Breaking

অমিতা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী

0 1,207

অমৃত ফল অমিতা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।অমিতাৰ উপকাৰীতাৰ কথা আমি সকলোৱে জানো। পাচলি বা ফল হিচাপেও অমিতা সকলোৰে বাবে অতিকৈ প্ৰিয়। কিন্তু অমিতা গছৰ পাত ফলতকৈয়ো যে অধিক গুণসম্পন্ন সেই বিষয়ে আমি সকলোৱে নাজানো। অমিতা পাতৰ বিশেষ গুণ-

* অমিতা গছৰ পাতত কেঞ্চাৰ আৰু মেলেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা আছে।

* অমিতা গছৰ পাতত থকা পেপেইন আৰু কাইমʼপেপেইন এ আমি খোৱা খাদ্যৰ প্ৰʼটিন খিনি সহজতে হজম কৰি পেলোৱৰ লগতে পেটৰ বদ হজম দূৰ কৰে।

* অমিতাৰ পাতত দেহৰ ইনছুলিন হ’ৰমন উদ্দিপ্ত কৰাৰ ক্ষমতা আছে।যি ডাইবিটিছ ৰোগৰ বাবে উপকাৰী।

* অমিতা পাতৰ থকা এন্টি অক্সিজেন সমূহে দেহৰ অক্সিডেটিভ ষ্টেছ দূৰ কৰিবলৈ সক্ষম হয়

* অমিতা পাতৰ ৰসত লিভাৰ সংশোধন কৰিব পৰা শক্তিশালী গুণ আছে।

* অমিতা গছৰ পাত জন্ডিচ আৰু ফেটি লিভাৰৰ সমস্যাৰ বাবে উপযোগী।
ইয়াৰ উপৰিও অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহে আমাৰ স্বাস্থ্যত ভাবিব নোৱাৰাকৈ উপকাৰ সাধন কৰে। এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টি ষ্পাষ্মদিক, এন্টি-ইনফ্লেমেটকী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টি অক্সিজেন হিচাপে কাম কৰিব পাৰে।
লগতে অমিতাত প্ৰচুৰ মাত্ৰ ত পোৱা যায়-কেলছিয়াম, পটাছিয়াম, চডি‌য়াম, মেগনেছিয়াম, আইৰণ আদি।

Leave A Reply