Breaking

১৩ মে’ত পৰিনীতি আৰু ৰাঘৱ চাধাৰ এংগেজমেণ্ট। সকলো কামৰ পৰা ছুটী লৈ খৰখেদাকৈ দিল্লীলৈ ৰাওনা প্ৰিয়ংকা চোপ্ৰা…

0 75

পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ এংগেজমেণ্টৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ। ভগ্নী প্ৰিয়ংকা চোপ্ৰাই এংগেজমেণ্টত অনুষ্ঠানত কৰিব যোগদান। পৰিনীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাধা বিবাহৰ বাবে লাইমলাইটত আছে। ১৩ মে’ত দুয়োৰে এংগেজমেণ্ট হোৱাৰ খবৰ ওলাইছে। দুয়োৰে এংগেজমেণ্টৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে।

পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ এংগেজমেণ্টক লৈ চৰ্চা চলিছে। প্ৰিয়ংকা চোপ্ৰাই ভগ্নী পৰিনীতিৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিবলৈ সাজু হৈছে। খবৰ অনুসৰি অহা ১৩ মে’ৰ পুৱা প্ৰিয়ংকা দিল্লীলৈ আহিব। এই ভ্ৰমণত স্বামী নিক প্ৰিয়ংকা লগত নাথাকিব। আনহাতে, প্ৰিয়ংকাই কন্যা মালতীক লগত লৈ পৰিয়ালটোক আচৰিত কৰি তুলিব পাৰে। একে সময়তে ইয়াৰ পূৰ্বে পৰিনীতিৰ এংগেজমেণ্ট আউটফিটৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ ওলাইছে। অভিনেত্ৰীগৰাকীয়ে এংগেজমেণ্টত বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাই ডিজাইন কৰা সাজ-পোছাক পৰিধান কৰিব। ইয়াৰ বাবে কিছুদিন পূৰ্বে মনীষ মালহোত্ৰাৰ ঘৰতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক। একে সময়তে তেওঁলোকৰ এংগেজমেণ্টত আলহী হ’ব মনীষ মালহোত্ৰাও।

পৰিণীতাৰ বিলাসী ঘৰৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে অভিনেত্ৰী গৰাকীৰ ঘৰত এংগেজমেণ্টৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু ঘৰৰ বাহিৰৰ অংশ বহু লাইটেৰে সজাই তোলা হৈছে। পৰিনীতিৰ ঘৰ মুম্বাইৰ বান্দ্ৰা অঞ্চলত। একে সময়তে অভিনেত্ৰীগৰাকীৰ ঘৰৰ ভিডিঅ’ ভাইৰেল হোৱা দেখি অনুৰাগীয়ে তেওঁক এংগেজমেণ্টৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰিছে।

Leave A Reply