Breaking

সোণাৰি নাট্য সমাজৰ সৌজন‍্যত পাৰ্বতী প্ৰসাদ বৰুৱা স্মৃতি দিৱস উদযাপন নাট্য সমাজৰ প্ৰেক্ষাগৃহত…

0 65

অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী , গীতিকাৰ , সুৰসাধক , গায়ক , নৃত্য শিল্পী , সু অভিনেতা , তথা অসমৰ কলা সংস্কৃতি জগতত উদ্ভাসিত হৈ থকা স্বনামধন্য গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি ৭জুন বুধবাৰে স্মৃতি দিৱস উদযাপন কৰিছে সোণাৰি নাট্য সমাজে পুৱা দহ বজাৰ পৰা। সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাৰ অন‍্যতম সাংস্কৃতিক অনুষ্ঠান সোণাৰি নাট্য সমাজৰ সৌজন‍্যত অবিভক্ত শিৱসাগৰ জিলাও সম্পূৰ্ণ মৰাণ সামৰি পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ প্ৰতিযোগিতাৰ আয়োজনৰে পুৱা পতাকা উত্তোলন কৰে নাট‍্য সমাজৰ সভাপতি ননী বৰুৱাই।

পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ পু-নাতি সমুদ্ৰ প্ৰসাদ বৰুৱাই , আৰু তেখেতৰ লগত সংগ দিয়ে সমাজ কৰ্মী বিপিন শৰ্মা , ডাক্তৰ পলৱ মহন্তকে আদি কৰি বিভিন্ন জন ব‍্যক্তিয়ে পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি ধূপ প্ৰজ্জ্বলন কৰি মাল‍্যাপন কৰে।

চৰাইদেউৰ পৰা ৰূপামনি গগৈৰ প্ৰতিবেদন

Leave A Reply