Breaking

পাণ্ডুঘাট বিসৰ্জন কমিটিৰ ফলাফল ঘোষণা; ৫ নৱেম্বৰত বঁটা প্ৰদান অনুষ্ঠান

0 57

গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে। এইবেলিও ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে।

পাণ্ডুঘাট বিসৰ্জন কমিটিৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি কমল দে আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে এক বিবৃতি যোগে জানিবলৈ দিয়া মতে পাণ্ডুৰ ৰেষ্টকেম্প কালিবাৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে প্ৰথম স্থান লাভ কৰি এক লাখ টকাসহ বন্ধুৰাম কলিতা সোঁৱৰণি আৰু প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী বঁটা , আজাদ হিন্দ ক্লাবে পূজা উদযাপন সমিতিয়ে দ্বিতীয় স্থান লাভ কৰি ৭৫ হাজাৰ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী অাৰু গোপাল দে সোঁৱৰণি বঁটা , পাণ্ডু বৰবজাৰ দুৰ্গা পূজা উদযাপন সমিতিয়ে তৃতীয় স্থান লাভ কৰি ৫০ হাজাৰ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী আৰু নিদ্ৰাপ্ৰভা লহকৰ সোঁৱৰণি বঁটা , পাণ্ডু অ’ল্ড ষ্টেচন কলনী পূজা উদযাপন সমিতিয়ে চতুৰ্থ স্থান লাভ কৰি দহ হাজাৰ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী আৰু আশু সৰকাৰ সোঁৱৰণি বঁটা, গড়চুক পূজা উদযাপন সমিতিয়ে পঞ্চম স্থান কৰি দহ হাজাৰ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী আৰু সুনীল কান্তি বৰুৱা সোঁৱৰণি বঁটা, পাণ্ডু কলেজগেটৰ আমেৰিকান কলনী পূজা উদযাপন সমিতিয়ে ষষ্ঠ স্থান লাভ কৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী বঁটা, পাণ্ডু লকো কলনীৰ অমৰদ্বীপ ক্লাবে সপ্তম স্থান লাভ কৰিছে ।

আনহাতে এইবেলি শ্ৰেষ্ঠ মিডিয়া বঁটা লাভ কৰিছে টেলিভিছন চেনেল নিউজ লাইভে । তেওঁলোকক সমাজকৰ্মী ভাইটি চৌধুৰীয়ে পাঁচ হাজাৰ টকা প্ৰদান কৰিব। পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে জানিবলৈ দিয়া মতে উক্ত বঁটা সমূহ অহা ৫ নৱেম্বৰৰ দিনা দুপৰীয়া বাৰ বজাত মালিগাঁও বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এক সভাত প্ৰদান কৰা হ’ব।

সিদিনা বঁটাপ্ৰাপ্ত আটাইকেইখন পূজা উদযাপন সমিতিৰ সৰ্বাধিক পাঁচজন বিষয়ববীয়াৰ লগতে বিসৰ্জন সমিতিৰ সমূহ বিষয়ববীয়া, সদস্য, স্বেচ্ছাসেৱক , বিসৰ্জনৰ দুয়োদিনত পাণ্ডুঘাটত সহযোগিতা আগবঢ়োৱা আৰক্ষী – প্ৰশাসনৰ লোক সকলক উপস্থিত থাকিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

Leave A Reply