কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আজি কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিলৰ দাবীত বৰক্ষেত্ৰীৰ কে’বাটাও সংগঠনে মুকালমুৱাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এছ.এফ.আই বৰক্ষেত্ৰী আঞ্চলিক সমিতি, চিটু বৰক্ষেত্ৰী, নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতি আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাত যৌথভাৱে প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ দুই শতাধিক প্ৰতিবাদকাৰীয়ে কৃষক বিৰোধী তিনিখন কৃষি আইন সংসদত বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিল কৰক, বিজেপি চৰকাৰ হায়-হায়, মোডী চৰকাৰ হায়-হায়, অমিত শ্বাহ হায়-হায় ইত্যাদি বিভিন্ন ধ্বনিৰে সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা বৰক্ষেত্ৰী মহাবিদ্যালয় পথচোৱাৰে নাৰায়নপুৰ-বৰলিয়াপাৰ হৈ মুকালমুৱা চ’ক বজাৰলৈ বিভিন্ন শ্লোগান প্ৰদান কৰি পথচোৱা উত্তাল কৰি তোলে ৷ কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক ভুৱনেশ্বৰ বৰ্মন, সভাপতি হবিবৰ আলী, এছ এফ আইৰ ৰাজ্যিক সমিতিৰ সদস্য গাজিউৰ ৰহমান চৌধুৰী, চিটু নলবাৰী জিলা সমিতিৰ সদস্য জয়নাল আলী আহমেদে, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক নুৰ হুছেইন আলীসহ দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৰুণাচলৰ মিছ ইণ্ডিয়া ফাইনেলিষ্ট, টেংগাম চেলিন কোয়ু, চিএইচএফৰ সৈতে হাত মিলাইছে
- ২২ মে’ আজি আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ দিৱস…
- বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে ওৰাং আৰক্ষীয়ে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ
- বিল গেটছে প্ৰকাশ কৰিছে তেওঁৰ দৈনিক স্মাৰ্টফোন হিচাপে কোনটো ফোন ব্যৱহাৰ কৰে
- উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰতি চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য দিয়া হ’ব
- পাকিস্তানে ভাৰতৰ ইন্ধনৰ মূল্যৰ হ্ৰাসক প্ৰশংসা কৰি কৈছে যে মোডী চৰকাৰৰ পৰা পাকিস্তানে বহুতো শিকিব লাগীয়া আছে
- তেণ্ডুলকাৰ, ধোনী আৰু বিৰাট কোহলীয়ে ২০২১ চনত ভাৰতৰ শীৰ্ষ ১০ জন সৰ্বাধিক উপাৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকাৰ মুৰব্বী
- আকন উদ্ভিদৰ উপকাৰিতা বিষয়ে জানক…
- এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া, গুৱাহাটীত উষ্ম আদৰণি
- মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও