Breaking

সময়মতে চিকিৎসালয়ত চিকিৎসক নোপোৱাত ক্ষোভ প্ৰকাশ ৰোগীৰ 

0 2,023

ওদালগুৰি জিলাৰ অন্যতম স্বাস্থ্য কেন্দ্ৰ হিচাপে পৰিচিত ওৰাং  খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । মাজবাট , ধনশ্ৰীঘাট , মেৰাবিল , গেলাবিল ,  চমুৱাগাঁও , ভোগদলৰ  আদি ২৫০খন  ৰাজহ গাওঁ সামৰি থকাৰ লগতে ৮খন চাহ বাগিচাৰ ৰোগী সকলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰত এতিয়া চিকিৎসক সকলে চলাই আহিছে ব্যাপক হাৰত অৰাজকতা,স্বেচ্ছাচাৰী ,দিনক দিনে তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে  মইমতালি ।  বৃহৎ অঞ্চলৰ ৰাইজক সাঙুৰি লোৱা এইখন চিকিৎসালয়ত ৰাতিপুৱা ৯ বজাৰ পৰা চিকিৎসক আহি পাব বুলি ভিতৰুৱা অঞ্চলৰ ৰোগী সকল ৰাতিপুৱা ৮: ৩০ বজাৰ পৰাই দৈনিক ভিৰ কৰা পৰিলক্ষিত হয় । কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে উক্ত  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ওৰাং  সামুহিক চিকিৎসালয়ৰ চিকিৎসক সকলে নিজৰ খেয়ালখুচি মতে চিকিৎসালয়ত প্রবেশ কৰাত দৈনিক ৰোগী সকল  হাৰাশাস্তিত ভুগিব লগীয়া হৈছে । দৈনন্দিন ৰুটিন অনুযায়ী নিজৰ মইমতালিত মগ্ন থকা চিকিৎসক সকলে চিকিৎসালয়লৈ প্ৰৱেশ কৰে অতি কমেও দুই/তিনি ঘণ্টা পলমকৈ । উক্ত ওৰাং স্বাস্থ্য কেন্দ্ৰত যোৱা  ২৬ আগষ্ট তাৰিখ শনিবাৰেও দেখিবলৈ পোৱা গৈছে যে চিকিৎসা কৰাৰ উদেশ্য  ৰোগী সকল ৰাতিপুৱা ন মান বজাৰ পৰাই হাস্পিতাল চৌহদ ভৰি যোৱাৰ পিছতো চিকিৎসক উপস্থিত নোহোৱাত ৰোগী সকলৰ মাজত হোৱা দুৱা পৰিবেশৰ সৃষ্টি হৈছিল । উক্ত চিকিৎসলয়ৰ চিকিৎসক সকলে চৰকাৰৰ পৰা দৰমহা পোৱা স্বত্তেও নিজ ইচ্ছা মতে  ১১/১২  বজাৰ আগত চিকিৎসালয়ত প্ৰৱেশ নকৰা ঘটনাই চিন্তিত কৰি তুলিছে সমগ্ৰ অঞ্চল বাসী ৰাইজৰ ।দৈনিক ৰুটিন অনুযায়ী ২৬ আগষ্টত  ১১  বজালৈ চিকিৎসালয়ত চিকিৎসক সকলৰ প্ৰৱেশ নোহোৱাত অপেক্ষিত ৰোগী সকলৰ ভিতৰত কেইবাজন ৰোগীয়ে  এক অভিযোগ কৰিছে ৷সেই অভিযোগৰ বিষয়টোত  মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মাক অৱগত কৰোৱাত যুৱ নেতা কিশোৰ শৰ্মা তৎক্ষণাত চিকিৎসালয়ত উপস্থিত হয় ৷ যদিও প্ৰায় ১১   বাজি যোৱাৰ পিছতহে এজন চিকিৎসকৰ প্ৰৱেশ ঘটে । এই দৃশ্য দেখা পাই যুৱ নেতা কিশোৰ শৰ্মাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি অহা সময়তে এইদৰে পলমকৈ আহি ৰোগী সকলক হাৰাশাস্তি দিয়াত অত্যন্ত দুখ প্ৰকাশ কৰে যুৱ নেতা কিশোৰ শৰ্মাই । চৰকাৰে স্বাস্থ্য বিভাগক সকলো দিশতে নজৰত ৰাখি ৰাইজক সেৱা আগবঢ়াই অহাৰ সময়ত ওৰাং চিকিৎসালয়ৰ এনে কৰ্ম কাণ্ডই বিজেপি চৰকাৰক শলঠেকত পেলাবলৈ চেষ্টা কৰিছে ৷ আৰু সাধাৰণ ৰাইজে সঠিক অৰ্থ বুজি নোপোৱাৰ ফলত চিকিৎসক সকলৰ গাফিলতিত বহু ৰাইজে চৰকাৰক দুখ দিয়ে আজিৰ পৰা নিয়মিত সেৱা আগবঢ়াবলৈ যুৱ নেতা কিশোৰ শৰ্মাই চিকিৎসক সকলক আহ্বান জনায় । এক  তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে 

Leave A Reply