Breaking

গহপুৰৰ সাংবাদিকক দল-সংগঠনৰ অভিনন্দন

0 2,139

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছয়দুৱাৰ তথা গহপুৰৰ0 শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে সংগৃহীত ২৬ গৰাকীকৈ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি গহপুৰৰ এগৰাকী সংবাদদাতাই লিখা এটা অসমীয়া দেশপ্ৰেমমূলক গীতক India Book of Recordsয়ে স্বীকৃতি প্ৰদান কৰাত সাংবাদিক তথা ন গীতিকাৰ জনক গহপুৰৰ বিভিন্ন দল সংগঠনৰ অভিনন্দন জ্ঞাপন  । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ২০ ছেপ্টেম্বৰৰ দিনটোত গহপুৰ আৰক্ষী থানাত ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহি বৃট্ৰীছ পুলিচৰ গুলীত শ্বহীদ হোৱা কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ নামৰ লগতে উক্ত দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগৃহীত পুৰুষ মুক্তিযুজাৰু ক্ৰমে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ৰামপতি ৰাজখোৱা, থুলেশ্বৰ ৰাজখোৱা, খৰ্গেশ্বৰ বৰুৱা, জীতেন্দ্ৰ কুমাৰ বৰা, অৰ্জুন ৰাজখোৱা, লক্ষী বৰা, হেম বৰুৱা, মিনাৰাম বৰুৱা, থানেশ্বৰ বৰুৱা, ভোলাৰাম বৰদলৈ, জোনাৰাম ভূঞা, কৰ্ণেশ্বৰ হাজৰিকা, পদ্মনাথ গোস্বামী, পুতুল সিং, চন্দ্ৰকান্ত বৰদলৈ, থানেশ্বৰ বৰুৱা(কলাবাৰী), মোহন মহন্ত, বেণুধৰ দত্ত, মনোৰাম বৰা, তোষণ চন্দ্ৰ মহন্ত, তিলেশ্বৰ বৰুৱা, মাঘিৰাম বৰা, গজেন্দ্ৰ নাথ গোস্বামী, হেমকান্ত বৰুৱা, হৰেন্দ্ৰ নাথ শইকীয়া, দণ্ডেধৰ গগৈ আৰু মহিম চন্দ্ৰ সিংকে ধৰি মুঠ ২৮গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা ‘মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা’ শীৰ্ষক গীতটোক ৰেকৰ্ড হিচাপে স্বীকৃতি প্ৰদান কৰিছে  India Book of Records কৰ্তৃপক্ষই। গহপুৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সংগীত শিল্পী যাদৱ চলিহাই কণ্ঠদান কৰা, প্ৰবীন সংগীত শিল্পী বিজয় বৰাই সুৰ কৰা আৰু উদীয়মান সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাই সংগীত সংযোজন আৰু সংমিশ্ৰন কৰা গীতটোৱে  India Book of Records স্থান পোৱাত উৎফুল্লিত হৈ গহপুৰ মহকুমা প্ৰেছ গীল্ড, সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিক সমিতি, গহপুৰ ডিজিটেল মেডিয়া এচ’ছিয়েচনে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে গহপুৰ মহকুমাৰ ককিলা চাৰি আলিৰ নিৱাসী, অসৱৰ প্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ লগতে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ডম্বৰু বৰাৰ পুত্ৰ, গহপুৰৰ এগৰাকী স্থানীয় সংবাদদাতা ৰমেন বৰাক গহপুৰ মহকুমা প্ৰেছ গীল্ডৰ হৈ নিতুল বৰা, দ্বীপকুমাৰ শৰ্মা, সমীৰণ বৰা, গেৰেমচা নাৰ্জাৰী, গহপুৰ ডিজিটেল মেডিয়া এচ’ছিয়েচনৰ হৈ ড° কুকিল বৰুৱা, বিদ্যুৎপন ভূঞা, ৰুবু দাস, কাজু শইকীয়া আৰু সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা গহপুৰ আঞ্চলিক সমিতিৰ হৈ অমৃত মুণ্ডা, প্ৰবীণ ওৰাং, বিদান হাচা, ৰঞ্জন ওৰাং আদিয়ে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ উপৰিও লক্ষিমপুৰ জিলাৰ কৃতি শিক্ষকৰ বঁটা প্ৰাপক, বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লক্ষিমপুৰ জিলাৰ ধলপুৰৰ এগৰাকী সাংস্কৃতিবান ব্যক্তি কনক দাসেও সাংবাদিক ৰমেন বৰাৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে পুৰুষ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্টৰে গীত লিখি বিশেষ ভাবে পৰিচিত হোৱা সাংবাদিক ৰমেন বৰাই গহপুৰৰ মহিলা স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি লিখা ‘পূন্যভূমি ছয়দুৱাৰৰ মহিয়সী নাৰী’ শীৰ্ষক দেশপ্ৰেমমূলক গীত এটা শীঘ্ৰে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। নিতুল বৰা হাৱাজান ।

Leave A Reply