Breaking

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ স্বাভিমান গামোচাত ১১২ গৰাকী মহিলা স্বাধীনতা সংগ্ৰামী নেত্ৰীক অংকন কৰি India book of recordত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম পৰিণীতা শইকীয়া…

0 1,248

অসমৰ জীয়ৰী পৰিণীতা শইকীয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ স্বাভিমান গামোচাত এশ বাৰ গৰাকী মহিলা স্বাধীনতা সংগ্ৰামী নেতাক অংকন কৰি India book of recordত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।‌ পৰিণীতাই অংকণ কৰা গামোচা খনৰ জোখ হৈছে ১৩৯×৬০ চেন্টিমিটাৰ আৰু প্ৰতিকৃতি প্ৰতিজনৰে ৫ চেন্টিমিটাৰ আছিল।

৫ ঘন্টা ৩৬ মিনিট ১০ চেকেণ্ডৰ ভিতৰত অংকণ কৰিবলৈ সক্ষম হয়। পৰিণীতা শইকীয়া যোৰহাটৰ ঢেকৰবৰা কমাৰ গাঁও নিবাসী সুৰেণ শইকীয়া আৰু অমিয়া শইকীয়া জীয়ৰী। পৰিণীতা বৰ্তমান Assam Institute of Medical Science and Peramedical Academy ত নাৰ্ছিং কৰি আছে। পৰিণীতা শইকীয়াক এতিয়া সকলোৱে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। আমাৰ DB news ৰ তৰফৰ পৰাও পৰিণীতা শইকীয়ালৈ থাকিল শুভেচ্ছা আৰু শুভকামনা।

Leave A Reply