যমজ সন্তানৰ মাতৃ হ’ল ইউটিউবাৰ আৰমান মালিকৰ পত্নী পায়েল মালিক। আনন্দত আত্মহাৰা পৰিয়ালটো…

আৰমান মালিকৰ পত্নী পায়েল মালিকৰ পূৰ্বতে আছিল এটি ল’ৰা সন্তান। এতিয়া ইউটিউবাৰ আৰমান মালিকৰ প্ৰথম পত্নী পায়েল মালিকৰ জন্ম হৈছে যমজ সন্তান। শেহতীয়া এটা ভিডিঅ’ত তেওঁৰ এই কথা পোহৰলৈ আহিছে।

ইউটিউবাৰ আৰমান মালিকৰ প্ৰথম পত্নী পায়েল মালিকে শেহতীয়াকৈ দুটা সন্তান জন্ম দিয়ে। এতিয়ালৈকে দম্পতীহালে নিজৰ সন্তানৰ ফটো অনুৰাগীৰ সৈতে ভাগ কৰা নাই। আৰমান মালিকৰ ভগ্নীয়ে ইউটিউব চেনেলত পায়েল মালিকৰ ডেলিভাৰী টাইমৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দেখা যায় যে পায়লৰ ডেলিভাৰীৰ সময়ত গোটেই পৰিয়ালটোৱে OT ৰ বাহিৰত ভাল খবৰৰ বাবে অপেক্ষা কৰি থকাৰ। কেঁচুৱাৰ জন্ম হোৱাৰ লগে লগে কৃতিকা মালিকে ওলাই আহি সকলোকে সুখবৰ দিয়ে যে এজন পুত্ৰ জন্ম হৈছে আৰু তাৰ পিছতে পিছতে জন্ম হয় এটি কন্যা সন্তানৰ।

vlog ৰ শেষত

শেষত আৰমান মালিকৰ ভগ্নীয়ে প্ৰকাশ কৰে যে পায়েলৰ এজন পুত্ৰ আৰু এটি কন্যা সন্তান জন্ম হৈছে। এই কথাত আৰমান মালিক আৰু তেওঁৰ সমগ্ৰ পৰিয়াল অতি সুখী হয়। বৰ্তমান আৰমান চাৰিটা সন্তানৰ পিতৃ হ’ল।

Related Articles