Breaking

পাংগং হ্রদৰ দুই পাৰত চীনা সেনাৰ সেতু

0 2,045

পূর্বেই এক অভিযোগ উঠিছিল ৷ এইবাৰ উপগ্রহ চিত্রত তাৰ প্রমাণ পোৱা গ’ল ৷ পাংগং হ্রদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ একাংশত চীনৰ সেনাই নির্মাণ কৰিছে সেতু ৷ উপগ্রহ চিত্রত এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে পুনৰ চর্চা ৷ লাডাখৰ পাংগং হ্রদৰ ওপৰত চীনে দলং নির্মাণ কৰা বুলি পূর্বৰে পৰা অভিযোগ উত্থাপন হৈছিল যদিও শেহতীয়াকৈ ইয়াৰ প্রমাণ পোৱাৰ লগে লগে সামৰিক বিশেষজ্ঞসকলে চীনা সেনাৰ বিবদমান অঞ্চলত অৱস্থান শক্তিশালী হ’ব বুলি আশংকা ব্যক্ত কৰিছে ৷

লাডাখৰ ভূমিত সেতু নির্মাণ কৰা মানেই পাংগং হ্রদৰ উত্তৰ আৰু দক্ষিণ প্রান্তত কৌশলগতভাৱে সুবিধাজনক অৱস্থান লাভ কৰিব চীনা সেনাই ৷ যোৱা ১৬ জানুৱাৰীত এই উপগ্রহ চিত্রত দেখিবলৈ পোৱা গৈছে যে লাডাখৰ দুর্গম অঞ্চলত সেতু নির্মাণৰ উদ্দেশ্যে গধুৰ ক্রেনসহ বিভিন্ন সৰঞ্জাম মজুত কৰিছে চীনা সেনাই ৷ এক তথ্য অনুসৰি পাংগং হ্রদৰ এটা অংশৰ ওপৰত ৪০ মিটাৰ দৈর্ঘ্যৰ আৰু ৮ মিটাৰ প্রস্থৰ সেতু নির্মাণৰ কাম চলিত শীতকালৰ ভিতৰতে সম্পূর্ণ কৰাৰ বাবে তৎপৰতা চলাইছে চীনা সেনা পিএলএই ৷ পাংগং হ্রদৰ উত্তৰ প্রান্তত চীনা সেনাৰ এখন হাস্পতালো সমীপৰ পৰা নির্মাণ হোৱা এই সেতুৱে স্পর্শ কৰিছে দক্ষিণ প্রান্তৰ এটা অংশক৷ দক্ষিণ পাৰৰ এই অংশটোতে ভাৰত আৰু চীনৰ সেনাৰ মাজত ২০২০–২১ত সংঘর্ষৰ সৃষ্টি হৈছিল ৷

Leave A Reply