Breaking

শীঘ্রে পানীদিহিং পক্ষী অভয়াৰণ্য পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হব : মন্ত্রী বিমল বৰা

0 1,183

শিৱসাগৰ জিলাৰ ডিমৌত কেন্দ্ৰীয় পৰ্যটন বিভাগৰ স্বদেশ দৰ্শন আঁচনিৰ অধীনত নির্মীয়মান অৱস্থাত থকা ডিমৌৰ ৰাজমাইত অৱস্থিত পৰ্যটন গৃহটি ২ জুনত  পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাই। ডিমৌৰ পৰা কিছু নিলগৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৩ কোটি ৯০ লাখ টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে সেই স্হানৰ  পৰা ৫ কিলোমিটাৰ নিলগত চৰগুৱাত অৱস্থিত পানিদিহিং পক্ষী অভয়াৰণ্যলৈ অহা দেশী বিদেশী পৰ্যটকৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব। পূৰ্বে প্ৰশান্তি হিচাপে পৰিচিত আৰু ইতিমধ্যে  চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণৰ পিচত অসম চৰকাৰৰ পৰ্যটন বিভাগে পুণৰ নিৰ্মাণ আৰম্ভ কৰে। সম্প্ৰসাৰিত ৰূপত পৰ্যটকৰ বাবে আকৰ্ষণীয় কেতবোৰ আন্তঃগাঁঠনি সমৃদ্ধ পৰ্যটন গৃহটি আগষ্ট মাহত সম্পূৰ্ণ কৰি তুলিবলৈ মন্ত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখ্য যে, পৰ্যটন গৃহটো মুকলি হ’লে দেশী বিদেশী সকলো পৰ্যটকে ইয়াতে থকা আৰু খোৱা কৰি পক্ষীকুলৰ ৰম্যভূমি পানীদিহিঙলৈ যাব পাৰিব ব্যক্ত কৰে মন্ত্রী গৰাকীয়ে।মন্ত্ৰী বৰাই পানীদিহিং পক্ষী অভয়াৰণ্য খন পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। একাধিক চৰকাৰৰ দিনত অৱহেলিত পানীদিহিং পক্ষী অভয়াৰণ্যখন পৰ্যটকৰ আকৰ্ষণক কেন্দ্র বিন্দু হিচাপে এই চৰকাৰৰ দিনত গঢ়ি উঠিলে ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংগঠন সমুহৰ বহুদিনীয়া আশা পুৰণ হব বুলি মত ব্যক্ত কৰিছে।

Leave A Reply