Breaking

মালেছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব পাৰছ লিম্বুৰ ৰূপৰ পদক অৰ্জন…

0 96

মালেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ তৰাজান বঙালী গাঁৱৰ যুৱক পাৰছ লিম্বুৱে। উক্ত পাঞ্জা খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় পাৰছ লিম্বুৱেঃআজি মালেছিয়াৰ পৰা পাৰছ লিম্বু শোণিতপুৰ জিলাৰ নিজ গৃহত আহি উপস্থিত হয়৷ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জনেৰে অসমৰ লগতে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাত আজি উৎফুল্লিত অঞ্চলবাসী৷

পাৰছ লিম্বু ঘৰত আহি পোৱাৰ পিছত আজি অঞ্চলটোত আনন্দৰ বন্যা,পাৰছ লিম্বুক লগতলৈ আজি বিভিন্ন দল সংগঠনে উলিয়ালে আনন্দ যাত্ৰা,সমান্তৰালভাৱে পাৰছ লিম্বুক আজি সম্বৰ্ধনা জনায় অসম লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিক সমিতিয়ে৷আজিৰ উক্ত কাৰ্যসূচীত অসম লিম্বু মহাসভাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি চুৰেন লিম্বু আৰু গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিকৰ সভাপতি জগত লিম্বুৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ৷

Leave A Reply