Breaking

পাঁচনৈ গোৰ্খা ছাত্ৰ সংস্থাৰ নতুন কাৰ্য্যকৰী সমিতি গঠন

0 2,013

ওৰাঙৰ সমীপৰ  আমতল ভেৰগাঁৱৰ ঐতিহাসিক শ্রী শ্ৰী মহামুনি মন্দিৰ প্ৰাংগনত  ৩জানুৱাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ  পাচনৈ আঞ্চলিক সমিতিৰ পুৰনা সমিতিক ভংগ কৰি নতুন পূৰ্ণাঙ্গ সমিতি এখনৰ গঠন কৰা হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সহায়ত তিলক বজগাইদেবক সভাপতি আৰু ওম প্ৰকাশ অধিকাৰীক সাধাৰন সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে উক্ত সভাখনত শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক কিৰন খৰ্কা,সহকাৰী  সম্পাদক ৰজত ভৰদ্বাজ,সাংগঠনিক সম্পাদক নাৰায়ন খৰ্কা, বৰচলা আৰু ঠেলামৰা আঞ্চলিকৰ বিষয় ববীয়াৰ লগতে পাচনৈ আঞ্চলিকৰ প্ৰাক্তন বিষয় ববীয়া নেত্ৰ কটেল, প্ৰনব জ্যোতি চুবেদি, যুৱৰাজ ছেত্ৰী আৰু শিবু অধিকাৰিও উপস্থিত আছিল। শিবু অধিকাৰিয়ে আঁত ধৰা উক্ত সভাত জিলা পদাধিকাৰী সকলৰ লগতে প্ৰাক্তন গোৰ্খা ছাত্ৰ সন্থাৰ বহু কেইজন কৰ্মীক একোখনকৈ খদায়ে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নেত্ৰ কটেলে স্ব ৰচিত গীত এটি গাই সকলোকে মুগ্ধ কৰে। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক কিৰন খৰ্কাৰ লগতে উপস্থিত বহু ছাত্ৰ নেতাই সভাত বক্তব্য ৰাখে।

Leave A Reply