Breaking

একে দিনাই অশান্ত আচৰণৰ বাবে লোকসভাৰ পৰা নিলম্বিত ৩০ জনৰো অধিক সাংসদ

0 33

সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি ৩০জনৰো অধিক সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে। যোৱা সপ্তাহত সংসদৰ নিৰাপত্তা ভংগৰ প্ৰতিবাদৰ মাজতে সদনত অশান্তি সৃষ্টি কৰাৰ বাবে তেওঁলোকক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।


কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ মাজতে বিৰোধী সাংসদসকলে নতুন সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। সংসদ কক্ষত জোৰেৰে চিঞৰ-বাখৰ কৰে।

প্ৰথমে অধ্যক্ষই সভাখন ২:৪৫ বজালৈ, তাৰ পিছত ৩:০০ বজালৈকে স্থগিত ৰাখিলে। তাৰ পাছতো পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে অধ্যক্ষই অধীৰকে ধৰি ৩০জনৰো অধিক সাংসদক নিলম্বন কৰে।

নিলম্বিত সাংসদৰ ভিতৰত আছে কে জয়কুমাৰ, বিজয় বসন্ত আৰু আব্দুল খালেকো। ২২ ডিচেম্বৰলৈকে চলিব শীতকালীন অধিবেশন।

তেতিয়ালৈকে এই সাংসদসকলে অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। এই অধিৱেশনত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৬৭ গৰাকী সাংসদক নিলম্বন কৰা হয়।

Leave A Reply