Breaking

ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…

0 21

প্ৰতিজন ব্যক্তিয়ে জীৱনত সুখৰ পিছত দৌৰি ফুৰে। নিজ কৰ্মৰ সফলতাৰ যোগেদি জীৱনলৈ সুখ আহে আৰু এই সফলতাৰ বাবে প্ৰয়োজনীয় হৈ পৰে ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱ। জীৱনত সফলতা আৰু ধৈৰ্যশীলতাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে । মানুহে যিকোনো এটা বিষয়ত হাত ফুৰাই একেবাৰতে সফলতাৰ মুখ দেখিব বুলি ডাঠি কব নোৱাৰে। জীৱনত বিফলতা আহিবই আৰু ইয়াৰ সৈতে সহবাস কৰি থাকিবলৈ মানুহ ধৈৰ্যশীল হোৱাটো দৰকাৰ। ধৈৰ্যশীলতাই মনত সাহস দি বিফলতাৰ পৰা আহৰণ কৰা শিক্ষাৰে সফলতাৰ সৈতে হাত মিলাব বিচাৰে। মানুহ যিমানেই ধৈৰ্যশীল হ’ব, সিমানেই সফলতাৰ সংস্পৰ্শত জীৱন উপভোগ কৰিব পাৰিব।

জীৱনে ধৈৰ্যশীলতাৰ আশ্ৰয়ত যিদৰে সফলতাৰ মুখ দেখিব ধৰে,সহনশীলতাৰ বাবে ই পৰিতৃপ্তি লাভ কৰে। অতীজৰে পৰা বহুজনে সহনশীলতাৰ কৰ্মৰাজিয়ে মানৱ সভ্যতাৰ বিকাশ সাধন কৰি ইতিহাস ৰচি থৈ গৈছে। ইয়াৰ জৰিয়তে আমাক এই শিক্ষা দি গৈছে যে আমি সহনশীল মনোভাৱেৰে যথোচিত ভাৱে নিজ কৰ্ম কৰি ইতৰ প্ৰাণীৰ পৰা পৃথক হৈ জীৱশ্ৰেষ্ঠৰ পৰিচয় অক্ষুন্ন ৰাখিবলৈ সদাপ্ৰস্তুত হ’ব লাগে। এই ধাৰা অটুট ৰাখিব পাৰিলেহে আমিবোৰে মানৱীয় প্ৰমূল্যক জীয়াই ৰাখিব পাৰিম। ব্যক্তিৰ সহনশীলতাই নিজৰ উদাৰতাৰ চিনাকি দিয়ে আৰু জীৱনৰ সুন্দৰতাক উপলব্ধি কৰিবলৈ সময় দিয়ে। অন্যথা জীৱনে পদে পদে সংঘাতৰ মুখামুখি হৈ উত্তেজিত হৈ পৰে আৰু এক পংগু জীৱনৰ সৈতে চিনাকি হ’ব ধৰে।

জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা বৃদ্ধাৱস্থালৈকে ব্যক্তিৰ বাবে ধৈৰ্য আৰু সহনশীলতাৰ প্ৰয়োজনীয়তা আছে। অধৈৰ্য মন বিচলিত হৈ বিপদত পৰে আৰু ঘনে ঘনে নিজৰ লগতে সমাজৰ আন লোকৰো ক্ষতি সাধন কৰিব ধৰে। ব্যক্তিৰ মানসিক শান্তিৰ লগতে সমাজৰ শান্তি বজাই ৰাখিবলৈ আমাক ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱ লাগে।পৃথিৱীৰ মহান ব্যক্তি সকলৰ জীৱন দৰ্শনে আমাক ধৈৰ্য আৰু সহনশীলতাৰ যোগেদি কৃতকাৰ্য হবলৈ শিকায়। পুৰণি কালত ঋষি মুনি সকলে তপ জপ কৰি কিদৰে নিজৰ মন মগজুক ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱেৰে পুষ্ট কৰি তুলিছিল,তাৰ কাহিনী আমাৰ হাতত আজিও বিদ্যমান। ধ্যান আৰু যোগ সাধনাৰ ফলত এতিয়াও বহুজনে মনৰ সুস্থিৰতা আনি সমাজৰ প্ৰগতিত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে অৰিহণা আগবঢ়াইছে।

