত উঠিব । আজি পৰা প্ৰায় দুটা বছৰৰো অধিক সময় অতিক্ৰম কৰিলে যদিও সম্পূৰ্ণ নহ’ল ঘৰ আৰু শৌচাগাৰ । অতি দুখৰ বিষয় যে  ঘৰ আৰু শৌচাগাৰৰ নামত আৱণ্টিত তিনিটা কৃষ্টিৰ সকলো ধন পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়ত সদস্যই মিলি আত্মসাত কৰাৰ অভিযোগ কৰিছে ভোক্তভূগি মংগো তাঁতীয়ে। উক্ত সম্পূৰ্ণ টকা উলিওৱাৰ পিছত মংগো তাঁতীক চমজাই দিয়ে পাছবুক। ভুক্তভোগীয়ে অভিযোগ কৰিলে নিজৰ ঘৰ নিজে বনাই লবলৈ বুলি কৈ খেদি পঠাই পঞ্চায়ত সদস্য আৰু সভানেত্ৰীয়ে। আনহাতে অৰ্ধনির্মিত ঘৰটোতে ৰ’দ আৰু বৰষুণত অতি কৰুণভাৱে তিতি তিতি জীৱন নিৰ্বাহ কৰিব লগা হৈছে ।ইয়াৰোপৰি একেটা পঞ্চায়ততে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আৰু বহু হিতাধিকাৰীৰ দশাও একে হৈছে । মুকলিত স্থানত মল মুত্ৰ ত্যাগ মুক্ত গাওঁ পঞ্চায়ত বুলি ডাঙৰ হোডিং আৰি ৰখা  ৰূপজ্যোতি পঞ্চায়তৰ প্ৰকৃততে কি ঘটিছে এইবোৰ। ইয়াৰ এখন সম্পুৰ্ণ  বিপৰীতে গাওঁ খনত দেখা গল এক বিপৰীত  দৃশ্য। এতিয়াও এই পঞ্চায়তত বহু লোকৰ শৌচাগাৰৰ অৱস্থা অতি জৰাজীৰ্ণ। মংগো তাঁতীৰ নামত আৱণ্টিত  শৌচাগাৰৰো দুটাবছৰে অৰ্ধনির্মিত অৱস্থাতে পেলাইথলে নিৰ্মাণৰ দায়িত্ব লোৱা পঞ্চায়ত সদস্য আৰু সভানেত্ৰীয়ে। এই ক্ষেত্রত শিৱসাগৰ জিলা উপায়ুক্তক পঞ্চায়তত সংঘটিত হৈ থকা দুর্নীতি অনিয়মৰ এক নিখুঁত তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে।

Leave A Reply