Breaking

এগৰাকী বলিষ্ঠ অভিনেতা পংকজ কুমাৰ ত্ৰিপাঠীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিকত মুখ্য চৰিত্ৰত অভিনয় কৰিব…

0 65

শীঘ্ৰেই বলীউদত মুক্তি পাব ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিক। বৰ্তমান সময়ৰ এগৰাকী বলিষ্ঠ অভিনেতা পংকজ কুমাৰ ত্ৰিপাঠীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব। অভিনেতাজনে নিজেই বাতৰিটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

তেওঁ লিখিছে, “ভাৰত জমিন কা টুকড়া নেহী, জিতা জাগতা ৰাষ্ট্ৰপুৰুষ হে!– মই ডাঙৰ পৰ্দাত এই শাৰীটো লিখা মহান নেতা অটল বিহাৰী বাজপেয়ীজীৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছো। মই ভাবো এইটো মোৰ সৌভাগ্য। #ATAL সোনকালেই আহি আছে।‘’

ছবিখনৰ নাম হ’ব ‘মেই ৰহু য়া না ৰহু ইয়ে দেশ ৰেহেনা চাহিয়ে – অটল’। ছবিখন সন্দীপ সিং আৰু বিনোদ ভানুশালীয়ে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখন পেংগুইন প্ৰকাশনৰ কিতাপ ‘দ্য আনটোল্ড বাজপেয়ী: পলিটিক্স এণ্ড পেৰাডক্স’ৰ ওপৰত আধাৰিত।

ছবিখনৰ দৃশ্যগ্ৰহণ ২০২৩ চনত আৰম্ভ হ’ব আৰু যদি সকলো ঠিকে থাকে তেন্তে ই ২০২৩ চনৰ শেষৰ পিনে বক্স অফিচলৈ আহিব। অৰ্থাৎ মানুহে তেওঁৰ ৯৯ তম জন্ম বাৰ্ষিকীত পৰ্দাত অটলৰ জীৱন চাবলৈ সক্ষম হ’ব।

Leave A Reply