কাৰ্বি পাহাৰলৈ নামিছে শান্তি

কাৰ্বি শান্তি চুক্তিৰ ভিত্তিত মূলসুতিলৈ প্ৰত্যাবৰ্তন আৰম্ভ কৰিছে কাৰ্বি বিদ্ৰোহি সংগঠন সমূহে। শেহতিয়াকৈ আনুষ্ঠানিকভাবে ইউ পি এল এ অৰ্থাৎ ইউনাইটেড পিপুলচ লিবাৰেচন আৰ্মি ভঙ্গ কৰা বুলি ঘোষনা কৰিছে সংগঠনটোৱে। এই কথা আনুষ্ঠানিক ভাবে ঘোষনা কৰিছে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ নিকঞ্জ কাথাৰে।ইউ পি এল এৰ আনুষ্ঠানিক ভঙ্গ ঘোষনা কৰি কাথাৰে কয় যে তেওলোকে পৃথক ৰাজ্য দাবী কৰি কৰা দীঘলীয়া সহস্ত্ৰ সংগ্ৰামত বহু সতীৰ্থ হেৰুৱালে। বহুতে কাৰাবাস খাতিলে। এতিয়া যিহেতু কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হ’ল তাৰবাবে তেওলোকে বিদ্ৰোহ ত্যাগ কৰি
মূলসুতিলৈ ঘূৰি আহিছে। সংগঠনটোৰ ডেজিগনেটেড কেম্পত এই মন্তব্য কৰি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষজনে কয় যে সংগঠনটো ভঙ্গ হোৱাত এতিয়া মুঠ ৩৭৮ গৰাকী কেডাৰ নিজ নিজ ঘৰলৈ ঘূৰি যোৱা আৰম্ভ কৰিছে।আনহাতে শান্তি চুক্তি সফল ভাবে স্বাক্ষৰিত হোৱাৰ বাবে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অৱদান উল্লেখনীয়।লগতে সংগঠনটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।ইপিনে কাৰ্বিআঙলঙৰ ২৪টাকৈ দল সংগঠনে কাৰ্বি শান্তি চুক্তিক বিৰোধীতা কৰি জনগোষ্ঠিটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছেবুলিও অভিযোগ উত্থাপন কৰিছে ইউ পি এল এয়ে। সংগঠনটোৰ নেতৃত্বই স্পষ্ট কৰিছে যে এতিয়া কাৰ্বিআঙলঙবাসীয়ে শান্তি বিচাৰে। কাৰ্বি শান্তি চুক্তিয়ে সেই প্ৰত্যক্ষিত শান্তি কঢ়িয়াই আনিব।

Related Articles