Breaking

জেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা,২০২২…

0 2,163

১৭ মে’,২০২২ মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা,২০২২ প্ৰদান কৰা হ’ব। প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ পূণ্য তিথিত এই বঁটা প্ৰদান কৰা হ’ব। এই বৰ্ষৰ এই বঁটা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰিব বিজ্ঞানী-লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যিক কবি সমীৰ তাঁতী।

জেষ্ঠ সাংবাদিক দিলীপ চন্দনে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিবলগীয়া অনুষ্ঠানটিত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘ডীন অফ চায়েন্স’ৰ অধ্যাপক দ্বীপেন বেজবৰুৱাই। উক্ত অনুষ্ঠানতে প্ৰয়াত সাহিত্যিক, নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। উল্লেখ্য যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ হৈ মনোৰম গগৈ, কিশোৰ কুমাৰ ভট্টাচাৰ্য, মনোজ কুমাৰ নাথ, ধৈৰ্য হাজৰিকা আৰু বেদব্ৰত বৰাই উক্ত অনুষ্ঠানলৈ সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছে।

Leave A Reply