Breaking

‘পাপাই মোক অজ্ঞান নোহোৱালৈকে মাৰিছিল, গতিকে মই ঘৰৰ পৰা পলাই আহিলোঁ আৰু…’- উৰ্ফি জাভেদ

0 433

‘পাপাই মোক অজ্ঞান নোহোৱালৈকে মাৰিছিল, গতিকে মই ঘৰৰ পৰা পলাই আহিলোঁ আৰু…’- উৰ্ফি জাভেদ।ফেশ্বনিষ্ট উৰ্ফি জাভেদে শেহতীয়াকৈ আকৌ এবাৰ তেওঁৰ অতীতৰ বিষয়ে ক’লে। উৰ্ফিয়ে কয় যে তেওঁৰ পিতৃয়ে কেনেকৈ তেওঁক অত্যাচাৰ কৰিছিল। উৰ্ফীয়ে তেওঁৰ শৈশৱৰ আৱেগক নিজৰ কেৰিয়াৰ হিচাপে গঢ়ি তুলিছিল আৰু আজি তেওঁ সমগ্ৰ বিশ্বতে বিখ্যাত। উৰ্ফি নিৰ্ভীক আৰু সাহসী, এই গুণৰ বাবেই বাকীবোৰতকৈ পৃথক উৰ্ফি। অৱশ্যে পূৰ্বতে উৰ্ফি এনেকুৱা নাছিল। তেওঁৰ শৈশৱটো অতি বেদনাদায়ক হৈ আছিল বুলি নিজেই সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাখিছিল। দেউতাকৰ অত্যাচাৰক লৈ উৰ্ফিয়ে বহুবাৰ নিজৰ দুখ প্ৰকাশ কৰিছে। আকৌ এবাৰ তেওঁ কৈছে যে কেনেকৈ তেওঁ পিতৃৰ অত্যাচাৰৰ পৰা কেৰিয়াৰ গঢ়িবলৈ এক কঠিন যাত্ৰা অতিক্ৰম কৰিছিল।

শেহতীয়াকৈ উৰ্ফি জাভেদে হিউমেনছ অৱ বম্বেৰ আগত নিজৰ কষ্টদায়ক কাহিনী বৰ্ণনা কৰিছে। সৰুৰে পৰা ফেশ্বনৰ প্ৰতি কেনেকৈ আগ্ৰহী আছিল উৰ্ফী? আত্মহত্যাৰ চিন্তা কিয় আহিছিল উৰ্ফি মনত। উৰ্ফীয়ে ক’লে, ‘মই আগতে লক্ষ্ণৌত ক্ৰপ টপৰ ওপৰত জেকেট পিন্ধিছিলো, য’ত ছোৱালীক এনে কাপোৰ পিন্ধিব দিয়া হোৱা নাছিল। পাপাই গালি পাৰিছিল, মোৰ চেতনা নোহোৱালৈকে মোক মাৰপিট কৰিছিল। আগতে আত্মহত্যাৰ কথা ভাবিছিলোঁ। এইদৰে মন্তব্য কৰে উৰ্ফিয়ে। আনহাতে অতি সোনকালে উৰ্ফীয়ে মুম্বাইত ঘৰ কিনিব।

পিতৃৰ অত্যাচাৰত বিৰক্ত হৈ ১৭ বছৰ বয়সতে ঘৰৰ পৰা দিল্লীলৈ পলাই গৈছিল উৰ্ফি। অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই কোনো পইচা নোহোৱাকৈ ঘৰৰ পৰা পলাই আহিছিলোঁ। আগতে টিউচন লৈছিলোঁ আৰু লগতে কল চেণ্টাৰত কাম কৰিছিলোঁ। তাৰ পিছত বিগ বছত অভিনয় কৰাৰ সুযোগ পালোঁ আৰু ইয়াৰ পৰাই স্বীকৃতি পালোঁ বুলি মন্তব্য কৰে উৰ্ফিয়ে, লগতে কয় যে মই ফেশ্বন জগত খনক বহুত ভাল পাইছিলোঁ।

Leave A Reply