আজি মানৱ সভ্যতাৰ বিকাশত আমি বহুখিনি আগবাঢ়ি গৈছোঁ যদিও সমাজৰ পৰিস্থিতি চাই একেষাৰে কব পাৰি যে মানুহে ধৈৰ্য আৰু সহনশীলতাক বিদায় দিবলৈ উদ্যত হৈছে। কোনেও কাৰোৰ কথা শুনিবলৈ ধৈৰ্য নোহোৱা হৈছে আৰু সৰু সৰু কথাতেই অতিষ্ঠ হৈ মানসিক ভাৰসাম্যতা হেৰুৱাব ধৰিছে। উদাহৰণ স্বৰূপে, প্ৰায়েই ট্টেফিক পইণ্টত ৰওঁতে গ্ৰীণ লাইট জ্বলি উঠাৰ লগে লগেই গাড়ীৰ হৰ্ণ বজোৱা অধৈৰ্য মানুহখিনিৰ কথাই মনটো চিন্তিত কৰি  তোলে। এইকথা সকলোৰে জ্ঞাত যে আজিৰ ব্যস্ত যুগত প্ৰতিজন মানুহেই অত্যন্ত ব্যস্ততাৰে দিন কটাবলগীয়া হৈছে, অথচ এচাম মানুহ জোখতকৈ যেন অধিক ব্যস্ত হৈ এনেদৰে অধৈৰ্য হৈ পৰিছে। এইসকলে বাৰু নিজৰ সন্তানক ধৈৰ্য আৰু সহনশীলতাৰ পাঠ পঢ়াবলৈ সক্ষম হ’বনে? বৰ্তমান যলৈকে যোৱা যায়, তাতেই এইচাম মানুহৰ সাক্ষাৎ হয়। ধৈৰ্যবিহীনতাৰ পোকে যেন এওঁলোকৰ মন মগজুত কিলবিলাই থাকে আৰু তাৰ ফলস্বৰূপে মনৰ উচপিচনিয়ে কেতিয়াও লগ নেৰে।

এই কথা নিশ্চয়কৈ উনুকিয়াব লাগিব যে ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীক ধৈৰ্য আৰু সহনশীলতাৰ প্ৰতীক বুলি মানি অহা হৈছে। নাৰীৰ দয়া মমতাৰ সৈতে ধৈৰ্য আৰু সহনশীলতা খাপ খাই পৰে আৰু ইয়েই নাৰীৰ মানসিকতাৰ শোভাৱৰ্ধন কৰে। পিছে আজিৰ দিন এনেদৰে পৰিৱৰ্তিত হ’ব ধৰিছে যে এচাম নাৰীয়ে মনৰ পৰা ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱক একাষৰীয়া কৰি আধুনিকতাৰ সোঁতত উটি ভাঁহি যাব ধৰিছে। ইয়াৰ ফলতেই সমাজত আজি বিবাহ বিচ্ছেদ, পৰকীয়া প্ৰেম আদিকে ধৰি নানা ধৰণৰ নাৰী নিৰ্যাতনৰ ঘটনা দিনকদিনে বাঢ়িব ধৰিছে। এচাম নাৰীৰ অতপালিৰ কোবত সমগ্ৰ নাৰী  জাতিয়ে বদনাম ভুগিছে আৰু সমাজত নাৰীৰ প্ৰতি থকা সন্মান অৱনমিত হ’ব ধৰিছে। ক’তনো কি কেণা লাগিল তাকে ভাবি সচেতন মহলৰ চকু কপালত উঠিছে। মাতৃৰূপা নাৰীৰ এই অৱস্থাই সমাজৰ অৱক্ষয়ত অৰিহণা যোগাইছে। গতিকে ইয়াৰ পৰিত্ৰাণৰ বাবে আমি কঁকালত টঙালি বন্ধাৰ সময় হ’ল, নহলে ইতিহাসৰ বুকুত আমিবোৰ হাঁহিয়াতৰ পাত্ৰ হবলৈ হয়তো আৰু বেছি দিন নালাগিব।

জীৱন সুন্দৰ ভাৱে পৰিচালিত কৰিবলৈ যিদৰে ধৈৰ্য আৰু সহনশীলতাৰ আৱশ্যকতা আছে,আমি বসবাস কৰা সমাজখন সুস্থভাৱে ৰাখিবলৈও ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ৷ জীৱনে নাহাঁহিলে ব্যক্তিয়ে কান্দিব আৰু সমাজে নাহাঁহিলে মানৱীয় সভ্যতাই কান্দিব। আমি জীৱশ্ৰেষ্ঠৰ লেবেল লগাই বুকু ফিন্দাই থাকিলেই নহ’ব, সভ্যতাৰ প্ৰগতিত আউল লগোৱা ৰিপুসমূহ অতি সোনকালে ধবংস কৰিবলৈ আগবাঢ়ি আহিব লাগিব। নহলে ইতিহাসৰ সাক্ষীত ভৱিষ্যতে কিৰিলি পাৰি হাঁহিব আৰু আমি চকু মুদা কুলি হৈ বহি থাকিব লাগিব। আমাৰ আশাবাদী মনে ইয়াকে বিচাৰে যে ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে সকলোৰে জীৱন সুন্দৰ হওঁক, সুন্দৰতাই সমাজৰ সুস্থতাক আঁকোৱালি লওঁক আৰু জীৱনে নিজৰ সোণোৱালী সময় উপভোগ কৰক।

লেখকঃ ঋতুপৱন গগৈ

Leave A Reply