Breaking

বিবাহৰ পূৰ্বে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই ল’লে এক ডাঙৰ সিদ্ধান্ত ! এনে সিদ্ধান্তৰ কাৰণ কি…

0 138

বিবাহৰ পূৰ্বে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই ল’লে এক ডাঙৰ সিদ্ধান্ত ! এনে সিদ্ধান্তৰ কাৰণ কি? পৰিনীতি চোপ্ৰা আৰু ৰাঘৱৰ এংগেজমেণ্টৰ পিছত চেলিব্ৰিটিৰ বিবাহক লৈ যথেষ্ট চৰ্চা হৈছে। আগতে দুয়োজনে দুটা গ্ৰেণ্ড অভ্যৰ্থনা দিব বুলি খবৰ ওলাইছিল। কিন্তু এতিয়া যেন দুয়োৰে পৰিকল্পনা সলনি হৈছে। পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ বাগ্দান চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হোৱাৰ খবৰ ওলাইছিল। কিন্তু এতিয়ালৈকে এই দুয়োগৰাকী তাৰকাই বিয়াৰ তাৰিখ ঘোষণা কৰা নাই। ইফালে, খবৰ আহিছে যে এই দম্পতীহালে এতিয়া দুটা নহয়, এটা অভ্যৰ্থনা দিয়াৰ পৰিকল্পনা কৰিছে। একে সময়তে বিয়াৰ তাৰিখৰ সন্দৰ্ভতো বহু তথ্য প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে এই অভ্যৰ্থনাৰ বিষয়ে খবৰ ওলাইছিল যে দুয়োজনে মুম্বাই আৰু চণ্ডীগড়ত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠীত কৰিব কৰিব। কিন্তু এতিয়া এই দম্পতী হালে কেৱল গুৰুগ্ৰামৰ ‘দ্য লীলা এম্বিয়েন্স গুৰুগ্ৰাম হোটেল’ত অভ্যৰ্থনাৰ পৰিকল্পনা কৰাৰ কথা ভাবিছে। এই দম্পতীহালে দিল্লীতে নিজেই অভ্যৰ্থনা ঠিক কৰিব। কাৰণ ৰাঘৱৰ জন্মস্থান দিল্লী আৰু তেওঁৰ বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠ আত্মীয়সকল দিল্লীতে থাকে। বিবাহৰ তাৰিখ সন্দৰ্ভত দম্পতীহালে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও চলিত বৰ্ষৰ অক্টোবৰ মাহত এই দম্পতীহাল বিবাহপাশত আবদ্ধ হ’ব পাৰে বুলি কোৱা হৈছে এক মনোৰঞ্জনমূলক বাতৰিত।

Leave A Reply