পাঞ্জা খেলুৱৈ দিমনজ্যোতি নাথ-কৌস্তুভ হাজৰিকাক সম্বৰ্ধনা ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ…

ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ ভৱনত আজি এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে৷উল্লেখ্য যে ঢেকীয়াজুলি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী যাদৱ চন্দ্ৰ নাথ আৰু প্ৰণিতা চহৰীয়াৰ সুযোগ্য সন্তান দিমনজ্যোতি নাথে দুলীয়াজানত ৬,৭ আৰু ৮ জুন ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা বি,চি,এ,আই ৰাষ্ট্ৰীয় চেম্পিয়নচিপত ২১ অনুৰ্ধৰ ৭৮ কেজি পাঞ্জা প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে৷সমান্তৰালভাৱে একেখন চেম্পিয়নচিপত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ বালিশিয়াৰ নিবাসী অৰুণ জ্যোতি হাজৰিকা আৰু মাতৃ ইলোৰা দাস হাজৰিকাৰ সুযোগ্য সন্তান কৌস্তুভ হাজৰিকাই ২১ অনুৰ্ধৰ ৯৫ কেজি পাঞ্জা প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

সেয়েহে দুয়োকে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে ঢেকীয়াজুলি ক্ৰীড়া সন্থাই উক্ত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে৷ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰে৷উক্ত সম্বৰ্ধনা সভাখনিত উপস্থিত থাকে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা ৰমেশ চন্দ্ৰ বৰা,উপদেষ্টা বিধু ভূষণ ৰয়,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা,ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্য,ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ উপ সভাপতি দ্বয় ক্ৰমে ৰাতুল বৰা,নাৰায়ণ বৰা,যুটীয়া সম্পাদকদক দ্বয় ক্ৰমে ৰোহিনী কেউট,মাধুৰ্য্য বৰা,কোষাধ্যক্ষ দীপক দাস,ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সদস্য বৃন্ধ যাদৱ ভৰালী,জিতু নাথ,ৰাজীৱ দে,অজিৎ দত্ত, ধ্ৰুৱ বৰা, ধ্ৰুৱ মহন্ত, হীৰেন নাথ, তুলসী দাস, দেৱাশিস সাহা, গৌতম ৰাজবংশী, হেমন্ত ৰাভা, দেবেন চাচনীৰ লগতে অঞ্চলটোৰ বহুতো বিশিষ্ট তথা ক্ৰীড়া প্ৰেমী লোক উপস্থিত থাকে৷

উক্ত সম্বৰ্ধনা সভাত তেজপুৰ ক্ৰীড়া সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ঢেকীয়াজুল আঞ্চলিক সমিত, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ শোণিতপুৰ জিলাৰ সমিতি, লেখিকা সমাৰোহ, ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্‌যাপন সমিতি, ঢেকীয়াজুলি বিহু ভৱন পৰিচালনা সমিতি,ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, ঢেকীয়াজুলি ছট্‌ পূজা কমিটি, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, ঢেকীয়াজুলি হৰিমন্দিৰ পৰিচালনা সমিতি, ইউ,কে,চি,এ ক্ৰিকেট একাডেমী, ডি,এছ ক্ৰিকেট একাডেমী, ঢেকীয়াজুলি প্ৰেছ ক্লাৱৰ লগতে বহুতো দল সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকি দুয়োগৰাকী খেলুৱৈক সম্বৰ্ধনা জনায়৷

Related Articles